অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

লসিকা তন্ত্ৰ

লসিকা তন্ত্ৰ (ইংৰাজী: Lymphatic system) লসিকা বাহী আৰু লসিকাৰে গঠিত এক অংগ তন্ত্ৰ। ই সংবহন তন্ত্ৰৰে এটা ভাগ। মানুহৰ সংবহন তন্ত্ৰই দৈনিক প্ৰায় ২০ লিটাৰ তেজ পৰিবহণ কৰে। ইয়াৰে কোষীয় পৰিশ্ৰাৱন প্ৰক্ৰিয়াত ৰক্ত কোষবোৰ প্লাজমাৰ পৰা পৃথক হৈ পৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৩ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লসিকা তন্ত্ৰ (ইংৰাজী ভাষা: Lymphatic system) লসিকা বাহী আৰু লসিকাৰে গঠিত এক অংগ তন্ত্ৰ। ই সংবহন তন্ত্ৰৰে এটা ভাগ। মানুহৰ সংবহন তন্ত্ৰই দৈনিক প্ৰায় ২০ লিটাৰ তেজ পৰিবহণ কৰে। ইয়াৰে কোষীয় পৰিশ্ৰাৱন প্ৰক্ৰিয়াত ৰক্ত কোষবোৰ প্লাজমাৰ পৰা পৃথক হৈ পৰে। প্ৰায় ১৭ লিটাৰ পৰিশ্ৰাৱিত প্লাজমা ৰক্ত বাহিকাবোৰলৈ প্ৰত্যক্ষভাৰে পুনৰ শোষিত হয়। বাকী ৩ লিটাৰ প্লাজমা দেহ ৰসত থাকি যায়। তেজৰ এই তিনি লিটাৰ প্লাজমাৰ অভাৱ পূৰণ কৰাই হৈছে লসিকা তন্ত্ৰৰ প্ৰধান কাৰ্য।১ লসিকা তন্ত্ৰৰ মাজেৰেই এই তিনি লিটাৰ প্লাজমা তেজত প্ৰৱেশ কৰে।

কাৰ্য

লসিকা তন্ত্ৰৰ অন্য এটা প্ৰধান কাৰ্য প্ৰতিৰোধ তন্ত্ৰৰ সৈতে সম্পৰ্কৃত। লসিকা তেজৰ সৈতে প্ৰায় একে, কিন্তু ইয়াত লিম্ফ'চাইট আৰু অন্য শ্বেত ৰক্ত কণাহে থাকে। ইয়াত দেহৰ বজ্য পদাৰ্থ আৰু কোষ (জীৱবিজ্ঞান)ৰ অৱশেষৰ লগতে বেক্টেৰিয়া আৰু প্ৰ'ট্ৰিনো থাকে। লসিকা কলাত লিম্ফ'চাইটৰ উৎপাদন হয়। লসিকা গ্ৰন্থিত লিম্ফ'চাইটবোৰ থুপপাতি থাকে। স্প্লিন আৰু থাইমাছ প্ৰতিৰক্ষা তন্ত্ৰৰ লগত জড়িত লসিকা অংগ। পাচন তন্ত্ৰৰ লগত সম্পৰ্কৃত লসিকা অংগ হৈছে ট'নছিলবোৰ। লসিকা কলাত লিম্ফ'চাইটৰ লগতে সহযোগী হিচাপে অন্য কোষো থাকে।২লিম্ফ'চাইটৰ উৎপাদন আৰু পৰিবহণৰ সৈতে জড়িত সকলো গঠন (লসিকাৰ প্ৰাথমিক কোষীয় উপাদানবোৰ), মেৰু মজ্জা, আৰু পাচন তন্ত্ৰৰ সৈতে জড়িত লসিকা কলাবোৰো লসিকা তন্ত্ৰৰ অন্তৰ্গত।৩

তেজ পেৰেণকাইমা কোষ আৰু কলাৰ প্ৰত্যক্ষ সম্পৰ্কলৈ নাহে। কিন্তু অনুকোষীয় বিনিময়ৰ পাছত তেজৰ প্লাজমা পেৰেণকাইমা কোষৰ সৈতে সম্পৰ্কৃত দেহৰসত প্ৰৱেশ কৰে। তেতিয়া, লসিকা বাহীৰ সংকোচন বা কলাৰ বাহ্যিক হেঁচা (যেনে- পেশীৰ সংকোচন) নাইবা কিছুমান জীৱৰ লসিকা হৃদয়ৰ দ্বাৰা লসিকা বাহীৰ মাজেৰে লসিকা প্ৰৱাহিত হয়। দেহৰ আভ্যন্তৰিণ বা বাহ্যিক অংশ অনুসৰি লসিকা গ্ৰন্থি আৰু প্ৰৱাহ চালিত হয়। লসিকা আভ্যন্তৰিণ বা বাহ্যিক পথেৰে তেজত প্ৰৱেশ কৰে। মূৰ, ভৰি, আৰু দেহ গহ্বৰৰ বেৰত লসিকাই বাহ্যিক পথ, আৰু ডিঙি, উদৰ, আৰু উদৰীয় গহ্বৰত লসিকাই আভ্যন্তৰিণ পথ লয়।৪

অৱশেষত লসিকা, লসিকা বাহীৰ পৰা লসিকা নলীৰ মাজেৰে ইণ্টাৰনেল জাগুলাৰ ভেইনৰ সংযোগ স্থলত থকা এডাল বা দুডাল ছাবক্লেভিয়ান ভেইনত প্ৰৱেশ কৰে।

তথ্যসূত্ৰ

  1. ↑ Human Physiology: From Cells to Systems, by Lauralee Sherwood
  2. ↑ Tak W. Mak; Mary E. Saunders (Ph.D.); Mary E. Saunders. (2008). Primer to the immune response. Academic Press. পৃ. 28–. ISBN 978-0-12-374163-9
  3. ↑ Warwick, Roger; Peter L. Williams. Gray's anatomy. Longman. পৃ. 588–785
  4. ↑ Wisco, Jonathan. Lymphatic System. AnatomyOne. Amirsys, Inc

সম্পৰ্কিত শ্ৰেণী

অংগ তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লসিকা তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩৯৩১ (৩০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।