অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এৰিন মেকনাট

এৰিন মেকনাট (ইংৰাজী: Erin McNaught; জন্ম: ২২ মে' ১৯৮২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, অভিনেত্ৰী, ঘোষিকা, দূৰদৰ্শন ব্যক্তিত্ব আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ৮১৫ শব্দ · ৫ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এৰিন মেকনাট (ইংৰাজী ভাষা: Erin McNaught; জন্ম: ২২ মে' ১৯৮২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, অভিনেত্ৰী, ঘোষিকা, দূৰদৰ্শন ব্যক্তিত্ব আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। মেকনাট তেওঁৰ ককায়েকসকলৰ সৈতে অষ্ট্ৰেলিয়াত ডাঙৰ-দীঘল হৈছিল আৰু কিশোৰ অৱস্থাতে "শ্বৰ্ট ষ্ট্ৰ'" নামৰ এটা বেণ্ডত বাদ্যযন্ত্ৰ বজাবলৈ আৰম্ভ কৰিছিল। মডেলিং কেৰিয়াৰ আৰম্ভ কৰাৰ পাছত তেওঁ ২০০৬ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল। এই অংশগ্ৰহণৰ পিছত মেকনাটে কেইবাটাও মডেলিং চুক্তি আৰু টেলিভিছনৰ কাম লাভ কৰিবলৈ সক্ষম হয়। ২০০৭ চনত তেওঁ অভিনয়ৰ প্ৰশিক্ষণ লয় আৰু ধাৰাবাহিক নেইবাৰ্ছত চিয়েনা কামেনিটিৰ চৰিত্ৰত অভিনয়ৰ সুযোগ পায়। ২০১০ চনত তেওঁ এমটিভিৰদ্বাৰা নিযুক্ত হয় আৰু তেওঁলোকৰ এমটিভি হিটছ উইকলি হট ৩০ কাউণ্টডাউন অনুষ্ঠানটো পৰিচালনা কৰে।

প্ৰাৰম্ভিক জীৱন

মেকনাটৰ জন্ম হৈছিল অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰাত।১ তেওঁ এণ্ডি মেকনাট২ আৰু লিণ্ডি মেকনাটৰ কন্যা। তেওঁৰ পিতৃ-মাতৃয়ে মেকনাটক স্বাস্থ্যসন্মত জীৱন-শৈলীৰ প্ৰতি উৎসাহিত কৰিছিল আৰু তেওঁলোকৰপৰাই মেকনাটৰ ৰন্ধন শিল্পৰ প্ৰতিও অনুৰাগ গঢ়ি উঠিছিল। তেওঁ ককায়েকসকলৰ সৈতে ডাঙৰ-দীঘল হৈছিল।৩ নব্বৈৰ দশকত মেকনাট আৰু তেওঁৰ পৰিয়ালে ছিয়াটলত বাস কৰিছিল।২ পৰৱৰ্তী সময়ত তেওঁ "শ্বৰ্ট ষ্ট্ৰ'" নামৰ এটা বেণ্ডত যোগদান কৰে য’ত তেওঁ বেছ গীটাৰ বজাইছিল আৰু নেপথ্য কণ্ঠদান কৰিছিল। এই গোটটোৱে ব্ৰিছবেনৰ বিভিন্ন ঠাইত সংগীত পৰিৱেশন কৰিছিল। সেই সময়ত তেওঁৰ গাত তেৰটা ফুটা (piercings) আছিল আৰু চুলিৰ ৰং ক’লা আছিল। মেকনাটে পিছলৈ তেওঁৰ জীৱনৰ এই সময়ছোৱাক এটা "ধাৰা" বুলি অভিহিত কৰিছিল।৪

