ছাৰা যাকেৰ (Sara Zaker; জন্মগত নাম: আমিন) এগৰাকী বাংলাদেশী থিয়েটাৰ আৰু টেলিভিছন অভিনেত্ৰী, পৰিচালক, ব্যাৱসায়িক উদ্যোগী আৰু সমাজকৰ্মী।১২ ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশে পদক প্ৰদান কৰে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ছাৰা আমিনৰ জন্ম হৈছিল সেই সময়ৰ পাকিস্তান অধিৰাজ্যৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ আবটাবাদত।৪ তেওঁৰ ঘৰুৱা নাম আছিল চিক্সি।৫ তেওঁ পাকিস্তান সেনাবাহিনীৰ বিষয়া মেজৰ ছালাউদ্দিন মহম্মদ আমিন আৰু ভিকৰুণ্নিছা নুন স্কুল এণ্ড কলেজৰ প্ৰাক্তন শিক্ষয়িত্ৰী আলিয়া আমিনৰ চাৰিজন সন্তানৰ ভিতৰত তৃতীয় আছিল।৪ ছালাউদ্দিনে সেনাবাহিনী ত্যাগ কৰাৰ পাছত ১৯৬২ চনত পৰিয়ালটো ঢাকালৈ গুচি আহে।৪ ১৯৬৫ চনত এস্কাতন গাৰ্ডেনলৈ যোৱাৰ পূৰ্বে তেওঁলোকে ঢাকাৰ ধানমণ্ডিত এটা নতুনকৈ নিৰ্মিত ঘৰত ৯ মাহ ধৰি আছিল। ছাৰা ধানমণ্ডিৰ এখন নৃত্য বিদ্যালয় "ৰাগৰূপা"লৈ গৈছিল। ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত তেওঁৰ জ্যেষ্ঠ ভাতৃ চিকু নিহত হৈছিল।৪
ছাৰা ভিকৰুণ্নিছা নুন স্কুল আৰু হলী ক্ৰছ কলেজৰ ছাত্ৰী আছিল।৪ তেওঁ ঢাকা বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিবলৈ নাম ভৰ্তি কৰিছিল যদিও পিছলৈ ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ ইয়াৰ পিছত তেওঁ নিৰ্দেশনাৰ পাঠ্যক্ৰমৰ বাবে লণ্ডনলৈ যায়।৪
কৰ্মজীৱন
অভিনেত্ৰী
১৯৭২ চনত মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পাছতেই ছাৰা যাকেৰে নাগৰিক নাট্য সম্প্ৰদায় নামৰ এটা থিয়েটাৰ দলত যোগদান কৰে।৬ এই দলটোৰ সৈতে তেওঁৰ প্ৰথম প্ৰডাকচন বাকি ইতিহাস ১৯৭৩ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল। তেওঁ বিদগ্ধ ৰমনীকুল, নিষিদ্ধ পল্লী, সৎ মানুহৰ খোজে (১৯৭৬), দেৱান গাজীৰ কিচ্ছা আৰু নাম-গোত্ৰহীন: মাণ্টোৰ মেয়েক (২০১৪) আদি নাটকত অভিনয় কৰিছিল।৬
উদ্যোগী
১৯৯৫ চনত বজাৰ গৱেষণাৰ ক্ষেত্ৰখনত যাকেৰৰ ব্যাৱসায়িক কেৰিয়াৰ আৰম্ভ হয়। ২০০৪ চনত প্ৰতিষ্ঠা হোৱাৰপৰাই তেওঁ নয়নতৰা কমিউনিকেচনৰ প্ৰকল্প মুৰব্বী হিচাপে কাম কৰি আহিছে।৭ নয়নতৰা হৈছে চিচেম ষ্ট্ৰীটৰ বাংলা সংস্কৰণ চিচিমপুৰ নিৰ্মাণৰ বাবে চিচেম ৱৰ্কশ্বপ নিউয়ৰ্কৰ সহ-প্ৰযোজক। তেওঁ এছিয়াটিক ৩৬০-ৰ পৰিচালন সঞ্চালক,৮ এছিয়াটিক ইভেণ্ট মাৰ্কেটিং লিমিটেডৰ সঞ্চালক আৰু ধ্বনি চিত্ৰ লিমিটেডৰ পৰিচালন সঞ্চালক।৯
কৰ্মী
ব্যক্তিগত জীৱন
ছাৰাই ১৯৭৫ চনত অভিনেতা আলী যাকেৰৰ (মৃত্যু ২০২০) সৈতে বিবাহপাশত আবদ্ধ হয়।১২ তেওঁলোকৰ পুত্ৰ ইৰেশ যাকেৰ এজন অভিনেতা আৰু কন্যা শ্ৰীয়া সৰ্বজয়া এছিয়াটিক ৩৬০-ৰ এটা সহযোগী প্ৰতিষ্ঠানত কৰ্মৰত হোৱাৰ লগতে ৰেডিঅ’ এবিচি আৰু ৰেডিঅ’ স্বাধীনৰ এগৰাকী ৰেডিঅ’ ব্যক্তিত্ব হিচাপেও কাম কৰিছে।১৩১৪
