দৰ্শনা জাভেৰী (Darshana Jhaveri; জন্ম: ১৯৪০) চাৰিগৰাকী জাভেৰী ভগ্নীৰ ভিতৰত কনিষ্ঠা দৰ্শনা জাভেৰী ভাৰতীয় শাস্ত্ৰীয় মণিপুৰী নৃত্যৰ এগৰাকী আগশাৰীৰ শিল্পী।১ তেওঁ গুৰু বিপিন সিঙৰ শিষ্যা। ১৯৫৮ চনৰ পৰা দৰ্শনাই ভনীয়েকসকলৰ সৈতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ লয়।২ ১৯৭২ চনত ভাৰতত মণিপুৰী নৃত্যক জনপ্ৰিয় কৰা মণিপুৰী নৰ্তনালয়ৰ তেওঁ আছিল অন্যতম প্ৰতিষ্ঠাপক। দৰ্শনাৰ নেতৃত্বাধীন এই নৃত্যশিক্ষাৰ প্ৰতিষ্ঠানটোৰ শাখা মুম্বাই, কলকাতা আৰু ইম্ফলত আছে।৩৪ কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে দৰ্শনাক কালিদাস সন্মান, সংগীত নাটক একাডেমী বঁটা আৰু পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।৫৬
প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ
মুম্বাইৰ এটা গুজৰাটী পৰিয়ালত দৰ্শনা জাভেৰীৰ জন্ম হৈছিল। ডাঙৰ-দীঘলো হৈছিল মুম্বাইতে। ছয় বছৰ বয়সত ডাঙৰ ভনীয়েক নয়না আৰু ৰঞ্জনাই গুৰু বিপিন সিঙৰ পৰা নিজৰ ঘৰতে মণিপুৰী নৃত্য শিকি থকা দেখিছিল। কম দিনৰ ভিতৰতে তেৱোঁ ভনীয়েক সুৱেৰ্ণাৰ সৈতে একেজন গুৰুৰ পৰা নৃত্য শিকিবলৈ আৰম্ভ কৰে।১৭ পিছলৈ তেওঁ সূত্ৰধাৰী ক্ষেত্ৰীতোম্বী দেৱীৰ পৰা পৰম্পৰাগত ৰাসলীলা নৃত্য, গুৰু মেইটেই টম্বা সিঙৰ পৰা নাট পুং আৰু কুমাৰ মাইবিৰ পৰা পৰম্পৰাগত মাইবি জাগৈ নৃত্য শিকিছিল।
কৰ্মজীৱন
১৯৫০ চনৰ ভিতৰত জাভেৰী ভগ্নী – – নয়না, ৰঞ্জনা, সুৱেৰ্ণা, আৰু দৰ্শনাই – – সমগ্ৰ ভাৰত আৰু বিদেশত একেলগে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে আছিল প্ৰথম অমণিপুৰী শিল্পী, যিয়ে ইম্ফলৰ ৰাজপ্ৰাসাদৰ ভিতৰৰ গোবিন্দজী মন্দিৰত নৃত্য প্ৰদৰ্শন কৰিছিল। জাভেৰী ভগ্নীসকলে ১৯৭২ চনত তেওঁলোকৰ গুৰু আৰু কলাৱতী দেৱীৰ সৈতে মুম্বাই, কলিকতা আৰু ইম্ফালত মণিপুৰী নৰ্তনালয় প্ৰতিষ্ঠা কৰে।১৮ দিন যোৱাৰ লগেলগে তেওঁলোকৰ নাম মণিপুৰী নৃত্যৰ সমাৰ্থক হৈ পৰে।৯ দৰ্শনাই নৃত্যৰ বিষয়ে কেইবাখনো কিতাপ আৰু প্ৰবন্ধ প্ৰকাশ কৰিছে আৰু নিজেই গুৰুৰ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁৰ গুৰুক প্ৰশিক্ষণ. গৱেষণাৰ লগতে নৃত্য ৰচনাতো সহায় কৰি আহিছে।১০
বিখ্যাত নৃত্য সমালোচক সুনীল কোঠাৰীয়ে ২০০৮ চনত এটা প্ৰবন্ধত কোৱা মতে, তেওঁলোক “মণিপুৰী নৃত্যৰ মন্দিৰ পৰম্পৰাক চহৰলৈ লৈ আহিছিল।” প্ৰবন্ধটোত এইটোও উল্লেখ কৰা হৈছে যে দুই দশকৰ পূৰ্বে নয়নাৰ মৃত্যু হৈছিল আৰু সুৱেৰাৰ অসুস্থতাৰ বাবে ৰঞ্জনা আৰু দৰ্শনাইহে শিকোৱাৰ উপৰিও নৃত্য দলৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰি আছে।১১১২
বঁটা
১৯৯৬: সংগীত নাটক একাডেমী বঁটা, মণিপুৰী নৃত্যত।
২০০২: পদ্মশ্ৰী, কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে।
২০১৮: কালিদাস সন্মান।
২০১৯-২১: সংগীত নাটক একাডেমী ফেলোশ্বিপ।
প্ৰসংগ
- Singha, Rina; Reginald Massey. (1967). Indian dances: their history and growth. Braziller
- Doshi, Saryu. (1989). Dances of Manipur: the classical tradition. Marg Publications. ISBN 81-85026-09-2
বাহ্যিক সংযোগ
- Darshana Jhaveri's personal website
- Padmashri Darshana Jhaveri at SPIC MACAY
- Darshan Jhaveri and her troupe
তথ্যসূত্ৰ
- ↑ Ajith Kumar, P.K. (2 March 2007). Dancer's mission. দ্য হিন্দু
- ↑ (16 February 2007). Subtle expressions: Darshana Jhaveri enthralled the audience with her Manipuri dance recital.. দ্য হিন্দু
- ↑ (21 November 2003). Illuminating show on dance choreography: It was a happy confluence of teachers and disciples as Sri Shanmukhananda Sabha, Mumbai, celebrated its Golden Jubilee.. The Hindu
- ↑ Doshi, p. 43
- ↑ Dance Manipuri awardees সংগীত নাটক একাডেমী website
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (29 Jan 2010). Learn a traditional art form: Darshana Jhaveri. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Singha, p. 177
- ↑ (13 February 2008). Sisters in sync. India Today
- ↑ Darshana Jhaveri
- ↑ (16 January 2008). DANCING QUEENS. India Today
- ↑ (24 August 2007). Dance Listings: DOWNTOWN DANCE FESTIVAL. New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ্শনা জাভেৰী” প্ৰবন্ধৰ সংশোধন ৪৩০০৭৫ (৩০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।