কেৰিয়াৰ

২০০৬ চনত মেকনাটক মিছ অষ্ট্ৰেলিয়াৰ খিতাপ প্ৰদান কৰা হয়; কিন্তু তেওঁৰ কিছুমান টপলেছ (উৰ্ধাংশ অনাবৃত) আলোকচিত্ৰ প্ৰকাশ পোৱাৰ পিছত বিচাৰক জনাথন ৱেষ্টব্ৰুক আৰু অনুষ্ঠানৰ সমন্বয়ক ডেবোৰা মিলাৰে মেকনাটৰপৰা খিতাপটো কাঢ়ি ল'বলৈ আহ্বান জনাইছিল। অৱশ্যে পিছলৈ সিদ্ধান্ত লোৱা হয় যে তেওঁ খিতাপটো নিজৰ ওচৰত ৰাখিব পাৰিব।৫ ১৯ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজৰপৰা তেওঁক ২০০৬ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হয়।৬ তেওঁৰ বাবে অষ্ট্ৰেলিয়ান ডিজাইনাৰ ৱেইন কুপাৰ, জেছন ব্ৰান্সডন আৰু এলিজা জয়ৰদ্বাৰা নিৰ্মিত পোছাক আছিল। অৱশ্যে প্ৰতিযোগিতাৰ বাবে পৰ্যাপ্ত পোছাক নিয়াৰ বাবে মেকনাট পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছিল।৭৮ তেওঁ নাইন নেটৱৰ্কৰ সাম্প্ৰতিক অনুষ্ঠান এ কাৰেণ্ট এফেয়াৰৰ বাবে তেওঁৰ যাত্ৰাৰ এটা ভিডিঅ' ডায়েৰী প্ৰস্তুত কৰিছিল।৯ মেকনাটে প্ৰতিযোগিতাখনত বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলে আৰু চূড়ান্ত ২০ গৰাকী প্ৰতিযোগীৰ তালিকাত স্থান লাভ কৰাত ব্যৰ্থ হ'ল।১০ পিছলৈ মেকনাটে ব্ৰিছবেনত অনুষ্ঠিত উইণ্টাৰগাৰ্ডেন স্প্ৰিং ছামাৰ গালাত অংশ লয়। ইয়াৰ উপৰি তেওঁ মডেলিং আৰু টেলিভিছন চুক্তিৰ বাবে আলোচনা আৰম্ভ কৰে।১১

২০০৬ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰা হয় যে মেকনাটে গ্ৰাহক প্ৰযুক্তি বিশ্লেষণ কৰা কাৰ্যসূচী চাইবাৰশ্বেকত এগৰাকী ঘোষিকা হিচাপে কাম লাভ কৰিছে। ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা তেওঁ এই ধাৰাবাহিকখনত কাম কৰিবলৈ আৰম্ভ কৰে; মেকনাটে অনুভৱ কৰিছিল যে তেওঁ আধুনিক যন্ত্ৰ-পাতি বা "গেজেট"ৰ সৈতে কাম কৰিবলৈ সক্ষম কাৰণ তেওঁ ককায়েকসকলৰ সৈতে "ল'ৰাৰ কাম-কাজ" কৰি ডাঙৰ হৈছিল।৩ সেই সময়লৈকে মেকনাটক বহুতো প্ৰচাৰমূলক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।১২

মেকনাটে পিছলৈ চাৰি হিলছৰ এক্টৰ্ছ চেণ্টাৰত অভিনয়ৰ পাঠ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু চাইমন হাণ্টে তেওঁক প্ৰশিক্ষণ দিয়ে।১৩ ২০০৭ চনৰ আগষ্ট মাহত তেওঁ মেলবৰ্ণলৈ যায় আৰু ধাৰাবাহিক নেইবাৰ্ছৰ কাষ্টিং পৰিচালকৰ ওচৰত অডিচন আৰু স্ক্ৰিন টেষ্ট দিয়ে।১৩ ২০০৭ চনৰ নৱেম্বৰ মাহত ঘোষণা কৰা হয় যে তেওঁ চিয়েনা কামেনিটিৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰিছে। অষ্ট্ৰেলিয়াত অনুষ্ঠানটোৰ ৰেটিং বৃদ্ধিৰ কৌশলৰ অংশ হিচাপে তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল।১৪ তেওঁ কৈছিল যে অনুষ্ঠানটোত যোগদান কৰাক লৈ তেওঁ "উদ্বিগ্ন" আছিল কাৰণ তেওঁ কৰি অহা কামৰ তুলনাত এয়া আছিল "এটা ডাঙৰ পৰিৱৰ্তন।" ১৪ ১৭ ডিচেম্বৰৰপৰা তেওঁ প্ৰথমটো দৃশ্যৰ শ্বুটিং আৰম্ভ কৰে।১৫ ২০০৮ চনৰ মাৰ্চ মাহলৈ মেকনাটে নেইবাৰ্ছৰ প্ৰযোজকসকলক আপ্লুত কৰে আৰু তেওঁৰ চুক্তি তিনি মাহৰ বাবে বৃদ্ধি কৰা হয়।১৬ ২০০৮ চনৰ জুলাই মাহত ঘোষণা কৰা হয় যে তেওঁ ব্ৰেইথ আনাষ্টাৰ সৈতে তেওঁৰ সম্পৰ্কৰ স্বাৰ্থত ধাৰাবাহিকখন এৰাৰ সিদ্ধান্ত লৈছে।১৭ মেকনাটে কৈছিল যে এয়া এটা "কঠিন সিদ্ধান্ত" আছিল কাৰণ তেওঁৰ এটা "সুন্দৰ অভিজ্ঞতা" হৈছিল। লগতে তেওঁ নিজৰ অভিনয়ৰ সফলতাত সুখী বুলিও উল্লেখ কৰে।১৭ দ্য কুৰিয়াৰ-মেইলৰ হান্না ডেভিছে প্ৰতিৱেদন দিছিল যে অভিনয় জগতখন মেকনাটৰ নিযুক্তিৰ বাবে "ক্ষুব্ধ" হৈ পৰিছিল আৰু কেৱল ৰেটিংৰ বাবে বিখ্যাত ব্যক্তিক নিয়োগ কৰা বুলি নেইবাৰ্ছক অভিযুক্ত কৰিছিল।১৮

