অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছামিৰা আলখাতিব

ছামিৰা আল-খাতিব (Samira Alkhatib)-ৰ জন্ম জেৰুজালেমত আৰু মৃত্যু ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত। ইজৰাইলৰ শাসনৰ বিৰুদ্ধে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিৰোধ গঢি় তোলা বাবে সুপৰিচিত তেওঁ এগৰাকী পেলেষ্টাইনী কবি আৰু লেখিকা।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ৪৭০ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
ছামিৰা আলখাতিব
জন্ম১৯৪৫ কুডছ
মৃত্যু২০১২ (বয়স ৭৫– ৭৬) আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্বপেলেষ্টাইন
পেছাকবি‍
Notable work* ব্যভিচাৰী গাঁও (The Adulterous Village) * মিশাললৈ ৪০টা কবিতা (40 Poems to Mishaal)

ছামিৰা আল-খাতিব (Samira Alkhatib)-ৰ জন্ম জেৰুজালেমত আৰু মৃত্যু ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত। ইজৰাইলৰ শাসনৰ বিৰুদ্ধে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিৰোধ গঢি় তোলা বাবে সুপৰিচিত তেওঁ এগৰাকী পেলেষ্টাইনী কবি আৰু লেখিকা।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ছামিৰা আল-খাতিবৰ জন্ম হৈছিল জেৰুজালেমত। তেওঁ নিজৰ গাঁও, ৰাস্তা-ঘাটত থাকি ডাঙৰ-দীঘল হৈছিল আৰু এটা সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। তাৰ পৰাই তেওঁ আন এজন পেলেষ্টাইনী কবি ৰাছেদ হুছেইনৰ সৈতে লগলাগি‍ আন্তঃৰাষ্ট্ৰীয় মঞ্চত আৰু আমেৰিকাত পেলেষ্টাইনী প্ৰসঙ্গত জনমত গঢি় নিজৰ অৱদান আগবঢ়াইছিল।২

কেৰিয়াৰ

ছামিৰা আল-খাতিবে সাধাৰণভাৱে‍ লিখা আৰু প্ৰকাশ কৰাৰ লগতে বিশেষকৈ কবিতাৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। প্ৰতিষ্ঠাপক তথা মালিক জাক খাজমোৰৰ আলোচনী "লিটাৰী বায়াডাৰ"-ত তেওঁৰ কিছু কবিতা প্ৰকাশ পাইছিল। তেওঁৰ বেছিভাগ পাঠতে‍, নিজৰ জনসাধাৰণৰ কাৰণে‍ উদ্বেগ আৰু সপোনৰ সমৰ্থনত পেলেষ্টাইনৰ জাতীয় স্থিতি মানি চলিছে॥৩

বাস্তৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ‍ পেলেষ্টাইনী জীৱন আৰু দেশপ্ৰেমমূলক বিষয়বস্তুক ছামিৰা আল-খাতিবে তেওঁৰ কবিতাসমূহত ঠাই দিছিল। একাংশ সমালোচকৰ মতে‍ তেওঁৰ কবিতাসমূহে‍ পেলেষ্টাইনী আৱেগক অনুপ্ৰাণিত কৰাৰ লগতে পেলেষ্টাইনৰ ঐতিহ্য আৰু সভ্যতামূলক প্ৰতীকসমূহ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল৪

ছামিৰা আৰু পেলেষ্টাইনৰ বুদ্ধিজীৱীৰ এটা দলে গেলিলি সাংস্কৃতিক পুঁজি প্ৰতিষ্ঠা কৰিছিল, যাৰ লক্ষ্য আছিল গেলিলি আৰু ট্ৰাইএংগলৰ পেলেষ্টাইনী যুৱক-যুৱতীসকলক শিক্ষিত কৰা আৰু তেওঁলোকৰ শৈক্ষিক অধ্যয়ন অব্যাহত ৰখাত সহায় কৰা। তেওঁ কিছু দিনৰ বাবে ইউ.এ.ই.-ৰ বাতৰি কাকত "ইউনিটি" আৰু লণ্ডনৰ আলোচনী "আল-জাফাৰা" ত কাম কৰিছিল।৫

১৯৬৩ চনত ছামিৰাই আলজেৰিয়াৰ বন্ধু এজনৰ সৈতে স্থানীয় ৰেডিঅ’ ষ্টেচন এটাৰ চৌহদত প্ৰৱেশ কৰে যদিও তেওঁলোকে সঁজুলিসমূহ চলাব নোৱাৰিলে আৰু ৰেডিঅ’ বায়ান তেওঁলোকৰ সু-উদ্দেশ্যপূৰ্ণ উপস্থিতিৰ বিৰোধী আছিল। চোৰাংচোৱাই দ্বিতীয় দিনা ছামিৰাৰ দেউতাকক মাতি আনি‍ তেওঁক জামিনত মুকলি কৰি দিছিল। ছামিৰাই "লিলিনা" নামৰ এক আৱেগিক কাহিনী লিখি সাংস্কৃতিক প্ৰতিবাদলৈ আগবাঢ়ি গৈছিল, ছামিৰাই কৈছিল যে যেতিয়া পেলেষ্টাইনৰ সাহিত্যৰ প্ৰতি আগ্ৰহী কিছুলোকে‍ তেওঁক দেখিছিল, তেওঁলোকে তেওঁক প্ৰকৃত লেখকজনৰ বিষয়ে সুধিছিল। ছামিৰাই ১৯৬৬ চনত তেওঁৰ প্ৰথম উপন্যাস "হোৱেৰ দ্য ছান ৰাইজছ" লিখিছিল, য'ত তেওঁ কিছু ইংৰাজী অধ্যায় লিখিছিল।৬

