অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

সংবহন তন্ত্ৰ

সংবহন তন্ত্ৰ (Circulatory System) হৈছে একপ্ৰকাৰৰ অংগ তন্ত্ৰ। এই তন্ত্ৰৰ প্ৰধান কাম হৈছে তেজৰ সহায়ত শৰীৰৰ বিভিন্ন দেহ কোষৰ মাজত পুষ্টি দ্ৰব্য (যেনে এমিন' এছিড আৰু শৰ্কৰা), অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, হৰমন, আৰু ৰক্ত কোষৰ আদান-প্ৰদান কৰা তথা অলাগতীয়াল দ্ৰব্য সমুহ কোষৰ পৰা ঘূৰাই অনা।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সংবহন তন্ত্ৰ (Circulatory System) হৈছে একপ্ৰকাৰৰ অংগ তন্ত্ৰ। এই তন্ত্ৰৰ প্ৰধান কাম হৈছে তেজৰ সহায়ত শৰীৰৰ বিভিন্ন দেহ কোষৰ মাজত পুষ্টিকাৰক (যেনে এমিন' এছিড আৰু শৰ্কৰা), অম্লজান, কাৰ্বন ডাই অক্সাইড, হৰম'ন, আৰু ৰক্ত কোষৰ আদান-প্ৰদান কৰা তথা অলাগতীয়াল দ্ৰব্য সমুহ কোষৰ পৰা ঘূৰাই অনা। ইয়াৰ ফলত শৰীৰে পুষ্টি লাভ কৰে, ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু দেহৰ উষ্ণতা তথা PHৰ মান নিয়ন্ত্ৰিত হৈ থাকে।

সংবহন তন্ত্ৰত প্ৰায়ে ৰক্ত পৰিবহণ তন্ত্ৰ আৰু লসিকা তন্ত্ৰ নামৰ দুটা পৃথক তন্ত্ৰ দেখা পোৱা যায়। ৰক্ত পৰিবহণ তন্ত্ৰত তেজ আৰু লসিকা তন্ত্ৰত লসিকা চলাচল কৰে।

ৰক্ত পৰিবহণ তন্ত্ৰ

ৰক্ত পৰিবহণ তন্ত্ৰত তেজে দেহ কোষক প্ৰযোজনীয় পুষ্টিকাৰক দ্ৰব্য, লৱণ, হ'ৰমন আদিৰ যোগান ধৰে আৰু দেহ কোষত সৃষ্টি হোৱা বৰ্জনীয় পদাৰ্থসমূহ বৃক্কলৈ পৰিবহণ কৰে।

অংগসমূহ

ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগসমূহ হৈছে হৃদযন্ত্ৰ, তেজ আৰু ৰক্তবাহিকা।১

তেজ

মূল প্ৰবন্ধ: তেজ

এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত প্ৰায় ৪.৭ লিটাৰৰ পৰা ৫.৭ লিটাৰ পৰ্যন্ত তেজ থাকে। সাধাৰণতে মানুহৰ শৰীৰৰ মুঠ ওজনৰ শতকৰা প্ৰায় ৭ শতাংশই তেজ। তেজ প্লাজমা নামৰ এবিধ তৰল আধাৰ, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকাৰে গঠিত হয়। এই তেজতেই বিভিন্ন পুষ্টিকাৰক দ্ৰব্য, লৱণ, হৰমন আদি দ্ৰৱীভূত হৈ থাকে। হৃদযন্ত্ৰই হেঁচা প্ৰয়োগ কৰিলেহে তেজৰ চলাচল হয়।

ৰক্তবাহিকা

মূল প্ৰবন্ধ: ৰক্তবাহিকা

ৰক্তবাহিকাবোৰৰ মাজেৰেই তেজ চলাচল কৰে। ৰক্তবাহিকা তিনি প্ৰকাৰৰ সিৰা, ধমনী আৰু ৰক্তকেশিকা। সাধাৰণতে সিৰাই কাৰ্বন ডাই-অক্সাইডযুক্ত বা দূষিত তেজ আৰু ধমনীয়ে অক্সিজেনযুক্ত বা বিশুদ্ধ তেজ কঢ়িয়াই, কিন্তু হৃদযন্ত্ৰৰ পৰা হাঁওফাঁওলৈ তেজৰ যোগান ধৰা ক্লোম ধমনীয়ে দূষিত তেজ আৰু হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই অনা ক্লোম সিৰাই বিশুদ্ধ তেজ পৰিবহণ কৰে। কেপিলাৰীবোৰে সিৰা আৰু ধমনীৰ মাজত সংযোগ স্থাপন কৰে।

