জাপানিজ এনকেফেলাইটিছ (Japanese encephalitis) মহৰ দ্বাৰা সংক্ৰমিত এটা প্ৰাণীজনিত ৰোগ (Zoonotic disease)। কিউলিছিন মহে এই ৰোগ বিয়পায়। এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল জাপানিজ এনকেফেলাইটিছ ভাইৰাছ। প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামকৰণ কৰা হৈছিল।১ এই ভাইৰাছবিধ ভাইৰাছৰ 'Flaviviridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভাইৰাছ।
পোহনীয়া গাহৰি আৰু বনৰীয়া বগলীজাতীয় চৰাই (herons)ৰ দেহত এই ৰোগৰ বীজাণু সঞ্চিত (reservoir) হৈ থাকে। কিউলেক্স মহৰ দুটা প্ৰধান প্ৰজাতি 'Culex tritaeniorhynchus' আৰু 'Culex vishnui'ৰ দ্বাৰা মানুহলৈ বিয়পে। এই ৰোগবিধ দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়াত সচৰাচৰ হোৱা দেখা যায়
ৰোগৰ লক্ষণ
জাপানিজ এনকেফেলাইটিছ ৰোগ সংক্ৰমণৰ পিছত ৫-১৫ দিনলৈ সুপ্ত ৰূপত থাকিব পাৰে। সাধাৰণতে প্ৰতি ২৫০ সংক্ৰমিত ৰোগীৰ এজনহে আক্ৰান্ত হয়।
এই ৰোগৰ প্ৰধান লক্ষণ জ্বৰ আৰু মূৰৰ বিষ। এই লক্ষণসমূহ ১-৬ দিন পৰ্য্যন্ত থাকিব পাৰে। ৰোগৰ অগ্ৰগতিৰ লগে লগে অন্যন্য লক্ষণ যেনে ডিঙিৰ জড়তা (neck rigidity), আভোক, ওজন হ্ৰাস (cachexia), দেহৰ কোনো অংশৰ অসাৰতা (hemiparesis) আৰু দেহৰ উষ্ণতা 38 – পৰ্যন্ত বৃদ্ধি পোৱা আদি লক্ষণে দেখা দিয়ে। শেষ অৱস্থাত মানসিক অনগ্ৰসৰতা (Mental retardation) দেখা দি ক'মা অৱস্থালৈকো যাব পাৰে।
এই ৰোগত মৃত্যুৰ হাৰ ভিন্ন হয় যদিও শিশুৰ ক্ষেত্ৰত মৃত্যুৰ সম্ভাৱনা অধিক বুলি জনা যায়।
জন্তুৰ ক্ষেত্ৰত প্ৰধান লক্ষণ হ'ল, গাহৰিৰ সন্তানহীনতা (infertility), গৰ্ভপাত (abortion), জ্বৰ আৰু আলস্যভাব।২
নিবাৰণ
জাপানিজ এনকেফেলাইটিছৰ টীকাকৰণে আজীৱন এই ৰোগ হোৱাৰ পৰা নিবাৰণ কৰিব পাৰে। বৰ্তমান এই ৰোগৰ ব্যৱহৃত টীকাসমূহ হ'ল- SA14-14-2, IC51 (অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত JESPECT আৰু অন্য সকলো ঠাইত IXIARO নামেৰে বাণিজ্যিকভাৱে প্ৰচলিত) আৰু ChimeriVax-JE (IMOJEV নামেৰে বজাৰত উপলব্ধ)৩
১৯৩০ ৰ দশকত জাপানত ফৰ্মেলিনৰ দ্বাৰা নিষ্ক্ৰিয় কৰা নিগনিৰ মগজুৰ পৰা উৎপাদন কৰা টীকাবিধ ১৯৬০ আৰু ১৯৮০ ৰ দশকত ক্ৰমান্বয়ে টাইৱান আৰু থাইলেণ্ডত প্ৰচলন কৰা হৈছিল। এই টীকাৰ বহুল ব্যৱহাৰে জাপান, কোৰিয়া, টাইৱান আৰু ছিংগাপুৰত জাপানিজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিছে। জীৱন্ত নিগনিৰ দেহত উৎপাদন কৰা টীকাৰ অত্যধিক মূল্যৰ বাবে দুখীয়া দেশসমূহে এতিয়াও নিয়মিত টীকাকৰণ প্ৰক্ৰিয়াত এই ৰোগৰ টীকাবিধ অন্তৰ্ভুক্ত কৰিব পৰা হোৱা নাই।৪
চিকিৎসা
জাপানিজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট (specific) চিকিৎসা নাই। এই ৰোগত সচৰাচৰ সহায়কাৰী চিকিৎসা (supportive) হে কৰা হয়।৫ এই ৰোগ এজন ৰোগীৰ পৰা অন্য সুস্থ লোকলৈ নিবিয়পে।
মহামাৰী বিজ্ঞান (Epidemiology)
সমগ্ৰ এছিয়াত বাৰ্ষিক প্ৰায় ৭০,০০০ লোক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়।৬ ইয়াৰ ভিতৰত এই ৰোগত মৃত্যুবৰণ কৰা ৰোগীৰ হাৰ প্ৰায় ০.৩%-৬০%। অনগ্ৰসৰ অঞ্চলত এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি।
অতীতত জাপানিজ এনকেফেলাইটিছ ৰোগৰ সংহাৰী ৰূপৰ পিছত বৰ্তমান টীকাকৰণৰ যোগেদি ইয়াক নিয়ন্ত্ৰণলৈ আনিব পৰা দেশসমূহ হৈছে- চীন, কোৰিয়া, জাপান, টাইৱান আৰু থাইলেণ্ড। অন্যন্য দেশসমূহ যেনে ভিয়েটনাম, কম্বোডিয়া, ম্যানমাৰ, ভাৰত, নেপাল আৰু মালয়েছিয়াত বৰ্তমানেও এই ৰোগৰ সংক্ৰমণ হৈ থকা দেখা যায়।
মানুহ, গৰু আৰু ঘোঁৰা এই ৰোগৰ সংক্ৰমণৰ অন্তিম পোষক (dead-end hosts)। গাহৰিৰ দেহত এই ৰোগৰ বীজাণুৰ দ্ৰুত বৃদ্ধি ঘটে আৰু সেয়েহে গাহৰিয়ে এই ৰোগ বিয়পোৱাত এক প্ৰধান ভূমিকা পালন কৰে। অৱশ্যে জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ প্ৰাকৃতিক পোষক (natural hosts) মানুহৰ পৰিৱৰ্ত্তে বনৰীয়া চৰাইহে বাবে এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ নহয় বুলি জনা যায়।৭
