জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ছৈয়দা ৱাহিদা ছাবৰিনা
ছৈয়দা ৱাহিদা ছাবৰিনা (জন্ম: ১১ ছেপ্টেম্বৰ ২০০০) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুবাৰকৈ বাংলাদেশ জাতীয় চলচ্চিত্ৰ বঁটাৰ অধীনত শ্ৰেষ্ঠ শিশুশিল্পীৰ খিতাপ লাভ কৰিছে—চলচ্চিত্ৰ গঙ্গাযাত্ৰা (২০০৯) আৰু অন্তৰ্ধান (২০১২)-ৰ বাবে।
-
ছোনিয়া জব্বাৰ
ছোনিয়া জব্বাৰ: Sonia Jabbar;এগৰাকী ভাৰতীয় বাগিচাৰ মালিক আৰু বন্যপ্ৰাণী সংৰক্ষণবিদ। ২০১২ চনৰ পৰা আৰম্ভ কৰি তেওঁ দাৰ্জিলিঙৰ নিজৰ চাহ বাগিচাখন নেপাল আৰু অসমৰ মাজত নিৰাপদ হাতীৰ প্ৰব্ৰজনৰ সুবিধা সুৰক্ষিত কৰিবৰ বাবে পৰিবৰ্তন কৰিবলৈ আৰম্ভ কৰিছিল।
-
ছোনিয়া দীপ্তি
ছোনিয়া দীপ্তি (ইংৰাজী: Sonia Deepti; জন্ম: ২৯ জুলাই ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ছবিত অভিনয় কৰিছে। ২০০৭ চনৰ শেখৰ কাম্মুলাৰ ছবি হেপ্পী ডেইজত তেওঁৰ প্ৰথম অভিনয়ে তেওঁক তেলুগু চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰিছিল।
-
ছোনিয়া নিত্যানন্দ
ছোনিয়া নিত্যানন্দ ( Soniya Nityanand; জন্ম ৬ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় ইমিউন’লজিষ্ট আৰু হেমেট’লজিষ্ট। বৰ্তমান তেওঁ লক্ষ্ণৌৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ছোনিয়া বালাছানিয়ান
ছোনিয়া বালাছানিয়ান (Sonia Balassanian; আৰ্মেনিয়ান: Սոնյա Պալասանյան; জন্ম ১৯৪২) জন্ম নাম ছোনিয়া আমিৰিয়ান, ইৰাণত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান জনগোষ্ঠীৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্য শিল্পী আৰু সংস্কৃতি সংৰক্ষক আছিল। তেওঁ বৰ্তমান বালাছানিয়ান নিউয়ৰ্ক চহৰ আৰু ইয়েৰেভানত থাকে।[3]
-
ছোনিয়া লাথাৰ
ছোনিয়া লাথাৰ ( Sonia Lather; জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অপেশাদাৰী বক্সাৰ। ২০১৬ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী হোৱাৰ লগতে এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ৰূপৰ পদক বিজয়ী হৈছিল।
-
ছোনিয়া ৰাথি
ছোনিয়া ৰাথি (জন্ম ২৫ ডিচেম্বৰ ১৯৯৬) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, মডেল, আৰু নৃত্যশিল্পী। তেওঁ মূলতে ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰত কাৰ্য্য কৰে।
-
ছোফিয়া ৱাডিয়া
ছোফিয়া ৱাডিয়া ( Sophia Wadia) বা ছোফিয়া কামাচো আছিল কলম্বিয়াত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰাকৃতিক ভাৰতীয় থিয়'ছফিষ্ট, সাহিত্যিক, পেন অল ইণ্ডিয়া চেণ্টাৰৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ জাৰ্নেল দ্য ইণ্ডিয়ান পেনৰ প্ৰতিষ্ঠাপক সম্পাদিকা।.
