অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

জন বেৰী হোৱাইট

ছাৰ জন বেৰী হোৱাইট (Sir John Berry White, জন্ম: ৫ জুন, ১৮৩৪, মৃত্যু: ১৯ নৱেম্বৰ, ১৮৯৬),অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল চাৰ্ভিচৰ (Bengal Medical Services) অসামৰিক শল্য চিকিৎসক আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ছবি: Nborkakoty · CC BY-SA 3.0

ছাৰ জন বেৰী হোৱাইট (Sir John Berry White, জন্ম: ৫ জুন, ১৮৩৪, মৃত্যু: ১৯ নৱেম্বৰ, ১৮৯৬),অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল চাৰ্ভিচৰ (Bengal Medical Services) অসামৰিক শল্য চিকিৎসক আছিল। অসম তথা উত্তৰ-পূব ভাৰতৰ উন্নতিৰ বাবে তেওঁ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।

কৰ্ম জীৱন

১৮৫৮ চনত ডাঃ জন বেৰী হোৱাইটে মাত্ৰ ২৪ বছৰ বয়সত অসমত উপস্থিত হৈছিল। ১৮৫৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন সহকাৰী শল্য চিকিৎসক হিচাপে উজনি অসমত তেওঁ কৰ্ম জীৱনৰ পাতনি মেলে। উজনি অসমৰ বিভিন্ন ঠাইত সুদীৰ্ঘ ২৪ বছৰ নিষ্ঠাৰে সেৱা আগবঢ়াই শেষলৈ লখিমপুৰ জিলা জিলাৰ শল্য চিকিৎসকৰ পাইছিল।

১৮৯৬ চনৰ ১৯ নবেম্বৰত জন বেৰী হোৱাইটে লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে।১২৩

অৱদান

ছাৰ জন বেৰী হোৱাইট ডিব্ৰুগড়-মাৰ্ঘেৰিটা ৰেল-আলি স্থাপনৰ গুৰি ধৰোঁতা। তেওঁ খাৰুৱা তেল অনুসন্ধান আৰু খনন বাবে 'আচাম মিনাৰেল অয়ল কোম্পানী' প্ৰতিষ্ঠা কৰি সফলতা লাভ কৰে।

ছাৰ জন বেৰী হোৱাইট অসম তথা উত্তৰ-পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষ স্বৰূপ। উজনি অসমত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা তেওঁৰ দীৰ্ঘদিনীয়া সপোন আছিল। সেই উদ্দেশ্যে তেওঁ নিজৰ কষ্টোপাৰ্জিত জীৱনৰ সমস্ত সঞ্চয় ৫০,০০০ টকা দান কৰিছিল। কিন্তু তেওঁৰ অৱসৰ গ্ৰহণ আৰু মৃত্যুৰ পিছত হে ১৯০০ চনত ডিব্ৰুগড়ত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ত স্থাপন কৰিবলৈ তেওঁ নিজৰ ইচ্ছাপত্ৰত (Will) লিখি থৈ গৈছিল। উক্ত চিকিৎসা প্ৰতিষ্ঠানটো তেওঁৰ নামেৰে অৰ্থাৎ "বেৰী হোৱাইট মেডিকেল স্কুল" নামকৰণ কৰা হৈছিল। ৪ এই মেডিকেল স্কুলখনলৈ শ্বিলং স্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়। নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ। পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া। ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল। "বেৰী হোৱাইট মেডিকেল স্কুল"ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত। ৫

১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুস্থিত হোৱা এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।৬ এনেদৰে ১৯৪৭ চনৰ ৩ নৱেম্বৰত "বেৰী হোৱাইট মেডিকেল স্কুল"ক উন্নীত কৰি "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে উদ্বোধন কৰা হয়। এইখনেই উত্তৰ-পূব ভাৰত ৰ অন্যতম আৰু আটাইতকৈ পূৰণি চিকিৎসা মহাবিদ্যালয়।

ছাৰ জন বেৰী হোৱাইটৰ অতুলনীয় অৱদানৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহটোৰ নাম "ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ" ৰখা হৈছে। ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰত তেওঁৰ নামেৰে আৱাসিক এলেকা আছে।

তথ্যসূত্ৰ

  1. ↑ An extraordinary pioneer. The Telegraph
  2. ↑ The Telegraph - Calcutta (Kolkata) · Northeast · Medical museum to rise from ruins. www.telegraphindia.com
  3. ↑ The Assam Tribune Online. www.assamtribune.com
  4. ↑ The Assam Tribune Online. www.assamtribune.com
  5. ↑ ডাঃ বিজুলী গোস্বামী. (২০১২). মহিলা চিকিত্সকৰ ইতিহাস. সাদিন
  6. ↑ বেৰী হোৱাইট স্কুল অফ মেডিচিন

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদযুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন বেৰী হোৱাইট” প্ৰবন্ধৰ সংশোধন ৩৮০৯৬৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।