বৃহদান্ত্ৰ হৈছে মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে।১
চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে।২৩ অন্য উৎস, যেনে ম'ছবিৰ মেডিকেল ডিক্সনেৰি আৰু দ্য অ'ক্সফৰ্ড ডিক্সনেৰিজ অৱ মেডিচিন আৰু জীৱবিজ্ঞানে পায়ু নলীক বৃহদান্ত্ৰ লগত সাঙুৰি নলয়।৪৫৬ মানুহৰ ক্ষেত্ৰত, ককালৰ ঠিক কাষৰ বা তলৰ, পেলভিছৰ সোঁ ইলিয়াক অঞ্চলৰ পৰা, যত ই ক্ষুদ্ৰান্ত্ৰ সৈতে সংযুক্ত হয় তাৰ পৰাই বৃহদান্ত্ৰৰ আৰম্ভ হয়। তাৰ পিছত ই সমগ্ৰ উদৰ গহ্বৰ জুৰি পেটলৈকে বৃস্তৃত হৈ থাকে আৰু পায়ুত অন্ত হয়। মানুহৰ বৃহদান্ত্ৰ সৰ্বমুঠ দৈৰ্ঘ্য 1.5 মিটাৰ, যি প্ৰায় গোটেই পৌষ্টিক নলীৰ এক পঞ্চমাংশ।৭
বৃহদান্ত্ৰৰ অংশ
চিকাম (Caecum) বৃহদান্ত্ৰৰ অগ্ৰাংশৰ থলীৰ দৰে আকৃতিবিশিষ্ট অংশক চিকাম বোলে। দীঘলে ই প্ৰায় ৮ ছে. মি. মান। চিকামৰ পশ্চাৎ অংশৰ পৰা সংকীৰ্ণ নলীসদৃশ উপবৃদ্ধি হৈ ভাৰ্মিফৰ্ম এপেণ্ডিক্সৰ (Vermiform appendix) সৃষ্টি হয়। ই সামান্য পাক খোৱা আৰু ইয়াৰ মূৰটো বন্ধ হৈ থাকে। মানুহৰ দেহত ইয়াৰ কোনো কাৰ্য নেথাকে বাবে ইয়াক লুপ্তপ্ৰায় অংগ (Vestigial organ) বুলি কোৱা হয়। এই নলীটোৰ বিসংগতি হৈ ফুলি উঠিলে ইয়াক এপেণ্ডিচাইটিছ (Appendicitis) ৰোগ বুলি কোৱা হয়। তৃণভোজী প্ৰাণীৰ ক্ষেত্ৰত চিকামটো বিকশিত আৰু কাৰ্যক্ষম হৈ থাকে।
ক’লন (Colon) চিকামৰ পিছৰ অংশটোৱেই হ’ল ক’লন। বৃহদান্ত্ৰৰ এই অংশটো আটাইতকৈ দীঘল আৰু দীঘলে ই প্ৰায় ১.৫ মিটাৰমান। ইয়াৰ বেৰখন পথালিকৈ কোচ খাই থাকি সৰু সৰু মোনাসদৃশ আকৃতি ধাৰণ কৰে। এই মোনাসদৃস আকৃতিবোৰক হ’ষ্ট্ৰা (Haustra) বোলা হয়। তদুপৰি বৃহদান্ত্ৰডালৰ দীঘে দীঘে তিনিডাল অনুদৈৰ্ঘ পটি থাকে। ইহঁতক টেনি ক’লি (Taniae coli) বোলা হয়। ক’লনডাল চাৰিটা খণ্ডত বিভক্ত যেনে – আৰোহী ক’লন (Ascending colon), অনুপ্ৰস্থ ক’লন (Tranverse colon), অৱৰোহী ক’লন (Descending colon) আৰু ছিগ্মইড ক’লন।
মলভাণ্ড (Rectum) বৃহদান্ত্ৰৰ শেষৰ অংশক মলভাণ্ড বোলা হয়। এই খণ্ডটোৰ দৈৰ্ঘ প্ৰায় ২০ ছে. মি. মান। ইয়াৰ পাছৰ প্ৰায় ২ ছে. মি. দীঘল সংকীৰ্ণ নলীডালক মলনলী বোলা হয়। মলনলীডাল পায়ুৰন্ধ্ৰৰে বাহিৰত মুক্ত হয়। পায়ুৰ এডাল আভ্যন্তৰিণ পায়ু অৱৰোধিনী আৰু বাহ্যিক পায়ু অৱৰোধিনী (Internal and external anal sphincter) পেশী থাকে। মলনলী আৰু পায়ুৰ অনুদৈৰ্ঘ দিশে ৰক্তশিৰাবোৰ বহল হৈ যি আকৃতি বহন কৰে তাকে হেম’ৰইডচ্ বা পাইলচ্ (Hemorrhoids or piles) বোলে।
বৃহদান্ত্ৰৰ কাৰ্য
বৃহদান্ত্ৰ প্ৰধান কাৰ্য হ’ল অপাচিত খাদ্যৰ পৰা পানী আৰু আন আন অজৈৱ লৱণৰ অৱশোষণ কৰি অৰ্ধগোটা মল প্ৰস্তুতকৰণ। মলভাণ্ডত মলবিলাক সাময়িকভাবে সঞ্চিত হৈ থাকে। মলত পিত্তৰঞ্জক মিহলি হৈ থাকে বাবে মলৰ ৰং হালধীয়া হয়। ক’লনৰ আভ্যন্তৰীণ শ্লেষ্মাস্তৰত থকা গব্লেট কোষবোৰে উৎপন্ন কৰা শ্লেষ্মাই বৃহদান্ত্ৰৰ ভিতৰখন পিছল কৰি ৰাখে বাবে মলবিলাক সহজে বাহিৰলৈ ওলাই আহিব পাৰে।
তথ্যসূত্ৰ
- ↑ large intestine. NCI Dictionary of Cancer Terms. National Cancer Institute, National Institutes of Health
- ↑ Kapoor, Vinay Kumar. (13 Jul 2011). Large Intestine Anatomy. Medscape. WebMD LLC
- ↑ Gray, Henry. (1918). Gray's Anatomy. Lea & Febiger
- ↑ (2009). large intestine. Elsevier. ISBN 9780323052900
- ↑ (2010). intestine. Oxford University Press. ISBN 9780199557141
- ↑ (2013). large intestine. Oxford University Press. ISBN 9780199204625
- ↑ Drake, R.L.; Vogl, W.; Mitchell, A.W.M. (2010). Gray's Anatomy for Students. Churchill Livingstone
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহদান্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩২১৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।