মেলবৰ্ণৰ ফেডাৰেচন স্কোৱাৰত অন্তৰ্বাসৰ মডেলিং কৰি থকা অৱস্থাত মেকনাট।
মেলবৰ্ণৰ ফেডাৰেচন স্কোৱাৰত অন্তৰ্বাসৰ মডেলিং কৰি থকা অৱস্থাত মেকনাট।ছবি: Bryan Villamin from Melbourne, Victoria, Australia · CC BY 2.0

মেকনাট পৰৱৰ্তী সময়ত নতুন মডেল বিচাৰি উলিওৱাৰ এক অনলাইন প্ৰতিযোগিতা 'ৰিপ্লাই ফেচেছ ২০০৮'ৰ এম্বেছাদৰ হয়। তেওঁ এই সন্ধান অভিযান আৰম্ভ কৰাৰ লগতে বিজয়ীগৰাকী নিৰ্বাচন কৰিছিল।১৯২০ তেওঁ দাতব্য অভিযান 'ফেশ্বন টাৰ্গেটছ ব্ৰেষ্ট কেন্সাৰ'ৰো এম্বেছাদৰ হৈছিল।২১ মেকনাটে এছিয়া পেচিফিক পোকাৰ ট্যুৰৰ দুটা ছিজনো পৰিচালনা কৰিছে। ২০০৯ চনৰ ২৪ নৱেম্বৰত চাইবাৰশ্বেকৰ বাবে এটা কাহিনীৰ শ্বুটিং কৰি থকা অৱস্থাত এক দুৰ্ঘটনাত মেকনাটে তেওঁৰ সোঁ হাতৰ তৰ্জনী আঙুলিটো হেৰুৱাইছিল: তেওঁ চলাই থকা বাইক এখনৰপৰা পৰি যোৱাত বাইকখনৰ ঘূৰি থকা চকাটোত তেওঁৰ হাতখন আবদ্ধ হৈ পৰিছিল।২২ জৰুৰীকালীন অস্ত্ৰোপচাৰৰ জৰিয়তে বিচ্ছিন্ন হোৱা আঙুলিটো পুনৰ সংলগ্ন কৰা হয়।২৩ ২০১০ চনৰ ডিচেম্বৰ মাহত মেকনাটে মেটি এক্টনৰ সৈতে এমটিভি হিটছ উইকলি হট ৩০ কাউণ্টডাউনৰ সহ-ঘোষিকা হিচাপে কাম কৰিবলৈ লয়।২৪ মেকনাটে দ্য চান-হেৰাল্ডৰ কেট ৱাটাৰহাউছক কৈছিল যে এমটিভিৰ বাবে কাম কৰি তেওঁ অধিক আৰামদায়ক অনুভৱ কৰিছে কাৰণ ইয়াত তেওঁ জনসাধাৰণক নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰে।২৫ তেওঁ কৈছিল যে মিছ ইউনিভাৰ্ছত তেওঁৰ অংশগ্ৰহণে তেওঁক এজন বিশেষ ধৰণৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ চৰিত্ৰ হিচাপে সীমাবদ্ধ কৰি ৰাখিছিল। তেওঁ লগতে সংগীত সাংবাদিকতাৰ ক্ষেত্ৰত কাম কৰাৰ আকাঙ্ক্ষা থকাৰ কথাও প্ৰকাশ কৰে।২৫ ২০১০ চনতে মেকনাটে পেপচিৰ এটা বিজ্ঞাপন অভিযানৰ মুখ হিচাপে আৰু অষ্ট্ৰেলিয়াছ নেক্সট টপ মডেলত এগৰাকী অতিথি বিচাৰক হিচাপেও কাম কৰে।২৬২৭

