অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

প্ৰতিবন্ধকতা

প্ৰতিবন্ধকতা বা অক্ষমতা (disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। প্ৰতিবন্ধকতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

প্ৰতিবন্ধকতা বা অক্ষমতা (disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। প্ৰতিবন্ধকতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।

প্ৰতিবন্ধকতা এটা বহুঅৰ্থযুক্ত শব্দ, বিভিন্ন বিকাৰ, কাৰ্যক্ষমতাৰ সীমাবদ্ধতা, আৰু অংশগ্ৰহণৰ বাধাগ্ৰস্থতা বুজায়। বিকাৰ হৈছে এক প্ৰকাৰৰ দৈহিক কাৰ্য আৰু গঠনৰ সমস্যা; কাৰ্যক্ষমতাৰ সীমাবদ্ধতাই কোনো ব্যক্তিয়ে কোনো কাৰ্য সম্পাদন কৰোঁতে পোৱা জটিলটাক সূচায়; আনহাতে অংশগ্ৰহণৰ বাধাগ্ৰস্থতা হৈছে কোনো ব্যক্তিয়ে জীৱনৰ বিভিন্ন পৰিস্থিতিৰ লগত জড়িত হওঁতে লাভ কৰা সমস্যাসমূহৰ অভিজ্ঞতাক বুজায়। এনেদৰে, কোনো ব্যক্তিৰ দৈহিক বৈশিষ্ট্য আৰু তেওঁ বাসকৰা সমাজখনৰ বৈশিষ্ট্যৰ মাজৰ আন্তঃক্ৰিয়াসমূহ প্ৰতিফলিত কৰা প্ৰতিবন্ধকতা এটা অতি জটিল পৰিঘটনা।১

কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ড বা মাপাংকৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। এনে বিকাৰসমূহ শাৰীৰিক, সংবেদনাত্মক, আৰু সংজ্ঞানাত্মক বা বিকাশজনিত প্ৰতিবন্ধকতা হ'ব পাৰে। মানসিক বিসংগতি (psychiatric বা psychosocial disability বুলিও কোৱা হয়) আৰু বিভিন্ন ধৰণৰ অৰ্জিত ৰোগকো প্ৰতিবন্ধকতা বুলি নিৰ্ধাৰণ কৰা হয়।

কিছু লোকে "প্ৰতিবন্ধকতা"ক, বিতৰ্কিতভাৱে সমাজত অন্যায়পূৰ্ৱক লাঞ্চিত বুলি বিবেচিত বিকাশজনিত ভিন্নতাৰ বিশেষ পৰিস্থিতি বুলি বৰ্ণনা কৰিছে।২৩ ইয়াৰোপৰি, অন্য কিছুৱে প্ৰতিবন্ধকতা কোনো বিকাৰ নহয়, ই সমাজৰ মূলসুঁতিৰ পৰা বহিষ্কৰণ (ableism)ৰ ফলশ্ৰুতি বুলিহে কব বিচাৰে।৪৫

তথ্যসূত্ৰ

  1. ↑ Disabilities. World Health Organization
  2. ↑ Ladd, Paddy. (2003). Understanding Deaf Culture: In Search of Deafhood.. Multilingual Matters. পৃ. 502. ISBN 1-85359-545-4
  3. ↑ Solomon, Andrew. The New Wave of Autism Rights Activists. New York Magazine
  4. ↑ Welcome to the Autistic Community!. Autistic Self Advocacy Network
  5. ↑ Langtree, Ian. Definitions of The Models of Disability. Disabled World

সম্পৰ্কিত শ্ৰেণী

স্বাস্থ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিবন্ধকতা” প্ৰবন্ধৰ সংশোধন ৩৮১৮২১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।