জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ছামিম নাজলী
ছামিম নাজলী ( Shamim Nazli; ১৯৪০ - ২৭ নৱেম্বৰ, ২০১০) আছিল এজন পাকিস্তানী সংগীত পৰিচালক। তেওঁ বাহাৰেইঁ ফিৰ ভি আয়েঁ গি (১৯৬৯) আৰু বিন বাদল বৰছাত (১৯৭৫) আদি চিনেমাৰ বাবে প্লেবেক সংগীত ৰচনা কৰিছিল। তেওঁ প্লেবেক গায়িকা মালাৰ জ্যেষ্ঠ ভগ্নী আছিল।
-
ছামিয়া গামাল
ছামিয়া গামাল (Samia Gamal, আৰবী: سامية جمال, জন্ম: ৫ মাৰ্চ ১৯২৪ – মৃত্যু: ১ ডিচেম্বৰ ১৯৯৪) আছিল এগৰাকী ইজিপ্তৰ “বেলী ডান্সাৰ’’ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। গামালে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ৫০খনতকৈও অধিক চিনেমাত অভিনয় কৰিছিল।
-
ছামিয়া ছাইদ
ছামিয়া ছাইদ চৌধুৰী (ইংৰাজী: Samia Said; জন্মগত নাম: ছামিয়া ছাইদ বা ছামিয়া ছায়ীদ) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০১২ চনত অনুষ্ঠিত হোৱা বাংলাদেশৰ আটাইতকৈ সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতা 'লাক্স চেনেল আই ছুপাৰষ্টাৰ'ৰ তেওঁ বিজয়ী আছিল।
-
ছামিয়া মুমতাজ
ছামিয়া মুমতাজ (উৰ্দু: سمیعہ ممتاز; জন্ম ৫ আগষ্ট ১৯৭০, কৰাচী) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰিছে। তেওঁৰ প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত এটা হাম বঁটা লাভ আৰু লাক্স ষ্টাইল বঁটাত কেইবাটাও মনোনয়ন অন্তৰ্ভুক্ত।
-
ছামিয়াঁ বাই
ছামিয়াঁ বাই (১৮৯৮ – ১৪ আগষ্ট ১৯৯৮), যাক শামশাদ বেগম নামেও জনা যায়, বিংশ শতিকাৰ আৰম্ভণিত পুৰণি দিল্লীকেন্দ্ৰিক এগৰাকী প্ৰসিদ্ধ ভাৰতীয় গায়িকা, অভিনেত্ৰী আৰু তৱাইফ আছিল। সংগীত জগতত তেওঁ ‘‘দ্য কুইন অৱ মিউজিক’’ হিচাপে পৰিচিত আছিল। নিজৰ সময়ত তেওঁ এগৰাকী অতি সফল আৰু উচ্চ উপাৰ্জনকাৰী শিল্পী আছিল।
-
ছামিৰা আলখাতিব
ছামিৰা আল-খাতিব (Samira Alkhatib)-ৰ জন্ম জেৰুজালেমত আৰু মৃত্যু ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত। ইজৰাইলৰ শাসনৰ বিৰুদ্ধে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিৰোধ গঢি় তোলা বাবে সুপৰিচিত তেওঁ এগৰাকী পেলেষ্টাইনী কবি আৰু লেখিকা।
-
ছালমা আখতাৰ
মৌচুমী আখতাৰ ছালমা (ইংৰাজী: Moushumi Akhter Salma; জন্ম: ১ জানুৱাৰী ১৯৯১; সাধাৰণতে ছালমা আখতাৰ নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২০০৬ চনত এন.টিভিত (NTV) সম্প্ৰচাৰিত দূৰদৰ্শন ধাৰাবাহিক "ক্ল'জআপ ৱান তোমাকেই খুঁজছে বাংলাদেশ"ৰ দ্বিতীয় ছিজনত চনত জয়লাভ কৰি তেওঁ খ্যাতি অৰ্জন কৰে।
-
ছালমা আৰাস্তু
