অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

চেনিটেৰী পেড

চেনিটেৰী নেপকিন, চেনিটেৰী টাৱেল, চেনিটেৰী পেড, মাহেকীয়াৰ পেড, বা পেড মহিলাই অন্তৰ্বাসৰ তলত পৰিধান কৰা এক শোষক সামগ্ৰী। মাহেকীয়া ঋতুস্ৰাৱ, সন্তান জন্মৰ পাছৰ স্ৰাৱ, স্ত্ৰীৰোগৰ অস্ত্ৰোপচাৰৰ পাছত, গৰ্ভপাতৰ পাছত বা যোনিৰ পৰা ওলোৱা তেজ শোষণ কৰিবলগীয়া যিকোনো পৰিস্থিতিত ইয়াক ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১৭ জুন ২০২৬ ৬৭৯ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
বিভিন্ন আকাৰৰ মেক্সিপেড
বিভিন্ন আকাৰৰ মেক্সিপেডছবি: Gsvadds · CC BY-SA 4.0

চেনিটেৰী নেপকিন, চেনিটেৰী টাৱেল, চেনিটেৰী পেড, মাহেকীয়াৰ পেড, বা পেড মহিলাই অন্তৰ্বাসৰ তলত পৰিধান কৰা এক শোষক সামগ্ৰী। মাহেকীয়া ঋতুস্ৰাৱ, সন্তান জন্মৰ পাছৰ স্ৰাৱ, স্ত্ৰীৰোগৰ অস্ত্ৰোপচাৰৰ পাছত, গৰ্ভপাতৰ পাছত বা যোনিৰ পৰা ওলোৱা তেজ শোষণ কৰিবলগীয়া যিকোনো পৰিস্থিতিত ইয়াক ব্যৱহাৰ কৰা হয়। টেম্পুন বা মেন্‌স্ত্ৰুৱেল কাপৰ বিপৰীতে ইয়াক যোনিৰ বাহিৰত পিন্ধে। স্ৰাৱৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ইয়াক ২৪ ঘণ্টাৰ ভিতৰত কেইবাবাৰো সলাবলগীয়া হ'ব পাৰে।

শৈলী, দেশ আৰু ব্ৰেণ্ড অনুযায়ী মাহেকীয়াৰ পেড নানা উপকৰণেৰে সজা হয়। ভাৰতত হুইচপাৰ, ষ্টেফ্ৰী, চফী, কটেক্স আদি ব্ৰেণ্ডৰ পেড পোৱা যায়।

এই পেডবোৰ প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাত ব্যৱহৃত পেডৰ দৰে একে নহয়। পিছৰটোৰ শোষণ ক্ষমতা অধিক আৰু প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণ কম-বেছি পৰিমাণে হেৰাই পেলোৱা লোকে ব্যৱহাৰ কৰে।

প্ৰকাৰ

প্লেটিনাম মেক্সিপেড
প্লেটিনাম মেক্সিপেডছবি: Gsvadds · CC BY-SA 4.0

পেলনীয়া

যদিও উৎপাদকসকলে সামগ্ৰীৰ সঠিক উপাদান খোলোচা কৰিবলৈ নিবিচাৰে, সাধাৰণতে ব্লিচ কৰা ৰেয়ন (কাঠৰ মণ্ডৰ পৰা উৎপাদিত চেলুল'জ), কপাহ আৰু প্লাষ্টিক পেডৰ মূল উপাদান। লগতে সুগন্ধি আৰু বেক্টেৰিয়ানাশক দ্ৰব্য যোগ কৰা হ'ব পাৰে। পিছফালৰ অংশ আৰু পলিমাৰ পাউদাৰত প্লাষ্টিক থাকে। পলিমাৰ পাউদাৰে অতিৰিক্ত শোষক হিচাপে কাম কৰে যি আৰ্দ্ৰ হ'লে জেল (gel) লৈ ৰূপান্তৰ হয়।১ প্ৰক্টাৰ আৰু গেম্বল কোম্পানীয়ে পেডত "ইন্‌ফিচেল" নামৰ এবিধ উপাদান ব্যৱহাৰ কৰা বুলি বিজ্ঞাপন দিয়ে।২ সাধাৰণৰে স্তৰবোৰ এনে ধৰণৰ হয়: "এটা নমনীয় পানী সোমোৱা আচ্ছাদন আৰু পানী নোসোমোৱা প্লাষ্টিক পচ্ছআছাদনৰ মাজত এক শোষক দ্ৰব্য; অন্তৰ্বাসত লগাব পৰাকৈ পচ্ছআছাদনৰ বাহিৰত আঠা থাকে। "।৩ দামৰ বাবে ইয়াৰ পুনৰ্ব্যৱহাৰ কৰাটো কঠিন।৪ তাপবিয়োজন নকৰি এনেয়ে পেলাই দিলে অ-জৈৱবিয়োজ্য উপাদানবোৰ হাজাৰবছৰ থাকি যাব পাৰে।