-
ছ’ঞ্জা এম বেষ্ট
ছ’ঞ্জা মেৰী বেষ্ট এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান ভাইৰ’লজিষ্ট। ৰকি মাউণ্টেন লেবৰেটৰীৰ জন্মগত প্ৰতিৰোধ ক্ষমতা আৰু ৰোগজন্ম বিভাগৰ মুৰব্বী। বেষ্টে ফ্লেভিভাইৰাছক আৰ্হি হিচাপে ব্যৱহাৰ কৰি ৰোগ সৃষ্টিকাৰী ভাইৰাছ আৰু গৃহস্থৰ প্ৰতিৰোধ সঁহাৰিৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গৱেষণা কৰে।
-
ছ’না নুৰিয়েভা
ছ’না নুৰিয়েভা ( ১৫ ডিচেম্বৰ ১৯১৫ – ১৯৮৬) এগৰাকী ছোভিয়েট বিমানচালক, ইউ এছ এছ আৰৰ উচ্চতম ছোভিয়েটৰ প্ৰথম সমাৱৰ্তনৰ ডেপুটি, প্ৰথম আজাৰবাইজানী মহিলা বিমানচালকসকলৰ ভিতৰত অন্যতম আছিল।
-
ছ’ফি এণ্ডাৰছন
কাৰেন এন কুক (২৩ নৱেম্বৰ ১৯৮৭ – ৩০ নৱেম্বৰ ২০২৩), পেচাগতভাৱে ছ’ফি এণ্ডাৰছন নামেৰে পৰিচিত, এগৰাকী ইংৰাজী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু ইণ্টাৰনেট ব্যক্তিত্ব আছিল। তেওঁ ২০১৭ চনত ফেক টেক্সি আৰু ইভিল এঞ্জেল আদি ষ্টুডিঅ’ৰ বাবে অশ্লীল চলচ্চিত্ৰত অভিনয় কৰা আৰম্ভ কৰে।
-
ছ’ফী টাৰ্ণাৰ
ছ’ফী বেলিন্দা টাৰ্ণাৰ (ইংৰাজী: Sophie Belinda Turner; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০ ২০১৯)-ত চাঞ্চা ষ্টাৰ্ক হিচাপে অভিনয় জীৱনৰ পাতনি মেলে।
-
জ'য়া আফ্ৰ'জ
জ'য়া আফ্ৰ'জ ( ইংৰাজী: Zoya Afroz; জন্ম: ১০ জানুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গ্লামানন্দ ছুপাৰমডেল ইণ্ডিয়া ২০২১ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰাৰ লগতে জাপানত অনুষ্ঠিত হ’বলগীয়া মিছ ইণ্টাৰনেশ্যনেল ২০২২…
-
জং কুক
জন জং কুক ( জন্ম: ১ ছেপ্টেম্বৰ, ১৯৯৭), একনামেৰে জং কুক নামেৰে জনাজাত। জুং কক এজন দক্ষিণ কোৰিয়াৰ গায়ক আৰু গীতিকাৰ। দক্ষিণ কোৰিয়াৰ বয় বেণ্ড বিটিএছৰ সদস্য আৰু কণ্ঠশিল্পী হিচাপে তেওঁ খ্যাতি লাভ কৰিছিল।
-
জং হো-য়েন
জং হো-য়েন (ইংৰাজী: Jung Ho- yeon; কোৰিয়ান: 정호연; জন্ম: ২৩ জুন, ১৯৯৪) এগৰাকী দক্ষিণ কোৰিয়ান ফেশ্বন মডেল আৰু অভিনেত্ৰী। ২০১০ চনত ফ্ৰীলান্স মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, দুবছৰ ধৰি ছিউল ফেশ্বন উইকৰ শ্ব’ত খোজ কাঢ়িছিল।
-
জকিন আৰপুথাম
জকিন আৰপুথাম ; ১৫ আগষ্ট ১৯৪৭ – ১৩ অক্টোবৰ ২০১৮) আছিল এজন ভাৰতীয় সম্প্ৰদায়ৰ নেতা আৰু কৰ্মী, চাৰি দশকৰো অধিক সময় ধৰি বস্তি আৰু ঝাড়ু চহৰৰ বিষয়ত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ কৰ্ণাটকত জন্মগ্ৰহণ কৰি মুম্বাইলৈ গুচি যায় আৰু তাতেই তেওঁ সম্প্ৰদায় সংগঠন আৰু নেতৃত্বৰ লগত জড়িত হৈ পৰে।
