জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
এৰিকা ফণ্টেছ
এৰিকা ফণ্টেছ (ইংৰাজী: Erica Fontes; জন্ম: ১৪ মে' ১৯৯১) লিবছবনৰ এগৰাকী পৰ্তুগীজ পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০১৩ চনত ২১ বছৰ বয়সত এৰিকা ফণ্টেছে 'ফৰেইন ফিমেল পাৰ্ফৰ্মাৰ অৱ দ্য ইয়াৰ' শিতানত এক্সবিআইজেড বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ পৰ্তুগীজ মহিলা হিচাপে পৰিগণিত হয়।
-
এৰিকা ফাৰ্নাণ্ডেছ
এৰিকা জেনিফাৰ ফাৰ্নাণ্ডেছ (ইংৰাজী: Erica Jennifer Fernandes; জন্ম: ৭ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল, যিয়ে বিশেষকৈ টেলিভিছনৰ কামৰ বাবে পৰিচিত। তেওঁ তামিল, হিন্দী, তেলুগু আৰু কন্নড় ছবিত অভিনয় কৰিছে।
-
এৰিন ডাৰ্ক
এৰিন কনষ্টান্স-মাজা ডাৰ্ক (জন্ম: ১০ ছেপ্টেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গুড গাৰ্লছ ৰিভল্টত চিণ্ডী ৰেষ্টন চৰিত্ৰৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ দ্য মাৰ্ভেলাছ মিছেছ মেইজেলত Mary আৰু AMC ধাৰাবাহিক ডায়েটলেণ্ডত লিতা চৰিত্ৰতো অভিনয় কৰিছে।
-
এৰিন মেকনাট
এৰিন মেকনাট (ইংৰাজী: Erin McNaught; জন্ম: ২২ মে' ১৯৮২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, অভিনেত্ৰী, ঘোষিকা, দূৰদৰ্শন ব্যক্তিত্ব আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
এৰিন হোলেণ্ড
এৰিন ভিক্টোৰিয়া হোলেণ্ড (ইংৰাজী: Erin Victoria Holland; জন্ম: ২১ মাৰ্চ ১৯৮৯) এগৰাকী অষ্ট্ৰেলিয়ান গায়িকা, টেলিভিছন ঘোষিকা, মডেল, নৃত্যশিল্পী, দানশীল কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৩ চনৰ ২০ জুলাইত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰিছিল।
-
এৰিনা ছ’
এৰিনা ছ’ (জন্ম ৯ ফেব্ৰুৱাৰী ১৯৯৭) এগৰাকী হংকঙৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, যাক ছ' হ'ই-লাম মঞ্চনামেৰে জনা যায়। তেওঁ ফেলিনো ষ্টাৰ নামৰ জাপানী সংস্থাৰ অধীনত কৰ্মৰত। তেওঁ জাপানৰ পৰ্ণ উদ্যোগত আত্মপ্ৰকাশ কৰা হংকঙৰ প্ৰথমগৰাকী পৰ্ণ অভিনেত্ৰী৷
-
এৰিয়ানা মেডিক্স
এৰিয়ানা মেডিক্স (ইংৰাজী: Ariana Madix; জন্ম: ২৪ জুন, ১৯৮৫) এগৰাকী টেলিভিছন হষ্ট, ৰিয়েলিটি টেলিভিছন ব্যক্তিত্ব, অভিনেত্ৰী আৰু ব্যৱসায়ী। তেওঁ ব্ৰাভো ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক ভাণ্ডাৰপাম্প ৰুলছৰ (২০১৩–২০২৪) এগৰাকী অভিনয় শিল্পী আৰু প্ৰাক্তন বাৰ্টেণ্ডাৰ আছিল।
-
ঐন্দ্ৰিতা ৰয়
