এৰিন ভিক্টোৰিয়া হোলেণ্ড (ইংৰাজী ভাষা: Erin Victoria Holland; জন্ম: ২১ মাৰ্চ ১৯৮৯) এগৰাকী অষ্ট্ৰেলিয়ান গায়িকা, টেলিভিছন ঘোষিকা, মডেল, নৃত্যশিল্পী, দানশীল কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৩ চনৰ ২০ জুলাইত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰিছিল।১
তেওঁ পাকিস্তান ছুপাৰ লীগৰ ৪, ৫, ৭, ৮, ৯ আৰু বৰ্তমানৰ ১০ নম্বৰ সংস্কৰণত এগৰাকী ক্ৰীড়া ঘোষিকা হিচাপে কাম কৰিছে। ইয়াত তেওঁ খেলপথাৰৰপৰা খেলসমূহৰ বিৱৰণ দিয়াৰ লগতে খেলৰ পৰৱৰ্তী অনুষ্ঠানসমূহো পৰিচালনা কৰে।২ তেওঁ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ বেন কাটিংৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।৩
প্ৰাৰম্ভিক জীৱন
হোলেণ্ডৰ জন্ম সুদূৰ উত্তৰ কুইন্সলেণ্ডৰ কেন্সত হৈছিল।৪ তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ত্ৰিছ আৰু মাৰ্ক হোলেণ্ড।৫ তিনি বছৰ বয়সৰপৰাই তেওঁৰ সংগীতৰ প্ৰতি অনুৰাগ গঢ়ি উঠিছিল, যেতিয়া তেওঁৰ দেউতাকে তেওঁক ৰেকৰ্ডাৰ বজাবলৈ শিকাইছিল।৫ এই প্ৰাৰম্ভিক পৰিচয়ৰ পিছত তেওঁ এগৰাকী শাস্ত্ৰীয়, সংগীত নাটক আৰু জাজ গায়িকা হিচাপে প্ৰশিক্ষণ লয়। ইয়াৰ উপৰি তেওঁ ক্লাৰিনেট আৰু চেক্সোফোন বজাইছিল আৰু সংগীত তত্ত্ব অধ্যয়ন কৰিছিল। এদিন ব্ৰডৱে থিয়েটাৰত এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে কাম কৰাৰ তেওঁৰ সপোন আছিল।
হোলেণ্ডে ৪ বছৰ বয়সৰপৰাই জাজ আৰু টেপ ডান্সৰ প্ৰশিক্ষণ লৈছিল। স্কুলীয়া শিক্ষাৰ সময়ছোৱাত তেওঁ অৰ্কেষ্ট্ৰা, বিগ বেণ্ড, কোৱায়াৰ, উইণ্ড এনচেম্বল আৰু বহুতো সংগীত নাটকত অংশগ্ৰহণ কৰিছিল।
তেওঁৰ অপেছাদাৰী থিয়েটাৰত অভিনয়ৰ ভিতৰত আছিল এনিথিং গোজ (ৰেনো ছুইনি), বিউটি এণ্ড দ্য বিষ্ট (বেলে), এনি (লিলি) আৰু ফেম (কাৰমেন)। ২০০৬ চনত কেন্স ষ্টেট হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত এৰিন নিজৰ সপোন পূৰণ কৰিবলৈ চিডনীলৈ গুচি যায় আৰু চিডনী কনজাৰভেটৰিয়াম অফ মিউজিকত জলপানীৰে অধ্যয়ন কৰিবলৈ লয়।৫
শিক্ষা

হোলেণ্ড এগৰাকী শাস্ত্ৰীয় প্ৰশিক্ষণপ্ৰাপ্ত ছপ্ৰানো গায়িকা। তেওঁ চিডনী কনজাৰভেটৰিয়াম অফ মিউজিকৰপৰা বেচেলৰ অফ ক্লাছিকেল ভইচ ডিগ্ৰী লাভ কৰিছে।৬ ২০০৬ চনত কেন্স ষ্টেট হাইস্কুলৰপৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ জলপানী লাভ কৰিছিল। চিডনী বিশ্ববিদ্যালয়ৰ দ্য উইমেনছ কলেজৰপৰাও এৰিনে সংগীতৰ জলপানী লাভ কৰিছিল, য’ত তেওঁ স্নাতক ডিগ্ৰীৰ ৪ বছৰ সময় অতিবাহিত কৰিছিল।
তেওঁ শাস্ত্ৰীয় কণ্ঠ সংগীত, ক্লাৰিনেট আৰু থিয়ৰী এ.এম.ই.বি পৰীক্ষাত উন্নত অৰ্হতা অৰ্জন কৰাৰ লগতে জাজ আৰু টেপ ডান্স পৰীক্ষাতো সফলতা লাভ কৰিছে।
মডেলিং কেৰিয়াৰ
মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া ২০১৩
২০১৩ চনৰ ২০ জুলাইত হোলেণ্ডে ৩২ গৰাকী চূড়ান্ত প্ৰতিযোগীক পৰাস্ত কৰি মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়াৰ খিতাপ দখল কৰে।৭ প্ৰতিযোগিতাৰ প্ৰতিভা (টেলেণ্ট) শাখাৰ বাবে হোলেণ্ডে ১৯৭২ চনৰ সংগীতভিত্তিক চলচ্চিত্ৰ কেবাৰেটৰপৰা "মেবি দিছ টাইম" গীতটো গাইছিল আৰু মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া টেলেণ্টৰ খিতাপৰ সৈতে প্ৰথম স্থান লাভ কৰিছিল।৮৯ ইয়াৰ পিছত তেওঁ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত মিছ ৱৰ্ল্ড আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল।১০ তেওঁ নিজৰ এই সফলতাৰ কৃতিত্ব পৰিয়াল, বন্ধু-বান্ধৱী আৰু মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া প্ৰতিষ্ঠানক প্ৰদান কৰে।
