অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দৰ্শনা জৰ্দোশ

দৰ্শনা জৰ্দোশ (Darshana Jardosh, জন্ম-২১ জানুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ গুজৰাটত চুৰাট সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আৰু ২০০৯ চনত ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ তাৰ পিছত তেওঁ ২০১৪ চনত ১৬ নং লোকসভা আৰু ২০১৯ চনত ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দৰ্শনা জৰ্দোশ (Darshana Jardosh, জন্ম-২১ জানুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ গুজৰাটত চুৰাট সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৯ চনত ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ তাৰ পিছত তেওঁ ২০১৪ চনত ১৬ নং লোকসভা আৰু ২০১৯ চনত ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়।১

কৰ্মজীৱন

২০০৯ চনত তেওঁ ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়।

২০০৯ চনত তেওঁ চৰকাৰক হীৰা ব্যৱসায় বৃদ্ধিৰ বাবে চুৰাটত এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপন কৰিবলৈ দাবী জনায়।২২০১২ চনত তেওঁ কংগ্ৰেছৰ সাংসদ তুষাৰ চৌধুৰীক সুৰতলৈ বিমান সংযোগৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰাৰ বাবে সমালোচনা কৰিছিল, যাৰ বাবে তেওঁ আৰু নৱছাৰীৰ সাংসদ চি আৰ পাটিল প্ৰচাৰ চলাইছিল।১

ছুৰাটৰ পৰা ২০১৪ নিৰ্বাচন লোকসভালৈ পুনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ৫৩৩,১৯০ টা ভোটৰ ঐতিহাসিক ব্যৱধানত জয়ী হয়; যিটো ভাৰতীয় নিৰ্বাচনী ইতিহাসতইন্দিৰা গান্ধীৰ পিছত যিকোনো মহিলা সাংসদৰ সৰ্বাধিক অগ্ৰগতি৷ ২০১৪ চনৰ নিৰ্বাচনত এয়া চতুৰ্থ সৰ্বাধিক অগ্ৰগতি। তেওঁ ৭৬.৬% ভোটৰ অংশীদাৰিত্বৰে জয়লাভ কৰে যি আছিল ২০১৪ নিৰ্বাচনৰ অভিলেখ।

২০১৯ নিৰ্বাচনত তেওঁ চুৰাটৰ পৰা লোকসভালৈ ৭৯৫,৬৫১ টা ভোট লাভ কৰি পুনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০২১ চনৰ ৭ জুলাইত নৰেন্দ্ৰ মোদীৰ মন্ত্ৰালয় সম্প্ৰসাৰণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি ভৱনত ৰেলৱেৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Thomas, Melvyn. (31 January 2012). SpiceJet spices up Surat politics. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (14 July 2009). Strong demand by MPs to raise MPLAD fund. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ্শনা জৰ্দোশ” প্ৰবন্ধৰ সংশোধন ৪৭৫৭৭৫ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।