অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছি-ইয়ন

পাৰ্ক জং-হিউন (ইংৰাজী: Park Xi-yeon; জন্ম: ১৪ নৱেম্বৰ, ২০০০), যিগৰাকী পেছাদাৰীভাৱে পাৰ্ক ছি-ইয়ন নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। প্ৰাক্তন শিশু অভিনেত্ৰী, গায়িকা আৰু মডেল পাৰ্ক ছি-ইয়নে ২০১৭ চনত গাৰ্ল গ্ৰুপ পিষ্টিনৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে ৯ বছৰ ধৰি…

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ৪৯৬ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পাৰ্ক জং-হিউন (ইংৰাজী ভাষা: Park Xi-yeon; জন্ম: ১৪ নৱেম্বৰ, ২০০০), যিগৰাকী পেছাদাৰীভাৱে পাৰ্ক ছি-ইয়ন নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী।১২ প্ৰাক্তন শিশু অভিনেত্ৰী, গায়িকা আৰু মডেল পাৰ্ক ছি-ইয়নে ২০১৭ চনত গাৰ্ল গ্ৰুপ পিষ্টিনৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে ৯ বছৰ ধৰি প্লেডিছ এণ্টাৰটেইনমেণ্টৰ অধীনত প্ৰশিক্ষণ লৈছিল। ২০১৭ চনৰ এপ্ৰিলৰপৰা ২০১৮ চনৰ জানুৱাৰীলৈকে তেওঁ চা ইউন-উৰ সৈতে দক্ষিণ কোৰিয়াৰ সংগীত অনুষ্ঠান শ্ব’! মিউজিক ক’ৰৰ আঁত ধৰিছিল।

প্ৰাৰম্ভিক জীৱন

ছি-ইয়নৰ জন্ম হৈছিল ২০০০ চনৰ ১৪ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ আনিয়াঙত।১৩ সৰু কালত তেওঁ বিভিন্ন কোম্পানী আৰু সামগ্ৰীৰ কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছিল, যাৰ ভিতৰত কোৰিয়ান এয়াৰৰ এখন সুৰক্ষা ভিডিঅ’ আছিল অন্যতম।৪ ইয়াৰ উপৰি তেওঁ কেইখনমান ধাৰাবাহিক আৰু চলচ্চিত্ৰ যেনে ফাদাৰ এণ্ড ছান: দ্য ষ্ট’ৰী অফ মেন্সিয়াছ (২০০৪) আৰু দ্য কাট (২০০৭) ত সৰু চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ প্লেডিছ এণ্টাৰটেইনমেণ্টত অডিচন দিছিল আৰু কোম্পানীটোৰ অধীনত ন বছৰ ধৰি প্ৰশিক্ষণ লৈছিল। প্ৰশিক্ষাৰ্থী হিচাপে তেওঁ একেটা লেবেলৰে অন্যান্য শিল্পী যেনে আফটাৰ স্কুল আৰু অৰেঞ্জ কেৰামেলৰ সংগীত ভিডিঅ’ত অভিনয় কৰিছিল।১৫

কেৰিয়াৰ

২০১৬–২০১৯: প্ৰডিউচ ১০১, পিষ্টিনৰ সৈতে আত্মপ্ৰকাশ আৰু গোট ভংগ

পাৰ্ক ছি-ইয়ন নামেৰে তেওঁ নিজৰ কোম্পানীৰ আন ছয়গৰাকী মহিলা প্ৰশিক্ষাৰ্থীৰ সৈতে এমনেটৰ চাৰ্ভাইভেল প্ৰগ্ৰেম প্ৰডিউচ ১০১-ত যোগদান কৰিছিল। এই অনুষ্ঠানৰ লক্ষ্য আছিল দক্ষিণ কোৰিয়াৰ বিভিন্ন মনোৰঞ্জন কোম্পানীৰ ১০১ গৰাকী মহিলা প্ৰশিক্ষাৰ্থীৰ মাজৰপৰা এঘাৰ জনীয়া এটা গাৰ্ল গ্ৰুপ গঠন কৰা, যিয়ে ৱাই.এম.চি. এণ্টাৰটেইনমেণ্টৰ অধীনত এবছৰৰ বাবে প্ৰচাৰ চলাব।৬ এই অনুষ্ঠানটো ২০১৬ চনৰ ২২ জানুৱাৰীৰপৰা ১ এপ্ৰিললৈ সম্প্ৰচাৰিত হৈছিল। তেওঁ চূড়ান্ত তালিকাত স্থান লাভ কৰাত ব্যৰ্থ হয় আৰু অনুষ্ঠানটোৰ দশম খণ্ডত ২৫ তম স্থান লাভ কৰে।

