অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কনিজ চুৰকা

কনিজ চুৰকা (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় ভিত্তিক দক্ষিণ আফ্ৰিকান ইমপ্ৰভ শিল্পী, অভিনেত্ৰী, ধেমেলীয়া অভিনেতা আৰু এগৰাকী ইউটিউবাৰ। তেওঁ দ্য উইক দ্যাট ৱাজন'ট শ্বোৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিভিন্ন ষ্টেণ্ড আপ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কনিজ চুৰকা (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় ভিত্তিক দক্ষিণ আফ্ৰিকান ইমপ্ৰভ শিল্পী, অভিনেত্ৰী, ধেমেলীয়া অভিনেতা আৰু এগৰাকী ইউটিউবাৰ। তেওঁ দ্য উইক দ্যাট ৱাজন'ট শ্বোৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল।১২৩৪৫ তেওঁ বিভিন্ন ষ্টেণ্ড আপ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে।৬ তেওঁ আমাজন প্ৰাইম ভিডিঅ'ৰ ষ্টেণ্ড-আপ কমেডী ৰিয়েলিটী শ্বো কমিকস্তানৰ প্ৰথম দুটা ছিজনত বিচাৰক হিচাপে আছিল।৭৮ ইয়াৰ উপৰি তেওঁ ইউটিউবত এখন অনলাইন কমেডী গেম শ্বো দ্য জেনেৰেল ফান গেম শ্বো পৰিচালনা কৰে।৯১০

ব্যক্তিগত জীৱন

১৯৮৩ চনৰ ২৮ অক্টোবৰত কনিজ চুৰকাৰ জন্ম হৈছিল১১ আৰু তেওঁ দক্ষিণ আফ্ৰিকাৰ উমটাটাত ডাঙৰ-দীঘল হৈছিল। তেওঁ ডি এছ জি, গ্ৰাহাম স্কুলত পঢ়া-শুনা কৰিছিল আৰু ৰোডছ ইউনিভাৰ্চিটিৰপৰা আইন আৰু মনোবিজ্ঞান বিষয়ত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।১২

জাতীয়তাৰফালৰপৰা এগৰাকী গুজৰাটী ভাষা কনিজ চুৰকাৰ জন্ম হৈছিল মূলত কাপডৱঞ্জৰ এটা মুছলমান পৰিয়ালত, যাৰ বাবে তেওঁ বিভিন্ন সংস্কৃতি আৰু ধৰ্মৰ বিষয়ে এক গভীৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।১৩

কেৰিয়াৰ

চুৰকা ২০০৯ চনৰপৰাই মুম্বাইৰ ইমপ্ৰভ জগতখনৰ সৈতে জড়িত হৈ আছিল।১২১৪ মুম্বাইত তেওঁৰ প্ৰাৰম্ভিক কাম আছিল দিব্য পালতৰ ‘ইম্পছ’ দলৰ সৈতে।১২ ২০১৩ চনত চুৰকা মুম্বাই ভিত্তিক এটা গল্প কোৱা ক্লাব "টেল টেলছ" ৰ সহ-পৰিচালক আছিল।১৫

চিএনএন-নিউজ১৮ (পূৰ্বৰ CNN-IBN) ৰ ব্যংগাত্মক বাতৰি অনুষ্ঠান দ্য উইক দ্যাট ৱাজন'টৰ জৰিয়তে তেওঁ মূলসুঁতিৰ জনপ্ৰিয়তা লাভ কৰে।১৬ তেওঁ বীৰ দাসৰ উদ্যোগ ‘ৱেইৰ্ডাছ কমেডী’ৰ সৈতেও কাম কৰিছিল আৰু তাৰ পিছত অল ইণ্ডিয়া বকচোডৰ কেইবাটাও ভিডিঅ’ত কাম কৰিবলৈ আৰম্ভ কৰে।১৭ ইয়াৰ ভিতৰত 'এ ৱমেনছ বেষ্টিজ'ৰ ক্লিটিকা, 'অনেষ্ট ৱেডিং', 'অনেষ্ট বাৰ্ছ' আৰু 'ইফ এপছ ৱেৰ পিপল'ৰ ইনষ্টাগ্ৰাম চৰিত্ৰ আদি উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ আমাজন প্ৰাইমৰ বাবে কমিকস্তান১৮ আৰু ‘ইমপ্ৰভ অল ষ্টাৰ্ছ’ তথা টিএলচিৰ বাবে ‘কুইনছ অৱ কমেডী’১৯ আদি অনুষ্ঠানৰ বিচাৰক আছিল। চুৰকা অবিছ মেথিউ, কানন গিল আৰু কেনী চেবাষ্টিয়ানৰ সৈতে "দ্য ইমপ্ৰভাইজাৰ্ছ"২০ নামৰ এটা ইমপ্ৰভ গোটৰ সদস্য আৰু আমাজন প্ৰাইম ভিডিঅ’ত তেওঁৰ ‘চামথিং ফ্ৰম নাথিং’ নামৰ এটা ইমপ্ৰভ স্পেচিয়েল আছে। তেওঁ ইমপ্ৰভাইজেচনেল কমেডী কলাৰ শিক্ষাও প্ৰদান কৰে।১২

তথ্যসূত্ৰ

  1. ↑ (15 December 2016). People find it easily digestible when guys are a little crude: Comedian Kaneez Surka. Hindustan Times
  2. ↑ (13 May 2018). Kaneez Surka on stand-up, multiculturalism and political humour. The Indian Express
  3. ↑ (24 July 2018). Kaneez Surka: I m scared to do stand-up comedy. mid-day
  4. ↑ From #MeToo to Bolly humour: Kaneez Surka takes our really random rapid fire. t2online.com
  5. ↑ Watch: Mallika Dua, Kaneez Surka reprise roles in AIB's If Apps Were People 2. Firstpost
  6. ↑ (22 May 2018). Comedienne Kaneez Surka hosts Sapan Verma, Sahil Shah and RJ Malishka in her game show. mid-day
  7. ↑ (24 July 2018). Comicstaan's Latest Episode Focuses On Kaneez Surka's Improv Round!. Businessofcinema.com
  8. ↑ 'Comicstaan' Review: The Future Looks Pretty Funny. The Quint
  9. ↑ (14 March 2017). Comedians talk about books they read in new YouTube series. mid-day
  10. ↑ Things to do in Mumbai today. Mumbai Mirror
  11. ↑ Instagram. www.instagram.com
  12. ↑ Kale, Arun. (26 August 2014). Kaneez Surka. Astray
  13. ↑ Vadgama, Arpita. (19 November 2016). I want to explore story-telling: Kaneez Surka. The Times of India
  14. ↑ (18 May 2015). Laughter Therapy With The Rising Stars of Comedy. NDTV
  15. ↑ Gianani, Kareena. (19 May 2013). Tell stories at Tall Tales, Mumbai's newest storytelling club. Mid Day
  16. ↑ Small talk: The improv lady. Mumbai Mirror
  17. ↑ Singh, Jasmine. (26 July 2015). Nothing half-baked about it. The Tribune
  18. ↑ Comictaan. firstpost
  19. ↑ Queens Of Comedy. Mumbai Mirror
  20. ↑ Singh, Anvita. (13 May 2018). Kaneez Surka on stand-up, multiculturalism and political humour. The Indian Express

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ আফ্ৰিকাৰ ব্যক্তিঅভিনেত্ৰীকমেডিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনিজ চুৰকা” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৭৯ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।