এৰিয়ানা মেডিক্স (ইংৰাজী ভাষা: Ariana Madix; জন্ম: ২৪ জুন, ১৯৮৫) এগৰাকী টেলিভিছন হষ্ট, ৰিয়েলিটি টেলিভিছন ব্যক্তিত্ব, অভিনেত্ৰী আৰু ব্যৱসায়ী।১ তেওঁ ব্ৰাভো ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক ভাণ্ডাৰপাম্প ৰুলছৰ (২০১৩–২০২৪) এগৰাকী অভিনয় শিল্পী আৰু প্ৰাক্তন বাৰ্টেণ্ডাৰ আছিল।২ তেওঁ ২০২৪ চনত লাভ আইলেণ্ড ইউএচএৰ স্থায়ী পৰিচালিকা হিচাপে নিযুক্ত হয়।৩
তেওঁ এবিচিৰ ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ৩২ সংখ্যক ছিজনত পাছা পাছকভৰ সৈতে যুটী বান্ধি তৃতীয় স্থান লাভ কৰিছিল।৪ ককটেইলৰ ওপৰত লিখা তেওঁৰ গ্ৰন্থ ছিংগেল এ এফ ককটেইলছ ২০২৩ চনৰ ৫ ডিচেম্বৰত মুক্তি পাইছিল আৰু ই দ্য নিউয়ৰ্ক টাইমছ বেষ্ট ছিলাৰ তালিকাত স্থান লাভ কৰিছিল।৫ তেওঁ ২০২৪ চনৰ জানুৱাৰী মাহত সংগীত নাটক চিকাগোত ৰক্সী হাৰ্টৰ চৰিত্ৰৰ জৰিয়তে ব্ৰডৱে থিয়েটাৰত আত্মপ্ৰকাশ কৰে।৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মেডিক্সৰ জন্ম হৈছিল ১৯৮৫ চনৰ ২৪ জুনত ফ্ল’ৰিডাৰ মেলবৰ্ণত। তেওঁৰ পিতৃ আছিল জেমছ আৰু মাতৃ তানিয়া।৭ এৰিয়ানা তেওঁৰ পিতৃ-মাতৃ আৰু ভায়েক জেৰেমি মেডিক্সৰ সৈতে একেলগে বাস কৰিছিল।৮ জেমছ আইৰিছ বংশোদ্ভূত আছিল। গ্লেমাৰক দিয়া এটা সাক্ষাৎকাৰত মেডিক্সই কৈছিল: "মোৰ দেউতা ঘৰলৈ বেছি নাহিব খুজিছিল। তেওঁ এতিয়া আমাৰ মাজত নাই আৰু মই তেওঁক ভাল পাওঁ। মোৰ এনে লাগে যে তেওঁ কিছুমান সমস্যাৰ মাজেৰে পাৰ হৈ গৈছিল আৰু বহু ক্ষেত্ৰত নিজৰ সৰ্বশ্ৰেষ্ঠখিনি দিছিল, কিন্তু কাম শেষ কৰি আমাক হোমৱৰ্কত সহায় কৰাৰ পৰিৱৰ্তে তেওঁ 'ডাইভ বাৰ'ত থকাৰ প্ৰৱণতা দেখুৱাইছিল। মোৰ মায়ে সকলো কাম কৰিছিল।"৯ থেৰাপীৰ সময়ত তেওঁ অনুভৱ কৰিছিল যে 'অভাৰএচিভিং' (অত্যাধিক সফলতা লাভৰ চেষ্টা) আছিল তেওঁৰ বাবে এক মানসিক সুৰক্ষা কৱচ। তেওঁ কৈছিল, "যদি মই নিখুঁত হওঁ, তেতিয়া তেওঁ হয়তো আমাৰ সৈতে থাকিব বিচাৰিব।"৯
তেওঁ ৬ বছৰ বয়সৰ পৰাই ঘোঁৰাত উঠা আৰম্ভ কৰিছিল আৰু তেওঁৰ এটা প্ৰতিযোগিতামূলক অশ্বাৰোহণ কেৰিয়াৰ আছিল।১০১১ ইয়াৰ উপৰি তেওঁ দুবাৰকৈ ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বিজয়ী হৈছিল।১২ তেওঁ ২০০৩ চনত ও গ্যালী হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৭ চনত তেওঁ ফ্লেগলাৰ কলেজৰ পৰা থিয়েটাৰ আৰু ব্ৰডকাষ্ট কমিউনিকেচনত দ্বৈত স্নাতক ডিগ্ৰী লাভ কৰে।১১ কলেজত পঢ়ি থকা সময়ত তেওঁ ডিজনী ৱৰ্ল্ডত এৰিয়েল, ছিন্দৰেলা আৰু অৰোৰাৰ (স্লিপিং বিউটি) দৰে চৰিত্ৰৰ পোছাক পিন্ধি কাম কৰিছিল।২১৩ কলেজৰ শিক্ষা শেষ কৰি তেওঁ "ব্ৰডৱেত অভিনয় কৰাৰ" সপোন লৈ নিউয়ৰ্ক চহৰলৈ গুচি যায়।৯ তেওঁ তাত পাঁচ বছৰ আছিল আৰু 'বাটাৰ' নামৰ ৰেষ্টুৰেণ্টত এগৰাকী বাৰ্টেণ্ডাৰ আৰু হষ্টেছ হিচাপে কাম কৰিছিল।৯
তথ্যসূত্ৰ
- ↑ (October 13, 1902). Ariana Madix. Bravo TV Official Site
- ↑ Ariana Madix · TV Guide. TVGuide.com
- ↑ (2024-03-27). Ariana Madix Set to Replace Sarah Hyland as 'Love Island USA' Host. TMZ
- ↑ 'Dancing with the Stars' Season 32 Finale: See Who Won the Inaugural Len Goodman Mirrorball Trophy. Peoplemag
- ↑ Madix, Ariana. (2023-12-05). Single AF Cocktails: Drinks for Bad B*tches. Clarkson Potter. ISBN 978-0-593-79687-0
- ↑ Bravolebrity Ariana Madix Extends Broadway Debut as Chicago's Roxie Hart. Broadway.com
- ↑ Ariana Madix News. Us Weekly
- ↑ (2021-07-20). Ariana Madix Gives an Update on Her Brother Jeremy. Bravo TV Official Site
- ↑ (27 March 2024). Ariana Madix Set to Replace Sarah Hyland as 'Love Island USA' Host. Variety
- ↑ See the Cast of Vanderpump Rules Before They Were Stars. Peoplemag
- ↑ ABOUT. arianamadix2017
- ↑ Ariana Madix. TVGuide.com
- ↑ (September 4, 2019). Ariana Madix Was a Perfect Aurora When She Worked as a Disney Princess & We Have Proof. Bravo TV Official Site
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিয়ানা মেডিক্স” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।