কবিতা গোয়াত (জন্ম: ১৫ আগষ্ট ১৯৮৮) ভাৰতৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৬৯-৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। চীনৰ গুয়াংজোত অনুষ্ঠিত ২০১০ চনৰ এছিয়ান গেমছত কবিতাই ব্ৰঞ্জৰ পদক জিকিছিল।১ ২০১০ চনৰ এছিয়ান গেমছৰ ছেমিফাইনেলত তেওঁ চীনৰ জিনজি লিৰ২ হাতত ১:৩ পয়ণ্টত পৰাজিত হয়।
বক্সিং কেৰিয়াৰ
কবিতা গোয়াতৰ বৰ্তমানৰ প্ৰশিক্ষক অনুপ কুমাৰ। ইয়াৰ আগতে তেওঁ ৰাজ সিঙৰ ওচৰত প্ৰশিক্ষণ লৈছিল।৩
২০১৭ চনত ছাৰ্বিয়ান চহৰৰ ষষ্ঠ নেচনছ কাপ চলি থকা সময়ত, কবিতা গোয়াতে ছেমিফাইনলেৰ সময়ত আঘাত পাইছিল, যাৰ কাৰণে তেওঁ তৃতীয় স্থানত থমকি ৰ’ব লগা হৈছিল।৪ কবিতাই ইয়াৰ আগতে ২০০৯ চনত ৬৪ কিলোগ্ৰাম শাখাত মেৰি কমৰ সৈতে হানৈ এছিয়ান ইনড’ৰ গেমছত স্বৰ্ণপদক জিকিছিল।৫ ইয়াৰ লগতে তেওঁ আৰু বহুকেইটা পদক জিকিছে।
চেম্পিয়নশ্বিপ আৰু অন্যান্য কৃতিত্ব
কবিতা গোয়াতে বিভিন্ন চেম্পিয়নশ্বিপত অসংখ্য স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিছে।৬
সোণৰ পদকসমূহ
- হানৈ এছিয়ান ইনড’ৰ গেমছ (২০০৯)৭
- ১১ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১০)
- ১২ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১১)
- ৪ৰ্থ আন্তঃ-জোনেল মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১২)
- ১১ তম ছিনিয়ৰ মহিলা হাৰিয়ানা ৰাজ্য বক্সিং চেম্পিয়নশ্বিপ (২০১০)
- ১২ তম ছিনিয়ৰ মহিলা হাৰিয়ানা ৰাজ্য বক্সিং চেম্পিয়নশ্বিপ (২০১১)
- ১৪ তম ছিনিয়ৰ মহিলা হাৰিয়ানা ৰাজ্য বক্সিং চেম্পিয়নশ্বিপ (২০১৫)
ৰূপৰ পদক
- ৯ম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০০৮)
- ফেডাৰেছন কাপ মহিলা বক্সিং চেম্পিয়নশ্বিপ (২০০৯)
- ১০ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০০৯)
- ১৩ তম ছিনিয়ৰ মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১২)
- ১৬ তম ছিনিয়ৰ (এলিট) মহিলা জাতীয় বক্সিং চেম্পিয়নশ্বিপ (২০১৫)
ব্ৰঞ্জ পদক
- ১৪ তম ছিনিয়ৰ মহিলা বক্সিং চেম্পিয়নশ্বিপ (২০১৩)
- এছিয়ান গেমছ (২০১০)
- এন. চি. শৰ্মা মেমৰিয়েল ফেডাৰেছন কাপ মহিলা বক্সিং চেম্পিয়নশ্বিপ (২০০৯)৭
ব্যক্তিগত জীৱন
কবিতা গোয়াত হাৰিয়ানাৰ ঔম প্ৰকাশ আৰু স্মিত্ৰা দেবীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।৩ পঢ়া শুনা কৰা আৰু খেল খেলা কবিতাৰ হবি।৩
তথ্যসূত্ৰ
- ↑ - Women 64 Kg Results
- ↑ (2010-11-24). Kavita ends up with bronze in Asiad women s boxing. mid-day
- ↑ Indian Boxing Federation Boxer Details. www.indiaboxing.in
- ↑ (2017-01-16). Indian Women Boxers Shine At Nations Cup In Serbia; Win Six Medals. The Logical Indian
- ↑ - Women boxers do India proud at Asian Indoor games
- ↑ Indian Boxing Federation Boxer Details. www.indiaboxing.in
- ↑ Kavita Goyat. veethi.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা গোয়াত” প্ৰবন্ধৰ সংশোধন ৬১৩৩৪৪ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।