আইন্দ্ৰিতা ৰয় (জন্ম: ৩ মাৰ্চ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী,১ তেওঁ প্ৰধানকৈ কানাড়া চলচ্চিত্ৰত অভিনয় কৰে। ২০০৭ চনত তেওঁ অভিনয় জীৱনত আত্মপ্ৰকাশ কৰে, মেৰাভানিগেত অভিনয় কৰে আৰু কেইবাখনো ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰি কানাড়া চিনেমাৰ এগৰাকী আগশাৰীৰ সমসাময়িক অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।২ মনসাৰেত মানসিকভাৱে অক্ষম ছোৱালী দেৱিকাৰ চৰিত্ৰত সমালোচকৰ প্ৰশংসিত অভিনয়ৰ বাবে হয়তো তেওঁ বেছি জনাজাত।
জন্ম আৰু পৰিচয়
আইন্দ্ৰিতা ৰয় ৰাজস্থানৰ উদয়পুৰৰ এটা বঙালী পৰিয়ালত পৰিয়ালৰ কনিষ্ঠ কন্যা হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু তাতেই তেওঁ শৈশৱ পাৰ কৰি তাৰ পিছত মুম্বাইলৈ গুচি যায়। পিতৃ এ কে ৰয় ভাৰতীয় বায়ুসেনাৰ এগৰাকী দন্ত চিকিৎসক হোৱাৰ বাবে তেওঁ পৰিয়ালৰ সৈতে এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হয় আৰু অৱশেষত তেওঁলোক বাংগালুৰুত বসতি স্থাপন কৰে।৩
আইন্দ্ৰিতাই বেংগালুৰুৰ বাল্ডউইন গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰিছিল। পিছলৈ বাংগালুৰুৰ এম আৰ আম্বেদকাৰ ডেণ্টেল কলেজত যোগদান কৰি দন্ত চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়াৰ সময়ত তেওঁ পাৰ্ট টাইম মডেলিং কৰিছিল, টেলিভিছনৰ বিজ্ঞাপনত অভিনয় কৰিছিল, যাৰ ফলত তেওঁৰ চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পথ প্ৰশস্ত হৈছিল। তেওঁ কানাড়া চিনেমাত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু মাজে মাজে এমেচাৰ/চুটি ছবিত অভিনয় কৰে।
অভিনয় জীৱন
আইন্দ্ৰিতা ৰয়ে ফেশ্বন কৰিঅ’গ্ৰাফাৰ এম এছ শ্ৰীধৰৰ অধীনত প্ৰশিক্ষণ লৈছিল। ২০০৬ চনৰ কানাড়া ছবি জেকপটত হৰ্ষ আৰু ধ্যানে অভিনয় কৰা এটা গীততো তেওঁক দেখা গৈছিল।৪ ২০০৮ চনত প্ৰজ্বল দেৱৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰা ২০০৮ চনৰ মেৰাৱনিগে ছবিত প্ৰেমিকা নন্দিনীৰ চৰিত্ৰত অভিনয় কৰি আইন্দ্ৰিতা ৰয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল। বক্স অফিচত ছবিখনে মধ্যমীয়া সফলতা লাভ কৰে, ৰেডিফ ডট কমে তেওঁৰ অভিনয় আৰু নৃত্যৰ ক্ষমতাক প্ৰশংসা কৰে। পিছলৈ সেই বছৰতে তেওঁ কেইবাটাও মুখ্য চৰিত্ৰ থকা মষ্ট মাজা মাডিত পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰে।
২০০৯ চনত আইন্দ্ৰিতাই চিৰঞ্জীৱী সৰ্জাৰ সৈতে একচন চিনেমা বায়ুপুত্ৰত অভিনয় কৰে। ইয়াৰ পিছতে প্ৰশান্ত ৰাজৰ পৰিচালনাত নিৰ্মিত সফল ছবি লাভ গুৰুত চমুকৈ অভিনয় কৰে। অৱশ্যে জংগলী ছবিখনত তেওঁ আটাইতকৈ ডাঙৰ সকাহ পাইছিল আৰু তাৰ পিছৰ টাৰ্ণিং পইণ্ট আছিল মানসিকভাৱে অক্ষম এজনী ছোৱালীৰ চৰিত্ৰত মানছাৰেত কৰা সমালোচকৰ প্ৰশংসিত চৰিত্ৰটো। তেওঁৰ ভূমিকাৰ বাবে তেওঁ বহু বঁটা আৰু প্ৰশংসা লাভ কৰে, য’ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সুৱৰ্ণ বঁটা আৰু ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। ইয়াৰ পিছত পৰিচালক ছুৰিৰ জংগলী ছবিখনে মধ্যমীয়া সফলতা লাভ কৰে। ২০১০ চনত তেওঁ পাঁচখন ছবিত অভিনয় কৰিছিল। নুৰু জন্মাকু, নান্নাভানু, জানুমা জানুমাদল্লু আৰু বলীউডৰ এখন কাহিনী চিত্ৰ এ ফ্লেট। ভিতৰত বীৰা পৰম্পাৰে একমাত্ৰ সফল চিনেমা আছিল। এইকেইখনৰ মাজত বীৰা পৰম্পৰা একমাত্ৰ সফল ছবি আছিল আৰু ইয়াৰ বাবে ফিল্মফেয়াৰে শ্ৰেষ্ঠ অভিনেত্ৰী শাখাৰ বাবে মনোনীত কৰিছিল।
২০১৭ চনত আইন্দ্ৰিতাই ৰাজা চন্দাৰ বাংলা ছবি আমাৰ আপনজনত সোহম চক্ৰৱৰ্তী, প্ৰিয়ংকা সৰকাৰ আৰু সুভাশ্ৰী গাংগুলীৰ সৈতে অভিনয় কৰে।৫
২০২১ চনত তেওঁ প্ৰতীক গান্ধীৰ সৈতে হাৰ্দিক গজ্জাৰৰ হিন্দী কাহিনী চিত্ৰ ভৱৈত অভিনয় কৰে, যিখন ছবিয়ে ১ অক্টোবৰত ছবিগৃহত মুক্তি পায়।৬
তথ্যসূত্ৰ
- ↑ CCL photosoot 2012
- ↑ Kannada actress Aindrita Ray slapped. Rediff
- ↑ I would rather be called cute than sexy!. Rediff.com
- ↑ Kannada actresses who are dancing divas too!. The Times of India
- ↑ A Sharadhaa. (27 May 2017). Aindrita Ray in Garuda. The New Indian Express
- ↑ (14 September 2021). Pratik Gandhi's Raavan Leela now titled Bhavai to 'respect public sentiment'. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐন্দ্ৰিতা ৰয়” প্ৰবন্ধৰ সংশোধন ৪১৬৩৩৬ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।