অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঐশ্বৰ্য টিপনিছ

ঐশ্বৰ্য টিপনিছ (Aishwarya Tipnis) এগৰাকী ভাৰতীয় স্থপতিবিদ, শিক্ষাবিদ আৰু ঐতিহ্য সংৰক্ষণবিদ, যাৰ নামেৰেই জনাজাত অনুশীলন ঐশ্বৰ্য টিপনিছ আৰ্কিটেক্টছে ভাৰতৰ অৱহেলিত কীৰ্তিচিহ্ন আৰু উল্লেখযোগ্য অট্টালিকাসমূহৰ ঐতিহ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঐশ্বৰ্য টিপনিছ (Aishwarya Tipnis) এগৰাকী ভাৰতীয় স্থপতিবিদ, শিক্ষাবিদ আৰু ঐতিহ্য সংৰক্ষণবিদ, যাৰ নামেৰেই জনাজাত অনুশীলন ঐশ্বৰ্য টিপনিছ আৰ্কিটেক্টছে ভাৰতৰ অৱহেলিত কীৰ্তিচিহ্ন আৰু উল্লেখযোগ্য অট্টালিকাসমূহৰ ঐতিহ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১২৩ ২০১৫ চনত দ্য ডুন স্কুলৰ শতিকা পুৰণি মুখ্য ভৱনৰ ওপৰত তেওঁৰ কৰ্মই সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে ইউনেস্কো এছিয়া-পেচিফিক বঁটাৰ অধীনত সন্মানীয় উল্লেখ লাভ কৰিছিল। ২০১৬ চনত মধ্যপ্ৰদেশৰ ১৮ শতিকাৰ মহিদপুৰ দুৰ্গৰ দেৱাল আৰু দুৰ্গসমূহৰ পুনৰুদ্ধাৰৰ কামক ইউনেস্ক’ এছিয়া পেচিফিক হেৰিটেজ এৱাৰ্ডৰ অধীনত মেধা বঁটা প্ৰদান কৰা হয়।৪ ২০১৮ চনত ভাৰতত বিশেষকৈ পশ্চিম বংগৰ চন্দ্ৰনাগুৰত ফৰাচী ঐতিহ্য সংৰক্ষণৰ কামৰ বাবে ফ্ৰান্স চৰকাৰে চেভালিয়েৰ ডি ল’অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছ হিচাপে নিযুক্তি পোৱা আটাইতকৈ কম বয়সীয়া স্থপতিবিদ হিচাপে পৰিগণিত হয়।৫৬ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰে'লৱেৰ বাবে ব্যাপক সংৰক্ষণ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে টিপনিছ ইউনেস্কো বিশেষজ্ঞ দলৰ সদস্য আছিল।৭ ২০১৬ চনত ইউৰোপীয় সংঘই তেওঁক বিশ্ব সাংস্কৃতিক নেতা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।৮

জীৱনী

নতুন দিল্লীত ডাঙৰ-দীঘল হোৱা টিপনিছ বিৰলা বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰী, তেওঁ নতুন দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁক স্কটলেণ্ড ডাণ্ডি বিশ্ববিদ্যালয়ত ইউৰোপীয় নগৰ সংৰক্ষণৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জনৰ বাবে স্কটলেণ্ড আন্তঃৰাষ্ট্ৰীয় বৃত্তি প্ৰদান কৰা হৈছিল।৯ তেওঁ ২০১১ চনত কমনৱেলথ পেচাদাৰী ফেল'শ্বিপৰ প্ৰাপক। ১০টিপনিছে ২০২২ চনত নতুন দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেক্সাৰৰ পৰা ভাৰতত ঔদ্যোগিক ঐতিহ্যৰ অভিযোজিত পুনৰ ব্যৱহাৰত পিএইচডি ডিগ্ৰী লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (10 January 2018). Conservation architect Aishwarya Tipnis chosen for top French. Business Standard India
  2. ↑ (3 March 2013). Kashmere Gate heritage haveli to have its old-world charm restored. Hindustan Times
  3. ↑ UNESCO Award for Restoration of Mahidpur Fort. World Monuments Fund
  4. ↑ Mahidpur Fort. World Monuments Fund
  5. ↑ Conservationists help locals joins hands with govt to save Delhi's heritage sites
  6. ↑ Conservation architect Aishwarya Tipnis chosen for top French honour
  7. ↑ (14 October 2018). India's heritage needs saviours. Here are 15 of them. Condé Nast Traveller India
  8. ↑ Two years of Global Cultural Leadership Programme · Cultural Relations Platform. www.cultureinexternalrelations.eu
  9. ↑ University of Dundee: External Relations: Press Office. app.dundee.ac.uk
  10. ↑ (December 2016). Commonwealth scholarships

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐশ্বৰ্য টিপনিছ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।