নায়ং আৰু কিউলকিউং আই.অ’.আই.-ৰ প্ৰচাৰত ব্যস্ত থকাৰ সময়তে ছি-ইয়ন আৰু প্লেডিছ এণ্টাৰটেইনমেণ্টৰ আন চাৰিগৰাকী বাদ পৰা মহিলা প্ৰশিক্ষাৰ্থীৰ লগতে ছং-ইয়ন, য়েহানা আৰু কাইলাক লগ ধৰি 'প্লেডিছ গাৰ্লজ' নামৰ প্ৰাক-আত্মপ্ৰকাশ গোটটোৰ অধীনত প্ৰচাৰ চলাইছিল। ২০১৬ চনৰ ২৭ জুনত তেওঁলোকে উই নামৰ চিংগলটো মুক্তি দিয়ে, যিটো তেওঁ আন তিনিগৰাকী সদস্যৰ সৈতে মিলি লিখিছিল।৭ ছি-ইয়নে মে’ মাহৰপৰা ছেপ্টেম্বৰ মাহলৈ গোটটোৰ সৈতে সাপ্তাহিক কনচাৰ্টত অংশ লৈছিল। ২০১৭ চনৰ ৬ জানুৱাৰীত তেওঁলোকে নিজৰ গোটটোৰ নাম ঘোষণা কৰে আৰু অৱশেষত ২০১৭ চনৰ ২১ মাৰ্চত ১০ জনীয়া গাৰ্ল গ্ৰুপ পিষ্টিন হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। তেওঁলোকৰ প্ৰথমটো ই.পি. আছিল হাই! পিষ্টিন আৰু ইয়াৰ মুখ্য চিংগল আছিল উই উ।৮৯ ছি-ইয়নে এই এলবামটোৰ প্ৰস্তুতিত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ অন্যতম ট্ৰেক "অ’ভাৰ এন অ’ভাৰ" তেওঁ আৰু আন পাঁচগৰাকী সদস্যই লিখিছিল।

২২ এপ্ৰিলত তেওঁ এষ্ট্ৰ’ৰ সদস্য চা ইউন-উৰ সৈতে দক্ষিণ কোৰিয়াৰ সংগীত অনুষ্ঠান শ্ব’! মিউজিক ক’ৰৰ আঁতধৰোঁতা হিচাপে নিৰ্বাচিত হয়।১০ ২০১৭ চনৰ আগষ্ট মাহত পিষ্টিনে তেওঁলোকৰ দ্বিতীয়টো ই.পি. স্কুল আউট মুক্তি দিয়ে। এই এলবামৰ দুটা গীত ছি-ইয়নে সহ-সুৰাৰোপ কৰিছিল আৰু তিনিটা গীতৰ কথা তেওঁ সহ-লিখন কৰিছিল।১১

২০১৯ চনৰ ২৪ মে’ত পিষ্টিন আনুষ্ঠানিকভাৱে ভংগ হয়।১২ প্লেডিছ এণ্টাৰটেইনমেণ্টে ঘোষণা কৰে যে ছি-ইয়নে লেবেলটো ত্যাগ কৰিব।১৩