২০১১ চনৰ হিচাপত মেকনাটে এণ্টজ পেণ্টজ আৰু মাম্বোকে ধৰি কেইবাটাও ব্ৰেণ্ডৰ বাবে মডেলিং কৰি আছিল। তেওঁ নিউজ ডট কম ডট এইউৰ ডোনা ডুগানাক কৈছিল যে তেওঁ "ভাগ্যৱান" কাৰণ কণ্ট্ৰেক্টৰসকলে তেওঁক ওজন কমাবলৈ হেঁচা দিয়া নাছিল।

ব্যক্তিগত জীৱন

২০০৭ চনৰ আৰম্ভণিতে মেকনাটে পেছাদাৰী ৰাগবী লীগ খেলুৱৈ ব্ৰেইথ আনাষ্টাৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে।২৮ ধাৰাবাহিক নেইবাৰ্ছৰ চিত্ৰগ্ৰহণৰ ব্যস্ততাৰ বাবে মেকনাটে আনাষ্টাক পৰ্যাপ্ত সময় দিব পৰা নাছিল; যাৰ বাবে তেওঁ ধাৰাবাহিকখন ত্যাগ কৰিবলৈ বাধ্য হয়।১৭ আনাষ্টাৰ সৈতে বিচ্ছেদৰ পিছত তেওঁৰ নাথান জলিফৰ সৈতে দুবছৰীয়া এটা সম্পৰ্ক আছিল।২৯৩০ ২০১২ চনৰ নৱেম্বৰ মাহত মেকনাট আৰু সংগীতশিল্পী ইগজাম্পলে তেওঁলোকৰ বাগদান সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে।৩১ ২০১১ চনত এমটিভিত কৰ্মৰত অৱস্থাত এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ যাওঁতে দুয়োৰে মাজত চিনাকি হৈছিল। ২০১৩ চনৰ ১৮ মে'ত অষ্ট্ৰেলিয়াত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।৩২ ২০১৪ চনৰ ২৩ জুলাইত মেকনাটে তেওঁলোকৰ প্ৰথম সন্তানৰ আগমনৰ কথা জনায়।৩৩ একে বছৰৰে ২১ ডিচেম্বৰত তেওঁলোকৰ পুত্ৰ ইভাণ্ডাৰ মেক্সৱেল গ্লিভৰ জন্ম হয়।৩৪ ২০১৬ চনৰ ডিচেম্বৰ মাহত মেকনাটে জনাইছিল যে আগৰ মাহত তেওঁৰ গৰ্ভপাত ঘটিছিল।৩৫ ২০১৭ চনত তেওঁলোকৰ দ্বিতীয় পুত্ৰ এনিঅ' ষ্টেনলি গ্লিভৰ জন্ম হয়।৩৬ ২০২২ চনৰ অক্টোবৰ মাহত ১১বছৰীয়া দাম্পত্য জীৱনৰ অন্তত ইগজাম্পল আৰু মেকনাটে সৌহাৰ্দ্যপূৰ্ণভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰে।

মেকনাট বৰ্তমান অষ্ট্ৰেলিয়ান ৰেকৰ্ড প্ৰযোজক ষ্টেচ কেডেটৰ সৈতে সম্পৰ্কত আছে। ২০২৪ চনৰ অক্টোবৰ মাহত তেওঁ কেডেটৰ সৈতে তেওঁলোকৰ প্ৰথম সন্তান (মেকনাটৰ তৃতীয়) ওবি ব্ৰুকছ কোটাৰাছক জন্ম দিয়ে।৩৭

