অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কাজলীচকী

কাজলীচকী(𑜀𑜠𑜊𑜡𑜎𑜣,Kajali fort) আহোম ৰাজ্য (মু'ঙ দুন চুন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪)ৰ সুৰক্ষাৰ বাবে স্থাপন কৰা আহোম সেনাছাউনী আছিল যি বৰ্তমান প্ৰত্নতত্ব বিভাগৰ দ্বাৰা এখন সংৰক্ষিত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। এই সেনা চাউনী কলং নৈৰ পশ্চিম মুখত স্থাপন কৰা হৈছিল।

হালনাগাদ: ২০ মে’ ২০২৫ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৯৩
সংশোধনৰ পৰামৰ্শ

কাজলীচকী(𑜀𑜠𑜊𑜡𑜎𑜣,Kajali fort) আহোম ৰাজ্য (মু'ঙ দুন চুন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪)ৰ সুৰক্ষাৰ বাবে স্থাপন কৰা আহোম সেনাছাউনী আছিল যি বৰ্তমান প্ৰত্নতত্ব বিভাগৰ দ্বাৰা এখন সংৰক্ষিত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ।১ এই সেনা চাউনী কলং নৈৰ পশ্চিম মুখত স্থাপন কৰা হৈছিল।২৩ কাজলীচকী কাজলিমুখীয়া গোহাঞি আৰু কাজলি ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল, তেওঁ কাজলমুখত বসবাস কৰি তাত থকা সেনাবাহিনীৰ কোঠ আৰু ১০০০ জন সৈন্য পৰিচালনা কৰিছিল।৪ শৰাইঘাটৰ ৰণত এই সেনাৰ চকীৰ যথেষ্ঠ প্ৰাধান্য আছিল।

ৰণত ব্যৱহাৰ

বান-তি কোঠৰ উদ্ধাৰ

কাজলীচকীতে চাওঁফা চ্যু-চেং-ফাৰ দিনত কাজলি ৰজা নামৰ এজন ৰজা দায়িত্বত ৰখা হৈছিল।৫ লাকনি কাট-ৰাও বৰ্ষ (১৬৩৭ চনত) চাওফা চ্যু-চেং-ফাই নেওগ ফুকনৰ পুতেক এজনক কাজলিত কাজলি ৰজাৰ লগতে আহোম ৰাজ্যৰ কেইবাজনো ৰজাক আৰু ডাঙৰীয়াক গোট খুৱাই উপহাৰ দিয়াৰ লগতে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ আদেশ দিছিল।৫ মোগলৰ সৈতে হোৱা ৰণত বান-তি নামৰ কোঠটো মোগলে লৈছিল।৫ আহোম সেনাই নিশা হাবানখান নামৰ মোগল বিষয়া আৰু বহু মুছলমানক হত্যা কৰি বহু বন্দুক, তৰোৱাল আৰু দহটা ঘোঁৰা লৈছিল।৫ বান-তিৰ উদ্ধাৰত কাজালীচকী ব্যৱহাৰ হৈছিল।

কাজলীৰ ৰণ (১৬৪০)

চাওফা চ্যু-ছেং-ফাৰ শাসন কালত লাক-নি ৰাও-চেও বৰ্ষ (ইংৰাজী ১৬৪০ চনত) মুছলমান সেনাই আগীয়াথুঠি গড় দখল কৰি কাজলীলৈকে আগুৱাই আহি কাজলী দখল কৰিছিল।৬ চাওফা চ্যু-ছেং-ফাই বৰগোহাঞি (থাও লুং), বুঢ়াগোহাঞি (ফ্ৰুং মুঙ) আৰু বৰপাত্ৰ গোহাঞিক (ছেং লুং) কাজলিত দখল কৰি থকা মুছলমান সৈন্যক খেদিবলৈ আদেশ দিছিল।৬ কিন্তু এই খবৰ পোৱাৰ আগেয়ে হৰি ডেকা আৰু মৰোৱা কোঁৱৰ নামৰ বিষয়া দুজনে আক্ৰমন কৰি কাজলি পুনৰ উদ্ধাৰ কৰি শত্ৰু পক্ষক খেদি পঠাই।৬ চ্যু-ছেং-ফাই বৰবৰুৱাক (ফু-কে-লুং) কাজলিত ৰখি থকাৰ আদেশ দিয়ে।৬ মুছলমান সৈন্য আকৌ ঘূৰি আহি কাজলিত আক্ৰমণ কৰে আৰু দুয়ো পক্ষৰ বহুতো লোক মৰে। মুছলমান সৈন্য যুঁজিব নোৱাৰি পিছুৱাই যায়।৬ ডাঙৰীয়া সকলে চাওফাৰ আদেশলৈ অপেক্ষা নকৰি শত্ৰু পক্ষক বালিৰ চৰত বৃহৎ অস্ত্ৰ আৰু নাও লৈ খেদি যায়। মোগল সৈন্যই ডাঙৰ জাহাজ লৈ আগবাঢ়ি আহে।৬ বিহুৱা আৰু লাই হাজৰিকা নামৰ দুজন বিষয়া যুদ্ধ এৰি পলাই যোৱাত চ্যু-চেং-ফাই মৃত্যু দণ্ড দিয়ে। আহোম সৈন্য পিছুৱাই কলিয়াবৰৰ গড়ত ছাউনী পাতে।৬

বৰ্তমানৰ কাজলীচকী

বৰ্তমান কাজলিচকি এক পৰ্যটনৰ কেন্দ্ৰৰ লগতে প্ৰত্নতাত্ত্বিক স্থান। কাজলি চকীৰ পিন নং হৈছে ৭৮১১৫০।৭

লগতে চাওক

উৎস প্ৰসংগ

তথ্যসূত্ৰ

  1. ↑ Protected Archaeological Sites and Monuments
  2. ↑ Gait 1906, পৃ. 65
  3. ↑ Allen 1905, পৃ. 32
  4. ↑ Gait 1906, পৃ. 234
  5. ↑ Baruah 1930, পৃ. 113
  6. ↑ Baruah 1930, পৃ. 124
  7. ↑ Kajali chowki postal code - pincode area

সম্পৰ্কিত শ্ৰেণী

টাই-আহোমআহোম ৰাজ্যঅসমৰ সংৰক্ষিত স্মৃতিচিহ্নঅসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজলীচকী” প্ৰবন্ধৰ সংশোধন ৫১০৫৯৬ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।