এৰিকা জেনিফাৰ ফাৰ্নাণ্ডেছ (ইংৰাজী ভাষা: Erica Jennifer Fernandes; জন্ম: ৭ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল, যিয়ে বিশেষকৈ টেলিভিছনৰ কামৰ বাবে পৰিচিত। তেওঁ তামিল ভাষা, হিন্দী ভাষা, তেলুগু ভাষা আৰু কন্নড় ভাষা ছবিত অভিনয় কৰিছে। ফাৰ্নাণ্ডেছে তামিল ভাষা ছবি আইন্ধু আইন্ধু আইন্ধুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ টেলিভিছনত পোনপ্ৰথমবাৰৰ বাবে কুছ ৰং প্যাৰ কে এইচে ভী ধাৰাবাহিকত ড° সোনাক্ষী বসুৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ উপৰি তেওঁ কন্নড় ভাষা ছবি নিনিন্দলে আৰু গালিিপাটমকে ধৰি বহুকেইখন তামিল ভাষা ছবিত অভিনয় কৰিছে। ফাৰ্নাণ্ডেছক কচৌটী জিন্দগী কে ধাৰাবাহিকত প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবেও জনা যায়।
প্ৰাৰম্ভিক জীৱন
এৰিকা জেনিফাৰ ফাৰ্নাণ্ডেছৰ জন্ম ১৯৯৩ চনৰ ৭ মে’ত১ মুম্বাইৰ এটা মাংগালোৰিয়ান কেথলিক কোংকণী পৰিয়ালত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰালফ ফাৰ্নাণ্ডেছ আৰু মাতৃৰ নাম লেভিনা ফাৰ্নাণ্ডেছ।২ তেওঁ কুৰ্লাৰ হোলী ক্ৰছ হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা লাভ কৰে আৰু ছনৰ এছ.আই.ই.এছ. কলেজ অৱ আৰ্টছ, চায়েঞ্চ এণ্ড কমাৰ্চৰপৰা প্ৰাক-স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেওঁ বান্দ্ৰাৰ চেইণ্ট এণ্ড্ৰিউজ কলেজত স্নাতক ডিগ্ৰীৰ বাবে নাম ভৰ্তি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মডেলিং কেৰিয়াৰ গঢ়িবলৈ পঢ়া-শুনা আধাতে এৰি দিছিল।
মাধ্যম
২০১৭ চনত ফাৰ্নাণ্ডেছে দ্য টাইমছ অৱ ইণ্ডিয়াৰ ভাৰতীয় টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছিল।৩
২০১৮ চনৰ দ্য টাইমছ অৱ ইণ্ডিয়াৰ ভাৰতীয় টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত তেওঁ তৃতীয় স্থানত আছিল।৪ একে বছৰতে দ্য টাইমছ অৱ ইণ্ডিয়াই তেওঁক টেলিভিছনৰ ‘শীৰ্ষ ১০ জনপ্ৰিয় অভিনেত্ৰী’ৰ তালিকাত অষ্টম স্থান দিছিল।৫
২০১৯ চনৰ ইষ্টাৰ্ণ আইৰ ৫০ গৰাকী যৌন আবেদনময়ী এছিয়ান মহিলাৰ তালিকাত ফাৰ্নাণ্ডেছে ত্ৰয়োদশ স্থান আৰু দ্য টাইমছ অৱ ইণ্ডিয়াৰ ২০১৯ চনৰ টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছিল।৬
২০২০ চনত দ্য টাইমছৰ টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত ফাৰ্নাণ্ডেছে প্ৰথম স্থান লাভ কৰিছিল।৭
তথ্যসূত্ৰ
- ↑ (25 February 2023). 5 times Birthday girl Erica Fernandes proved her love for sarees · PINKVILLA
- ↑ Kavya Christopher. (18 October 2013). Puneeth is very down to earth: Erica Fernandes. The Times of India
- ↑ (20 May 2018). Meet The Times 20 Most Desirable Women on TV. The Times of India
- ↑ Meet TV's most desirable actresses. The Times of India
- ↑ (2 March 2018). Top 10 TV Actress. The Times of India
- ↑ Meet the Times Top 20 Most Desirable Women on TV 2019. The Times of India
- ↑ (12 June 2021). Meet The Times 20 Most Desirable Women on Television 2020. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিকা ফাৰ্নাণ্ডেছ” প্ৰবন্ধৰ সংশোধন ৫৯৮০৪৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।