ছাৰা-লৰেইন কেচেল (ইংৰাজী ভাষা: Sarah-Lorraine Kessel; জন্ম: ১৫ নৱেম্বৰ ১৯৯২) এগৰাকী জাৰ্মান ভাষা মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। ২০১২ চনত তেওঁ মিছ বাভেৰিয়াৰ খিতাপ জয় কৰে আৰু হালেত অনুষ্ঠিত মিছ জাৰ্মানী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ মিছ জাৰ্মানী ইউনিভাৰ্ছ ২০১৫ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৫ প্ৰতিযোগিতাত জাৰ্মানীক প্ৰতিনিধিত্ব কৰিছিল।
কেৰিয়াৰ
ছাৰা-লৰেইন ৰিয়েকৰ জন্ম ১৯৯২ চনৰ ১৫ নৱেম্বৰত জাৰ্মানীৰ হাইডেনহেইমত হৈছিল। ২০০১ চনত তেওঁৰ পৰিয়াল ছিৰগেনষ্টাইন নামৰ এটা সৰু বাভেৰিয়ান গাঁৱলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে তেওঁ দক্ষিণ কোৰিয়া, মালয়েছিয়া, চুইডেন আৰু আমেৰিকাত ডাঙৰ-দীঘল হৈছিল।১
২০১২ চনত ৰিয়েকে মিছ বাভেৰিয়াৰ খিতাপ জয় কৰে আৰু হালেত অনুষ্ঠিত মিছ জাৰ্মানী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। মিছ জাৰ্মানী অৰ্গেনাইজেচনে তেওঁক 'মিছ ইণ্টাৰনেট' সন্মানেৰে সন্মানিত কৰিছিল।
মিছ বাভেৰিয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত তেওঁ ফুৰ্থৰ ইউৰোমেড ক্লিনিকৰ সহযোগত জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ সজাগতা আৰু প্ৰতিৰোধ প্ৰকল্পৰ এগৰাকী ৰাষ্ট্ৰদূত তথা প্ৰতিষ্ঠাপক হিচাপে কাম কৰিছিল।১
২০১৫ চনৰ ১১ অক্টোবৰত বনৰ ডৰমেৰো হোটেলত ৰিয়েকক মিছ জাৰ্মানী ইউনিভাৰ্ছ ২০১৫ৰ মুকুট পিন্ধোৱা হয়। মিছ জাৰ্মানী হিচাপে তেওঁ ২০ ডিচেম্বৰ ২০১৫ত প্লেনেট হলিউড লাছ ভেগাছত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৫ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
ৰিয়েক ব্যৱসায় আৰু আইন বিষয়ৰ স্নাতক আৰু তেওঁ মানৱ অধিকাৰৰ অধিবক্তা হোৱাৰ উচ্চাকাংক্ষা পোষণ কৰে।১
২০১৮ চনত কেচেলে জাৰ্মান ফুটবল খেলুৱৈ বেঞ্জামিন কেচেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
বাহ্যিক সংযোগ
- "Sarah-Lorraine Riek darf für Deutschland zur Miss-Universe-Wahl", Noise, 17 October 2015.
- "Sarah-Lorraine Riek: Erst Model, dann Anwältin für Menschenrechte?", Heidenheimer Zeitung, 11 April 2016.
তথ্যসূত্ৰ
- ↑ (15 February 2015). SARAH-LORRAINE RIEK Als Model von Syrgenstein in die Welt. www.noise-online.de
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা-লৰেইন ৰিয়েক” প্ৰবন্ধৰ সংশোধন ৬০২২৪৮ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।