কংকণা বেনাৰ্জী (জন্ম: ১৯ এপ্ৰিল ১৯৪৬) এজন ভাৰতীয় শাস্ত্ৰীয সংগীতশিল্পী। তেওঁ লক্ষ্ণৌত ভাৰতীয় শাস্ত্ৰীয সংগীতজ্ঞ ওস্তাদ আমিৰ খানৰপৰা শিক্ষা গ্ৰহণ কৰিছিল। শাস্ত্ৰীয সংগীতৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁ বহু পুৰস্কাৰ লাভ কৰিছে, যাৰ ভিতৰত ১৯৮৭ চনত মাদাৰ টেৰেছাই প্ৰদান কৰা ভাৰতৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ "অন্ধ্ৰ ৰত্ন (কলা সৰস্বতী)" বঁটাও অন্তৰ্ভুক্ত।
জীৱন
তেওঁ কলিকতা চহৰৰ এটা সম্ভ্ৰান্ত বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ মন্দিৰা চেটাৰ্জী কলকাতাৰ তাৰাপদ চক্ৰৱৰ্তী আৰু লক্ষ্ণৌৰ শ্ৰীকৃষ্ণ নাৰায়ণ ৰত্নাংকৰৰ শিষ্যা আছিল। তেওঁৰ ককাদেউতাক ৰাধাকমল মুখাৰ্জী আছিল সমাজবিজ্ঞানী আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য।১
কংকণা বেনাৰ্জী অতি সৰুতে নিজ মাতৃৰ দিশনিৰ্দেশত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰম্ভ কৰে। ১৯৫৫ চনত তেওঁ ইন্দোৰ ঘৰানাৰ ওস্তাদ আমিৰ খানৰ ওচৰত শিক্ষাৰম্ভ কৰে।২ ১৯৬০ চনত, ১৪ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজহুৱা প্ৰদৰ্শন আগবঢ়ায়।৩
কেৰিয়াৰ
তেওঁ আমিৰ খানে ৰচনা কৰা দৰবাৰী কানাড়া ৰাগৰ ‘তৰণা’ গীত গাইছিল, যি আমিৰ খুশ্ৰুৰ শৈলী অনুসৰণ কৰি হিজ মাষ্টাৰ্ছ ভয়েছ ষ্টুডিঅ’ত ৰেকৰ্ড কৰা হৈছিল।৪ এই সংকলনটো কবি খুশ্ৰুৰ ৭০০ বছৰৰ জয়ন্তী উপলক্ষ্য্যে প্ৰকাশ কৰা হৈছিল।৫
পিছত তেওঁ পণ্ডিত প্ৰতাপ নাৰায়ণৰ ওচৰত শিক্ষা গ্ৰহণ কৰে, যি মেৱাতী ঘৰানাৰ সংগীতজ্ঞ আছিল। তেওঁৰ দীৰ্ঘ সংগীতজীৱনত তেওঁ বহু মৰ্যাদাপূৰ্ণ পুৰস্কাৰ লাভ কৰিছিল, তাৰে ভিতৰত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ "কলা সৰস্বতী অন্ধ্ৰ ৰত্ন" বঁটও আছে।৬
তেওঁ পাৰ্শ্ব কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল, ৰাম তেৰী গংগা মাইলী আৰু ঈদ মুবাৰক চলচ্চিত্ৰৰ বাবে শাস্ত্ৰীয় ৰাগত আধাৰিত গীত ৰেকৰ্ড কৰিছিল।৭
সংগীতৰ উপৰি, তেওঁ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানতো যুক্ত আছিল। তেওঁৰ শিষ্যসকলৰ মতে — বেনাৰ্জী অত্যন্ত সংযত, নিয়মনিষ্ঠ আৰু শাস্ত্ৰীয় সংগীতৰ শুদ্ধতা ৰক্ষাত আপসহীন এজন শিক্ষিকা আছিল।
শিক্ষাজীৱনত লগতে, তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ নানা অনুষ্ঠানতো নিয়মিতভাবে অন্তৰ্ভুক্ত হৈছিল আৰু বহু ৰেকৰ্ডিং এতিয়াও সংৰক্ষণাগাৰত উপলব্ধ।
বিবাহ আৰু সন্তান
কংকণা বেনাৰ্জীয়ে ১৭ বছৰ বয়সত ওস্তাদ আমিৰ খানেৰ আন শিষ্য শুনীল কুমাৰ বেনাৰ্জীক বিবাহ কৰিছিল। তেওঁলোকৰ এজনী জীয়ৰী আৰু এজন পুত্ৰ আছিল। পুত্ৰজন্মৰ কিছুদিন পাছত, কংকণা বেনাৰ্জীৰ বয়স যেতিয়া মাত্ৰ ২১ বছৰ আছিল, তেতিয়া তেওঁৰ স্বামীৰ পৰলোক প্ৰাপ্তি ঘটে। তাৰ পিছত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হোৱা নাই।
সন্মান, বঁটা আৰু স্বীকৃতি
| + | বছৰ | বঁটা আৰু সন্মান |
| ১৯৬৯ | ‘সুৰ মণি’ — স্বামী হৰিদাস সন্মিলন, বোম্বে৮ | |
| ১৯৮৭ | ‘কলা চৰস্বতী’ — অন্ধ্ৰ প্ৰদেশ চৰকাৰ৯ | |
| ১৯৮৫ | ভাটখণ্ডে সংগীত মহোৎসৱ, লক্ষ্ণৌ১০ | |
| ১৯৭৩ | স্বামী হৰিদাস সংগীত সন্মিলন, বৃন্দাবন১১ | |
| ১৯৭৯, ১৯৮০, ১৯৮৫, ১৯৯০ | পুনে সাৱাই গন্ধৰ্ব সন্মিলন১২ | |
| ১৯৭৮ আৰু ২০১৫ | অল ইণ্ডিয়া ৰেডিঅ’ সংগীত সন্মিলন১৩১৪ | |
| ১৯৮৬ | প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ‘আপনা উৎসৱ’ — দিল্লী আৰু বোম্বে১৫ | |
