অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

গোহাঁই কমল আলি

গোহাঁই কমল আলি (Gohain Kamal Ali) কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি সম্পূৰ্ণ হয়।

হালনাগাদ: ১৮ মাৰ্চ ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

গোহাঁই কমল আলি (Gohain Kamal Ali) কমতা ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ ৰাজ্য আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি সম্পূৰ্ণ হয়।১

নামৰ উৎপত্তি

কোচ ৰজা নৰনাৰায়ণৰ সতীয়া ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল বাবে এই আলিৰ নাম গোহাঁই কমল আলি হিচাপে জনাজাত।

নিৰ্মাণ আৰু ব্যৱহাৰ

আহোম স্বৰ্গদেউ চুহুংমুহুঙে কোচৰাজ্য আক্ৰমণ কৰি আহোম আৰু কোচসকলৰ মাজত বিবাদৰ সূত্ৰপাত ঘটাইছিল। পিছলৈ নৰনাৰায়ণৰ শাসনকালত স্বৰ্গদেউ চুক্লেংমুঙে কোচৰাজ্যত আক্ৰমণ চলায়। ১৫৮৬ চনত চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ উত্তৰেদি ডিক্ৰাইলৈ এক অভিযান চলায় আৰু ডিক্ৰাই নৈৰ পাৰত তয়াময়া যুদ্ধ হয়। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰৰ বিপৰীতে থকা কলিয়াবৰত আৰু এখন সৰু যুদ্ধ হয়।২ আহোমসকলে ছালা নামৰ ঠাই এডোখৰত গোট খাই আকৌ যুদ্ধৰ বাবে সাজু হৈছিল। পিছে কোচসকলে গৈ সেই ঠাইতে তেওঁলোকক পুনৰ আক্ৰমণ কৰি বহু লোকজনৰ হানি কৰে। এই আক্ৰমণ সমূহৰ কালত কোচসকলে কোচবিহাৰত থকা তেওঁলোকৰ ৰাজধানী কোচ বিহাৰ ৰাজ্যৰ পৰা বৰ্তমানৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ ৩৫০ মাইল দীঘল এটা গড় আলি নিৰ্মাণ কৰিছিল।২ এই আলি নিৰ্মাণকাৰ্য তদাৰক কৰা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নামেৰে আলিটোৰ নাম ৰখা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি নিৰ্মাণ সম্পূৰ্ণ হয়। ইয়াৰ পিছত কোচসকলে নাৰায়ণপুৰত এটা দূৰ্গ সাজে। ইয়াৰ পিছত আহোম সকলে কোচসকলক পিছফালৰ পৰা আক্ৰমণ কৰি পিচলা নৈৰ পাৰলৈকে আগুৱাই আহে। এই যুঁজত কোচসকল শোচনীয় ভাৱে পৰাজয় হয়।

নৰনাৰায়ণে ১৫৬২ চনত পুনৰ শক্তিশালী আহোমৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। জানুৱাৰী মাহত চিলাৰায়ে নিজে দিখৌ লৈকে পৰিচালিত কৰি আহোমক সম্পূৰ্ণভাৱে পৰাস্ত কৰে।২৩

ঐতিহাসিক তাৎপৰ্য

গোহাঁই কমল আলি উত্তৰে অৱস্থিত জনজাতীয় অঞ্চল আৰু তাৰ দক্ষিণলৈ থকা অজনজাতীয় অঞ্চলৰ মাজৰ সীমা গঠন কৰিছিল। ১৫৬২ চনত মঙলদৈৰ চান্দিকাবেহাৰত নৰনাৰায়ণে এই পথৰ উত্তৰ অঞ্চলটো নিৰ্ধাৰণ কৰিছিল। ইয়াৰ মূল কাৰণ হল কোচ আৰু মেচ লোকসকলে জনজাতীয় ৰীতি-নীতি অনুসৰণ কৰিছিল আৰু দক্ষিণত ব্রাহ্মণীয় ৰীতি-নীতি অনুসৰণ কৰা হৈছিল।৪ পৰৱৰ্তী সময়ত এই পথটোৱে অসম দোৱাৰৰ দক্ষিণ সীমা গঠন কৰে। এই দোৱাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি আৰু ভূটানৰ পাহাৰত ৰাজনৈতিক শক্তিৰ মাজৰ অঞ্চল গঠন কৰিছিল।

বৰ্তমান স্থিতি

গোহাঁই কমল আলি পুৰ্ণাংগ ৰূপত এতিয়া পোৱা নাযায়। ইয়াৰ অৱশিষ্ট অৱস্থা কিছু কিছু ঠাইত দেখিবলৈ পোৱা যায়। বৰ্তমান বৰপেটাৰ সৰভোগ অঞ্চলত ইয়াৰ কিছু অংশ অৱস্থিত। ধুবুৰীৰ আগমনীতো দেখিবলৈ পোৱা যায়

তথ্যসূত্ৰ

  1. ↑ Baruah 1986, পৃ. 208
  2. ↑ কোচ-ৰজা সকল. as.vikaspedia.in
  3. ↑ Baruah 1986, পৃ. 208
  4. ↑ Nath 1989, পৃ. 55

সম্পৰ্কিত শ্ৰেণী

অসমৰ পথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোহাঁই কমল আলি” প্ৰবন্ধৰ সংশোধন ৫৮৯৯৪৬ (১৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।