অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিতা চাহাল

কবিতা চাহাল ( Kavita Chahal; জন্ম ৮ এপ্ৰিল ১৯৮৫) এগৰাকী ৫' ৯" ওখ হেভিৱেট ভাৰতীয় মহিলা বক্সাৰ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈকে বিশ্বৰ সৰ্বোচ্চ ৰেংকিং ২ লাভ কৰা (এআইবিএ ৰেংকিং - ২০১৬ চনত ১১ ) হাৰিয়ানাৰ ভীৱানী জিলাত বাস কৰা নিমৰি গাঁৱৰ পৰা।

হালনাগাদ: ১৭ জুন ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কবিতা চাহাল ( Kavita Chahal; জন্ম ৮ এপ্ৰিল ১৯৮৫) এগৰাকী ৫' ৯" ওখ হেভিৱেট ভাৰতীয় মহিলা বক্সাৰ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈকে বিশ্বৰ সৰ্বোচ্চ ৰেংকিং ২ লাভ কৰা (এআইবিএ ৰেংকিং - ২০১৬ চনত ১১ ১) হাৰিয়ানাৰ ভীৱানী জিলাত বাস কৰা নিমৰি গাঁৱৰ পৰা।২ তেওঁৰ স্বীকৃতি স্বৰূপে কৃতিত্বৰ বাবে ভাৰত চৰকাৰে ২০১৩ চনত অৰ্জুন বঁটা প্ৰদান কৰে।৩ চাহাল হৈছে হাৰিয়ানাৰ পৰা অহা প্ৰথমগৰাকী মহিলা বক্সাৰ যিয়ে একেৰাহে দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী, ৪-বাৰৰ এছিয়ান চেম্পিয়নশ্বিপ, এছিয়ান কাপৰ পদক বিজয়ী তেখেতে ফেডাৰেচন কাপত ৫ বাৰৰ সোণৰ পদক বিজয়ী, আৰু ২০১২ চনৰ পৰা ২০১৮ চনলৈকে সকলো ভাৰত আৰক্ষীৰ খেলত ৭ বাৰকৈ সোণৰ পদক বিজয়ী।

আৰম্ভণি জীৱন

কবিতাৰ জন্ম হৈছিল ভূপ সিং আৰু ৰমেশ দেৱী ১৯৮৫ চনৰ ৮ এপ্ৰিলত হাৰিয়ানা (ভাৰত)ৰ ভীৱানী জিলাৰ নিমৰিত জন্মগ্ৰহণ কৰে। ভীৱানী ৰাষ্ট্ৰীয় বক্সিঙৰ এক সুপৰিচিত ক্ষেত্ৰ আৰু অপেশাদাৰলৈ পৰিণত হোৱা পেছাদাৰী বক্সাৰ বিজেন্দৰ সিঙৰ বাবেও পৰিচিত।

বক্সিঙৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ তেওঁৰ পিতৃ ভূপ সিঙে শিকাইছিল, তেওঁৰ পিতৃও এজন বক্সাৰ আছিল। তাৰ পিছত কবিতাই ভীৱানী বক্সিং ক্লাবত প্ৰশিক্ষক জগদীশ সিঙৰ অধীনত প্ৰশিক্ষণ লয়, যিয়ে ইণ্ডিয়ান এছ মেল পুজিলিষ্টৰ প্ৰশিক্ষণো চম্ভালে।

নিজৰ ৰাজ্য, আৰু ভাৰতৰ বাবে পদক আৰু প্ৰশংসা লাভ কৰাৰ পিছত ২০১৩ চনত অৰ্জুন বঁটা প্ৰদান কৰা হাৰিয়ানা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপেও পৰিগণিত হয়।

আন্তঃৰাষ্ট্ৰীয় কৃতিত্ব

ক্ৰমিক নংটুৰ্ণামেণ্টবছৰস্থানফল
১বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ১৬-২৪ নৱেম্বৰ ২০১৪জেজু চহৰ, কোৰিয়া৫ম
২তৃতীয় নেচনছ কাপ১২ জানুৱাৰী ২০১৪ছাৰ্বিয়াব্ৰঞ্জ
৩বিশ্ব আৰক্ষীৰ খেল১-১০ আগষ্ট ২০১৩আয়াৰলেণ্ডসোণ
৪৭ম বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ৯-২০ মে’ ২০১২চীনব্ৰঞ্জ
৫ষষ্ঠ এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপ১৬-২৬ মাৰ্চ ২০১২মংগোলিয়াব্ৰঞ্জ
৬১ম এছিয়ান কাপ মহিলা বক্সিং প্ৰতিযোগিতা৭-৮ মে’ ২০১১হাইকৌ, চীনব্ৰঞ্জ
৭ষষ্ঠ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ৭-১৯ ছেপ্টেম্বৰ ২০১০বাৰ্বাডোছ, পশ্চিম ইণ্ডিজব্ৰঞ্জ
৮৫ম এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপ২৩-৩১ মে’ ২০১০আস্তানা, কাজাকিস্তানব্ৰঞ্জ
৯আন্তঃৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বক্সিং প্ৰতিযোগিতা৭ৰ পৰা ১১ এপ্ৰিল ২০১০লৈতুৰস্কব্ৰঞ্জ
১০আন্তঃৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বক্সিং প্ৰতিযোগিতা২০০৯ চনততুৰস্কQF
১১চতুৰ্থ এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপ২০০৮ চনতগুৱাহাটীৰূপ
১২DUAL TRAINING আৰু প্ৰতিযোগিতা২০০৮ চনতকানাডাৰূপ

বঁটা আৰু স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ Women's Heavy (81+ kg) as of Oct 2016. D152tffy3gbaeg.cloudfront.net
  2. ↑ Indian Boxing Federation Boxer Details. Indiaboxing.in
  3. ↑ (2013-08-31). Sodhi conferred Khel Ratna; Arjuna awards for 14 others. Timesofindia.indiatimes.com
  4. ↑ (2014-01-18). Haryana to honour 17 sportsperson with 'Bhim' award. Timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা চাহাল” প্ৰবন্ধৰ সংশোধন ৬১২৬৩১ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।