ছালমা আৰাস্তু (Salma Arastu; জন্ম: ১৯৫০) এগৰাকী শিল্পী যাৰ কৰ্মৰাজি তেওঁৰ সাংস্কৃতিক পটভূমি আৰু অভিজ্ঞতাৰদ্বাৰা অনুপ্ৰাণিত। ভাৰতৰ ৰাজস্থানৰ এটা সিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰা ছালমা হিন্দু ধৰ্মত ডাঙৰ-দীঘল হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু ১৯৮৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়।
-
ছালহাউটুনুও ক্ৰুজ
ছালহাউটুনুও ক্ৰুজ: Salhoutuonuo KruseSalhoutuonuo Kruse; জন্ম: ১৫ ডিচেম্বৰ ১৯৬৬) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২৩ চনত হেকানী জাখালু কেনছেৰ সৈতে ক্ৰুজে নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
ছালাহুদ্দিন আয়ুবী
ছালাদিন বা ছালাহ আল-দিন আল-আয়ুবী বুলিও কোৱা হয়। ছিৰিয়া আৰু ইজিপ্তৰ চুলতান আছিল।তেখেতৰ জন্ম হৈছিল ১১৩৭-১১৩৮ খ্ৰীষ্টাব্দত বৰ্তমানৰ ইৰাকৰ টিক্ৰিটত। তেওঁক মুছলমানসকলৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামৰিক নেতা হিচাপে গণ্য কৰা হয় ৷ আয়ুবী বংশৰ প্ৰতিষ্ঠাপক আৰু ১১৭৪ চনৰ পৰা ১১৯৩ চনলৈকে শাসন কৰিছিল।
-
ছালু নিগম
ছালু নিগম (Shalu Nigam) এগৰাকী ভাৰতীয় উকীল, নাৰীবাদী আইন বিশেষজ্ঞ আৰু লেখিকা। ছালু নিগম বনাম আঞ্চলিক পাছপ'ৰ্ট বিষয়া গোচৰৰ গোচৰীয়া পক্ষ আছিল। এই গোচৰ মৰ্মেই ২০১৬ চনৰ ১৭ মে’ত দেউতাকৰ নামৰ অবিহনেও পাছপোৰ্ট জাৰী কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
-
ছাশ্বা বেঙ্কস
মাৰ্চিডিচকায়েষ্টনাৰ-ভাৰ্নাডো (Sasha Banks) হ'ল এগৰাকী আমেৰিকান পেশাদাৰ কুস্তিবীৰ। তেওঁ বৰ্তমান ডব্লিউ ডব্লিউ ইত ছাশ্বা বেঙ্কস নামেৰে কু্স্তি কৰে। তেওঁ হ'ল WWE, AEW, আৰু NJPW ৰ চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম আৰু একমাত্ৰ মহিলা পেছাদাৰী মল্লযুঁজাৰু।
-
ছাহাকদুখ্ট (আৰ্মেনিয়া)
ছাহাকদুখ্ট ( Sahakdukht অষ্টম শতিকাৰ আৰম্ভণিৰ এগৰাকী আৰ্মেনিয়ান গীতিকাৰ, কবি আৰু শিক্ষাবিদ। আৰ্মেনিয়ান সাহিত্য আৰু সংগীতৰ তেওঁ প্ৰথম সাহিত্যিক আৰু সংগীতজ্ঞ হিচাপে পৰিচিত মহিলা। তেওঁৰ সামান্য পিছৰ বা সমসাময়িক খোছৰোবিদুখ্ট ৰ লগতে তেওঁ ইতিহাসৰ আটাইতকৈ প্ৰাচীন মহিলা সুৰকাৰসকলৰ ভিতৰত অন্যতম।
-
ছাৰ ৰতনজী টাটা
ছাৰ ৰতনজী জামছেদজী টাটা জে পি (২০ জানুৱাৰী ১৮৭১ – ৫ ছেপ্টেম্বৰ ১৯১৮) বৃটিছ ৰাজত্বৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। টাটা গ্ৰুপৰ প্ৰতিষ্থাপক জামছেদজী টাটাৰ কনিষ্ঠ পুত্ৰ।
-
ছাৰা আবুবেকাৰ
ছাৰা আবুবেকাৰ (Sara Aboobacker); ৩০ জুন ১৯৩৬ – ১০ জানুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় কানাড়া উপন্যাস আৰু চুটিগল্পৰ লেখিকা, আৰু এগৰাকী অনুবাদক।