হৃদযন্ত্ৰ

মূল প্ৰবন্ধ: হৃদযন্ত্ৰ

হৃদযন্ত্ৰ অলিন্দ আৰু নিলয় নামৰ দুটা ভাগ থাকে। মহাসিৰা (পূৰ্ৱ আৰু পশ্চ) আৰু ক্লোম সিৰাইদি তেজ অলিন্দত প্ৰৱেশ কৰে, অলিন্দৰ পৰা নিলয়ত আৰু শেষত মহাধমনী আৰু ক্লোম ধমনীয়েদি নিলয়ৰ পৰা ওলায় যায়। হৃদযন্ত্ৰ সোঁঅলিন্দ আৰু সোঁনিলয়ৰ মাজত বাইস্কাপিড ভালভ, সোঁনিলয় আৰু ক্লোমধমনীৰ মাজত পালমনেৰি ভালভ, বাঁওঅলিন্দ আৰু বাঁওনিলয়ৰ মাজত মিট্ৰেল ভালভ আৰু বাঁওনিলয় আৰু মহাধমনীৰ মাজত থকা এঅ'ৰ্টিক ভালভে তেজক বিপৰীত দিশত চলাচল কৰাত বাধা প্ৰদান কৰে।

কাৰ্যপ্ৰণালী

ৰক্ত সংবহন তন্ত্ৰ একপ্ৰকাৰৰ আৱদ্ধ তন্ত্ৰ। এই প্ৰক্ৰিয়া দুটা চক্ৰত সম্পন্ন হয়। ১) ক্লোমীয় চক্ৰ আৰু ২) তন্ত্ৰীয় চক্ৰ।

  • ক্লোমীয় চক্ৰ: এই চক্ৰত দেহৰ দূষিত তেজ হাঁওফাঁওত পৰিশোধন হয়। সোঁঅলিন্দৰ কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ সোঁনিলয়লৈ আৰু তাৰ পৰা ক্লোম ধমনীয়েদি হাঁওফাঁওলৈ যায় আৰু তাত অক্সিজেন সমৃদ্ধহৈ ক্লোম সিৰাইদি বাঁওঅলিন্দত প্ৰৱেশ কৰে।
  • তন্ত্ৰীয় চক্ৰ: এই চক্ৰত তেজে দেহকোষক অক্সিজেন সমৃদ্ধ কৰোৱাই আৰু বিপাক ক্ৰিয়াত উৎপন্ন কাৰ্বন ডাই-অক্সাইড হৃদযন্ত্লৈ পৰিবহণ কৰে। বাঁওঅলিন্দৰ অক্সিজেন সমৃদ্ধ তেজ বাঁওনিলয়লৈ যায়। বাঁওনিলয়ৰ পৰা এই তেজ মহাধমনীয়েদি দেহৰ বিভিন্ন অংগলৈ যায় আৰু তাত থকা কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ দুডাল মহাসিৰাইদি সোঁঅলিন্দত প্ৰৱেশ কৰে।

লসিকা তন্ত্ৰ

মূল প্ৰবন্ধ: লসিকা তন্ত্ৰ

অসংখ্য লসিকা নলীৰে লসিকা তন্ত্ৰ গঠন হয়। এই লসিকা নলীবোৰে লসিকা নামৰ এবিধ বৰণহীন তৰল হৃদযন্ত্ৰৰ দিশে প্ৰৱাহিত কৰে। লসিকা তন্ত্ৰ একপ্ৰকাৰৰ মুক্ত তন্ত্ৰ।

তথ্যসূত্ৰ

  1. ↑ Cardiovascular System at the US National Library of Medicine Medical Subject Headings (MeSH)

সম্পৰ্কিত শ্ৰেণী

অংগ তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংবহন তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৯৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।