তথ্যসূত্ৰ

  1. ↑ Edwards, Amy; Gadd, Michael. (29 July 2006). The word. Newcastle Herald. (Fairfax Media)
  2. ↑ (29 March 2012). Erin McNaught drops Dancing With The Stars training to be at her father's hospital bedside after car crash. The Daily Telegraph. (News Limited)
  3. ↑ Edwards, Amy; Scicluna, Sarah-Kate. (21 December 2006). Small talk. Newcastle Herald. (Fairfax Media)
  4. ↑ Horton, Shelly. (13 September 2009). Music to Erin's ears. The Sun-Herald. (Fairfax Media)
  5. ↑ Carbone, Suzanne; Money, Lawrence. (3 July 2006). The Age Diary. The Age. (Fairfax Media)
  6. ↑ Coslovich, Gabriella. (11 June 2006). Spy. The Age. (Fairfax Media)
  7. ↑ Murphy, Damien; Cubby, Ben. (13 July 2006). Stay in touch. Sydney Morning Herald. (Fairfax Media)
  8. ↑ Gadd, Michael. (21 July 2006). Channel surf. Newcastle Herald. (Fairfax Media)
  9. ↑ Edwards, Amy; Gadd, Michael. (24 July 2006). Jake 'n' Jen cut phone bills. Newcastle Herald. (Fairfax Media)
  10. ↑ Murphy, Damien; Lewis, Daniel. (25 July 2006). Stay in touch. Sydney Morning Herald. (Fairfax Media)
  11. ↑ Harris, Michelle; Gadd, Michael. (22 September 2006). Small talk. Newcastle Herald. (Fairfax Media)
  12. ↑ McClure, Geoff. (16 February 2007). Sporting life. The Age. (Fairfax Media)
  13. ↑ Horton, Shelly. (19 August 2007). The diary. The Sun-Herald. (Fairfax Media)
  14. ↑ (11 November 2007). Erin McNaught excites Neighbours. The Sunday Telegraph. News Limited
  15. ↑ Kilkelly, Daniel. (11 November 2007). Model joins 'Neighbours' cast. Digital Spy. (Hachette Filipacchi UK)
  16. ↑ (23 March 2008). Erin Braithing for time apart. The Advertiser. News Limited
  17. ↑ (22 April 2008). Erin snubs Ramsay St. The Courier-Mail. News Limited
  18. ↑ Davies, Hannah. (11 May 2008). Uproar over incest storyline. The Courier-Mail. News Limited
  19. ↑ Murray, Elicia; Tovey, Josephine. (2 June 2008). Agent of criticism on the catwalk show. Sydney Morning Herald. (Fairfax Media)
  20. ↑ Almeida, Ana. (13 August 2008). So you want to be a supermodel?. ninemsn. (Nine Entertainment Co. and Microsoft)
  21. ↑ (12 August 2008). Designers hope Sydney Fashion Festival defies retail slump. The Australian. (News Corp Australia)
  22. ↑ Sharp, Anette. (26 November 2009). Model Erin McNaught mutilated in bike fall. The Daily Telegraph. (News Limited)
  23. ↑ (26 November 2009). Showbiz – News – 'Neighbours' star has emergency surgery. Digital Spy. (Hachette Filipacchi UK)
  24. ↑ MTV Hits Weekly Hot30 Countdown. MTV Australia. (MTV)
  25. ↑ Waterhouse, Kate. (11 April 2010). Date with Kate. The Sun-Herald. (Fairfax Media)
  26. ↑ Davies, Rebecca. (18 January 2010). McNaught wins Pepsi job over Rose. Digital Spy. (Hearst Magazines UK)
  27. ↑ Davies, Rebecca. (9 June 2010). Megan Gale lands new television role. Digital Spy. (Hearst Magazines UK)
  28. ↑ Weidler, Danny. (25 March 2007). Briefs. The Sun-Herald. (Fairfax Media)
  29. ↑ (27 August 2009). Erin McNcNaught leaves love-nest she shared with Braith Anasta. The Courier-Mail. (News Limited)
  30. ↑ (29 September 2011). Model Erin McNaught and Amazing Race winner Nathan Jolliffe split. The Daily Telegraph. (News Limited)
  31. ↑ Goodacre, Kate. (27 November 2012). Example, former 'Neighbours' actress Erin McNaught confirm engagement. Digital Spy. Hearst Magazines UK
  32. ↑ Curtis, Beth. (18 May 2013). Example, Erin McNaught marry in Australia. Digital Spy. (Hearst Magazines UK)
  33. ↑ Nissim, Mayer. (23 July 2014). Example and wife Erin Gleave expecting first child together. Digital Spy
  34. ↑ Bub, Adam. (20 December 2014). A bub for Christmas: Erin McNaught gives birth to a baby boy.. find out the name!. ninemsn
  35. ↑ McDonald, Ellie. (13 December 2016). Erin McNaught opens up about her recent miscarriage. Woman's Day. (Bauer Media Group)
  36. ↑ Williamson, Lauren. (17 September 2017). Australian model Erin McNaught welcomes second baby boy!. Marie Claire
  37. ↑ (2024-10-29). It's a boy! Aussie model welcomes son. celebrity.nine.com.au

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ অভিনেত্ৰীমডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিন মেকনাট” প্ৰবন্ধৰ সংশোধন ৬২৫৪২২ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।