-
ছাৰা কাৰ্টাৰ
ছাৰা ছাংগুইন কাৰ্টাৰ (জন্ম: ৩০ অক্টোবৰ, ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু পৰিচালক। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০৪–২০০৫) আলিচিয়া বেকাৰ, ছাৰ্কত (২০০৬–২০০৮) মেডেলিন পো আৰু টিএনটিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ফলিং স্কাইজত (২০১১–২০১৫) মেগী মে’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ছাৰা কে নোবেল
ছাৰা কে নোবেল (জন্ম ১৯৭৫) গ্ৰহ ভূ-তত্ত্ববিদ আৰু ৱাশ্বিংটন ডি.চি.ৰ নাছাৰ মুখ্য কাৰ্যালয়ৰ গ্ৰহ বিজ্ঞান বিভাগৰ প্ৰগ্ৰেম বিজ্ঞানী। তেওঁৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰখন হৈছে মহাকাশৰ বতৰৰ প্ৰক্ৰিয়া। নাছাৰ LADEE মহাকাশযানৰ প্ৰগ্ৰেম চাইণ্টিষ্ট আছিল আৰু চাইকে মিছনৰ প্ৰগ্ৰেম চাইণ্টিষ্ট।
-
ছাৰা জেন হো
ছাৰা জেন হো (:Sara Jane Ho, চীনা: 何佩蓉 ) এগৰাকী চীনা শিক্ষাবিদ, সমাজসেৱিকা, আৰু ২০১৩ চনত স্থাপিত বেইজিঙৰ ফিনিচিং স্কুল ইনষ্টিটিউট সৰিতাৰ প্ৰতিষ্ঠাপক। ২০২২ চনৰ নেটফ্লিক্সৰ ধাৰাবাহিক মাইণ্ড ইউৰ মেনাৰ্ছৰ শিষ্টাচাৰ বিশেষজ্ঞ হিচাপে অংশ লৈছিল।
-
ছাৰা ফাচিও
ছাৰা ফাচিও ( Sara Facio; ১৮ এপ্ৰিল ১৯৩২ – ১৮ জুন ২০২৪) আছিল এগৰাকী আৰ্জেণ্টিনাৰ ফটো সাংবাদিক আৰু প্ৰকাশক। তেওঁ এলিচিয়া ডি'এমিকোৰ সৈতে আৰ্জেণ্টিনাৰ লেখক জুলিও ক'ৰ্টাজাৰ, মাৰিয়া এলেনা ৱালছ আৰু আলেজান্দ্ৰা পিজাৰ্নিককে ধৰি বিভিন্ন সাংস্কৃতিক ব্যক্তিত্বৰ ফটো তোলাৰ বাবে বেছিকৈ জনাজাত আছিল।
-
ছাৰা যাকেৰ
ছাৰা যাকেৰ (Sara Zaker; জন্মগত নাম: আমিন) এগৰাকী বাংলাদেশী থিয়েটাৰ আৰু টেলিভিছন অভিনেত্ৰী, পৰিচালক, ব্যাৱসায়িক উদ্যোগী আৰু সমাজকৰ্মী। ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশে পদক প্ৰদান কৰে।
-
ছাৰা হাইড
ছাৰা হাইড (মৃত্যু ১৫ নৱেম্বৰ ১৭৫০) এগৰাকী আইৰিছ মুদ্ৰক আৰু কিতাপ বিক্ৰেতা আছিল।
-
ছাৰা হাইলেণ্ড
ছাৰা জেন হাইলেণ্ড (জন্ম: ২৪ নৱেম্বৰ, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। মানহাটানত জন্মগ্ৰহণ কৰা তেওঁ প্ৰফেচনেল পাৰফৰ্মিং আৰ্টছ স্কুলত অধ্যয়ন কৰিছিল। তেওঁ প্ৰথমে ‘প্ৰাইভেট পাৰ্টছ’ (১৯৯৭), ‘এনি’ (১৯৯৯) আৰু ‘ব্লাইণ্ড ডেট’ (২০০৭) চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।
-
ছাৰা ৰায়
ছাৰা ৰায়, এগৰাকী সমসাময়িক ভাৰতীয় লেখিকা, অনুবাদক আৰু আধুনিক হিন্দী আৰু উৰ্দু কল্পকাহিনীৰ সম্পাদিকা। ভাৰতৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ (পূৰ্বৰ এলাহাবাদ)ত বাস কৰে। ৰায়ে মূলতঃ হিন্দী ভাষাত চুটিগল্প ৰচনা আৰু প্ৰকাশ কৰে।
