ছাৰাহ আজহাৰী (ইংৰাজী ভাষা: Sarah Azhari; জন্ম: ১৬ জুন ১৯৭৮) এগৰাকী ইণ্ডোনেচিয়ান অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব।১ তেওঁ ইণ্ডোনেচিয়ান অভিনেত্ৰী আয়ু আজহাৰীৰ ভগ্নী। অভিনেত্ৰী ক্ৰীষ্টিন হাকিমৰ সৈতে তেওঁ গাৰিন নুগ্ৰোহোৰ নিৰ্দেশনাত নিৰ্মিত ডাউন ডি আটাস বাণ্টাল নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।২ তেওঁৰ মডেলিং কৰ্মৰাজিৰ বাবে ইণ্ডোনেচিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। সমালোচকসকলে আজহাৰী আৰু ছফিয়া লাটজুবাৰ কিছুমান ফটো শ্বুটক অশ্লীল বুলি অভিহিত কৰি গৰিহণা দিছিল,৩ যদিও আজহাৰীয়ে এই অভিযোগ অস্বীকাৰ কৰি নিজৰ কামক একপ্ৰকাৰৰ কলা বুলিহে গণ্য কৰে।৪৫ তেওঁক প্ৰায়ে ২০০০ চনৰ ইণ্ডোনেচিয়াৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী হিচাপে অভিহিত কৰা হয়।৬৭
জীৱনী
আজহাৰীৰ জন্ম জাকাৰ্টাত হৈছিল।৮ তেওঁৰ জ্যেষ্ঠ ভগ্নী আয়ু আজহাৰী ইণ্ডোনেচিয়ান চিনেমাৰ অন্যতম বিশিষ্ট ব্যক্তিত্ব। ৯০ৰ দশকৰ মাজভাগৰ কিশোৰ চাবোন ধাৰাবাহিকসমূহৰ (Soap opera) জৰিয়তে ছাৰাহে জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইণ্ডোনেচিয়ান প্ৰযোজক ৰাম পাঞ্জাবীয়ে তেওঁৰ কোম্পানী মাল্টিভিছন প্লাছৰ নিৰ্মাণ যেনে— চেনজা চেমাকিন মেৰাহ, মাফকান ডাকু মিলা মেনচিণ্টাইমু, মাছিহ আদাক ৱাকটু আৰু অচমৰাত তেওঁক অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল। এই অনুষ্ঠানসমূহ ইণ্ডোনেচিয়াৰ টেলিভিছন নেটৱৰ্কত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল আৰু ইণ্ডোনেচিয়াৰ কিশোৰ তথা প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনৰ অন্যতম প্ৰধান মাধ্যম আছিল।৯ ১৯৯৮ চনত গাৰিন নুগ্ৰোহোৰ নিৰ্দেশনাত নিৰ্মিত ডাউন ডি আটাস বাণ্টালত (Leaf on a Pillow) অভিনেত্ৰী ক্ৰীষ্টিন হাকিমৰ সৈতে অভিনয় কৰি তেওঁ ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰে। এইখন ইণ্ডোনেচিয়াৰ অন্যতম সমাদৃত ছবি হিচাপে পৰিগণিত হয় আৰু একাডেমী বঁটাৰ বাবে দেশৰপৰা প্ৰৱেশ লাভ কৰিছিল। ১৯৯৮ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ ‘আন চাৰ্টেন ৰিগাৰ্ড’ (Un Certain Regard) শাখাৰ অধীনত এই ছবিখন প্ৰদৰ্শিত হৈছিল।১০১১১২১৩ ১৯৯৯ চনত আজহাৰীয়ে ক্ৰীচডেয়ন্তীৰ প্ৰস্তাৱ আৰু পৰামৰ্শ গ্ৰহণ কৰি বিএমজি ইণ্ডোনেচিয়া ৰেকৰ্ড লেবেলৰ সৈতে চুক্তিবদ্ধ হয় আৰু তেওঁৰ প্ৰথম এলবাম পেলুক আকু চিয়াম আকু মুকলি কৰে। ইয়াৰ বাবে তেওঁ এমটিভি চাউথ ইষ্ট এছিয়া বঁটাত "মষ্ট ৱাণ্টেড ফিমেল আৰ্টিষ্ট" আৰু "মষ্ট ৱাণ্টেড ইণ্ডোনেচিয়ান ভিডিঅ'" শ্ৰেণীত মনোনীত হয়। আজহাৰীয়ে অভিনেত্ৰী, মডেল, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব হিচাপে কাম কৰি গৈছিল। তেওঁ ট্ৰেন্সটিভি আৰু এছচিটিভিৰ লাইভ-কমেডী অনুষ্ঠানসমূহৰ হোষ্ট হিচাপে কাম কৰিছিল আৰু ২০০৬ চনৰ এমটিভি মিউজিক এৱাৰ্ডছৰ এগৰাকী হোষ্ট আছিল।১৪১৫
বাহ্যিক সংযোগ
- Sarah Azhari at Liputan6
- Sarah Azhari at the Mubi
- Sarah Azhari at the Film Indonesia Movie Database
- Sarah Azhari at KapanLagi
তথ্যসূত্ৰ
- ↑ Correcto. Biografi dan Profil Lengkap Agama dan Umur Sarah Azhari yang Kecantikannya Bikin Gagal Fokus. correcto.id
- ↑ Fimela.com. (18 July 2016). (Celeb Bio) Sarah Azhari. fimela.com
- ↑ Poerwandari, E. Kristi. (2005). Indonesian Women in a Changing Society. Ewha Womans University Press. ISBN 978-89-7300-633-5
- ↑ Priyo Soemandoyo, "Weak and confined, easy and obscene? Image of women's sensuality in mass media." Taken from Indonesian Women in a Changing Society, pg. 387. Ed. E. Kristi Poerwandari. Women's studies in Asia series. Ewha Womans University Press, 2005
- ↑ Munir, Maimunah. (30 March 2016). Sex and sexualities in contemporary Indonesia: sexual politics, health, diversity and representations. Sex Education. পৃ. 723–725
- ↑ Liputan6.com. (29 July 2002). Sarah Anti-adegan Laga. liputan6.com
- ↑ Era.id. Sarah Azhari Rindu Indonesia?. ERA.ID
- ↑ Biodata Lengkap Sarah Azhari, Model Seksi Era 2000an yang Dinikahi Anak Pejabat - Semua Halaman - Hits. hits.grid.id
- ↑ Tinggalkan Indonesia dan Pilih Hijrah ke Amerika, Begini Potret Terbaru Sarah Azhari yang Pamerkan Tubuh Seksinya Hingga Dibanjiri Pujian, Makin Awet Muda Bak ABG - Grid Hot. hot.grid.id
- ↑ Sarah Azhari. Tribunnewswiki.com
- ↑ Sarah Azhari. Festival de Cannes 2021
- ↑ Holden, Stephen. (10 April 1999). Street Boys Of Jakarta: Hopeless, Undeterred. The New York Times
- ↑ Correcto. Biografi dan Profil Lengkap Agama dan Umur Sarah Azhari yang Kecantikannya Bikin Gagal Fokus. correcto.id
- ↑ Nominasi Penghargaan MTV Indonesia 2006. detikhot
- ↑ Samuel, Stephen. Comp Card
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰাহ আজহাৰী” প্ৰবন্ধৰ সংশোধন ৬০৩৯৩১ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।