-
জগজিৎ কৌৰ
জগজিৎ কৌৰ (Jagjit Kaur) হ'ল এগৰাকী হিন্দী আৰু উৰ্দু ভাষাৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালক মহম্মদ জহুৰ খয়ামৰ পত্নী। চলচ্চিত্ৰৰ বাবে তেওঁ তেওঁৰ সমসাময়িক লতা মংগেশকাৰ আৰু আশা ভোঁচলেতকৈ কম গীত গাইছে, তথাপি তেওঁৰ প্ৰায় সকলো গীতকে মাষ্টাৰপিচ আখ্যা দিয়া হয়।
-
জগন্নাথন বিজয়া
জগন্নাথন বিজয়া (Jagannathan Vijaya; ১৯৫৯–১৯৮৭) হ'ল ভাৰতৰ প্ৰথম মহিলা হাৰ্পেট’লজিষ্ট। তেওঁ সমগ্ৰ দেশতে কচ্ছপৰ গতিবিধি নথিভুক্ত কৰিছিল আৰু বিশ্ব সংৰক্ষণ ইউনিয়নৰ ফ্ৰেছৱাটাৰ চেলোনিয়ান স্পেচেলিষ্ট গ্ৰুপৰ অধ্যক্ষ এডৱাৰ্ড মলৰ সহায়ক হিচাপে কাম কৰিছিল।
-
জচৱিন্দৰ ব্ৰেৰ
জচৱিন্দৰ ব্ৰেৰ এগৰাকী ভাৰতীয় তথা পাঞ্জাৱী ভাষাৰ লোক গায়িকা। তেওঁ পাঞ্জাৱী লোকগীত আৰু ভাংৰা গায় আৰু লোক ৰাণী হিচাপে জনাজাত। তেওঁ মঞ্চ প্ৰদৰ্শনীৰ বাবে জনাজাত আৰু তেওঁক 'আখৰ হেয়া দি ৰাণী' বুলি কোৱা হয়। তেওঁ লোক তাথৰ বাবে বিশেষভাৱে জনাজাত।
-
জটিলেশ্বৰ মুখোপাধ্যায়
জটিলেশ্বৰ মুখোপাধ্যায় (১৩ ডিচেম্বৰ ১৯৩৪ – ২১ ডিচেম্বৰ ২০১৭) এজন বিখ্যাত ভাৰতীয় সংগীত পৰিচালক, গায়ক আৰু গীতিকাৰ।
-
জধিয়া বাঈ বাইগা
জধিয়া বাঈ বাইগা (Jodhaiya Bai Baiga; ১৯৩৭/১৯৩৮ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বাইগা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু মধ্য প্ৰদেশৰ উমৰিয়া জিলাৰ লোৰহা গাঁৱত বাস কৰে। জধিয়া বাঈ দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ মাতৃ।
-
জন ডান
জন ডান (John Donne) (১৫৭২-১৬৩১) এজন ইংৰাজ কবি, পণ্ডিত, সৈনিক। পিছলৈ তেখেত ইংলেণ্ডৰ গীৰ্জাৰ এজন ধৰ্মীয় যাজক হিচাপে নিয়োজিত হৈছিল। ৰাজকীয় পৃষ্ঠপোষকতাৰ দ্বাৰা তেওঁক লণ্ডনৰ ছেইণ্ট পলছ কেথেড্ৰেলৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিল (১৬২১-১৬৩১)।
-
জন ডেনভাৰ
হেনৰীজন ডয়চেনডৰ্ফ, জুনিয়ৰ (জন্ম ৩১ ডিচেম্বৰ, ১৯৪৩ – মৃত্যু ১২ অক্টোবৰ, ১৯৯৭)) পেছাদাৰীভাৱেজন ডেনভাৰ বুলি জনা যায়। জন ডেনভাৰ আছিল এজন আমেৰিকাৰ গায়ক, গীতিকাৰ, অভিনেতা, কৰ্মী আৰু মানৱতাবাদী। তেওঁ ১৯৭০ ৰ দশকৰ পৰা একক গায়ক হিচাপে সৰ্বাধিক বাণিজ্যিক সফলতা অৰ্জন কৰিছিল।
