অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাৰা কাৰ্টাৰ

ছাৰা ছাংগুইন কাৰ্টাৰ (জন্ম: ৩০ অক্টোবৰ, ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু পৰিচালক। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০৪–২০০৫) আলিচিয়া বেকাৰ, ছাৰ্কত (২০০৬–২০০৮) মেডেলিন পো আৰু টিএনটিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ফলিং স্কাইজত (২০১১–২০১৫) মেগী মে’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছাৰা ছাংগুইন কাৰ্টাৰ (জন্ম: ৩০ অক্টোবৰ, ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু পৰিচালক। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০৪–২০০৫) আলিচিয়া বেকাৰ, ছাৰ্কত (২০০৬–২০০৮) মেডেলিন পো আৰু টিএনটিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ফলিং স্কাইজত (২০১১–২০১৫) মেগী মে’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

ব্যক্তিগত জীৱন

ছাৰা কাৰ্টাৰৰ জন্ম টৰণ্টোত হৈছিল আৰু লালন-পালন মনিটোবাৰ উইনিপেগত হৈছিল। তেওঁ বিখ্যাত ৰয়েল উইনিপেগ বেলেৰ ছাত্ৰী আছিল১ আৰু ডিবেট টীমৰ এগৰাকী দক্ষ সদস্য আছিল।১ তেওঁ অষ্ট্ৰিয়া, ইংলেণ্ড আৰু আৰ্জেণ্টিনাকে ধৰি বিভিন্ন দেশত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

উইনিপেগৰ বালমোৰেল হল স্কুলৰপৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত কাৰ্টাৰ ছুইজাৰলেণ্ডলৈ যায় আৰু তাত এবছৰ চাৰুকলা অধ্যয়ন কৰে।১ ইয়াৰ পিছত তেওঁ টৰণ্টোৰ ৰায়াৰছন থিয়েটাৰ স্কুলত অধ্যয়ন কৰে। পাছলৈ তেওঁ অভিনয়ৰপৰা বিৰতি লৈ ভাৰত আৰু কিউবাত সময় কটাইছিল, য'ত তেওঁ এটা অনাথ আশ্ৰমত কাম কৰিছিল।১

২০১১ চনৰ ১৯ জুনত কাৰ্টাৰ স্তন কেন্সাৰ ফাণ্ডৰ বাবে ধন সংগ্ৰহ কৰিবলৈ মাউণ্ট শাস্তা আৰোহণ কৰা ৩৫ গৰাকী পৰ্বতাৰোহীৰ ভিতৰত অন্যতম আছিল।২ তেওঁ ওয়েষ্ট কোষ্ট ট্ৰেইলতো খোজ কাঢ়িছে।৩

কাৰ্টাৰে ২০১৪ চনত কেভিন বাৰ্থৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৭ চনত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয়। ২০২৪ চনত কাৰ্টাৰে ঘোষণা কৰে যে তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।৪

কেৰিয়াৰ

অভিনয়

কাৰ্টাৰৰ আদি কালৰ টেলিভিছন কেৰিয়াৰত উলফ লেক, ডাৰ্ক এঞ্জেল আৰু আনডিক্লেয়াৰ্ডত কৰা অভিনয় অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰি তেওঁ ফাইনেল ডেষ্টিনেচন ২ত অভিনয় কৰিছিল। তেওঁ স্মলভিলৰ তিনিটা খণ্ডত অভিনয় কৰিছিল, য'ত তেওঁ আলিচিয়া বেকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৬ চনত কাৰ্টাৰে ডিওএ: ডেড অৰ এলাইভ ছবিত হেলেনা ডগলাছৰ চৰিত্ৰত অভিনয় কৰে।

কাৰ্টাৰৰ পৰৱৰ্তী টেলিভিছন কেৰিয়াৰত ২০০৬ চনৰপৰা ২০০৮ চনলৈকে ছাৰ্ক ধাৰাবাহিকত এগৰাকী নৱাগত প্ৰচিকিউটৰ মেডেলিন পোৰ চৰিত্ৰত অভিনয় কৰাটো উল্লেখযোগ্য আছিল। ২০০৯ চনত তেওঁ চিএছআই: এনৱাইতো অভিনয় কৰিছিল।৫

কাৰ্টাৰে ২০১১ চনৰ জুন মাহত আৰম্ভ হোৱা টিএনটি ধাৰাবাহিক ফলিং স্কাইজত মেগী মে’ নামৰ এক নিয়মীয়া চৰিত্ৰত অভিনয় কৰিছিল। ফলিং স্কাইজ ধাৰাবাহিকখনৰ অন্তিম ছিজনৰ পিছত কাৰ্টাৰে চিবিএছৰ হাৱাই ফাইভ-০ত এটা আবৰ্তক চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল।৬

সংগীত

কাৰ্টাৰে ২০০৯ চনৰ ডিচেম্বৰত বিফোৰ থ্ৰী নামৰ এটা একক এলবাম মুকলি কৰিছিল। তেওঁ ২০১০ চনত প্ৰতিষ্ঠা হোৱা 'ছাংগুইনড্ৰেক' (SanguinDrake) নামৰ দ্বৈত সংগীত গোষ্ঠীৰ অংশ।৭ ২০১২ চনৰ ১২ মে’ত ছাংগুইনড্ৰেকে তেওঁলোকৰ প্ৰথম এলবাম প্ৰিটি ট্ৰিক্স মুক্তি দিয়ে।

পৰিচালনা

কাৰ্টাৰে তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি ইন হাৰ নেম লিখিছিল আৰু প্ৰযোজনা কৰিছিল, যাৰ প্ৰিমিয়াৰ ২০২২ চনৰ ট্ৰাইবেঁকা চলচ্চিত্ৰ মহোৎসৱত হৈছিল।৮ এই ছবিখনে এটা অডিয়েন্স এৱাৰ্ড লাভ কৰিছিল আৰু ২০২৪ চনৰ জুন মাহত মুক্তি লাভ কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ Sarah Carter Interview - AskMen. AskMen.com
  2. ↑ (June 20, 2008). LAist Interview: Sarah Carter: LAist. LAist.com
  3. ↑ Tate, Josh. (19 June 2008). LAist Interview: Sarah Carter. LAist. Gothamist
  4. ↑ Instagram
  5. ↑ Matt Mitovich. (July 17, 2009). CSI: NY Adds Sarah Carter to Its Ranks. TV Guide
  6. ↑ Matt Mitovich. (September 1, 2015). Hawaii Five-0 Casts Sarah Carter as Steve's GF — What About Catherine?. TVLINE.com
  7. ↑ About ... SanguinDrake
  8. ↑ In Her Name
  9. ↑ Kuznikov, Selena. (April 11, 2024). Tribeca Films Acquires Eight Films From Festivals, Including 'Nude Tuesday,' 'Suze,' 'Good Girl Jane' (EXCLUSIVE). Variety

সম্পৰ্কিত শ্ৰেণী

কানাডিয়ান চলচ্চিত্ৰ অভিনেত্ৰীলেখিকাচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা কাৰ্টাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮৬২৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।