চাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম জনগোষ্ঠী সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল।১ বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল।২ এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল। চাওডাংসকল হ'ল লুকুমাই আহোম। উল্লেগযোগ্য যে পুৰণি অসম বুৰজ্ঞী আৰু দেওধাই অসম বুৰজ্ঞী মতে স্বৰ্গদেউ চুকাফাই নৰা ৰাজ্য এৰি আহি আয়তনত নগৰ পাতিছিল ৷ সেইঠাই পৰ্বতৰ কাষৰ ঠেক ঠাই হোৱাত স্বৰ্গদেউৱে তাত প্রত্যেক ঘৰ ভাল মানুহৰ একোজনকৈ ৰাখি তাৰপৰা সৌমাৰলৈ আহিছিল৷ পাছত নৰা ৰজাই সেই ঠাই খোজাত দি দিলে ৷ আয়তনত যাৰ বংশ পৰিয়াল নাই সেইসকলক লুকুমাই আহোম বোলে ৷ ৩
নামৰ উৎপত্তি
চাও(𑜋𑜰𑜫) শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু ডাং (𑜓𑜂𑜫) মানে টাঙোন, শাস্তি।১ অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যিসকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওডাং(𑜋𑜰𑜫𑜓𑜂𑜫)।১
চাওডাং সকলৰ বৰ্তমান অৱস্থিতি
আহোম সকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰ মহকুমাৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাং সকলে এতিয়াও বসবাস কৰি আছে। আহোম সকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰ মহকুমাৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাং সকলে এতিয়াও বসবাস কৰি আছে। যোৰহাট জিলাৰ পাচঁটা ৰাজহ চক্র ক্রমে যোৰহাট পূৱ ৰাজহ চক্র, যোৰহাট পশ্চিম ৰাজহ চক্র, টীয়ক ৰাজহ চক্র, তিতাবৰ ৰাজহ চক্র আৰু মৰিয়নী ৰাজহ চক্রৰ অন্তৰ্গত বিভিন্ন গাৱত কম-বেছি সংখ্যক চাওডাং লোকে বসবাস কৰে। সেই গাওঁসমূহৰ নাম হ’লঃ
যোৰহাট পূৱ ৰাজহ চক্রৰ অন্তৰ্গত গাওঁ
চিনামৰা টোকোলাই গাওঁ, ন-আলি কমলবৰীয়া গাওঁ, ৩নং শেনশোৱা গাওঁ, চন্দন নগৰ, ন-আলি সুন্দৰ পথ, জেইলৰোড কমলাবৰীয়া, বলিয়া গোঁহাই পুখুৰী, লিচুবাৰী চাৰি আলি, জেইল ৰোড নৱগ্রহ মন্দিৰৰ ওচৰত আৰু অসম কৃষি বিশ্ববিদ্যালয় পথ যোৰহাট।৪
যোৰহাট পশ্চিম ৰাজহ চক্রৰ অন্তৰ্গত গাওঁ
সোণাৰী গাওঁ, ২নং চাওডাং গাওঁ, খঙীয়া গাওঁ, মালৌখাট গাওঁ, গোহাঁই গাওঁ, উত্তৰ হাতীচুঙী গাওঁ, ভকত চেউনী গাওঁ, চাৰিঙীয়া গাওঁ, ১নং শেনছোৱা গাওঁ, ২নং শেনছোৱা গাওঁ, ১নং চাওডাং গাওঁ, বৰভেটা চাপৰি গাওঁ, বাঘমৰা গাওঁ, ৰঙাইহাবি গাওঁ, কুমাৰ গাওঁ, বৰকুৰ গাওঁ আৰু চুতীয়াকাৰী গাওঁ।৫
টীয়ক ৰাজহ চক্রৰ অন্তৰ্গত গাওঁ
২নং কাৱৈমাৰী গাওঁ, টীয়ক চাওডাং গাওঁ, চুমৈমৰা গাওঁ, শেনছোৱা গাওঁ, টিপমীয়া গাওঁ, হাতীমূৰীয়া গাওঁ, চেতীয়া গাওঁ, লাহিং চাওদাং গাওঁ, বৰনঁগঞা গাওঁ, চাওডাং গাখীৰ খোৱা গাওঁ, দেওধাই গাওঁ, বলমা পথাৰ আৰু বাইলুং গাঁও।৬
তিতাবৰ ৰাজহ চক্রৰ অন্তৰ্গত গাওঁ
১ নং কাকডোঙা হাবি গাওঁ, ১নং ব্লক, অন্নপৰ্ণা গাওঁ, মিৰি গাওঁ, হাফমাইল বেল্ট, কাউৰী চুক গাওঁ, শদিয়াল কছাৰী গাওঁ, পাণজান গাওঁ, ৪নং ব্লক, বছা গাওঁ, ২নং মৰাণ গাওঁ, চাওডাং গাওঁ, কচুখাট গাওঁ, খামজগীয়া গাওঁ, অভয়াপুৰী গাওঁ, দেওঘৰীয়া গ্রান্ট, ঠেঙাল গাওঁ, লেটকু গাওঁ, খাটোৱাল গাওঁ আৰু মৰাণ গাওঁ।৭
মৰিয়নী ৰাজহ চক্রৰ অন্তৰ্গত গাওঁ
