অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিতা কৃষ্ণণ

কবিতা কৃষ্ণণ (ইংৰাজী: Kavita Krishnan) হৈছে এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছত নাৰীৰ ওপৰত হোৱা হিংসাজনিত সমস্যা সম্পৰ্কে প্ৰচাৰ কৰিছিল।

হালনাগাদ: ১৬ মাৰ্চ ২০২৪ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কবিতা কৃষ্ণণ (ইংৰাজী: Kavita Krishnan) হৈছে এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছত নাৰীৰ ওপৰত হোৱা হিংসাজনিত সমস্যা সম্পৰ্কে প্ৰচাৰ কৰিছিল।১

কবিতা কৃষ্ণণ “ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তি”ৰ সদস্য আছিল আৰু দুটা দশকৰো অধিক সময় ধৰি ইয়াৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। দলটোৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া প্ৰকাশন “লিবাৰেচন”২ৰ তেওঁ সম্পাদিকা আৰু সৰ্বভাৰতীয় প্ৰগতিশীল মহিলা সমিতিৰো (AIPWA) সম্পাদিকা আছিল।৩

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

তামিলনাডুৰ কোনোৰৰ এটা তামিল পৰিয়ালত কবিতা কৃষ্ণণৰ জন্ম হৈছিল। তেওঁ ছত্তীশগড়ৰ ভিলাইত ডাঙৰ-দীঘল হৈছিল। দেউতাকে ষ্টীল প্লাণ্টত অভিযন্তা হিচাপে কাম কৰাৰ বিপৰীতে মাকে ইংৰাজী পঢ়ুৱাইছিল। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা কবিতা কৃষ্ণণে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এমফিল লাভ কৰে।

কৰ্মজীৱন

কবিতা কৃষ্ণণে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত (মুম্বাই বিশ্ববিদ্যালয়ৰ সংযুক্ত কলেজ) অৰুণ ফেৰেইৰাৰ নেতৃত্বত নাট্যগোষ্ঠীৰ অংশগ্ৰহণ কৰি বাটৰ নাট আৰু প্ৰতিবাদ কৰিছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৯৫ চনত ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদিকা হিচাপে নিৰ্বাচিত হৈছিল।৪ সেই সময়ত কবিতা কৃষ্ণণ “নিখিল ভাৰত ছাত্ৰ সমিতি”ৰ (আইছা; AISA) সদস্যা আছিল। ছাত্ৰ নেতা চন্দ্ৰশেখৰ প্ৰসাদক লগ পোৱাৰ পাছৰে পৰা তেওঁ ৰাজনীতিত অধিক সক্ৰিয় হৈ পৰে। ছাত্ৰ নেতা চন্দ্ৰশেখৰ প্ৰসাদো জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ আছিল আৰু আইছাৰ সদস্য আছিল। ১৯৯৭ চনৰ ৩১ মাৰ্চত বিহাৰৰ ছিৱানত ৰাজপথৰ এখন সভাত ভাষণ দি থকা অৱস্থাত সহযোগী চি. পি. আই. (এম. এল.) নেতা শ্যাম নাৰায়ণ যাদৱৰ সৈতে চন্দ্ৰশেখৰক হত্যা কৰা হৈছিল। এই ঘটনাৰ পিছতে সমাজকৰ্মী হিচাপে কবিতা কৃষ্ণণৰ জীৱন সলনি হৈ পৰিল। কৃষ্ণণ যুটীয়া সম্পাদক নিৰ্বাচিত হোৱাৰ এবছৰৰ আগতে জে. এন. ইউ. ছাত্ৰ সন্থাৰ সভাপতি হিচাপে থকা চন্দ্ৰশেখৰে প্ৰথমে তেওঁৰ আবেগক স্বীকাৰ কৰিছিল আৰু মহিলাৰ অধিকাৰৰ বাবে পূৰ্ণকালীন কাম কৰিবলৈ পৰামৰ্শ দিছিল।৫ চান্দুৰ (জে. এন. ইউ.ৰ শিক্ষাৰ্থীসকলে চন্দ্ৰশেখৰক মৰমতে চান্দু বুলি মাতিছিল) হত্যাৰ পিছত জে এন ইউৰ হাজাৰ হাজাৰ ছাত্ৰই গণ বিক্ষোভত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাক্তন সাংসদ সদস্য মহম্মদ চাহাবুদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়, কাৰণ শিক্ষাৰ্থীসকলে বিশ্বাস কৰিছিল যে তেওঁৰ লোকে এই আক্ৰমণ সংঘটিত কৰিছিল।৬ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা কৃষ্ণণ সহিতে সকলো প্ৰতিবাদকাৰীক লালু যাদৱৰ লোকে আক্ৰমণ কৰিছিল।৭ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত তেওঁক আঠ দিন কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল।৮৯