-
ছাৰা-লৰেইন ৰিয়েক
ছাৰা-লৰেইন কেচেল (ইংৰাজী: Sarah-Lorraine Kessel; জন্ম: ১৫ নৱেম্বৰ ১৯৯২) এগৰাকী জাৰ্মান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। ২০১২ চনত তেওঁ মিছ বাভেৰিয়াৰ খিতাপ জয় কৰে আৰু হালেত অনুষ্ঠিত মিছ জাৰ্মানী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
-
ছাৰাহ আজহাৰী
ছাৰাহ আজহাৰী (ইংৰাজী: Sarah Azhari; জন্ম: ১৬ জুন ১৯৭৮) এগৰাকী ইণ্ডোনেচিয়ান অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ ইণ্ডোনেচিয়ান অভিনেত্ৰী আয়ু আজহাৰীৰ ভগ্নী। অভিনেত্ৰী ক্ৰীষ্টিন হাকিমৰ সৈতে তেওঁ গাৰিন নুগ্ৰোহোৰ নিৰ্দেশনাত নিৰ্মিত ডাউন ডি আটাস বাণ্টাল নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
ছাৰাহ-জেন ডিয়াছ
ছাৰাহ-জেন ডিয়াছ (ইংৰাজী: Sarah-Jane Dias) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হোষ্ট, ভিডিঅ' জকী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ জয় কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৭ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰি তেওঁ চেনেল ভিৰ এগৰাকী ভিডিঅ' জকী আছিল।
-
ছি-ইয়ন
পাৰ্ক জং-হিউন (ইংৰাজী: Park Xi-yeon; জন্ম: ১৪ নৱেম্বৰ, ২০০০), যিগৰাকী পেছাদাৰীভাৱে পাৰ্ক ছি-ইয়ন নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। প্ৰাক্তন শিশু অভিনেত্ৰী, গায়িকা আৰু মডেল পাৰ্ক ছি-ইয়নে ২০১৭ চনত গাৰ্ল গ্ৰুপ পিষ্টিনৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে ৯ বছৰ ধৰি…
-
ছিকিল ভগ্নী
ছিকিল ভগ্নী (Sikkil Sisters) হ’ল ছিকিল কুঞ্জমণি (: Sikkil Kunjumani ১০ জুন ১৯২৭ – ১৩ নৱেম্বৰ ২০১০) আৰু ছিকিল নীলা (: Sikkil Neela ৯ ছেপ্টেম্বৰ ১৯৩৮ – ১৭ ছেপ্টেম্বৰ ২০২৩),তেওঁলোক দুয়ো গৰাকী আছিল ভেনু বাঁহী বুলি কোৱা কৰ্ণাটিক বাঁহী বজোৱা ভগ্নীদ্বয়।
-
ছিক্কিল মালা চন্দ্ৰশেখৰ
ছিক্কিল মালা চন্দ্ৰশেখৰ ( Sikkil Mala Chandrasekhar; জন্ম ১৯৬৩) এগৰাকী বিখ্যাত দক্ষিণ ভাৰতীয় কাৰ্নাটিক বাঁহীবাদক। মালা চন্দ্ৰশেখৰৰ জন্ম হৈছিল এটি সংগীত পৰিয়ালত। মালা চন্দ্ৰশেখৰে [[ছিক্কিল চিষ্টাৰছ], মাহীয়েক কুঞ্জুমণি আৰু মাক নীলাৰ পৰা শিকিবলৈ আৰম্ভ কৰিছিল।
-
ছিত্তী চাউদা
ছিত্তী চাউদা বা চাউদা বিন্ত আল-ফাকিহ (মৃত্যু ১২৪২), ইজিপ্তৰ চুলতান আল-কামিলৰ পত্নী (ৰাজত্ব ১২১৮–১২৩৮)। তেওঁ দ্বিতীয় চুলতান আল-আদিল (ৰাজ্য ১২৩৮–১২৪০)ৰ মাতৃ আৰু চুলতান আছ-ছালিহ আয়ুব (ৰাজ্য ১২৪০–১২৪৯)ৰ সতীয়া মাক আছিল।