-
জন মেনাৰ্ড কেইনছ
জন মেনাৰ্ড কেইনছ (ইংৰাজী: John Maynard Keynes; জন্ম: ৫ জুন ১৮৮৩ – মৃত্যু: ২১ এপ্ৰিল ১৯৪৬) এজন খ্যাতনামা ইংৰাজ অৰ্থনীতিবিদ আছিল। তেওঁ ২০শ শতিকাৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে পৰিগণিত।
-
জন হেনৰী (লোকগাথা)
‘’’জন হেনৰী’’’ ( John Henry ) এজন আমেৰিকান লোকগাথাৰ নায়ক, এজন আফ্ৰিকীয় মাৰ্কিন মুক্ত ব্যক্তি। তেওঁ এজন "ষ্টীল ড্ৰাইভিং মেন" হিচাপে কাম কৰা বুলি কোৱা হয়, এনেকুৱা এজন ব্যক্তি, যাৰ ওপৰত ৰেলপথৰ সুৰংগ নিৰ্মাণৰ বাবে শিলত ফুটা কৰি বিস্ফোৰক ভৰোৱাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল।
-
জনী চিন্স
জনী চিন্স (প্ৰকৃত নাম: ষ্টিভেন উলফ; জন্ম: ৩১ ডিচেম্বৰ, ১৯৭৮) এগৰাকী আমেৰিকান প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু ইউটিউবাৰ। তেওঁ ধাৰাবাহিকভাৱে আটাইতকৈ জনপ্ৰিয় পুৰুষ প্ৰতিভা প্ৰাপ্তবয়স্ক চিনেমা অনুসন্ধানৰ ভিতৰত অন্যতম আৰু তেওঁৰ চুলি কাটি লোৱা মূৰ, পেশীবহুল শৰীৰ আৰু নীলা চকুৰ বাবে পৰিচিত,…
-
জবামণি টুডু
জবামণি টুডু ( Jabamani Tudu), জন্ম: ১০ এপ্ৰিল, ২০০০চন; এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ, যিয়ে কিকষ্টাৰ্ট আৰু ভাৰতীয় মহিলা জাতীয় ফুটবল দলৰ ডিফেণ্ডাৰ হিচাপে খেলে।
-
জয় ওলাডোকুন
অলুবুকোলা জয় ওলাডোকুন (ইংৰাজী: Olubukola Joy Oladokun; জন্ম ৬ এপ্ৰিল, ১৯৯২) এগৰাকী আমেৰিকান কণ্ঠশিল্পী-গীতিকাৰ। ওলাডোকুনৰ সংগীতত লোক সংগীত, আৰ এণ্ড বি, ৰক আৰু পপ সংগীতৰ সংমিশ্ৰণ দেখা পোৱা যায়। তেওঁৰ সংগীতত এগৰাকী কুৱেৰ আৰু কৃষ্ণাংগ ব্যক্তি হিচাপে তেওঁৰ পৰিচয়ৰ প্ৰভাৱ স্পষ্ট।
-
জয় মালা (ৰাজনীতিক)
জয় মালা (Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল৷ তেওঁ ৬০০ৰো অধিক গোচৰ দাখিল কৰিছিল আৰু প্ৰতিটোতে জয়ী হৈছিল৷ ইয়াৰে ভিতৰত ১৯৮৫ চনৰ এটা গুৰুত্বপূৰ্ণ গোচৰো আছিল য'ত তেওঁ জম্মু-কাশ্মীৰ…
-
জয়কান্ত শৰ্মা
জয়কান্ত শৰ্মা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক, অনুবাদক আৰু লোক-সাহিত্যৰ গৱেষক। দৈনিক অসম কাকতৰ জন্মলগ্নৰেপৰা জড়িত হৈ থকা এইগৰাকী সাংবাদিকে উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোককথা, লোক-সংস্কৃতি আৰু ধৰ্ম-সংস্কৃতিক ইংৰাজী আৰু অসমীয়া ভাষাত ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।