২০১২ চনত ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত ২৩ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ পিছত সংঘটিত হোৱা ধৰ্ষণ বিৰোধী ব্যাপক প্ৰতিবাদৰ সময়ত অন্যতম প্ৰভাৱশালী কৰ্মী১০ হিচাপে কবিতা কৃষ্ণণৰ বক্তৃতাসমূহে যথেষ্ট অৰিহণা যোগাইছিল। দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ ঘৰৰ বাহিৰত হোৱা প্ৰতিবাদস্থলীত তেওঁ দিয়া এটা ভাষণ ইউটিউবত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল।১১

২০২২ চনৰ ১ ছেপ্টেম্বৰত এটা ফেচবুক পোষ্টৰ জৰিয়তে কৃষ্ণণে চি.পি.আই. (এম.এল.) মুক্তি দলৰ তেওঁ দলৰ সাধাৰণ সদস্য হৈ থাকিব কিন্তু বাকী সকলো পদবী আৰু দায়িত্বৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। চীন আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সৈতে জড়িত বিভিন্ন বিষয়ত নেতৃত্বৰ সৈতে তেওঁৰ মতানৈক্যৰ পৰিণতি হিচাপে তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ আগৰ মাহবোৰত তেওঁ প্ৰায়ে সমাজবাদী আৰু কমিউনিষ্ট শাসন ব্যৱস্থাক সমালোচনা কৰিছিল।১২১৩

গ্ৰন্থ

  • ফিয়েৰলেছ ফ্ৰীডম (Fearless Freedom) ২০২০ চনৰ মে’ মাহত প্ৰকাশ পাইছিল।

স্বীকৃতি

২০১৪ চনৰ “বিবিচিৰ ১০০ গৰাকী মহিলা”ৰ ভিতৰত অন্যতম হিচাপে কবিতা কৃষ্ণণে স্বীকৃতি লাভ কৰিছিল।১৪

তথ্যসূত্ৰ

  1. ↑ Kumar, Sanjay. Interview with Kavita Krishnan. The Diplomat
  2. ↑ CPI (ML) Liberation · Links International Journal of Socialist Renewal. links.org.au
  3. ↑ AIPWA blog. AIPWA
  4. ↑ Iqbal, Naveed. The making of an activist. The Indian Express
  5. ↑ Bazliel, Sharla. Kavita Krishnan on Delhi gangrape. India Today
  6. ↑ Staff Reporter. (2012-03-24). Three sentenced to life in Chandrasekhar murder case. The Hindu
  7. ↑ Joshi, Rajesh. Red Island Erupts. Outlook
  8. ↑ Krishnan, Kavita. Tongueless in Tihar. Tehelka
  9. ↑ (2016-09-05). INDIA: Student leader arrested for 1997 protest. Green Left Weekly
  10. ↑ Ray, Tinku. NPR Blogs. NPR
  11. ↑ Kavita Krishnan, Secretary of the All India Progressive Women's Association (AIPWA). YouTube
  12. ↑ Scroll Staff. (2 September 2022). Kavita Krishnan quits all posts in CPI(M-L) after calling Soviet regime, China autocratic. Scroll.in
  13. ↑ Sharma, Unnati. (2022-09-02). 'Left not fully consistent, coherent about democracy', says Kavita Krishnan after CPI(M-L) exit. ThePrint
  14. ↑ (2014-10-26). Who are the 100 Women 2014?. BBC News

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীসমাজকৰ্মীভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা কৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৪১২২৩২ (১৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।