পেণ্টিলাইনাৰ, আল্ট্ৰা থিন, ৰেগুলাৰ, মেক্সি/চুপাৰ, অ'ভাৰনাইট, মেটাৰনিটী আদি নামেৰে এবাৰ ব্যৱহাৰযোগ্য পেডৰ কেইবাপ্ৰকাৰ পোৱা যায়।

কাপোৰেৰে তৈয়াৰী পুনৰ্ব্যৱহাৰযোগ্য মেন্সুৰেল পেড
কাপোৰেৰে তৈয়াৰী পুনৰ্ব্যৱহাৰযোগ্য মেন্সুৰেল পেডছবি: English Wikipedia user: en:User:Sonjaaa · Public domain

পুনৰ্ব্যৱহাৰযোগ্য (কাপোৰ)

কোনো কোনো লোকে ধুব পৰা বা পুনৰ্ব্যৱহাৰযোগ্য কাপোৰৰ মাহেকীয়া পেড ব্যৱহাৰ কৰে। সাধাৰণতে কপাহী ফ্লেনেল বা শণেৰে ইয়াক তৈয়াৰ কৰা হয়। কিছুমানত অন্তৰ্বাসত লগাব পৰাকৈ ফিতা থাকে, কিছুমান ফিতা নোহোৱাকৈ শৰীৰ আৰু অন্তৰ্বাসৰ মাজত লিপিট খাই থাকে। এনে পেড এবাৰ ব্যৱহাৰৰ পাছত পেলাব নালাগে বাবে দীৰ্ঘকালীন দিশৰ পৰা কম খৰচী।

১৯৭০-ৰ দশকত পুনৰ ভূমুকি মৰাৰ পাছত৫ কাপোৰৰ মাহেকীয়া পেড ৮০-ৰ দশকৰ শেষৰফালে আৰু ৯০ দশকৰ আৰম্ভণিত জনপ্ৰিয় হৈ পৰে।

বিভিন্ন আকাৰৰ আধুনিক পুনৰ্ব্যৱহাৰযোগ্য কাপোৰৰ মেন্‌স্ত্ৰুৱেল পেড
বিভিন্ন আকাৰৰ আধুনিক পুনৰ্ব্যৱহাৰযোগ্য কাপোৰৰ মেন্‌স্ত্ৰুৱেল পেডছবি: LittleGumnut · CC BY-SA 3.0

ব্যৱহাৰ

মাহেকীয়া পেড মাহকীয়া স্ৰাৱ শোষণ কৰিবলৈ (আৰু পোচাক-পাতি, আচবাব ভালে ৰাখিবলৈ) ব্যৱহাৰ কৰা হয়।

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাত ভোগা বহু লোকে চেনিটেৰী পেড ব্যৱহাৰ কৰে। কিন্তু চেনিটেৰী পেড মাহকীয়া স্ৰাৱ শোষণ কৰিবলৈহে তৈয়াৰ কৰা বাবে প্ৰস্ৰাৱৰ ক্ষেত্ৰত ই বৰ উপযোগী নহয়। ইয়াৰ বাবে সুকীয়া পেড পোৱা যায়।

হাততে পোৱাকৈ চেনিটেৰী নেপকিন নাথাকিলে কিছু সময়ৰ বাবে টইলেট পেপাৰ ব্যৱহাৰ কৰিব পাৰি।

ইতিহাস

আনুমানিক ১৯০০ চনত প্ৰকাশিত হাৰ্টমেন পেডৰ এখন বিজ্ঞাপন পোষ্টাৰ। "Accouchement"ৰ অৰ্থ সন্তান জন্ম, আৰু "puerperal fever" এক প্ৰসূতিজনিত সংক্ৰমণ।
আনুমানিক ১৯০০ চনত প্ৰকাশিত হাৰ্টমেন পেডৰ এখন বিজ্ঞাপন পোষ্টাৰ। "Accouchement"ৰ অৰ্থ সন্তান জন্ম, আৰু "puerperal fever" এক প্ৰসূতিজনিত সংক্ৰমণ।ছবি: Hartmann · Public domain
নেপকিনৰ মোনা
নেপকিনৰ মোনাছবি: Peng (talk) 10:14, 16 July 2008 (UTC) · CC BY-SA 3.0

