ছাৰাহ-জেন ডিয়াছ (ইংৰাজী: Sarah-Jane Dias) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হোষ্ট, ভিডিঅ' জকী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ জয় কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৭ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১ ইয়াৰ উপৰি তেওঁ চেনেল ভিৰ এগৰাকী ভিডিঅ' জকী আছিল।২
প্ৰাৰম্ভিক জীৱন
ছাৰাহ-জেন ডিয়াছৰ জন্ম ওমানৰ মাছকটত এটা কোংকণী ভাষী গোৱানীজ কেথলিক পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ ইউষ্টাচ ডিয়াছ অইলফিল্ডছ চাপ্লাই চেণ্টাৰৰ এজন মাৰ্কেটিং মেনেজাৰ আৰু মাতৃৰ নাম আছিল য়োলেণ্ডা। তেওঁৰ এলিনা ৰোজ ডিয়াছ নামৰ এগৰাকী ভগ্নীও আছে।৩
ডিয়াই দশম শ্ৰেণীলৈকে ইণ্ডিয়ান স্কুল অল ৱাদী অল কবীৰত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত ইণ্ডিয়ান স্কুল মাছকটত একাদশ আৰু দ্বাদশ শ্ৰেণীত ভৰ্তি হয়। ইয়াৰ পিছত তেওঁ মুম্বাইৰ চেইণ্ট এণ্ড্ৰিউজ কলেজত উচ্চশিক্ষা গ্ৰহণ কৰে।৪ ২০০৭ চনত মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ জয় কৰাৰ পূৰ্বে তেওঁ ১৯৯৭ চনত মিছ ইণ্ডিয়া ওমান খিতাপ জয় কৰিছিল।৪
সৌন্দৰ্য প্ৰতিযোগিতা আৰু কেৰিয়াৰ
মুম্বাইত সুৰেশ নটৰাজনৰ ছেটলৈ ডিয়াছ হঠাতে গৈ পোৱাত তেওঁক আৱিষ্কাৰ কৰা হৈছিল আৰু নটৰাজনে সেই সময়ত কৰি থকা এটা বিজ্ঞাপনৰ বাবে তেওঁক লগে লগে নিযুক্তি দিছিল।৫ ২১ বছৰ বয়সত তেওঁ এটা টিভি প্ৰতিভানুসন্ধান অনুষ্ঠানত জয়ী হয়, যিয়ে তেওঁক চেনেল ভিৰ এটা অনুষ্ঠানত উপস্থাপিকা হিচাপে কাম কৰাৰ সুযোগ দিছিল।৬ ইয়াৰ পিছত তেওঁ সেই নেটৱৰ্কৰ ছুপাৰ মডেল সন্ধানৰ টিভি শ্ব' গেট গৰ্জিয়াছৰ হোষ্ট হৈ পৰে।৭
২০০৬ চনত ডিয়াছে অষ্ট্ৰেলিয়াৰ ৰক গ্ৰুপ আইএনএক্সএছ ৰ তেওঁলোকৰ এলবাম চুইচৰ অন্তৰ্গত "নেভাৰ লেট ইউ গো" গীতটোৰ মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল।৮৯
পিছৰ বছৰত ডিয়াছে ফেমিনা মিছ ইণ্ডিয়া ২০০৭ত অংশগ্ৰহণ কৰে।১০ তেওঁ পৰৱৰ্তী সময়ত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০০৭ খিতাপ অৰ্জন কৰে আৰু মিছ ৱৰ্ল্ড ২০০৭ত দেশক প্ৰতিনিধিত্ব কৰে যদিও কোনো স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The New Femina Miss India
- ↑ Profile at Femina Miss India website. The Times of India
- ↑ Mangalorean.com - Mangalore News Articles, Classifieds to Around the World. mangalorean.com
- ↑ (9 April 2007). Former Muscat student crowned Miss India. Times of Oman
- ↑ Outstation Models. Benchmark Models
- ↑ Star-favoured Sara. The Tribune
- ↑ (17 May 2004). asas asa. Outlook India
- ↑ INXS Release New Single 'Never Let You Go'. Sony BMG
- ↑ (9 December 2006). Indian video clip leaked. INXS
- ↑ (8 April 2007). The excitement reaches a crescendo. The Times of India
- ↑ (December 2007). Local woman wins Miss World 2007. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰাহ-জেন ডিয়াছ” প্ৰবন্ধৰ সংশোধন ৬৩৭১২৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।