কাটনি গাওঁ, ন পমুৱা গাওঁ, কমাৰ হাজৰিকা গাওঁ, গজপুৰীয়া গাওঁ, লুজনীয়া চাওডাং গাওঁ, কুকুৰাপৰীয়া ঔগুৰি গাওঁ, ৰঙাজান গাওঁ, ৰঙাজান গ্রান্ট, নাগাধলী চাহবাগিছা, খৰিকটীয়া গ্রান্ট, ঘৰফলীয়া গাওঁ, দেৱাগুৰি চাপৰি, গৰমুৰীয়া গাওঁ, ৩৮ নং গ্রান্ট আৰু লাহিং গাওঁ, জংঘল ব্লক, নামৰূপীয়া গাওঁ, মৰঙীয়াল গাওঁ।৮
ইয়াৰোপৰি অসমৰ বিভিন্ন জিলাত চাওডাং লোকে বসবাস কৰি আছে।
লোক-সংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাং সকলে পাৰস্পৰিক আদান-প্ৰদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে।
সংস্কৃতি
চাওডাংসকলৰ ব'হাগ বিহু অতি আদৰৰ। চাওডাংসকলৰ ৰাতি বিহু আৰু দিন বিহু বৰ জনপ্ৰিয় আছিল বুলি জনা যায়। ৰাতি বিহু চ’ত মাহৰ দ্বিতীয় পক্ষত গাভৰুসকলে গাঁৱৰ ওচৰৰ মুকলি বাকৰিত ৰাতি বিহু পাতিছিল। ইয়াত কেৱল ম'হৰ শিঙৰ পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল। ৰাতি বিহু গাভৰু সকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ নকৰিছিল। কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ কৰিব পাৰিছিল। ৰাতি বিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্ৰকাৰে প্ৰকাশ কৰিবলৈ সুযোগ পাইছিল। লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া-নিয়া হৈ ভৱিষ্যৎ জীৱনৰ লগৰী বাচি ল’বলৈ সুবিধা পাইছিল। ৰাতি বিহুত কোনো ব্যভিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত, গীত-মাতেৰে, চকুৰ ঠাৰেৰে বা নাচোনৰ ভঙ্গীমাৰে নিজৰ পছন্দজনক হিয়াৰ বতৰা দিছিল। আৰু সেই সূত্ৰে কোনোবা কৰোবাৰ বাগদত্তা হৈছিল। এই সকলোবোৰ ডেকা-গাভৰু সকলৰ সন্মতি, বজাবুজি আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। ৰাতি বিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ’ল –একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতি বিহু নাপাতে। এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰু সকলৰ লগতহে বিহু মাৰিছিল। সেয়ে ৰাতি বিহুৰ ফলশ্ৰুতিত হোৱা প্ৰায়বিলাক বিবাহ একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহৈ ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল। লগতে আৰু এটা মন কৰিবলগীয়া দিশ হ'ল ৰাতিবিহু চ'তমাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা নব্বৈ শতাংশৰ বিয়া ব’হাগ মাহতে হৈছিল।৯
উৎস প্ৰসংগ
- দেওধাই ফুকন,বৰুৱা, বি,এন এন. (১৯৬৪). আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ
- ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ, ৬২পৃষ্ঠা, তৃতীয় সংস্কৰণ ২০১৭চন
তথ্যসূত্ৰ
- ↑ দেওধাই ফুকন,বৰুৱা ১৯৬৪ পৃষ্ঠা ১০৭
- ↑ দেওধাই ফুকন,বৰুৱা ১৯৬৪ পৃষ্ঠা ১০৭
- ↑ ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ,তৃতীয় সংস্কৰণ ২০১৭, পৃষ্ঠা নং ৬২
- ↑ অসম চৰকাৰৰ No.TAD/BC/633/2021/3 dated 9th June, 2021 নং নিৰ্দেশনাৰ ভিত্তিত যোৰহাট জিলা প্রশাসনে ৩০-১১-২০২২ তাৰিখে অসম চৰকাৰৰ WPT&BC Department লৈ পঠিওৱা No. JP22/2019/2063/2079 নম্বৰৰ প্রতিবেদন মতে (তিতাবৰ মহকুমা চাউদাং জাতীয় পৰিষদক দিয়া প্রতিলিপিৰ পৰা।)

- ↑ অৰূপ জ্যোতি বৰা, নিবন্ধ:চাওদাং সকলৰ ৰাতিবিহুঃ এটি আলোকপাত, অসমীয়াত কথা বতৰা (ফেচবুক গোট)২৯ মাৰ্চ, ২০১৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাওদাং” প্ৰবন্ধৰ সংশোধন ৬০৮৯৪১ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।