ছাৰা কে নোবেল (জন্ম ১৯৭৫) গ্ৰহ ভূ-তত্ত্ববিদ আৰু ৱাশ্বিংটন ডি.চি.ৰ নাছাৰ মুখ্য কাৰ্যালয়ৰ গ্ৰহ বিজ্ঞান বিভাগৰ প্ৰগ্ৰেম বিজ্ঞানী। তেওঁৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰখন হৈছে মহাকাশৰ বতৰৰ প্ৰক্ৰিয়া। নাছাৰ LADEE মহাকাশযানৰ প্ৰগ্ৰেম চাইণ্টিষ্ট আছিল আৰু চাইকে মিছনৰ প্ৰগ্ৰেম চাইণ্টিষ্ট।১২
কেৰিয়াৰ
ছাৰা নোবেল বি.এছ; ১৯৯৮ চনত মিনেছ’টা বিশ্ববিদ্যালয়ৰপৰা সন্মানসহকাৰে ভূতত্ত্ব বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে, তেওঁ ২০০০ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰপৰা ভূ-তাত্ত্বিক বিজ্ঞানত এম.এছ. ডিগ্ৰী লাভ কৰে, আৰু ২০০৪ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰপৰা ভূ-তাত্ত্বিক বিজ্ঞানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। ১৯৯৭ চনত স্নাতক অধ্যয়নৰ সময়ত নোবেলক লুনাৰ এণ্ড প্লেনেটাৰী ইনষ্টিটিউটত গ্ৰীষ্মকালীন ইণ্টাৰ্ণ হিচাপে নিৰ্বাচিত কৰা হয়। স্নাতক হোৱাৰ পিছত নোবেলে কংগ্ৰেছৰ কৰ্মচাৰী হিচাপে কাম কৰিছিল। তাৰ পিছত টেক্সাছৰ হিউষ্টনৰ জনছন মহাকাশ কেন্দ্ৰত নাছাৰ পোষ্টডক্টৰেট ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৮ চনত নাছাৰ মুখ্য কাৰ্যালয়ত নাছাৰ পোষ্ট ডক্টৰেট মেনেজমেণ্ট ফেলো হয় আৰু পিছলৈ হাণ্টছভিলৰ আলাবামা বিশ্ববিদ্যালয় আৰু মাৰ্শ্বেল মহাকাশ উৰণ কেন্দ্ৰত গৱেষণা বিজ্ঞানী হিচাপে পদবীত যোগদান কৰে য'ত তেওঁ চন্দ্ৰৰ মেপিং আৰু মডেলিং আৰু মহাকাশৰ বতৰ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত কাম কৰে। ২০১০ – ২০১৪ চনৰ ছেপ্টেম্বৰৰপৰা নোবেলে গডাৰ্ড মহাকাশ উৰণ কেন্দ্ৰ আৰু নাছাৰ মুখ্য কাৰ্যালয়ত বিভিন্ন গৱেষণা আৰু কাৰ্যসূচী কাৰ্যকলাপত কাম কৰি নিজৰ সময়খিনি বিভক্ত কৰে। ২০১৪ চনত তেওঁ HQ ত পূৰ্ণকালীন কাম কৰিবলৈ আৰম্ভ কৰে।৩
LADEE মিছনৰ বাবে প্ৰগ্ৰেম চাইণ্টিষ্ট আছিল। ছাইকে মিছনৰ বাবে প্ৰগ্ৰেম চাইণ্টিষ্ট হিচাপেও কাম কৰাৰ লগতে ২০১৪ চনৰ জানুৱাৰীৰপৰা ২০১৭ চনৰ এপ্ৰিললৈকে মংগল গ্ৰহৰ বাবে ডেপুটি প্ৰগ্ৰেম চাইণ্টিষ্ট আছিল।
বৈজ্ঞানিক গৱেষণাৰ উপৰি নোবেল এগৰাকী চিত্ৰশিল্পী আৰু তেওঁৰ বহু শিল্পকৰ্ম মহাকাশ অন্বেষণ আৰু বিদেশী জগতৰপৰা অনুপ্ৰাণিত।৪
বঁটা
নোবেলে তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত নাছাৰ স্নাতক ছাত্ৰ গৱেষক প্ৰগ্ৰেম ফেল’শ্বিপ আৰু নাছাৰ ROSES2010 চন্দ্ৰ উন্নত বিজ্ঞান আৰু অন্বেষণ গৱেষণা (LASER) অনুদানকে ধৰি বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। জিঅ’লজিকেল ছ’চাইটি অৱ আমেৰিকাৰ কমিটীৰ সদস্য আৰু এছ’চিয়েশ্যন ফৰ উইমেন জিঅ’চায়েণ্টিষ্টৰ ব’ৰ্ডৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। মহাকাশৰ বতৰ আৰু চন্দ্ৰপৃষ্ঠৰ বিষয়ে বহুতো বিদ্বান প্ৰবন্ধৰ সহ-লেখক।
২০১৫ চনৰ আগষ্ট মাহত মূল বেল্টৰ গ্ৰহাণু ১৩৩৪৩২ ছাৰা নোবেলক তেওঁৰ সন্মানত নামকৰণ কৰা হয়।১
তথ্যসূত্ৰ
- ↑ 133432 Sarahnoble (2003 SB202). Minor Planet Center
- ↑ Sarah Noble - NASA Science
- ↑ Sarah K. Noble's CV
- ↑ Sarah K. Noble's Art
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা কে নোবেল” প্ৰবন্ধৰ সংশোধন ৫৮৭০৬৫ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।