অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঔপালী অপেৰাজিতা

ঔপালী অপেৰাজিতা (ইংৰাজী: Oopalee Operajita) বা ঔপালি অপেৰাজিতা (Oopali Operajita) এগৰাকী ধ্ৰুপদী ওডিচি আৰু ভাৰতনাট্যম নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ হৈছে ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক সৰলা দেৱীৰ ভতিজা বিধু ভূষন দাসৰ কন্যা।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ঔপালী অপেৰাজিতা (ইংৰাজী: Oopalee Operajita) বা ঔপালি অপেৰাজিতা (Oopali Operajita)১ এগৰাকী ধ্ৰুপদী ওডিচি আৰু ভাৰতনাট্যম নৃত্যশিল্পী২ আৰু নৃত্য পৰিচালক।৩৪৫ তেওঁ হৈছে ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক সৰলা দেৱীৰ ভতিজা বিধু ভূষন দাসৰ কন্যা। তেওঁ “আল গোৰে ছাছটেইনেবল টেকন’ল’জি ভেনচাৰ” (Al Gore Sustainable Technology Venture) প্ৰতিযোগিতাৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক।৬ এই প্ৰতিযোগিতাখনৰ নাম আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আল গোৰেৰ নামেৰে ৰখা হৈছে যদিও তেওঁৰ জড়িততা অবিহনে চলি থাকে।

শিক্ষা আৰু কেৰিয়াৰ

অপেৰাজিতাই ছয় বছৰ বয়সত ঋষি ভেলী স্কুললৈ গৈছিল, আৰু তাত ন বছৰ অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল। ঋষি ভেলী স্কুলত তেওঁ পাণ্ডানল্লুৰ শৈলীৰ ভৰতনাট্যম অধ্যয়ন কৰিছিল।৭

২০০৭ চনত অপেৰাজিটাই এখন বহনক্ষম প্ৰযুক্তি উদ্যোগ প্ৰতিযোগিতা প্ৰতিষ্ঠা কৰে, যাক তেওঁ আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আল গোৰেৰ সন্মানত নামকৰণ কৰে।৮৬ এম. বি. এ. বিজ্ঞান আৰু প্ৰযুক্তি স্নাতক আৰু চূড়ান্ত বৰ্ষৰ স্নাতকসকলৰ বাবে মুকলি আল গোৰ বহনক্ষম প্ৰযুক্তি উদ্যোগ প্ৰতিযোগিতা ২০০৯-২০১১ চনলৈকে প্ৰতি বছৰে অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত ভাৰত, বাংলাদেশ, আৰু আমেৰিকাৰ প্ৰতিষ্ঠানসমূহৰ পৰা অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই. আই. টি.), ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন. আই. টি.) আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই. আই. এম.) আদি উল্লেখযোগ্য। প্ৰথমখন প্ৰতিযোগিতা ২০০৯ চনত আই. আই. টি. খড়গপুৰত অনুষ্ঠিত হৈছিল। ২০১০ আৰু ২০১১ চনত এই প্ৰতিযোগিতা আই. আই. টি. মাদ্ৰাজত অনুষ্ঠিত হৈছিল।৬৫৯ বাংলাদেশৰ এটা দলে, আৰু টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল চাইন্সেছৰ আন এটা দলে ২০১১ চনত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল।১০

পিতৃ-মাতৃৰ সৈতে মিলি অপেৰাজিতাই গোপীনাথ মহন্তৰ অম্ৰুতৰা সন্তানা (Amrutara Santāna) ইংৰাজীলৈ অনুবাদ কৰে। ২০১৫ চনত প্ৰকাশিত এই অনুবাদ গ্ৰন্থখৰ নাম আছিল Amrutara Santāna: The Dynasty of The Immortals।১১

নৃত্য

কেলুচৰণ মহপাত্ৰ আৰু দেৱা প্ৰসাদ দাসৰ অধীনত প্ৰশিক্ষণ লৈ১২ অপেৰাজিতাই বিশ্বজুৰি অনুষ্ঠান পৰিৱেশন কৰিছে।১৩ নিউয়ৰ্ক টাইমছে তেওঁক মহপাত্ৰৰ অন্যতম "তাৰকা ছাত্ৰ" বুলি অভিহিত কৰিছে।১৪

