অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কগনাপল্লী ৰাধা দেৱী

কগনাপল্লী ৰাধা দেৱী: Kagganapalli Radha Devi এগৰাকী ভাৰতীয় কৰ্মী যিয়ে কেৱল পুৰুষ নাপিতকহে নিয়োগ কৰিব পৰা হিন্দু মন্দিৰৰ বিৰুদ্ধে সফলতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিদিনে এক টনৰো অধিক চুলি গোট খোৱা তিৰুমালাৰ ভেংকটেশ্বৰ মন্দিৰে টনছুৰিংৰ অনুষ্ঠানটো কৰিবলৈ মহিলা নাপিতকো নিয়োগ কৰিবলৈ সন্মত হয়।

হালনাগাদ: ২৭ মে’ ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কগনাপল্লী ৰাধা দেৱী: Kagganapalli Radha Devi এগৰাকী ভাৰতীয় কৰ্মী যিয়ে কেৱল পুৰুষ নাপিতকহে নিয়োগ কৰিব পৰা হিন্দু মন্দিৰৰ বিৰুদ্ধে সফলতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিদিনে এক টনৰো অধিক চুলি গোট খোৱা তিৰুমালাৰ ভেংকটেশ্বৰ মন্দিৰে টনছুৰিংৰ অনুষ্ঠানটো কৰিবলৈ মহিলা নাপিতকো নিয়োগ কৰিবলৈ সন্মত হয়। তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে দেৱীয়ে লাভ কৰে নাৰী শক্তিপুৰস্কাৰ।

ৰাধা দেৱী অন্ধ্ৰ প্ৰদেশ মহিলা নাপিতৰ সন্থাৰ সভানেত্ৰী আছিল।১ তিৰুমালা তিৰুপতি দেৱস্থানম মহিলা নাপিতৰ সভানেত্ৰীও আছিল আৰু এই নাপিতসকলে মহিলা হোৱাৰ বাবে হিন্দু মন্দিৰত চুলি কটাত বাধা দিয়াৰ বাবে উদ্বিগ্ন হৈ পৰিছিল। ৰাধা দেৱীয়ে তেওঁলোকৰ গোচৰটোৰ ৰাজহুৱা প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয়।২

ভেংকটেশ্বৰ মন্দিৰৰ ৯৭ আৰু ৯৯ নং বুথত মহিলাসকলক মহিলাসকলে Tonsured কৰা দৃশ্য
ভেংকটেশ্বৰ মন্দিৰৰ ৯৭ আৰু ৯৯ নং বুথত মহিলাসকলক মহিলাসকলে Tonsured কৰা দৃশ্যছবি: Rdevi12 · CC BY-SA 4.0

অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ ভেংকটেশ্বৰ মন্দিৰত বহু ভক্তৰ মূৰটোৰ চুলি দৈনিক ঈশ্বৰৰ ওচৰত প্ৰসাদ হিচাপে১ টোনচ্যুৰ কৰা হয়। প্ৰতিদিনে সংগ্ৰহ কৰা চুলিৰ পৰিমাণ এক টনতকৈও অধিক।৩ চুলিখিনি সংগ্ৰহ কৰি বৃহৎ গুদামত সংৰক্ষণ কৰা হয় আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰী কৰি যথেষ্ট লাভ অৰ্জন হয়। সেই ধনেৰে মন্দিৰটো পৰিচিলনা কৰা হয়। চুলিবোৰ উচ্চমানৰ আৰু ইয়াৰ দাম ১৬৬ ডলাৰ/কিলোগ্ৰাম পৰ্যন্ত হয় কাৰণ ভাৰতৰ বাহিৰত ইয়াক উইগ বনাবলৈ ব্যৱহাৰ কৰা হয়।৩

চুলি কটাৰ পৰম্পৰাটো এটা কাহিনীৰ পৰাই আহিছে। কাহিনী মতে ভেংকটেশ্বৰৰ মূৰত এজন গোপালকে আঘাত কৰিছিল আৰু তেওঁৰ মূৰৰ টান ছালৰ পৰা চুলি সৰি পৰিছিল। এই কথা গন্ধৰ্ব ৰাজকুমাৰী নীলা দেৱীয়ে লক্ষ্য কৰিলে আৰু তেওঁৰ নিজৰ চুলিৰ এটা অংশ কাটি ভেংকটেশ্বৰৰ বাবাৰ মূৰত ৰোপণ কৰিলে। তাৰ পিছত ভেংকটেশ্বৰে ঘোষণা কৰে যে যি ঠাইত এইটো কাৰ্য্য ঘটিছিল, তাত তেওঁৰ অনুগামীসকলে চুলি কাটি প্ৰসাদ হিচাপে দিব লাগে।৪

২০০৪ চনত অৰ্থডক্স ইহুদীসকলৰ প্ৰতিক্ৰিয়া আহিছিল, তেওঁলোকক এনে ৰীতি-নীতিৰ দ্বাৰা আহৰণ কৰি গোট খোৱা চুলিৰ পৰা তৈয়াৰী উইগ পিন্ধাত বাধা আৰূপ কৰা হৈছিল। ফলত বহুতো উইগ ধ্বংস হৈছিল যদিও চুলিৰ দাম সুস্থিৰ হৈ আছিল।৩ পৰম্পৰাগতভাৱে টনছুৰিং কৰিবলৈ নিয়োজিত নাপিতসকল পুৰুষ আৰু নায়ে জাতিৰ সদস্য আছিল। ইয়াৰ ফলত কিছু বৈষম্যৰ সৃষ্টি হৈছিল আৰু মহিলাসকলৰ পৰা অনুৰোধ আহিছিল যে তেওঁলোকে নিজৰ পছন্দৰ এগৰাকী মহিলা নাপিতৰ দ্বাৰাই হে মূৰৰ চুলি খুৰাব।২ ৰাধা দেৱীৰ নেতৃত্বত হোৱা প্ৰতিবাদে আপত্তিসমূহ বাতিল কৰি মহিলা নাপিত নিয়োগ কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উপস্থাপন কৰা নাৰী শক্তিৰ দ্বাৰা তেওঁক স্বীকৃতি দিয়া হয়।২ ২০১৯ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নতুন দিল্লীৰ ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰসাদ ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰা হয়।১এই অনুস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী মেনকা গান্ধীও উপস্থিত আছিল।৫

তথ্যসূত্ৰ

  1. ↑ P, Ambika. (March 8, 2019). From masons, barbers to creators of forests and sustainable homes, nari shakti takes charge · India News - Times of India. The Times of India
  2. ↑ (8 March 2019). Ms. Kagganapalli Radha Devi - #NariShakti Puraskar 2018 Awardee in Individual category. Ministry of WCD (India)
  3. ↑ Saritha Rai. (14 July 2004). A Religious Tangle Over the Hair of Pious Hindus. The New York Times
  4. ↑ Tarlo, Emma. (6 October 2016). Entanglement: The Secret Lives of Hair. Simon and Schuster. পৃ. 66. ISBN 978-1-78074-993-8
  5. ↑ Mohammed, Irfan. (20 March 2019). India president confers Manju with Nari Shakti Puraskar award. Saudigazette

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কগনাপল্লী ৰাধা দেৱী” প্ৰবন্ধৰ সংশোধন ৫১২৮৭৪ (২৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।