অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছামিয়া ছাইদ

ছামিয়া ছাইদ চৌধুৰী (ইংৰাজী: Samia Said; জন্মগত নাম: ছামিয়া ছাইদ বা ছামিয়া ছায়ীদ) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০১২ চনত অনুষ্ঠিত হোৱা বাংলাদেশৰ আটাইতকৈ সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতা 'লাক্স চেনেল আই ছুপাৰষ্টাৰ'ৰ তেওঁ বিজয়ী আছিল।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছামিয়া ছাইদ চৌধুৰী (ইংৰাজী ভাষা: Samia Said; জন্মগত নাম: ছামিয়া ছাইদ বা ছামিয়া ছায়ীদ) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০১২ চনত অনুষ্ঠিত হোৱা বাংলাদেশৰ আটাইতকৈ সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতা 'লাক্স চেনেল আই ছুপাৰষ্টাৰ'ৰ তেওঁ বিজয়ী আছিল। ২০১২ চনত 'ইনক্ৰিমেণ্ট' নামৰ টেলিভিছন নাটকৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰে। ২০১৮ চনত নুৰ ইমৰাণ মিঠুৰ পৰিচালনাত নিৰ্মিত বঙালী ড্ৰামা 'কমলা ৰকেট'ৰ জৰিয়তে ছাইদে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰি বিশেষ চৰ্চা লাভ কৰে। এই ছবিখন বঙালী লেখক শ্বাহাদুজ্জামানৰ দুটা চুটিগল্প 'মৌলিক' আৰু 'ছাইপ্ৰাছ'ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

ছামিয়া ছাইদৰ জন্ম ইংলেণ্ডৰ ছাউথ শ্বিল্ডছত হৈছিল। তেওঁ ঢাকাৰ ছেইণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ্ছ গ্ৰীণ হেৰাল্ড ইণ্টাৰনেশ্যনেল স্কুলৰপৰা 'অ' লেভেল' আৰু অক্সফৰ্ড ইণ্টাৰনেশ্যনেল স্কুলৰপৰা 'এ লেভেল' সম্পূৰ্ণ কৰে। তেওঁ নৰ্থ চাউথ ইউনিভাৰ্চিটিত ইংৰাজী বিষয়ত অধ্যয়ন কৰিছিল।

ছামিয়াই অভিনয় কৰা প্ৰথমটো মিউজিক ভিডিঅ' আছিল ইমৰাণ আৰু নৌমিৰ 'আনমনা'। ২০১৬ চনত ছাইদে খান আচিফুৰ ৰহমান আগুনৰ এলবাম 'তিন তাৰা'ৰ একক গীত "একবাৰো কি ভেবেছো"ৰ মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল।

২০১৮ চনত 'কমলা ৰকেট' ছবিখনৰ পৰিচালকে তেওঁক মুখ্য অভিনেত্ৰীৰ চৰিত্ৰটোৰ অডিচনৰ বাবে নিৰ্বাচিত কৰে। ছাইদে এই ছবিখনত দিশী নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত তৌকিৰ আহমেদে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

২০১৮ চনৰ ১৮ এপ্ৰিলত ছাইদে আবু ছাফাত চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

চলচ্চিত্ৰপঞ্জী

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০১৮কমলা ৰকেটদিশী, এগৰাকী যুৱতীপ্ৰথম চলচ্চিত্ৰ

টেলিভিছন

বৰ্ষশীৰ্ষকচৰিত্ৰটোকা
২০১২ইনক্ৰিমেণ্ট
ধানী মেয়ে
ট্ৰেড ফেয়াৰ
হয়তো তোমাৰই জন্ম
২০১২পলাতক সময়
২০১৪কে ভাসাবে সাদা মেঘেৰ ভেলা
২০১৬বাক্সবন্দী

মিউজিক ভিডিঅ'ত উপস্থিতি

বৰ্ষগীতশিল্পীএলবাম
আনমনাইমৰাণ আৰু নৌমি
২০১৬"একবাৰো কি ভেবেছো"খান আচিফুৰ ৰহমান আগুনতিন তাৰা

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামিয়া ছাইদ” প্ৰবন্ধৰ সংশোধন ৫৯৯২৭০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।