বিৱৰ্তন
এই ভাইৰাছ ১৫০০ ৰ দশকত ইণ্ডোনেছিয়া-মালয়েছিয়াত কোনো ভাইৰাছৰ বিৱৰ্তনৰ ফলত উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়। পৰৱৰ্ত্তীকালত ই পাঁচবিধ ভিন্ন জিন'টাইপলৈ বিৱৰ্ত্তিত হৈ এছিয়া মহাদেশত বিয়পি পৰে।৮
ভাইৰ'লজি
জাপানিজ এনকেফেলাইটিছ ভাইৰাছ 'flavivirus' গোটৰ এটা ভাইৰাছ আৰু ই ৱেষ্ট নীল ভাইৰাছ (West Nile virus) তথা ছেইণ্ট লুইছ এনকেফেলাইটিছ (St. Louis encephalitis) ভাইৰাছৰ ওচৰ সম্পৰ্কীয়।৯১০
জাপানিজ এনকেফেলাইটিছ মানুহৰ চেৰামত এণ্টিবডিৰ চিনাক্তকৰণ আৰু cerebrospinal fluid (IgM capture ELISA) দ্বাৰা ধৰা পেলোৱা হয়।১১
লগতে চাওক
- Clark, Michael; Kumar, Parveen J. (2002). Clinical Medicine. W B Saunders. ISBN 0-7020-2579-8
বাহ্যিক সংযোগ
- Centers for Disease Control and Prevention Questions and Answers About Japanese Encephalitis
- Australian government Department of Health and Aging, Japanese Encephalitis, 2012
- Monath, TP. (1986). The Togaviridae and Flaviviridae. Plenum Press. পৃ. 375–440. ISBN 0-306-42176-3
- UK Department of Health. (2006) Immunisation against Infectious Disease Chapter 20: Japanese Encephalitis
- WHO.
- PATH's Japanese encephalitis project
- Japanese encephalitis resource library
- The Encephalitis Society—A Global resource on Encephalitis
তথ্যসূত্ৰ
- ↑ Solomon, T. (2006). Control of Japanese encephalitis - within our grasp?. New England Journal of Medicine. পৃ. 869-71
- ↑ Japanese Encephalitis Virus reviewed and published by WikiVet, accessed 11 October 2011
- ↑ Schiøler KL, Samuel M, Wai KL. (2007). Vaccines for preventing Japanese encephalitis. Cochrane Database Syst Rev. পৃ. CD004263
- ↑ Solomon, T. (2006). Control of Japanese encephalitis - within our grasp?. New England Journal of Medicine. পৃ. 869-71
- ↑ Solomon T, Dung NM, Kneen R, Gainsborough M, Vaughn DW, Khanh VT. (2000). Japanese encephalitis. Journal of Neurology Neurosurgery and Psychiatry. পৃ. 405-15
- ↑ Campbell GL, Hills SL, Fischer M, Jacobson JA, Hoke CH, Hombach JM, Marfin AA, Solomon T, Tsai TF, Tsu VD, Ginsburg AS. (November 2011). Estimmated global incidence of Japanese encephalitis: a systematic review. Bull World Health Organ. পৃ. 766-74
- ↑ Ghosh D, Basu A. (September 2009). Japanese encephalitis-a pathological and clinical perspective. PLoS Negl Trop Dis. পৃ. e437
- ↑ Mohammed MA, Galbraith SE, Radford AD, Dove W, Takasaki T, Kurane I, Solomon T. (July 2011). Molecular phylogenetic and evolutionary analyses of Muar strain of Japanese encephalitis virus reveal it is the missing fifth genotype. Infect Genet Evol. পৃ. 855–62
- ↑ He B. (March 2006). Viruses, endoplasmic reticulum stress, and interferon responses. Cell Death Differ.. পৃ. 393–403
- ↑ Su HL, Liao CL, Lin YL. (May 2002). Japanese encephalitis virus infection initiates endoplasmic reticulum stress and an unfolded protein response. J. Virol.. পৃ. 4162–71
- ↑ Shrivastva A, Tripathi NK, Parida M, Dash PK, Jana AM, Lakshmana Rao PV. (2008). year=2008; volume=54; issue=3; spage=181; epage=185; aulast=Shrivastva Comparison of a dipstick enzyme-linked immunosorbent assay with commercial assays for detection of Japanese encephalitis virus-specific IgM antibodies. J Postgrad Med. পৃ. 181–5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপানীজ এন্কেফেলাইটিছ” প্ৰবন্ধৰ সংশোধন ৬৩১১৭৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।