অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছিকিল ভগ্নী

ছিকিল ভগ্নী (Sikkil Sisters) হ’ল ছিকিল কুঞ্জমণি (: Sikkil Kunjumani ১০ জুন ১৯২৭ – ১৩ নৱেম্বৰ ২০১০) আৰু ছিকিল নীলা (: Sikkil Neela ৯ ছেপ্টেম্বৰ ১৯৩৮ – ১৭ ছেপ্টেম্বৰ ২০২৩),তেওঁলোক দুয়ো গৰাকী আছিল ভেনু বাঁহী বুলি কোৱা কৰ্ণাটিক বাঁহী বজোৱা ভগ্নীদ্বয়।

হালনাগাদ: ২৬ জুলাই ২০২৫ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ছিকিল ভগ্নী (Sikkil Sisters) হ’ল ছিকিল কুঞ্জমণি (: Sikkil Kunjumani ১০ জুন ১৯২৭ – ১৩ নৱেম্বৰ ২০১০) আৰু ছিকিল নীলা (: Sikkil Neela ৯ ছেপ্টেম্বৰ ১৯৩৮ – ১৭ ছেপ্টেম্বৰ ২০২৩),তেওঁলোক দুয়ো গৰাকী আছিল ভেনু বাঁহী বুলি কোৱা কৰ্ণাটিক বাঁহী বজোৱা ভগ্নীদ্বয়। সেই বাবেই একেলগে এওঁলোকক ছিকিল ভগ্নী (Sikkil Sisters) বুলি কোৱা হয় আৰু সেই নামেৰে অধিক বিখ্যাত। তেওঁলোকৰ পিতৃ আজিয়ুৰ নাটেছা আয়েৰ আছিল মৃদংগিষ্ট। কুঞ্জমণিয়ে প্ৰথমে পিতৃৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত মাতৃৰ ফালৰ পৰা ককাক আজিয়ুৰ নাৰায়ণস্বামী আয়াৰৰ পৰা বাঁহী শিকিছিল। নীলাই ভনীয়েক কুঞ্জমণিৰ পৰা বাঁহী শিকিছিল। কুঞ্জমণি, ন বছৰ বয়সৰ পৰা আৰু নীলাই সাত বছৰ বয়সৰ পৰা কনচাৰ্ট দিবলৈ আৰম্ভ কৰিছিল। ১৯৬২ চনৰ পৰা একেলগে কনচাৰ্ট দি অহা ছিকিল চিষ্টাৰছ অল ইণ্ডিয়া ৰেডিঅ’ৰ শীৰ্ষ শিল্পী আৰু ভাৰতৰ ভিতৰত আৰু বিদেশৰ সকলো সভা, টেলিভিছন আৰু অন্যান্য ঠাইত শ শ অনুষ্ঠান পৰিৱেশন কৰি আহিছে। ভগ্নীদ্বয়ে সুৰ মিলাই নিজৰ বাঁহীত বজায় আৰু একত্ৰীকৰণ সম্পূৰ্ণ হৈ এটি সম্পূৰ্ণ সংগীত সমন্বয় সৃষ্টি হয় আৰু ইয়াৰ প্ৰভাৱ উল্লেখযোগ্য। তেওঁলোকে বিশুদ্ধ, পৰম্পৰাগত শৈলীত ৰাগ, কৃতি আৰু স্বৰ পৰিবেশন কৰাৰ বাবে বিশেষভাবে প্ৰসিদ্ধ।

২০১০ চনৰ ১৩ নৱেম্বৰত চেন্নাইত ৮৩ বছৰ বয়সত ছিকিল কুঞ্জমণিৰ মৃত্যু হয়।১ ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত ৮৫ বছৰ বয়সত ছিকিল নীলাৰ মৃত্যু হয়।২ নীলাৰ কন্যা ছিকিল মালা চন্দ্ৰশেকাৰে ফ্লাউটিষ্ট হিচাপে মাকৰ ভৰিৰ চিন অনুসৰণ কৰি আছে।

সন্মান আৰু বঁটা

  • তামিলনাডু সংগীত নাটক সংগমৰ কলাইমামণি - ১৯৭৩
  • সংগীত নাটক অকাডেমী বঁটা - ১৯৮৯
  • দ্য ইণ্ডিয়ান ফাইন আৰ্টছ ছ'চাইটি, চেন্নাইৰ সংগীত কালাশিখামণি - ১৯৯৭
  • সংগীত কালানিধি - ২০০২
  • পদ্মশ্ৰী - ২০০৪৩

লগতে চাওক

  • কাৰ্নাটিক সংগীত
  • ছিকিল মালা চন্দ্ৰশেকাৰ

তথ্যসূত্ৰ

  1. ↑ (13 November 2010). Sikkil Kunjumani passes away in Chennai. The Hindu
  2. ↑ Sangita Kalanidhi Sikkil Smt. Neela — Our Deepest Condolences. musicacademymadras.in/
  3. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিকিল ভগ্নী” প্ৰবন্ধৰ সংশোধন ৫২৭৪৯১ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।