| ১৯৭৮ | বেগম আখতাৰ উৎসৱ১৬১৭১৮ | |
| ১৯৭৮ – ২০১৮ | শংকত মোচন সমাৰোহ, বাৰাণসী১৯ | |
| ১৯৭১ | আই.টি.চি. সংগীত সভা২০২১২২ | |
| ১৯৮৫ | প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুণ্যতিথি — নতুন দিল্লীৰ সফদৰজং ৰোড৯ | |
| ১৯৮৭ | মহীশূৰ দৰবাৰ হল — ভাৰতৰ ৰাষ্ট্ৰপতি আৰ. ভেঙ্কটাৰামনৰ উপস্থিতিত৯ | |
| ১৯৮৫ | আই.চি.চি.আৰ. সমাৰোহ২৩ — ভাৰতৰ ৰাষ্ট্ৰপতি আৰ. ভেঙ্কটাৰামনৰ উপস্থিতিত৯ | |
| ২০১৬ | উস্তাদ ফৈয়াজ আৰু নিয়াজ আহমদ খানৰ নামৰ কিৰানা ঘৰানা বঁটা১৮ |
বাহ্যিক সংযোগ
- www.hindustaniclassical.com/schedule/ahobal
- vdocuments.mx/ustad-ameer-khan.html
- www.delhievents.com/2018/03/music-sangeet-natak-
- www.tribuneindia.com/2005/20051231/cth2.htm
- www.varanasitourismtravels.com/events/sankat-moc
তথ্যসূত্ৰ
- ↑ Dr. Radha kamal Mukherjee is the grand father of Kankana Banerjee
- ↑ (2008). Gramophone Celebrities. The Record News- Journal of the Society of Indian Record Collectors', Mumbai. পৃ. 10
- ↑ Kankana Banerjee started her career
- ↑ The Gramophone Company of India (His Master's Voice) Records Listing. piezoelektric.org
- ↑ Kankana Banerjee performance at 7th centenary celebration of the poet Amir Khusro at His Master's Voice studio
- ↑ South Asian Outlook - An Independent e-Monthly. www.southasianoutlook.com
- ↑ Shukla, Vandana. (2003-10-23). Singing notes of melody - Times of India. The Times of India
- ↑ (31 October 2003). Singing notes of melody - Times of India. The Times of India
- ↑ South Asian Outlook - An Independent e-Monthly. www.southasianoutlook.com
- ↑ Bhatkhande Music Institute Deemed University – BMIDU. bhatkhandemusic.edu.in
- ↑ Haridas Sangeet Sammelan Mumbai free mp3 download. tzzmp3s.download
- ↑ Programs in 1980 - sawai gandharva bhimsen mahotsav. sawaigandharvabhimsenmahotsav.com
- ↑ Listing. allindiaradio.gov.in
- ↑ Krishnan, Lalithaa; Swaminathan, G. (15 October 2015). There was music in the AIR
- ↑ National Cultural Festival turns out to be a red carpet mela for VVIP's only. India Today
- ↑ Begum Akhtar Centenary Commemoration Festival · Ministry of Culture, Government of India. www.indiaculture.nic.in
- ↑ IANS. (2014-10-03). Music festival to celebrate 100 years of Begum Akhtar. Business Standard India
- ↑ (20 February 2016). Candid views on 'change' - The Statesman. The Statesman
- ↑ SANKAT MOCHAN HANUMAN TEMPLE VARANASI. timesofindia.speakingtree.in
- ↑ ITC Sangeet Research Academy:: Home. www.itcsra.org
- ↑ ITC Sangeet Research Academy - Tribute Maestro. www.itcsra.org
- ↑ www.itcsra.org/Raga-Online.aspx গায়ক নিৰ্বাচন কৰক
- ↑ Sangeet Nritya Samaroh (Vol.II). National Cultural Audiovisual Archives
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংকনা বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৭১১৪১ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।