বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰমণৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে। কিমান লোক আক্ৰান্ত হৈছে, সেই দিশৰ পৰা স্থিৰ হোৱা কোনো স্থানীয় ৰোগ, বিশ্বমাৰী নহয়। ইয়াৰ বাহিৰে, বিশ্বমাৰী জ্বৰৰ ভিতৰত, ঋতুকালীন জ্বৰ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ নেপেলোৱালৈকে বিশ্বমাৰীত অন্তৰ্ভুক্ত কৰা নহয়। ইতিহাসত বৰআই আৰু যক্ষ্মাৰ দৰে অসংখ্য বিশ্বমাৰীৰ বিৱৰণ পোৱা যায়। শেহতীয়া বিশ্বমাৰীৰ ভিতৰত এইছ আই ভি (HIV) বিশ্বমাৰী, ১৯১৮ আৰু ২০০৯ চনৰ ছোৱাইন ফ্লু উল্লেখনীয়। ইয়াৰোপৰি ভয়ানক ব্লেক ডেথ (Black Death)ত প্ৰায় ৭৫ নিযুততকৈও অধিক লোকৰ মৃত্যু হৈছিল।
সংজ্ঞা
বিশ্বমাৰী হৈছে এনে এক মহামাৰী যি আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি এনে পৰ্যায়ত পাদুৰ্ভাৱ ঘটে যে সাধাৰণতে বিশ্বব্যাপী মানুহক প্ৰভাবিত কৰে।১ কেবল ব্যাপক আকাৰ ধাৰণ কৰা বা বহু মানুহৰ মৃত্যু ঘটালেই কোনো ৰোগ বা অবস্থা বিশ্বমাৰী নহয়; ইয়াৰ বাবে ই সংক্ৰামক হোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে, কৰ্কট ৰোগৰ ফলত সমগ্ৰ বিশ্বজুৰি অনেক লোকৰ মৃত্যু হয়, কিন্তু ই বিশ্বমাৰী নহয় কাৰণ এই ৰোগ সোঁচৰা বা সংক্ৰামক নহয়।২
বৰ্তমানৰ বিশ্বমাৰীসমূহ
এইডছ
মূল প্ৰবন্ধ: এইচ.আই.ভি/এইড্ছ
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত৩২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। ৪ ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ।৪ এইড্ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ। পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ।৫ এইড্ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ।৬
অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ। ৭
ক'ভিড-১৯
মূল প্ৰবন্ধ: কৰ'নাভাইৰাছ ৰোগ ২০১৯

২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে।৮৯ জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ।১০১১১২ অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও১৩ একাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়।৮১৪ ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।১৫
লগতে চাওক
- মহামাৰী
- ক'ভিড-১৯ বৈশ্বিক মহামাৰী
তথ্যসূত্ৰ
- ↑ Porta. (2008). Dictionary of Epidemiology. Oxford University Press. পৃ. 179. ISBN 978-0-19-531449-6
- ↑ A. M., Dumar. (2009). Swine Flu: What You Need to Know. Wildside Press LLC. পৃ. 7. ISBN 978-1434458322
- ↑ Tarantola, D. (2000). Reducing HIV/AIDS risk, impact and vulnerability. Bull World Health Organ
- ↑ UNAIDS 2011 pg. 1-10
- ↑ UNAIDS 2011 pg. 20-30
- ↑ UN2011 pg 40-50
- ↑ আৰ্কাইভ কপি
- ↑ (February 2020). The continuing 2019-nCoV epidemic threat of novel coronaviruses to global health—The latest 2019 novel coronavirus outbreak in Wuhan, China. Int J Infect Dis. পৃ. 264–66
- ↑ (11 March 2020). WHO Director-General's opening remarks at the media briefing on COVID-19. বিশ্ব স্বাস্থ্য সংস্থা (WHO)
- ↑ Q&A on coronaviruses (COVID-19). বিশ্ব স্বাস্থ্য সংস্থা (WHO)
- ↑ Gu, Jinyang; Han, Bing; Wang, Jian. (27 February 2020). COVID-19: Gastrointestinal manifestations and potential fecal-oral transmission. Gastroenterology
- ↑ Miri, Seyyed Mohammad; Roozbeh, Fatemeh; Omrani Rad, Ali. (16 March 2020). Panic of Buying Toilet Papers: A Historical Memory or a Horrible Truth? Systematic Review of Gastrointestinal Manifestations of COVID-19. Hepatitis Monthly
- ↑ Wang, Vivian. (5 March 2020). Most Coronavirus Cases Are Mild. That's Good and Bad News.. The New York Times
- ↑ Q&A on coronaviruses. বিশ্ব স্বাস্থ্য সংস্থা (WHO)
- ↑ (5 March 2020). Coronavirus (COVID-19) Mortality Rate. www.worldometers.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈশ্বিক মহামাৰী” প্ৰবন্ধৰ সংশোধন ৬৩১৫৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।