আইন্দ্ৰিতা ৰয় (জন্ম: ৩ মাৰ্চ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, তেওঁ প্ৰধানকৈ কানাড়া চলচ্চিত্ৰত অভিনয় কৰে। ২০০৭ চনত তেওঁ অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে, মেৰাভানিগেত অভিনয় কৰে আৰু কেইবাখনো ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰি কানাড়া চিনেমাৰ এগৰাকী আগশাৰীৰ সমসাময়িক অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।
-
ঐশী
ফাতিমা তুজ জাহৰা ঐশী (জন্ম: ৮ ডিচেম্বৰ ১৯৯৬) এগৰাকী বাংলাদেশী গায়িকা। তেওঁ ঐশী এক্সপ্ৰেছ, ঐশীৰ মায়া, ঐশীৰ হাৱা, চোখেৰ বাড়ি, ঐশী এক্সপ্ৰেছ ২, ঐশী এক্সপ্ৰেছ ৩, দিল কি দয়া হয় না আৰু দেহবাজী আদি এলবামৰ বাবে বিশেষভাৱে পৰিচিত।
-
ঐশ্বৰিয়া ভাস্কৰণ
ঐশ্বৰিয়া ভাস্কৰণ (Aishwariyaa Bhaskaran, প্ৰকৃত নাম: শান্তা মীনা) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল, মালয়ালম, কন্নড়, তেলুগু আৰু হিন্দী চিনেমাৰ লগতে কেইবাখনো মালয়ালম আৰু তামিল টেলিভিছন ছ’প অপেৰাত অভিনয় কৰিছে। তেওঁ অভিনেত্ৰী লক্ষ্মী আৰু ভাস্কৰণৰ জ্যেষ্ঠ কন্যা।
-
ঐশ্বৰ্য টিপনিছ
ঐশ্বৰ্য টিপনিছ (Aishwarya Tipnis) এগৰাকী ভাৰতীয় স্থপতিবিদ, শিক্ষাবিদ আৰু ঐতিহ্য সংৰক্ষণবিদ, যাৰ নামেৰেই জনাজাত অনুশীলন ঐশ্বৰ্য টিপনিছ আৰ্কিটেক্টছে ভাৰতৰ অৱহেলিত কীৰ্তিচিহ্ন আৰু উল্লেখযোগ্য অট্টালিকাসমূহৰ ঐতিহ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
ঐশ্বৰ্য দত্ত
ঐশ্বৰ্য দত্ত (ইংৰাজী: Aishwarya Dutta) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। আৰম্ভণিতে সংগীত ভিডিঅ' আৰু সৰু-সুৰা চৰিত্ৰত অভিনয় কৰাৰ পাছত, তেওঁ ২০১৫ চনৰ তামিল ছবি তামিলুকু এন অন্দৰাই অলুথাভুমৰ জৰিয়তে অভিনেত্ৰী হিচাপে বিশেষ সফলতা লাভ কৰে।
-
ঐশ্বৰ্য নাগ
ঐশ্বৰ্য নাগ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে দক্ষিণ ভাৰতীয় ছবি, মূলতঃ কানাড়া চিনেমাত অভিনয় কৰিছে। মডেলিঙৰ পিছত তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে নীনে নীনে (২০০৮) ছবিত, তাৰ পিছত জলি ডেজ (২০০৯) আৰু কাল মাঞ্জা (২০১০) ছবিত।
-
ওছাছু এডোবৰ
ওছাছু এডোবৰ (Osasu Edobor) (পূৰ্বতে অছাছু পল-আজিনো নামেৰে জনাজাত) এগৰাকী নাইজেৰিয়ান লিংগ সমৰ্থক আৰু থিংক হেল্প ৰিষ্ট'ৰৰ (THR) মিডিয়া আৰু নিৰাপদ বাতাৱৰণ পদক্ষেপৰ প্ৰতিষ্ঠাপক।তেওঁ এগৰাকী অনুজ্ঞাপত্ৰপ্ৰাপ্ত মানসিক স্বাস্থ্যৰ প্ৰাথমিক চিকিৎসক, সমনীয়া শিক্ষাবিদ প্ৰশিক্ষক আৰু পৰামৰ্শদাতা।
-
ওছামু দাজাই
