মৌচুমী আখতাৰ ছালমা১ (ইংৰাজী: Moushumi Akhter Salma; জন্ম: ১ জানুৱাৰী ১৯৯১; সাধাৰণতে ছালমা আখতাৰ নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী লোক-গায়িকা। ২০০৬ চনত এন.টিভিত (NTV) সম্প্ৰচাৰিত দূৰদৰ্শন ধাৰাবাহিক "ক্ল'জআপ ৱান তোমাকেই খুঁজছে বাংলাদেশ"ৰ দ্বিতীয় ছিজনত চনত জয়লাভ কৰি তেওঁ খ্যাতি অৰ্জন কৰে।২
প্ৰাৰম্ভিক জীৱন
বাংলাদেশৰ খুলনা সংমণ্ডলৰ কুষ্টিয়া জিলাৰ দৌলতপুৰ উপজিলাৰ গংগাৰমপুৰ গাঁৱত ছালমা আখতাৰৰ জন্ম হৈছিল।
কৰ্মজীৱন
চাৰি বছৰ বয়সত ছালমাই বাউল ছাফি মণ্ডলৰ পৰা সংগীতৰ পাঠ ল’বলৈ আৰম্ভ কৰে। তেওঁ ছালমাক শাস্ত্ৰীয় আৰু লোক-সংগীত গাবলৈ শিকাইছিল। তেওঁ উস্তাদ সঞ্জীব দেৰ পৰাও সংগীতৰ শিক্ষা লৈছিল।
২০০৬ চনত বাৰ বছৰ বয়সত তেওঁ দূৰদৰ্শনৰ ৰিয়েলিটি অনুষ্ঠান "ক্ল'জআপ ৱান তোমাকেই খুঁজছে বাংলাদেশ"ৰ দ্বিতীয় ছিজনত চনত জয়লাভ কৰি তেওঁ খ্যাতি অৰ্জন কৰে।৩
জনপ্ৰিয় সংগীত কোম্পানী ছানীৰ সহযোগত তেওঁ কেইবাটাও সংগীত এলবামো মুকলি কৰিছে। ক্ল’জআপ ৱানত অংশগ্ৰহণ কৰাৰ সময়তে তেওঁৰ প্ৰথমটো একক গীত বনিয়া বন্ধু মুক্তি পাইছিল।
ছালমাই ১৮ শতিকাৰ ৰহস্যবাদী লালন গীতি, বাংলা লোকগীতৰ লগতে আধুনিক বাংলা গীত পৰিবেশন কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছে।৪
ব্যক্তিগত জীৱন
২০১০ চনত দিনাজপুৰ-৬ সমষ্টিৰ বৰ্তমানৰ সংসদৰ সদস্য তথা বৰ্তমানৰ সংসদ সদস্য শিবলী ছাদিকৰ সৈতে ছালমাৰ বিবাহ সম্পন্ন হয়।১৫ দম্পতীহালৰ এগৰাকী কন্যা সন্তান জন্ম হয়। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১ ২০১৮ চনত তেওঁৰ পুনৰ বিবাহ হয়, আৰু দ্বিতীয় বিবাহত আন এগৰাকী কন্যা সন্তানৰ মাতৃ হয়।৬
বঁটা
বাংলাদেশ চলচ্চিত্ৰ সাংবাদিক সমিতিৰ পৰা তেওঁক শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাচাছাস বঁটা (Bachsas Awards) প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
- ↑ Zahid Akbar. (15 January 2017). bn:"আজ স্নেহা আৰ আমি একই পোশাক পৰবো". The Daily Star
- ↑ (14 January 2017). আৰ্কাইভ কপি. Bhorer Kagoj
- ↑ (16 February 2016). Singer Salma shows ‘unprecedented love’ to Ahmed Imtiaz Bulbul. Daily Sun
- ↑ (20 October 2017). ‘Salma set to head out for London’. The Daily Srar
- ↑ (29 December 2012). bn:মেয়েৰ জন্মদিনে সালমা. Prothom Alo
- ↑ (7 September 2019). আৰ্কাইভ কপি. bdnews24.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছালমা আখতাৰ” প্ৰবন্ধৰ সংশোধন ৬০৮৭৩৮ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।