১৯৭৫ চনত পেলেষ্টাইনক ৰক্ষা কৰাৰ স্বাৰ্থত ছামিৰা আইনী বৃত্তিলৈ গুচি যায়। স্থানীয় বাতৰি কাকতৰ সৈতে হোৱা এটা আলোচনাত ছামিৰাই কয় যে জিয়নিষ্টসকলৰ সৈতে হোৱা চোকা কথা-বতৰাই তেওঁক তেওঁলোকৰ সৈতে দৃঢ়ভাৱে মোকাবিলা কৰিবলৈ সক্ষম কৰি তুলিছে আৰু হিব্ৰু ভাষাত তেওঁৰ দক্ষতাই তেওঁক বেছিভাগ কিতাপ পঢ়িবলৈ সক্ষম কৰি তুলিছে। ইজৰাইলী দখলদাৰী সেনাবাহিনীৰ সৈন্যই ছামিৰাক গ্ৰেপ্তাৰ কৰি তেওঁৰ সকলো কাগজ-পত্ৰ জব্দ কৰে, য’ত আছিল দুখন কবিতা সংকলন ক্ৰমে‍ “দ্য এডল্টৰাছ ভিলেজ” আৰু “মিছালৰ বাবে ৪০টা কবিতা” আৰু পাণ্ডুলিপি “জেণ্টলমেন ষ্টেপ ডাউন, আই উইল হোল্ড দ্য ৰেইনছ,” লগতে তেওঁৰ স্কুলৰ প্ৰমাণ-পত্ৰ আৰু কিছুমান চিকিৎসা সংক্ৰান্তীয় প্ৰতিৱে‍দন।৭

১৯৭৭ চনৰ আগষ্ট মাহৰ পৰা ১৯৭৯ চনৰ নৱেম্বৰলৈকে ছামিৰা যুক্তৰাজ্যত থাকিবলৈ লয়, য'ত তেওঁ ৰিয়াদ আল-ৰায়েছৰ মালিকানাধীন আল-মানাৰ বাতৰি কাকতত সাংবাদিক হিচাপে কাম কৰিছিল। তাৰ পিছত ২৩ জুলাই নামৰ আলোচনীখনত কাম কৰে। ইয়াৰ উপৰিও তেওঁ কেইবাখনো বিশ্ববিদ্যালয় আৰু মঞ্চত পেলেষ্টাইনৰ বিষয়ে‍ বক্তৃতা দিছিল। তাৰ পিছত ছামিৰা আল-খাতিবে সংযুক্ত আৰৱ এমিৰেটছলৈ যাত্ৰা কৰিছিল আৰু মহম্মদ মাহফুজে প্ৰকাশ কৰা আৰু লণ্ডনৰ পৰা প্ৰকাশ হোৱা আল-ৱাহদা বাতৰি কাকত আৰু অল-ধাফ্ৰা আলোচনীৰ বাবে কাম কৰিছিল।৮ তেওঁৰ জীৱনকালত লি কাৰ্নিক, ফাদৱা টৌকান আৰু লায়লা আলাউছৰ সৈতে ছামিৰা আল-খাতিব আছিল অন্যতম বিশিষ্ট পেলেষ্টাইনৰ কবি।৯

সাহিত্য-কৰ্ম

পেলেষ্টাইনৰ লেখিকা আৰু কবি ছামিৰা আল-খাতিবৰ বিশিষ্ট ৰচনাসমূহৰ এখন সংক্ষিপ্ত তালিকাঃ ১০

  • ব্যভিচাৰী গাঁও১১
  • মিশাললৈ ৪০টা কবিতা১২

তথ্যসূত্ৰ

  1. ↑ (2014-01-28). جريدة شباب مصر · الشاعرة الفلسطينية سميرة الخطيب
  2. ↑ (2021-06-19). منتديات ستار تايمز
  3. ↑ (2021-06-13). شاكر فريد حسن: سميرة الخطيب شاعرة القدس الحالمة . رحيل صامت - رأي اليوم
  4. ↑ (2021-06-14). رحيل الشاعرة سميرة الخطيب إبنة فلسطين والقدس في الولايات المتحد - أقلام مقاومة
  5. ↑ (2021-06-17). سميرة الخطيب شاعرة القدس الحالمة . رحيل صامت بقلم: شاكر فريد حسن · حديث العالم
  6. ↑ العيسة, أسامة. (June 12, 2021). الراوية: القدس، والشعر، والرحيل.!. الراوية
  7. ↑ الرئيسية الأخبار القدس تقارير و أبحاث وسائط ومرئيات المقالات القدس الدولية
  8. ↑ (2021-06-19). يوم المرأة في القدس: شاهد على قمع وبطش الاحتلال
  9. ↑ (2021-08-13). شاكر فريد حسن: سميرة الخطيب شاعرة القدس الحالمة . رحيل صامت - رأي اليوم
  10. ↑ (2021-10-20). سميرة الخطيب. ويكيبيديا
  11. ↑ (2021-10-20). سميرة الخطيب. ويكيبيديا
  12. ↑ (2021-10-20). سميرة الخطيب. ويكيبيديا

সম্পৰ্কিত শ্ৰেণী

কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামিৰা আলখাতিব” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৬৯ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।