ছামিয়াঁ বাই (১৮৯৮ – ১৪ আগষ্ট ১৯৯৮), যাক শামশাদ বেগম নামেও জনা যায়, বিংশ শতিকাৰ আৰম্ভণিত পুৰণি দিল্লীকেন্দ্ৰিক এগৰাকী প্ৰসিদ্ধ ভাৰতীয় গায়িকা, অভিনেত্ৰী আৰু তৱাইফ আছিল। সংগীত জগতত তেওঁ ‘‘দ্য কুইন অৱ মিউজিক’’ হিচাপে পৰিচিত আছিল। নিজৰ সময়ত তেওঁ এগৰাকী অতি সফল আৰু উচ্চ উপাৰ্জনকাৰী শিল্পী আছিল। তেওঁ বিশেষভাৱে জনপ্ৰিয় হৈছে বলীউডৰ অগ্ৰণী অভিনেত্ৰী নাচিম বানুৰ মাতৃ আৰু কিংবদন্তী অভিনেত্ৰী চায়ৰা বানুৰ আইতা হিচাপে।
প্ৰাৰম্ভিক জীৱন
ছামিয়াঁ বাইৰ জন্ম ১৮৯৮ চনত ব্ৰিটিছ ভাৰতৰ কাশ্মীৰত হৈছিল। তেওঁ সংগীত আৰু নৃত্যৰ সৈতে জড়িত পৰম্পৰাগত শিল্পী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। সৰু বয়সতেই তেওঁ দিল্লীলৈ গুচি যায়। দিল্লীত থাকি তেওঁ শাস্ত্ৰীয় সংগীতত গভীৰ প্ৰশিক্ষণ লাভ কৰে আৰু ধীৰে ধীৰে উচ্চ সমাজৰ মাজত এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে।
তেওঁৰ কণ্ঠ, সংগীতজ্ঞান আৰু মঞ্চ উপস্থিতিয়ে তেওঁক পুৰণি দিল্লীৰ অভিজাত সমাজত বিশেষ মৰ্যাদা প্ৰদান কৰিছিল।১ সেই সময়ত তেওঁৰ উপাৰ্জন বহু খ্যাতনামা শিল্পীৰ তুলনাতো অধিক আছিল বুলি কোৱা হয়।২
কৰ্মজীৱন
ছামিয়াঁ বাই পুৰণি দিল্লীৰ সংগীত জগতত এগৰাকী অতি প্ৰভাৱশালী শাস্ত্ৰীয় গায়িকা হিচাপে পৰিগণিত হৈছিল। তেওঁ অভিজাত সভা, সংগীত আসৰ আৰু ৰাজকীয় অনুষ্ঠানত নিয়মিতভাৱে সংগীত পৰিৱেশন কৰিছিল। সেই সময়ত তেওঁৰ আয় তেওঁৰ কন্যা নসীম বানুৰ চলচ্চিত্ৰ জগতৰ উপাৰ্জনতকৈও অধিক আছিল বুলি উল্লেখ পোৱা যায়।
তেওঁ চলচ্চিত্ৰ জগততো প্ৰৱেশ কৰে আৰু ১৯৩৫ চনত ছোহ্ৰাব মোদী পৰিচালিত চলচ্চিত্ৰ খুন কা খুনত অভিনয় কৰে। এই চলচ্চিত্ৰখন ৱিলিয়াম শ্বেইক্সপিয়াৰৰ হেমলেট নাটকৰ আধাৰত নিৰ্মিত হৈছিল। এই ছবিখনৰ জৰিয়তে ছামিয়াঁ বাই আৰু তেওঁৰ কন্যা নাচিম বানু দুয়োগৰাকীয়েই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। নাচিম বানুৱে ছবিখনত অপেলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।৩
পিছলৈ তেওঁ নিজৰ নাম সলনি কৰি শামশাদ বেগম হিচাপে পৰিচিত হয় আৰু Columbia Records-ৰ সৈতে সংগীত ৰেকৰ্ডিং কৰে।৪ তেওঁ আকাশবাণীত নিয়মিত শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰিছিল।৪
ব্যক্তিগত জীৱন
ছামিয়াঁ বাইয়ে নৱাব আব্দুল ৱাহিদ খানক বিয়া কৰায়।৪ বিয়াৰ পিছত তেওঁ শামশাদ আব্দুল ৱাহিদ খান নামেও পৰিচিত হয়। এই দম্পতীৰ কন্যা ৰোশন আৰা বেগম পিছলৈ চলচ্চিত্ৰ জগতত নাচিম বানু নামেৰে খ্যাতি লাভ কৰে।
ছামিয়াঁ বাইয়ে নিজৰ সময়ৰ তুলনাত আধুনিক চিন্তাধাৰাৰ পৰিচয় দিয়ে আৰু কন্যাক কুইন মেৰীচ হাইস্কুল, দিল্লীত পঢ়িবলৈ দিয়ে। তেওঁ আশা কৰিছিল যে নাচিম বানু চিকিৎসক হ’ব, কিন্তু নাচিম বানু চলচ্চিত্ৰ জগতলৈ আকৰ্ষিত হয়। আৰম্ভণিতে ছামিয়াঁ বাইয়ে এই পেচাৰ বিৰোধিতা কৰিছিল যদিও পিছলৈ কন্যাৰ দৃঢ় সিদ্ধান্তৰ আগত সন্মতি প্ৰদান কৰে।
মৃত্যু
ছামিয়াঁ বাইৰ মৃত্যু ১৪ আগষ্ট ১৯৯৮ চনত মুম্বাইত হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ১০০ বছৰ আছিল।৫
চলচ্চিত্ৰসমূহ
| চন | চলচ্চিত্ৰ | চৰিত্ৰ |
|---|---|---|
| ১৯৩৫ | খুন কা খুন | গাৰ্ট্ৰুড |
উত্তৰাধিকাৰ
ছামিয়াঁ বাই পুৰণি দিল্লীৰ সংগীত ইতিহাসত এগৰাকী প্ৰভাৱশালী আৰু স্মৰণীয় শিল্পী হিচাপে পৰিগণিত। তেওঁৰ সংগীত ঐতিহ্য তেওঁৰ কন্যা নাচিম বানুৰ জৰিয়তে আৰু নাতিনী চায়ৰা বানুৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ বিস্তৃত হয়।
তথ্যসূত্ৰ
- ↑ (July 6, 2025). Saira Banu’s ancestral home in Delhi’s Ajmeri Gate is an echo from the past. The Hindu
- ↑ Naseem Banu Stardust interview from 1971. Cineplot
- ↑ (2015). Doing Women's Film History: Reframing Cinemas, Past and Future. University of Illinois Press. পৃ. 36
- ↑ Dilip Kumar: The Substance and the Shadow. Hay House. পৃ. 1872
- ↑ Yesterday's Melodies Today's Memories. Notion Press. পৃ. 311
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামিয়াঁ বাই” প্ৰবন্ধৰ সংশোধন ৬৩২৭৫১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।