যুগ যুগ ধৰি মহিলাসকলে নানা মাহেকীয়াৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি আহিছে।৬৭ দশম শতিকাৰ গ্ৰন্থ চুডাৰ মাহেকীয়া পেডৰ উল্লেখ আছে, য'ত হিপেটিয়াই তেওঁৰ এজন গুণগ্ৰাহীক নাকচ কৰিবলৈ ব্যৱহৃত মাহেকীয়া কাপোৰ দলিয়াই দিয়াৰ কথা আছে।৮৯ বজাৰত স্বাস্থ্যসন্মত সামগ্ৰী ওলোৱাৰ আগতে বেছিসংখ্যক মহিলাই মাহেকীয়াৰ বাবে কাপোৰৰ টুকুৰা ব্যৱহাৰ কৰিছিল।১০

মৰী কেনাৰে আঘাতপ্ৰাপ্ত সৈনিকৰ তেজ ৰখাবলৈ উদ্ভাৱন কৰা এক সামগ্ৰীৰ পৰা পেলাই দিব পৰা মাহকীয়া পেডৰ আৰম্ভণি হয়।১১ ১৯৮৮ চনমানৰ পৰা চাউথলৰ পেডে খুব সম্ভৱ ইয়াৰ ব্যৱসায় আৰম্ভ কৰে।১২ কাঠৰ মণ্ডৰ পৰা সহজে তৈয়াৰ কৰিব পৰা পেডেৰে মাহকীয়াৰ স্ৰাৱ শোষণ কৰা সহজ হৈছিল আৰু এবাৰ ব্যৱহাৰৰ পাছত পেলাই দিবলৈও কম খৰচী আছিল।১৩

এবাৰ ব্যৱহাৰযোগ্য চেনিটেৰী পেড উদ্ভাৱনৰ আগতে মহিলাই ঘৰতে নানা কাপোৰ বা তেনে বস্তুৰ পৰা পেড তৈয়াৰ কৰিছিল।৬১৪ বজাৰত চেনিটেৰী পেড ওলোৱাৰ পাছতো অত্যধিক দামৰ বাবে বহু মহিলাই কিনিব পৰা নাছিল।১৫ দাম কমাৰ পাছত মহিলাই কাউণ্টাৰত পইছা জমা কৰি দোকানীক নোসোধাকৈ নিৰ্দিষ্ট স্থানৰ পৰা কটেক্স পেড সংগ্ৰহ কৰিব পৰা ব্যৱস্থা আছিল।১৬

প্ৰথমে ওলোৱা পেলনীয়া পেডবোৰ চাৰিচুকীয়া কপাহী উপাদানেৰে সজা আছিল। আচ্ছাদনৰ দুইমূৰ দীঘলীয়া কৰি অন্তৰ্বাসৰ তলত পিন্ধাৰ ব্যৱস্থা আছিল। পাছলৈ পেডৰ তলত আঠাযুক্ত ষ্ট্ৰীপৰ সুবিধা হ'ল। ফিতা থকা পেডবোৰ ১৯৮০ চনমানৰ পৰা নোহোৱা হ'ল।

পূৰ্বৰ পেডবোৰৰ শোষণ ক্ষমতা কম আছিল আৰু প্ৰায়েই তেজ বিৰিঙিছিল। পেট্ৰ'লিয়ামৰ পৰা ওলোৱা পলীএক্ৰালাইট জেলৰ দৰে সামগ্ৰী ব্যৱহাৰেৰে পেডৰ আকাৰ কমাই সুবিধাজনক কৰা হ'ল। এই জেলৰ সৈতে ভিতৰত থকা ক্লৰিনেৰে ধোৱা কাঠৰ মণ্ডই তৰল সোনকালে শোষণ কৰি চাপত ধৰি ৰাখিব পাৰে। বাকী উপাদনবোৰো প্ৰায়ে পেট্ৰ'লিয়াম উদ্যোগজনিত। ভিতৰৰ আচ্ছাদন পলীপ্ৰপাইলিন আৰু বাহিৰৰ পানী নসৰকা আছাদন পলীইথাইলিনেৰে সজা হয়।