পিটচবাৰ্গৰ কাৰ্নেগী মিউজিক হলত অনুষ্ঠান পৰিৱেশন কৰা তেওঁ প্ৰথমগৰাকী শাস্ত্ৰীয় ভাৰতীয় শিল্পী।১৫ ২০১০ চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ বাবে আয়োজন কৰা কনচাৰ্টৰ কলাত্মক পৰিচালক আৰু নৃত্য পৰিচালক হিচাপে কাম কৰিছিল।১৬ কেলুচৰণ মহাপাত্ৰৰ সৈতে তেওঁৰ নৃত্য প্ৰদৰ্শনক পিটচবাৰ্গ পোষ্ট গেজেটে ১৯৯৬ চনৰ শীৰ্ষ ১০ টা পিটচবাৰ্গ শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শনৰ ভিতৰত অন্যতম হিচাপে স্থান দিছিল।১৭

ধ্ৰুপদী নৃত্যশিল্পী হিচাপে তেওঁক সংস্কৃত, তেলেগু আৰু তামিল ভাষাৰ নৃত্য নাটকত চিত্ৰায়িত কৰা হৈছিল। নৃত্য নাটকসমূহ প্ৰতি বছৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক জিদ্দু কৃষ্ণমূৰীৰ স্মৰণত বিদ্যালয়খনৰ চৌপাশত থকা আঁহত গছৰ তলত মঞ্চস্থ কৰা হৈছিল। এই অনুষ্ঠানসমূহৰ সংগীত বিজিয়ানগৰ ভেংকটাৰমন দাসৰ শিষ্য বীনা জি. বিশালাক্ষীয়ে ৰচনা কৰিছিল আৰু নাটৰ কথা বাছনি বা ৰচনা কৰিছিল পণ্ডিত চুণ্ডী হনুমন্তৰৱে। অপেৰাজিতাই বীনা জি. বিশালাক্ষীৰ সৈতে সাত বছৰ বীণা আৰু ৯ বছৰ কৰ্ণাটকী কণ্ঠ সংগীত অধ্যয়ন কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ (7 April 2019). Concern over healthcare. newindianexpress.com
  2. ↑ Staff Reporter. (2010-01-14). American band to feature in Saarang. The Hindu
  3. ↑ (Jul 9, 2021). The new India demands that the not-so-veiled Eurocentrism and American-centrism undergo rigorous scrutiny. The Economic Times
  4. ↑ Oopalee Operajita. economictimes.com
  5. ↑ IIM Bangalore-IIT Bombay team win first prize at Al Gore Sustainable Technology Venture Competition 2009. www.iimb.ac.in
  6. ↑ University, Carnegie Mellon. (30 April 2010). Operajita (MAPW'95) Works for Global Sustainability - Department of English - Carnegie Mellon University
  7. ↑ Balasundaram, S. (2012). Non-guru Guru: My Years with J. Krishnamurti. Edwin House Publishing Company. পৃ. 77. ISBN 978-0-9760006-3-1
  8. ↑ (6 September 2010). Gear up for Shaastra'10. Thehindu.com
  9. ↑ Centre for Entrepreneurship and Innovation | IIM Calcutta. iimcal.ac.in
  10. ↑ (26 September 2011). Green campus: IIT-Madras students show the way!. news18.com
  11. ↑ Mahanty, Gopinath. (2017). Dynasty of the Immortals. Sahitya Akademi. ISBN 978-81-260-4746-8
  12. ↑ ALKA PANDE. (2003-05-04). New Delhi. দ্য হিন্দু
  13. ↑ (2010-01-18). Woods talk and rock. The Hindu
  14. ↑ Dunning, Jennifer. (1996-09-30). Birthday Tribute to a Master Teacher of Indian Dance. The New York Times
  15. ↑ Gupta, Namita. (16 October 2016). Sari tales from Benaras. Deccan Chronicle
  16. ↑ (9 December 2010). Oopali Operajita (MAPW '95) Plays Key Role in India's Concert for President Obama. Carnegie Mellon University
  17. ↑ Vranish, Jane. (1996-12-29). A STEP AHEAD ALVIN AILEY WAS A STEP AHEAD IN DANCE. Pittsburgh Post-Gazette

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঔপালী অপেৰাজিতা” প্ৰবন্ধৰ সংশোধন ৬৩৯৫১৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।