শ্বোজি চুচিমা (Shoji Tsushima) ছদ্মনামেৰে পৰিচিত ওছামু দাজাই এগৰাকী প্ৰখ্যাত জাপানী ঔপন্যাসিক আৰু লেখক। তেওঁৰ কেইবাখনো জনপ্ৰিয় গ্ৰন্থ যেনে দ্য চেটিং ছান (斜陽, Shayō) আৰু ন' লংগাৰ হিউমেন (人間失格, নিংগেন শ্বিকাকু)ক আধুনিক যুগৰ মহাকাব্য (Classic) বুলি গণ্য কৰা হয়।
-
ওভিয়া
হেলেন নেলছন (জন্ম: ২৯ এপ্ৰিল ১৯৯১), যিজনী পেছাগতভাৱে নিজৰ মঞ্চ নাম ওভিয়া (ইংৰাজী: Oviya) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইয়াৰ উপৰি তেওঁ কেইখনমান কানাড়া আৰু তেলেগু ছবিতো অভিনয় কৰিছে।
-
ওম প্ৰকাশ আগৰৱাল
ওম প্ৰকাশ আগৰৱাল (Om Prakash Agrawal ২২ অক্টোবৰ ১৯৩১ – ১৫ আগষ্ট ২০২১) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু সাংস্কৃতিক ঐতিহ্য আৰু সংৰক্ষণৰ সৈতে জড়িত কেইবাটাও সংস্থা যেনে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH), ইণ্ডিয়ান কাউন্সিল অৱ কনজাৰ্ভেচন ইনষ্টিটিউট (ICCI) আৰু নেচনেল ৰিচাৰ্চ…
-
ঔপালী অপেৰাজিতা
ঔপালী অপেৰাজিতা (ইংৰাজী: Oopalee Operajita) বা ঔপালি অপেৰাজিতা (Oopali Operajita) এগৰাকী ধ্ৰুপদী ওডিচি আৰু ভাৰতনাট্যম নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ হৈছে ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক সৰলা দেৱীৰ ভতিজা বিধু ভূষন দাসৰ কন্যা।
-
ঔৰংগাবাদী মহল
ঔৰংগাবাদী মহল ( Aurangabadi Mahal; اورنگ آبادی محل; অৰ্থ "ৰাজ সিংহাসনৰ সমৃদ্ধি"; মৃত্যু.১৬৮৮) মোগল সম্ৰাট ঔৰৎজেৱৰ পত্নী আছিল।
-
ক'ল্ডপ্লে
ক'ল্ডপ্লে (ইংৰাজী: Coldplay) হৈছে গায়ক তথা কীবৰ্ডীষ্ট ক্ৰীচ মাৰ্টিন আৰু মুখ্য গীটাৰিষ্ট জনী বাকলেণ্ডে ১৯৯৬ চনত লণ্ডনৰ য়ুনিভাৰ্ছিটী কলেজত প্ৰতিষ্ঠা কৰা এটা ব্ৰিটিছ ৰকবেণ্ড।
-
কংকনা বেনাৰ্জী
কংকণা বেনাৰ্জী (জন্ম: ১৯ এপ্ৰিল ১৯৪৬) এজন ভাৰতীয় শাস্ত্ৰীয সংগীতশিল্পী। তেওঁ লক্ষ্ণৌত ভাৰতীয় শাস্ত্ৰীয সংগীতজ্ঞ ওস্তাদ আমিৰ খানৰপৰা শিক্ষা গ্ৰহণ কৰিছিল।
-
কগনাপল্লী ৰাধা দেৱী
কগনাপল্লী ৰাধা দেৱী: Kagganapalli Radha Devi এগৰাকী ভাৰতীয় কৰ্মী যিয়ে কেৱল পুৰুষ নাপিতকহে নিয়োগ কৰিব পৰা হিন্দু মন্দিৰৰ বিৰুদ্ধে সফলতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিদিনে এক টনৰো অধিক চুলি গোট খোৱা তিৰুমালাৰ ভেংকটেশ্বৰ মন্দিৰে টনছুৰিংৰ অনুষ্ঠানটো কৰিবলৈ মহিলা নাপিতকো নিয়োগ কৰিবলৈ সন্মত হয়।
-
কনষ্টেন্স এমিলি কেণ্ট
কনষ্টেন্স এমিলি কেণ্ট (১৮৪৪–১৯৪৪) ১৮৬০ চনত তেওঁৰ সতীয়া ভাতৃ ফ্ৰান্সিছ চেভিল কেণ্টক হত্যা কৰাৰ কথা স্বীকাৰ কৰা এগৰাকী ইংৰাজ মহিলা। এই গোচৰৰ ফলত উচ্চ পৰ্যায়ৰ ঘোষণা কৰা হয় যে ইংলেণ্ড আৰু ৱেলছত আৰু কোনো প্ৰাচীন পুৰোহিত-অনুতাপৰ বিশেষাধিকাৰ নাই।