সমাজ আৰু সংস্কৃতি

উন্নয়নশীল দেশত

উন্নয়নশীল দেশত ধনৰ অভাৱত নানা বস্তুৰে এতিয়া পেড সজা হয়।১৭ পেলনীয়া পেড কিনিব নোৱৰা মহিলাই ফটাকানি, মাটি, বোকা আদি বস্তুৰে তেজ ৰখায়।১৮

ভাৰতৰ তামিলনাডুৰ অৰুণাচলম মুৰুগানান্থমে অতি কম খৰচত পেড সাজিব পৰা এবিধ যন্ত্ৰ উদ্ভাৱন কৰিছে। বৰ্তমান চৰকাৰী জন ঔষধি কেন্দ্ৰত "সুবিধা" নামৰ জৈৱবিয়োজ্য পেড মাত্ৰ এটকাতে উপলব্ধ।১৯ নাইৰোবিৰ জানাআফ্ৰিকা সংস্থাক বিল আৰু মেলিণ্ডা গেট্‌ছ ফাউণ্ডেচনে ৩০ লাখ আমেৰিকান ডলাৰৰ সাহায্য দিছে।২০২১২২ এই সংস্থাই চেমনীয়া ছোৱালীৰ ঋতুস্ৰাৱৰ স্বাস্থ্যজনিত শিক্ষাৰ হকে কাম কৰে।২৩

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (7 April 2015). The Scary Truth About What's in Your Maxi-Pads and Tampons (and alternative options) - Raising Natural Kids. raisingnaturalkids.com
  2. ↑ iResolve - Infinicel - what is made of?. iresolve.eu
  3. ↑ Hemphill v. Procter & Gamble Co., 258 F. Supp. 2d 410 (D. Md. 2003). justia.com
  4. ↑ Ecolife Recycling – Learn How to Dispose of Diapers, Tampons & Pads. www.ecolife.com
  5. ↑ From the Collection of MUM: Washable Menstrual Pads and Underpants. www.mum.org
  6. ↑ What did American and European women use for menstruation in the past? at MUM. www.mum.org
  7. ↑ Knitted Norwegian Pads. www.mum.org. Museum of Menstruation and Women's Health
  8. ↑ Suda online, Upsilon 166. www.stoa.org. The Stoa Consortium
  9. ↑ Deakin, Michael A. B. (1888). Hypatia and Her Mathematics. The American Mathematical Monthly. পৃ. 234–243
  10. ↑ Feminine Hygiene Products. Smithsonian Institution
  11. ↑ The Sanitary Napkin Or Menstrual Pad. Menstruation Info with Doc
  12. ↑ Ads for early Southall's disposable menstrual pads in the U.K. at MUM. www.mum.org
  13. ↑ Ads for Hartmann's menstrual pad (1890s). www.mum.org. Museum of Menstruation and Women's Health
  14. ↑ What European and American women in the past wore when menstruating. www.mum.org. Museum of Menstruation and Women's Health
  15. ↑ dry-weave sanitary napkin, sanitary napkin with wings, disposable sanitary napkin. sanitary-product.com
  16. ↑ Inside the Museum of Menstruation 6. www.mum.org
  17. ↑ Clark-Flory, Tracy. (5 November 2008). A whole new "View". Salon
  18. ↑ Friedman, Thomas L. (April 6, 2007). Cellphones, Maxi-Pads and Other Life-Changing Tools. New York Times. পৃ. 1
  19. ↑ PTI. (26 August 2019). Sanitary napkins to be sold for Re 1 at Jan Aushadhi stores. India Today
  20. ↑ Candid. Gates Foundation Awards $24 Million for Women and Girl’s Well-Being. Philanthropy News Digest (PND)
  21. ↑ Howard, Caroline. The First Woman Of Women: How Melinda Gates Became The World's Most Powerful Advocate For Women And Girls. Forbes
  22. ↑ Higgins, Abigail. (2017-01-05). Having a period is unaffordable in Kenya, yet no one wants to talk about it. The Guardian
  23. ↑ ZanaAfrica Mission and Vision

সম্পৰ্কিত শ্ৰেণী

মহিলাৰ স্বাস্থ্যবিধিসামগ্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেনিটেৰী পেড” প্ৰবন্ধৰ সংশোধন ৬১২৬৬১ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।