২০২০–বৰ্তমান: অভিনয়লৈ পৰিৱৰ্তন

২০২০ চনৰ মে' মাহত পাৰ্ক ছি-ইয়নে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে ঘোষণা কৰে যে তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আগবঢ়াই নিব আৰু এখন স্বতন্ত্ৰ চলচ্চিত্ৰত কাম কৰি আছে, যাৰ নাম পিছলৈ ডিয়েটাৰ ফাইটৰ ৰখা হৈছিল।১৪১৫ ২০২০ চনৰ জুলাই মাহত পাৰ্কে 'চু ইয়ন কাং এণ্টাৰটেইনমেণ্ট'ৰ সৈতে চুক্তিবদ্ধ হয়।১৬ ২০২১ চনৰ জুলাই মাহত ২৫ তম বুচিয়ন আন্তঃৰাষ্ট্ৰীয় ফেণ্টাচিক চলচ্চিত্ৰ মহোৎসৱত ডিয়েটাৰ ফাইটৰ প্ৰদৰ্শিত হয়, য’ত পাৰ্কে তেওঁৰ অভিনয়ৰ বাবে 'ফেণ্টাচিক এক্টৰ জুৰীছ স্পেচিয়েল মেনচন এৱাৰ্ড' লাভ কৰে।১৭

২০২৩ চনৰ ১৪ নৱেম্বৰত ঘোষণা কৰা হয় যে পাৰ্কে 'চেৰ’ এক্টৰ্ছ'ৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে।১৮

তথ্যসূত্ৰ

  1. ↑ Lee, Seung-rok. (April 6, 2017). (MD인터뷰⑩) 프리스틴 시연 "9년 연습생 생활…앞으로 9년 후?". MyDaily
  2. ↑ (November 15, 2023). আৰ্কাইভ কপি. www.saeroactors.com
  3. ↑ (June 23, 2017). ko:(아이돌 고향을 찾아서①) 우리 고향 아이돌 누가 있을까. sports.khan.co.kr
  4. ↑ Moon, Wan-sik. (April 3, 2017). ko:(단독)항공기 안전비디오 소녀, 알고보니 프리스틴 시연. Star News
  5. ↑ (March 25, 2017). ko:(짤줍) 레전드 과거 자랑하는 여돌.pristin. Dispatch
  6. ↑ Park Siyeon Profile - Produce 101. Mnet
  7. ↑ (June 26, 2016). '플레디스 걸즈' 프리 싱글 'WE' 발표. Newsis
  8. ↑ (January 6, 2017). 임나영·주결경 등 10人, 플레디스 걸즈→프리스틴으로 데뷔 (공식입장). Herald Pop
  9. ↑ (March 21, 2017). (팝's신곡)"파워 & 프리티" 프리스틴, 신인상 예약한 특급 기대주. Herald Pop
  10. ↑ Lee, Mi-hyun. (April 14, 2017). (단독) 프리스틴 시연, '음악중심' 새 MC 발탁…차은우와 호흡. Ilgan Sports
  11. ↑ (August 23, 2017). (퇴근길 신곡) 프리스틴, 업그레이드 된 파워+프리티…'We Like'. OSEN
  12. ↑ (May 24, 2019). ko:결경·나영 속한 프리스틴, 데뷔 2년 만에 해체. Naver News
  13. ↑ (May 24, 2019). ko:플레디스 측 "프리스틴 해체…결경·예하나·성연 제외한 멤버 계약해지"(공식입장). NewsPim
  14. ↑ 프리스틴 출신 박시연, "이제 배우로서 여러분께 다가겠다"…첫 작품 '신림 남녀'
  15. ↑ 톱스타뉴스. (25 May 2020). (단독) 프리스틴 시연, 독립영화 '신림남녀'로 연예 활동 재개…팀 해체 후 첫 활동. 톱스타뉴스
  16. ↑ 프리스틴 출신 박시연, 수연강 엔터테인먼트와 전속계약 체결
  17. ↑ Jung, Ji-eun. (BIFAN) 부천국제판타스틱영화제 폐막, '액션히어로' 4관왕
  18. ↑ Shin Young-eun. (November 14, 2023). ko:프리스틴 출신 박시연, 새로액터스와 전속계약…배우로 새 도약. Maeil Business Newspaper

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ কোৰিয়ান অভিনেত্ৰীগায়িকামডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছি-ইয়ন” প্ৰবন্ধৰ সংশোধন ৬০০৭৬৪ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।