অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছামিয়া মুমতাজ

ছামিয়া মুমতাজ (উৰ্দু: سمیعہ ممتاز; জন্ম ৫ আগষ্ট ১৯৭০, কৰাচী) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰিছে। তেওঁৰ প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত এটা হাম বঁটা লাভ আৰু লাক্স ষ্টাইল বঁটাত কেইবাটাও মনোনয়ন অন্তৰ্ভুক্ত।

হালনাগাদ: ২ মে’ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ছামিয়া মুমতাজ ১২ (উৰ্দু ভাষা: سمیعہ ممتاز; জন্ম ৫ আগষ্ট ১৯৭০, কৰাচী) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰিছে।৩ তেওঁৰ প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত এটা হাম বঁটা লাভ আৰু লাক্স ষ্টাইল বঁটাত কেইবাটাও মনোনয়ন অন্তৰ্ভুক্ত।

প্ৰাৰম্ভিক জীৱন

ছামিয়া মুমতাজৰ জন্ম খাৱাৰ মুমতাজ আৰু কামিল খান মুমতাজৰ ঘৰত হৈছিল। তেওঁৰ মাতৃ এগৰাকী বিশিষ্ট নাৰী অধিকাৰ কৰ্মী আৰু পিতৃ এজন স্থপতি।৪

কেৰিয়াৰ

ছামিয়া মুমতাজে আৰম্ভণিতে সংগীতধৰ্মী অনুষ্ঠান আৰু পাকিস্তান টেলিভিছন কৰ্পোৰেশ্যনৰ বিভিন্ন ধাৰাবাহিকত পুনৰাবৃত্ত চৰিত্ৰত অভিনয় কৰিছিল। ১৯৯৫ চনত শ্বাহিদ নাদীমৰ পৰিচালনাত প্ৰচাৰিত নাট্যধাৰাবাহিক জাৰ্দ দোপেহাৰত তেওঁ প্ৰাপ্তবয়স্ক চৰিত্ৰত মুখ্য ভূমিকা পালন কৰে।৫

২০০৯–১০ চনত জিঅ’ এণ্টাৰটেইনমেণ্টত প্ৰচাৰিত মেৰী জাৎ জাৰ্ৰা-এ-বেনিশান ধাৰাবাহিকত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে। এই অভিনয়ৰ বাবে তেওঁ ১০ম লাক্স ষ্টাইল বঁটাত শ্ৰেষ্ঠ টেলিভিছন অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। তেওঁ ইয়াৰিয়ান, ছাদকায় তুমহাৰে, উদাৰী আৰু চাং-এ-মাহ আদি নাট্যধাৰাবাহিকত উল্লেখযোগ্য অভিনয় আগবঢ়াইছে। ছাদকায় তুমহাৰে-ত অভিনয়ৰ বাবে তেওঁ হাম বঁটা লাভ কৰে।৬

২০১৪ চনত আফিয়া নাথানিয়েলৰ লিখা আৰু পৰিচালিত নাট্য-থ্ৰিলাৰ চলচ্চিত্ৰ দুখতাৰ-ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত অভিষেক কৰে।৭ ২০১৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ মূৰ-তো তেওঁ অভিনয় কৰে।৮

ব্যক্তিগত জীৱন

মুমতাজৰ দুজন ভাতৃ আছে। তেওঁ ফৰজাদ নবীৰ সৈতে বিবাহপাশত আবদ্ধ আৰু পূৰ্বৰ বিবাহৰপৰা তেওঁৰ দুটা সন্তান আছে।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Character posters of Sarmad Khoosat's Zindagi Tamasha unveiled. The News International
  2. ↑ (19 September 2019). Sarmad Khoosat reveals characters of his film 'Zindagi Tamasha'. Something Haute
  3. ↑ (5 December 2014). Meeting Samiya. The Friday Times
  4. ↑ (2 September 2023). Samiya Mumtaz Opens Up About Her Husband And Children. Reviewit.pk
  5. ↑ (4 August 2017). Samiya Mumtaz. Daily Times
  6. ↑ (17 November 2015). Samiya Mumtaz stars in a play about love and loss in the time of war. Dawn Images
  7. ↑ (8 October 2015). Review: Dukhtar. The New York Times
  8. ↑ (6 June 2015). 5 things you need to know about Jami's upcoming film Moor. Dawn Images

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ চলচ্চিত্ৰ অভিনেত্ৰীউৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামিয়া মুমতাজ” প্ৰবন্ধৰ সংশোধন ৬০৩৯৩০ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।