ছাৰা জেন হো (:Sara Jane Ho, চীনা: 何佩蓉 ) এগৰাকী চীনা শিক্ষাবিদ, সমাজসেৱিকা,১ আৰু ২০১৩ চনত স্থাপিত বেইজিঙৰ ফিনিচিং স্কুল ইনষ্টিটিউট সৰিতাৰ প্ৰতিষ্ঠাপক।২৩ ২০২২ চনৰ নেটফ্লিক্সৰ ধাৰাবাহিক মাইণ্ড ইউৰ মেনাৰ্ছৰ শিষ্টাচাৰ বিশেষজ্ঞ হিচাপে অংশ লৈছিল।৪ নিউয়ৰ্ক টাইমছে তেওঁক চীনৰ উদীয়মান নতুন "ছুপাৰৰিচ"ৰ প্ৰতিনিধিত্ব কৰা বুলি অভিহিত কৰিছে।৫
প্ৰাৰম্ভিকজীৱন আৰু শিক্ষা
ছাৰা জেন হোৰ ১৯৮৫ চনৰ ডিচেম্বৰ মাহত হংকঙত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এজন ব্যৱসায়ী আছিল, যিয়ে চৰকাৰক দান হিচাপে আগবঢ়াবলৈ হাস্পতাল নিৰ্মাণ কৰি জীৱিকা অৰ্জন কৰিছিল। আনহাতে মাতৃ সংগীত উদ্যোগৰ এগৰাকী কাৰ্যবাহী আছিল।৬ ২০০৭ চনত ছাৰা জেনৰ ২১ বছৰ বয়সত তেওঁৰ মাতৃৰ মৃত্যু হয়।৭
হোৱে পিক স্কুল আৰু জাৰ্মান চুইছ ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰে আৰু তাৰ পিছত নিউ হামচায়াৰৰ ফিলিপছ এক্সেটাৰ একাডেমীত অধ্যয়ন কৰে।৮ জৰ্জটাউন বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰি জৰ্জটাউন কলেজ বৰ্ড অব এডভাইচৰ উপদেষ্টা ব’ৰ্ডত সদস্যা হিচাপেও জড়িত আছে। ইয়াৰ পিচত তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৯১০
কৰ্মজীৱন
ছাৰা জেন হোৱে নিউয়ৰ্ক ইনভেষ্টমেণ্ট বেংক পেৰেলা ৱেইনবাৰ্গ পাৰ্টনাৰ্ছৰ মাৰ্জাৰ্ছ এণ্ড এক্ভিজিচন এনালাইষ্ট হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।১১
চুইজাৰলেণ্ডৰ ফিনিচিং স্কুল ইনষ্টিটিউট ভিলা পিয়েৰেফিউৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০১৩ চনত বেইজিংলৈ গৈ ইনষ্টিটিউট সৰিতা স্থাপন কৰে। এইখনেই আছিল তেওঁৰ প্ৰথম উচ্চমানৰ আচাৰ-ব্যৱহাৰ শিক্ষাৰ বিদ্যালয়(হাই-এণ্ড এটিকেট স্কুল), যিখন তেওঁৰ দেউতাকৰ পৰা পোৱা মূলধনৰ জৰিয়তে প্ৰতিষ্ঠা কৰিছিল। তেওঁ আগবঢ়োৱা পাঠ্যক্ৰমসমূহৰ মূল্য আছিল প্ৰায় ৩,২০০ ডলাৰৰ পৰা ১৬,০০০ ডলাৰ।৭ ২০১৫ চনৰ মে’ মাহত ছাৰা জেন হোৱে চাংহাইত দ্বিতীয়খন উচ্চমানৰ আচাৰ-ব্যৱহাৰ শিক্ষাৰ বিদ্যালয় মুকলি কৰে।১২
২০১৩ চনত হোক ফৰ্বছ ২০১৩ চনৰ "ফিউচাৰ উইমেন ইন দ্য মিক্স ইন এছিয়া: ১২ টু ৱাচ"১৩ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু তাৰ পিছত ২০১৫ চনত "ফৰ্বছ ৩০ অনডাৰ ৩০" তালিকাতো স্থান লাভ কৰে আৰু একে বছৰতে বিবিচি ১০০ মহিলাৰ তালিকাত বিশ্বত ইতিবাচক প্ৰভাৱ পেলোৱা অসাধাৰণ মহিলা হিচাপে অন্তৰ্ভুক্ত কৰা হয়।১৪ হো বিশ্ব অৰ্থনৈতিক মঞ্চৰ গ্ল’বেল শ্বেপাৰ হিচাপেও কাম কৰিছে। ৮ইয়াৰ উপৰিও, তেওঁ প্ৰতিষ্ঠা কৰা ইনষ্টিটিউট সৰিতাক ২০১৪ চনত ফাষ্ট কোম্পানী আলোচনীয়ে "বিশ্বৰ আটাইতকৈ উদ্ভাৱনীমূলক ৫০টা কোম্পানী"ৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।১৫
তথ্যসূত্ৰ
- ↑ (2017-08-07). Asia's Most Wanted: China's Most Eligible Ladies
- ↑ (15 March 2016). A look inside China's first finishing school. BBC News
- ↑ (6 February 2020). Why rich Chinese millennial women are turning to etiquette schools. South China Morning Post
- ↑ McFarland, Melanie. (2022-11-24). Making etiquette for everyone again – despite, or because of, its weaponization. Salon
- ↑ Gonzalez, David. (2015-05-14). China's Superrich:The Bling Dynasty
- ↑ Qin, Amy. (25 May 2020). Coronavirus Threatens China's Devotion to Chopsticks and Sharing Food. The New York Times
- ↑ Borthakur, Bhaswati. (2022-11-15). Mind Your Manners' Sara Jane Ho: Everything We Know
- ↑ (10 January 2015). Sara Jane Ho · World Economic Forum: Global Shapers. Global Shapers
- ↑ Frye, Hayden. (2023-02-15). Alumna Sara Jane Ho's New Netflix Show Transforms Lives Through the Power of Etiquette. Georgetown College of Arts & Sciences
- ↑ (30 April 2016). Sara Jane Ho, HBS Alumna: A Humble Eagerness to Learn
- ↑ My Favourite Pieces: Sara Jane Ho on feng shui and jewellery. Financial Times
- ↑ (10 January 2018). The woman who wants to be China's Martha Stewart. Australian Financial Review
- ↑ Scott, Mary E. Women To Watch In Asia, 2013: Sara Jane Ho. Forbes
- ↑ Sara Jane Ho, 29, Hong Kong. BBC News
- ↑ Institute Sarita: Most Innovative Company. Fast Company
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা জেন হো” প্ৰবন্ধৰ সংশোধন ৫৮৪৩৮৮ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।