মিছ ৱৰ্ল্ড ২০১৩
২০১৩ চনৰ ২৮ ছেপ্টেম্বৰত হোলেণ্ডক 'মিছ ৱৰ্ল্ড কণ্টিনেণ্টেল কুইন অৱ বিউটি, ওচেনিয়া' সন্মানেৰে বিভূষিত কৰা হয় আৰু তেওঁ ১৩০খন দেশৰ ভিতৰত সামগ্ৰিক প্ৰতিযোগিতাৰ শীৰ্ষ ১০ জনীয়া তালিকাত স্থান লাভ কৰে। প্ৰতিযোগিতাৰ প্ৰতিভা শাখাৰ বাবে তেওঁ ১৯৯০ চনৰ সংগীত নাটক জেমিল এণ্ড হাইডৰপৰা "চামৱান লাইক ইউ" গীতটো পৰিৱেশন কৰিছিল আৰু তাত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ খিতাপ পাইছিল। ইয়াৰ উপৰি হোলেণ্ডে সমাজসেৱামূলক শাখা 'বিউটি উইথ এ পাৰ্পাজ'ত প্ৰথম ৰানাৰ্ছ-আপ আৰু সাক্ষাৎকাৰ শাখাত অষ্টম স্থান লাভ কৰিছিল।
মিছ ৱৰ্ল্ড ওচেনিয়া হিচাপে হোলেণ্ডে প্ৰতিযোগিতাৰ পিছৰেপৰা মিছ ৱৰ্ল্ড সংস্থাৰ সৈতে বিভিন্ন দেশ ভ্ৰমণ কৰিছে। তেওঁ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে শেহতীয়াকৈ ইংলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় 'মিষ্টাৰ ৱৰ্ল্ড ২০১৪' প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল।
সমাজসেৱামূলক কাম
প্ৰাক্তন সৌন্দৰ্য ৰাণী হিচাপে হোলেণ্ড আন্তঃৰাষ্ট্ৰীয় 'বিউটি উইথ এ পাৰ্পাজ' চ্যাৰিটিৰ এগৰাকী দূত।১১ ইয়াৰ জৰিয়তে তেওঁ অষ্ট্ৰেলিয়াৰ নৰ্দান টেৰিটৰীত অৱস্থিত লিলা কমিউনিটি নামৰ এটা দুৰ্গম খিলঞ্জীয়া সম্প্ৰদায়ক সহায় কৰাৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে। তেওঁ 'ভেৰাইটি, দ্য চিলড্ৰেনছ চেৰিটি' আৰু 'মেক-এ-উইচ ফাউণ্ডেশ্যন'ৰ সৈতেও জড়িত।১১ ইয়াৰ উপৰি তেওঁ ৰোনাল্ড মেকডোনাল্ড চেৰিটিক সমৰ্থন কৰি 'মেকহেপ্পি ডে'ৰ এম্বেছাদৰ হিচাপে কাম কৰি আহিছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Koha, Nui Te. (2013-07-22). Sydney opera singer Erin Holland takes Miss World Australia title. The Daily Telegraph
- ↑ Lodhi, Rida. (2022-02-09). Why Pakistan's love for Erin Holland isn't one-sided affair. The Express Tribune
- ↑ (2021-02-14). Ben Cutting marries his long time girlfriend and cricket presenter Erin Holland. CricTracker
- ↑ Drysdale, Caitlin. (2014-11-14). The Far North's own sizzling Erin Holland hits the beach in Sydney. The Cairns Post
- ↑ Rocca, Jane. (2021-12-18). 'It works in a way I never thought possible': Erin Holland on her marriage to Ben Cutting. The Sydney Morning Herald
- ↑ (2013-07-21). Modest Erin takes Miss World title. Daily Telegraph
- ↑ (2013-07-21). Erin swans on to World stage. NewsComAu
- ↑ (2016-05-10). Stars Cars: Miss World Australia Erin Holland
- ↑ Lu, Anne. (2013-07-22). Opera Singer Erin Holland Nabs Miss World Australia Title. International Business Times AU
- ↑ Cairns News · Local News Cairns QLD · The Cairns Post
- ↑ (2019-05-08). Former Miss World Oceania is top TV Sports presenter. Miss World
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিন হোলেণ্ড” প্ৰবন্ধৰ সংশোধন ৫৯৪৯০০ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।