অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিতা দেৱী (মল্ল যোদ্ধা)

কবিতা দালাল (Kavita Dalal জন্ম ২০ ছেপ্টেম্বৰ, ১৯৮৬) হৈছে বৰ্তমান ডাব্লিউডাব্লিউইত ৰিং নাম কবিতা দেৱী বুলি পৰিচিত এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা। তেওঁ, তেওঁলোকৰ উন্নয়নমূলক অঞ্চল এনএক্সটিত প্ৰদৰ্শন কৰে। দেৱী হৈছে ডাব্লিউডাব্লিউইত কুস্তি খেলা প্ৰথম ভাৰতীয় পেছাদাৰী মহিলা মল্লযোদ্ধা।

হালনাগাদ: ৬ মে’ ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কবিতা দালাল (Kavita Dalal জন্ম ২০ ছেপ্টেম্বৰ, ১৯৮৬) হৈছে বৰ্তমান ডাব্লিউডাব্লিউইত ৰিং নাম কবিতা দেৱী বুলি পৰিচিত এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা। তেওঁ, তেওঁলোকৰ উন্নয়নমূলক অঞ্চল এনএক্সটিত প্ৰদৰ্শন কৰে। দেৱী হৈছে ডাব্লিউডাব্লিউইত কুস্তি খেলা প্ৰথম ভাৰতীয় পেছাদাৰী মহিলা মল্লযোদ্ধা।১ দেৱীয়ে পূৰ্বতে ৰিং নাম কবিতা আৰু হাৰ্ড কেডিৰ অধীনত কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্টৰ বাবে স্বতন্ত্ৰ বৰ্তনীত কুস্তি খেলিছিল।

ব্যক্তিগত জীৱন

হাৰিয়ানাৰ জিন্দ জিলাৰ অন্তৰ্গত জুলানা তহচিলৰ মালৱী গাঁৱত ২০ ছেপ্টেম্বৰ ১৯৮৬ তাৰিখে কবিতা দেৱীৰ জন্ম হয়। তেওঁলোকৰ মুঠ পাঁচজন ভাই-ভনী আছিল। ২০০৯ চনত দেৱী বিবাহ পাশত আৱদ্ধ হয় আৰু ২০১০ চনত তেওঁ এটা সন্তানৰ মাতৃ হয়। ইয়াৰ লগে লগে দেৱীয়ে ক্ৰীড়া জগতৰ পৰা বিদায় ল'ব বিচাৰিছিল কিন্তু স্বামীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ খেলা অব্যাহত ৰাখে। ২

বঁটা

দেৱীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে, তেওঁ ২০১৬ চনৰ দ্বাদশ দক্ষিণ এছিয়ান গেমছত ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল। ৩

পেছাদাৰী কুস্তি কেৰিয়াৰ

কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্ট (২০১৬-২০১৭)

২৪ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে, কবিতা দালালে কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্টৰ হৈ গ্ৰেট খালিৰ প্ৰচাৰত প্ৰৱেশ কৰে আৰু এগৰাকী পেছাদাৰী মল্লযোদ্ধা হিচাপে প্ৰশিক্ষণ আৰম্ভ কৰে। দেৱীয়ে জুন ২০১৬ ত ৰিং নাম কবিতাৰে প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰিছিল। তেওঁক আক্ৰমণৰ পূৰ্বে কবিতাই বি.বি বুল বুলৰ "মুক্ত প্ৰত্যাহ্বান" গ্ৰহণ কৰিছিল। ২৫ জুনত, তেওঁ প্ৰথম মিক্সড টেগ দলৰ খেলত বি.বি চুল বুল আৰু চুপাৰ খালছাৰ বিৰুদ্ধে চাহিল চাংৱানৰ সৈতে দল বদ্ধ হৈ হাৰ্ড কেডি নামৰ এটা নতুন ৰিঙত খেলিছিল। কবিতাই তেওঁৰৰ প্ৰশিক্ষক দা গ্ৰেট খালীক তেওঁৰ মুখ্য অনুপ্ৰেৰণা হিচাপে উল্লেখ কৰিছে।

ডাব্লিউডাব্লিউই (২০১৭-২০২১)