-
কনিকা কাপুৰ
কনিকা কাপুৰ (জন্ম ২১ আগষ্ট ১৯৭৮) এগৰাকী ভাৰতীয় গায়িকা। লক্ষ্ণৌত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। ২০১২ চনত গায়িকা হ’বলৈ মুম্বাইলৈ স্থানান্তৰিত হয়। কাপুৰৰ প্ৰথম গীত "জুগনি জী" (২০১২) এটা মিউজিক ভিডিঅ' আছিল, যিটো ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।
-
কনিজ চুৰকা
কনিজ চুৰকা (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় ভিত্তিক দক্ষিণ আফ্ৰিকান ইমপ্ৰভ শিল্পী, অভিনেত্ৰী, ধেমেলীয়া অভিনেতা আৰু এগৰাকী ইউটিউবাৰ। তেওঁ দ্য উইক দ্যাট ৱাজন'ট শ্বোৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিভিন্ন ষ্টেণ্ড আপ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে।
-
কনৰাড মুৰে
কনৰাড ৰবাৰ্ট মুৰে ( Conrad Robert Murray; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৫৩) এজন গ্ৰেনেডিয়ান-ট্ৰিনিদাদীয়-আমেৰিকান প্ৰাক্তন চিকিৎসক আৰু দোষী সাব্যস্ত হোৱা অপৰাধী। ২০০৯ চনত মাইকেল জেকচনৰ মৃত্যুৰ সময়ত তেওঁ জেকচনৰ ব্যক্তিগত চিকিৎসক আছিল।
-
কবিতা কৃষ্ণণ
কবিতা কৃষ্ণণ (ইংৰাজী: Kavita Krishnan) হৈছে এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছত নাৰীৰ ওপৰত হোৱা হিংসাজনিত সমস্যা সম্পৰ্কে প্ৰচাৰ কৰিছিল।
-
কবিতা গোয়াত
কবিতা গোয়াত (জন্ম: ১৫ আগষ্ট ১৯৮৮) ভাৰতৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৬৯-৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। চীনৰ গুয়াংজোত অনুষ্ঠিত ২০১০ চনৰ এছিয়ান গেমছত কবিতাই ব্ৰঞ্জৰ পদক জিকিছিল। ২০১০ চনৰ এছিয়ান গেমছৰ ছেমিফাইনেলত তেওঁ চীনৰ জিনজি লিৰ হাতত ১:৩ পয়ণ্টত পৰাজিত হয়।
-
কবিতা চাহাল
কবিতা চাহাল ( Kavita Chahal; জন্ম ৮ এপ্ৰিল ১৯৮৫) এগৰাকী ৫' ৯" ওখ হেভিৱেট ভাৰতীয় মহিলা বক্সাৰ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈকে বিশ্বৰ সৰ্বোচ্চ ৰেংকিং ২ লাভ কৰা (এআইবিএ ৰেংকিং - ২০১৬ চনত ১১ ) হাৰিয়ানাৰ ভীৱানী জিলাত বাস কৰা নিমৰি গাঁৱৰ পৰা।
-
কবিতা দেৱী (মল্ল যোদ্ধা)
কবিতা দালাল (Kavita Dalal জন্ম ২০ ছেপ্টেম্বৰ, ১৯৮৬) হৈছে বৰ্তমান ডাব্লিউডাব্লিউইত ৰিং নাম কবিতা দেৱী বুলি পৰিচিত এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা। তেওঁ, তেওঁলোকৰ উন্নয়নমূলক অঞ্চল এনএক্সটিত প্ৰদৰ্শন কৰে। দেৱী হৈছে ডাব্লিউডাব্লিউইত কুস্তি খেলা প্ৰথম ভাৰতীয় পেছাদাৰী মহিলা মল্লযোদ্ধা।