মূৰৰ বিষ হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত দেখা দিয়া যিকোনো পৰিস্থিতিক লক্ষণ হ'ব পাৰে।
কাৰণ
প্ৰাৰম্ভিক পৰা গুৰুতৰ যিকোনো ধৰণৰ অসংখ্য কাৰকৰ বাবে মূৰৰ বিষ হ'ব পাৰে। মগজুৰ কলাত বেদনা সংগ্ৰাহী কোষ নাথাকে বাবে ই নিজে বিষৰ প্ৰতি সংবেদনশীল নহয়। গতিকে মগজুৰ চাৰিওকাষে থকা বেদনা সংবেদী গঠন ব্যতিব্যস্ত হোৱাৰ বাবেহে বিষৰ অনুভৱ হয়। মূৰ আৰু ডিঙিত এনে নটা বেদনা সংবেদী গঠন আছে, সেইকেইটা হৈছে ক্ৰেণিয়াম (লাওখোলাৰ পেৰিঅ'ষ্টিয়াম), পেশী, স্নায়ু, সিৰা আৰু ধমনী, ছাবকিউটেনিয়াছ টিছু, চকু, কৰ্ণ (অংগ), ছাইনাছ আৰু মিউক'আছ আৱৰণ। মূৰৰ বিষৰ বিভিন্ন শ্ৰেণীবিভাজন পদ্ধতি আছে। ইয়াৰ ভিতৰত আটাইতকে বহুল প্ৰচলিত জনপ্ৰিয় পদ্ধতি হৈছে International Headache Society। মূৰৰ বিষ এটা অবৈজ্ঞানিক লক্ষণ, অৰ্থাৎ অনিদ্ৰা, দূঃচিন্তা, চিকিৎসা আৰু দৰৱৰ প্ৰভাৱ, ভাইৰাছৰ সংক্ৰমণ আৰু সাধাৰণ পানীলগা, মূৰৰ আঘাত, সঘনাই অতি ঠাণ্ডা খাদ্য বা পানীয় গ্ৰহণ কৰা, দাঁত বা ছাইনাছৰ সমস্যা, আৰু অন্যান্য বহুতো কাৰককে ধৰি ইয়াৰ অসংখ্য সম্ভাৱনীয় কাৰক আছে।
প্ৰতিৰোধ আৰু চিকিৎসা
কাৰকৰ ওপৰত নিৰ্ভৰ কৰি মূৰৰ বিষৰ চিকিৎসা কৰা হয়, কিন্তু সাধাৰণতে প্ৰায়েই বেদনানাশক ব্যৱহাৰ কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মূৰৰ বিষ” প্ৰবন্ধৰ সংশোধন ৩০৮৯৭৯ (১১ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।