১৩ জুলাই ২০১৭ তাৰিখে, তেওঁক মে ইয়ং ক্লাছিক টুৰ্ণামেণ্টৰ অন্যতম অংশগ্ৰহণকাৰী হিচাপে ঘোষণা কৰা হয়।৪ ২৮ আগষ্টত কবিতাক প্ৰথম ৰাউণ্ডত ডাকোটা কাইয়ে খেলত পৰাজিত কৰে।৫

১৫ অক্টোবৰ ২০১৭ তাৰিখে, ডাব্লিউডাব্লিউইয়ে ঘোষণা অনুসৰি তেওঁ জানুৱাৰী ২০১৮ত তেওঁলোকৰ প্ৰদৰ্শন কেন্দ্ৰত প্ৰশিক্ষণ আৰম্ভ কৰে।৬ ২০১৮ চনৰ ৮ এপ্ৰিলত দেৱীয়ে কোম্পানীৰ অংশ হিচাপে প্ৰথম বাৰৰ বাবে প্ৰদৰ্শন কৰে আৰু লগতে ৰেচেলমেনিয়া ৩৪ ত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰাৰ উপৰি উদ্বোধনী ৰেচেলমেনিয়া মহিলা যুদ্ধ ৰয়েলৰ প্ৰতিযোগিতাটো প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰে য'ত তেওঁ ছাৰাহ লোগানৰ হাতত পৰাজিত হ'ব লগা হয়। ৭ ১৯ এপ্ৰিলত দেৱীয়ে এনএক্সটি লাইভ ইভেণ্টত হিল হিচাপে আত্মপ্ৰকাশ কৰে আৰু ডাকোটা কাই আৰু ষ্টেফানি নেৱেলৰ বিৰুদ্ধে আলিয়াৰ সৈতে এক দলবদ্ধ হয়। তেওঁ মে ইয়ং ক্লাছিক ২০১৮ ত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম ৰাউণ্ডতে কেইটলিনৰ হাতত পৰাজিত হয়।৮ ২০২১ চনৰ ১৯ মে'ত দেৱীক ডাব্লিউডাব্লিউইৰ পৰা চুক্তি মুক্ত হোৱাৰ কথা ঘোষণা কৰা হয়।৯ অৱশ্যে, এসপ্তাহ পিছত দেৱীয়ে উল্লেখ কৰে যে তেওঁ এতিয়াও ডাব্লিউডাব্লিউইৰ সৈতে কাম কৰি আছে। জানুৱাৰী ২০১৯-ত তেওঁ ভাৰতত ডাব্লিউডাব্লিউই চুপাৰ লীগ আৰম্ভ কৰিবলৈ খেলুৱৈ বাছনি কৰাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ (23 June 2017). Kavita set to become 1st Indian woman to appear in WWE. tribuneindia.com
  2. ↑ (16 January 2019). WWE में कविता दलाल की तरह अब और भारतीय छोरियां भी दिखाएंगी दमखम. Dainik Jagran
  3. ↑ (14 February 2017). South Asian Games 2016: Gold rush continues for India on 4th day. catchnews.com
  4. ↑ (13 July 2017). Mae Young Classic competitors announced at Parade of Champions. WWE
  5. ↑ Richard, Trionfo. (28 August 2017). Mae Young Classic Episode Three Report: Garrett Versus Niven, Belair Versus Beckett, Kai Versus Devi, And Storm Versus Raymond. PWInsider
  6. ↑ (15 October 2017). WWE signs first female talent from India and the Middle East to developmental contracts. WWE
  7. ↑ Stuart, Carapola. (8 April 2018). Complete Wrestlemania 34 Kickoff Show Coverage. PWInsider
  8. ↑ Williams, JJ. (20 April 2018). Nxt Sanford, Fl, Live Results: Kacy Catanzaro Makes Her Debut. F4WOnline
  9. ↑ Eight NXT on- air talent released by WWE. Wrestling observer

সম্পৰ্কিত শ্ৰেণী

মল্লযোদ্ধা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা দেৱী (মল্ল যোদ্ধা)” প্ৰবন্ধৰ সংশোধন ৬০৪৮৭৭ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।