অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

অপুষ্টি

অপুষ্টি হৈছে কম পুষ্টিকাৰক আহাৰ বা অত্যাধিক পুষ্টিকাৰক আহাৰৰ খোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ পৰিস্থিতি। ইয়াৰ লগত কেল'ৰি, প্ৰ'টিন, শৰ্কৰা, ভিটামিন বা খনিজ লৱন জড়িত হৈ থাকে। সাধাৰণভাৱে অপুষ্টি বুলিলে পুষ্টিহীনতাকেই বুজায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অপুষ্টি হৈছে কম পুষ্টিকাৰক আহাৰ বা অত্যাধিক পুষ্টিকাৰক আহাৰৰ খোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ পৰিস্থিতি।১ ইয়াৰ লগত কেল'ৰি, মাংসসাৰ, শৰ্কৰা, ভিটামিন বা খনিজ লৱন জড়িত হৈ থাকে।১ শৰীৰক প্ৰয়োজনীয় পুষ্টিৰ অভাৱ হ’লে পুষ্টিহীনতা বুলি কোৱা হয় আৰু মাত্ৰাধিক পুষ্টিজনিত সমস্যাক অতিপুষ্টি বোলে।২ সাধাৰণভাৱে অপুষ্টি বুলিলে পুষ্টিহীনতাকেই বুজায়।২৩ গৰ্ভধাৰণ, বা দুবছৰতকৈ আগত পুষ্টিহীনতা হ’লে শাৰিৰীক আৰু মানসিক বিকাশৰ স্থায়ী সমস্যাই দেখা দিব পাৰে।১ বিৰল পুষ্টিহীনতা, যাক Starvation বুলি কোৱা হয়, তাৰ কিছুমান ফলাফল হৈছে: চাপৰ, ক্ষীণ, অতি দুৰ্বল, আৰু ফেৰেকা ভৰি আৰু উফন্দা উদৰ।১২ পুষ্টিহীনতাত ভোগা লোকসকল সহজে সংক্ৰমিত হয় আৰু প্ৰায়ে পানীলগাত আক্ৰান্ত হয়। অভাৱ হোৱা পুষ্টিৰ প্ৰকাৰ অনুসৰি পুষ্টিহীনতাৰ লক্ষণবোৰ ভিন ভিন হয়।২

২০১০ চনত সমগ্ৰ পৃথিৱীৰ পুষ্টিহীন লোকৰ সংখ্যা আছিল ৯২৫ নিযুত।৪৫ ই ১৯৯০ চনতকৈ প্ৰায় ৮০ নিযুত অধিক। ইয়াৰোপৰি অন্য বহুলোকৰে ভিটামিন তথা খনিজ লৱনৰ অভাৱগ্ৰস্থ বুলি অনুমান কৰা হৈছিল।৬ ২০১৩ চনত, প্ৰ'টিন-শক্তি অপুষ্টিৰ বাবে ৪,৬৯,০০০ জন লোক মৃত্যুমুখত পৰিছিল—১৯৯০ চনত এই সংখ্যা আছিল ৫,১০,০০০ জন।৭ অন্যান্য পুষ্টিৰ অভাৱ, আঅ'ডিনৰ অভাৱ আৰু আইৰণৰ অভাৱত হোৱা ৰক্তহীনতাৰ ফলত, অন্য ৮৪,০০০ জনৰ মৃত্যু হৈছিল।৮ ২০১০ চনত, সকলো ধৰণৰ অক্ষমতাৰ ১.৪% কাৰণ আছিল অপুষ্টি।৬৯ শিশু মৃত্যুৰ তিনি ভাগৰ এভাগৰ কাৰণ পুষ্টিহীনতা বুলি বিশ্বাস কৰা হয়।১০ উন্নয়নশীল দেশসমূহত পুষ্টিহীনতা এটা সাধাৰণ বিষয়।১১মহিলা—বিশেষকৈ গৰ্ভৱতী অথবা সন্তানক দুগ্ধ পাণ কৰোৱা মাতৃ সকল—পাঁচ বছৰতকৈ কম বয়সৰ শিশু সকল, আৰু বয়োবৃদ্ধ সকলকে ধৰি কিছুমান নিৰ্দিষ্ট গোটৰ লোকৰ মাজত পুষ্টিহীনতাৰ হাৰ সৰ্বাধিক হোৱা পৰিলক্ষিত হয়। বৃদ্ধাৱস্থাত, শাৰীৰিক, মানসিক, আৰু সামাজিক কাৰকৰ বাবে পুষ্টিহীনতাত ভোগাটো এটা অতি সাধাৰণ কথা হৈ পৰে।১২

তথ্যসূত্ৰ

  1. ↑ (2010). Facts for life. United Nations Children's Fund. পৃ. 61 and 75. ISBN 978-92-806-4466-1
  2. ↑ Young, E.M. (2012). Food and development. Routledge. পৃ. 36–38. ISBN 9781135999414
  3. ↑ (2011). Essentials of International Health. Jones & Bartlett Publishers. পৃ. 194. ISBN 9781449667719
  4. ↑ (September 2010). Global hunger declining, but still unacceptably high International hunger targets difficult to reach. Food and Agriculture Organization of the United Nations
  5. ↑ Food; (FAO), Agriculture Organization of the United Nations. (2008). The state of food insecurity in the world, 2008: high food prices and food security: threats and opportunities. Food and Agriculture Organization of the United Nations (FAO). পৃ. 2. ISBN 978-92-5-106049-0
  6. ↑ (Oct 2012). An update of ‘The Neglected Crisis of Undernutrition: Evidence for Action’. www.gov.uk. Department for International Development
  7. ↑ GBD 2013 Mortality and Causes of Death, Collaborators. (17 December 2014). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013.. Lancet. পৃ. 117–71
  8. ↑ (December 2012). Global and regional mortality from 235 causes of death for 20 age groups in 1990 and 2010: a systematic analysis for the Global Burden of Disease Study 2010. Lancet. পৃ. 2095–128
  9. ↑ Murray, CJ. (Dec 15, 2012). Disability-adjusted life years (DALYs) for 291 diseases and injuries in 21 regions, 1990-2010: a systematic analysis for the Global Burden of Disease Study 2010.. Lancet. পৃ. 2197–223
  10. ↑ Maternal, newborn, child and adolescent health. WHO
  11. ↑ Liz Young. (2002). World Hunger Routledge Introductions to Development. পৃ. 20. ISBN 9781134774944
  12. ↑ editors, Ronnie A. Rosenthal, Michael E. Zenilman, Mark R. Katlic,. (2011). Principles and practice of geriatric surgery. Springer. পৃ. 78. ISBN 9781441969996

সম্পৰ্কিত শ্ৰেণী

স্বাস্থ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপুষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৪৬০১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।