২০২১ চনৰ হিচাপত ছাৰাৰ ভাতৃ আলিম আমিন পিঞ্চু এজন অধ্যাপক হিচাপে কৰ্মৰত আৰু ভগ্নী সাজেদা আমিন পিক্সী এগৰাকী জনগাঁথনিবিদ; দুয়োজনেই আমেৰিকাৰ বাসিন্দা।৪১৫
কৰ্মৰাজি
ধাৰাবাহিক নাটক
- নক্ষত্ৰেৰ ৰাত
- অয়োময১৬
চলচ্চিত্ৰ
- এমিলৰ গোয়েন্দা বাহিনী (১৯৮০)
- নদীৰ নাম মধুমতী (১৯৯৬)
- অন্তৰ্যাত্ৰা (২০০৬)
প্ৰযোজিত
- ছুঁয়ে দিলে মন (২০১৫)
কণ্ঠদান
- দ্য ৱৰ্ল্ড একৰ্ডিং টু চিচেম ষ্ট্ৰীট (২০০৬)
বঁটাসমূহ
- বিশিষ্ট নাট্যজন – লোকনাট্য গোষ্ঠী সন্মাননা (২০১৪)১৭
- বদৰুদ্দিন হুছেইন সোঁৱৰণী বঁটা (২০১৬)১৮
- একুশে পদক (২০১৭)৩
- মুনীৰ চৌধুৰী বঁটা (২০২০)
তথ্যসূত্ৰ
- ↑ Samuel L. Leiter, Encyclopedia of Asian Theatre: A-N, page 4, Greenwood Press, 2007
- ↑ (10 June 2009). "I am a workaholic" – Sara Zaker. The Daily Star
- ↑ (12 February 2017). 17 named for Ekushey Padak 2017. The Daily Star
- ↑ (2021-10-21). IPDC Finance’s Agraz: Seeing through lenses of Sara Zaker. The Daily Star
- ↑ (2020-11-19). Jill of All Trades. The Daily Star
- ↑ (2017-03-24). Our theatre is in need of new ideas. The Daily Star
- ↑ (17 September 2009). Sisimpur steps into fifth year. The Daily Star
- ↑ Shamma M. Raghib. (5 November 2006). Promo Logic 2006. The Daily Star
- ↑ People Behind The Company. Asiatic 360
- ↑ Hoque, Mofidul. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ (24 March 2006). Sara Zaker speaks about the Liberation War Museum. VOA Bangla
- ↑ (2014-12-19). “I'm proud to be the mother of Aly's children” – Sara Zaker. The Daily Star
- ↑ (2016-05-28). Sara Zaker on "Maa'er Golpo". The Daily Star
- ↑ (2014-03-28). Ten things you didn't know about SRIYA SHARBOJOYA. The Daily Star
- ↑ (2017-05-04). A Family Picture. The Daily Star
- ↑ (2016-08-13). Words of appreciation on behalf of Asaduzzaman Noor. The Daily Star
- ↑ (1 February 2015). bn:লোকনাট্য সম্মাননা প্ৰদান. Janakantha
- ↑ (2016-04-09). Enamul Haque, Sara Zaker receive Badruddin Award. Prothom Alo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা যাকেৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৩৩৩ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।