অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

লিউকিমিয়া

লিউকিমিয়া (leukemia) ৰক্ত কেন্সাৰৰ এটা গোট যি সাধাৰণতে অস্থি মজ্জাত আৰম্ভ হয় আৰু ফলস্বৰূপে অধিকসংখ্যক অস্বাভাৱিক ৰক্তকণিকা বৃহৎ পৰিমাণে বৃদ্ধি হয়। এই ৰক্তকণিকাবোৰ সম্পূৰ্ণৰূপে বিকশিত নহয় আৰু এইবোৰক ব্লাষ্ট বা লিউকিমিয়া কোষ বুলি কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬২৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লিউকিমিয়া (leukemia) ৰক্ত কেন্সাৰৰ এটা গোট যি সাধাৰণতে অস্থি মজ্জাত আৰম্ভ হয় আৰু ফলস্বৰূপে অধিকসংখ্যক অস্বাভাৱিক ৰক্তকণিকা বৃহৎ পৰিমাণে বৃদ্ধি হয়।১ এই ৰক্তকণিকাবোৰ সম্পূৰ্ণৰূপে বিকশিত নহয় আৰু এইবোৰক ব্লাষ্ট বা লিউকিমিয়া কোষ বুলি কোৱা হয়। লক্ষণসমূহৰ ভিতৰত ৰক্তক্ষৰণ, তেজ-মৰা, হাড়ৰ বিষ, অতিশয় ক্লান্তি, জ্বৰ আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পোৱা আদি হ'ব পাৰে। স্বাভাৱিক ৰক্তকণিকাৰ অভাৱৰ বাবে এই লক্ষণসমূহ দেখা দিয়ে। সাধাৰণতে তেজ পৰীক্ষা বা অস্থি মজ্জাৰ বায়'প্সিৰ দ্বাৰা এই ৰোগ নিৰ্ণয় কৰা হয়।

লিউকিমিয়াৰ সঠিক কাৰণ এতিয়াও অজ্ঞাত। অৱশ্যে জিনীয় কাৰক আৰু পৰিৱেশগত (অবংশগত) কাৰকৰ এক সংযোজনে এক ভূমিকা পালন কৰে বুলি বিশ্বাস কৰা হয়। বিপদাশংকাৰ কাৰকসমূহৰ ভিতৰত ধূমপান সেৱন, আয়নকাৰী বিকিৰণ, পেট্ৰ'কেমিকেল (যেনে বেনজিন), পূৰ্বৱৰ্তী কেম'থেৰাপি আৰু ডাউন ছিণ্ড্ৰ'ম আদি অন্তৰ্ভুক্ত। পাৰিবাৰিক ইতিহাসত লিউকিমিয়া থকা লোকসকলৰো অধিক আশংকা থাকে। লিউকিমিয়াৰ চাৰিটা প্ৰধান প্ৰকাৰ আছে—তীব্ৰ লিম্ফ'ব্লাষ্টিক লিউকিমিয়া (Acute lymphoblastic leukemia, সংক্ষেপে ALL), তীব্ৰ মাইল'ইড লিউকিমিয়া (Acute myeloid leukemia, সংক্ষেপে AML), চিৰকলীয়া লিম্ফ'চাইটিক লিউকিমিয়া (Chronic lymphocytic leukemia, সংক্ষেপে CLL) আৰু চিৰকলীয়া মাইল'ইড লিউকিমিয়া (Chronic myeloid leukemia, সংক্ষেপে CML)— লগতে সচৰাচৰ কমকৈ হোৱা কিছুসংখ্যক লিউকিমিয়া।২ লিউকিমিয়া আৰু লিম্ফ'মা দুয়োবিধ টিউমাৰৰ এটা বহল গোটৰ অন্তৰ্গত যিয়ে তেজ, হাড়ৰ মজ্জা আৰু লিম্ফ'ইড তন্ত্ৰক প্ৰভাৱান্বিত কৰে।৩৪

চিকিৎসাৰ ভিতৰত কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, টাৰ্গেটেড থেৰাপি আৰু অস্থি মজ্জা সংৰোপণ উল্লেখযোগ্য। প্ৰয়োজন অনুসৰি ছাপ'ৰ্টিভ কেয়াৰ আৰু প্ৰশমনমূলক যত্নও লোৱা হ'ব পাৰে। কিছুমান বিশেষ ধৰণৰ লিউকিমিয়া সতৰ্কতাৰে অপেক্ষা কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে লিউকিমিয়াৰ প্ৰকাৰ আৰু ব্যক্তিৰ বয়সৰ ওপৰত। উন্নত দেশত চিকিৎসাৰ ফলাফলৰ উন্নতি হোৱা পৰিলক্ষিত হৈছে।২ আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৬৫%।৫ প্ৰথম বিশ্বৰ দেশসমূহত ১৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৬০%, আনকি কিছুমান লিউকিমিয়াৰ ক্ষেত্ৰত এই হাৰ ৯০%তকৈও অধিক হয়গৈ।৬ তীব্ৰ লিউকিমিয়া ৰোগী যি পাঁচ বছৰৰ পিছত কেন্সাৰমুক্ত হয়, তেওঁলোকৰ ক্ষেত্ৰত কেন্সাৰ ঘূৰি অহাৰ সম্ভাৱনা কম।৬

২০১৫ চনত বিশ্বৰ ২৩ লাখ লোকৰ লিউকিমিয়া হোৱা দেখা গৈছিল আৰু ইয়াৰ ফলত ৩৫৩,৫০০ লোকৰ মৃত্যু হৈছিল।৭ ২০১২ চনত ই ৩৫২,০০০ লোকৰ মাজত নতুনকৈ বিকশিত হৈছিল।২ শিশুৰ ক্ষেত্ৰত ই আটাইতকৈ সচৰাচৰ হোৱা কৰ্কট ৰোগ, শিশুৰ লিউকিমিয়া ৰোগীৰ তিনি চতুৰ্থাংশই তীব্ৰ লিম্ফ'ব্লাষ্টিক ধৰণৰ। কিন্তু সকলো লিউকিমিয়াৰ ৯০%তকৈ অধিক প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ধৰা পৰে, প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত চিৰকলীয়া লিম্ফ'চাইটিক লিউকিমিয়া আৰু তীব্ৰ মাইল'ইড লিউকিমিয়া বেছিকৈ দেখা যায়।৮ উন্নত দেশত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।২

শ্ৰেণীবিভাজন

+লিউকিমিয়াৰ চাৰিটা প্ৰধান প্ৰকাৰকোষৰ ধৰণতীব্ৰচিৰকলীয়া
লিম্ফ'চাইটিক লিউকিমিয়া (বা "লিম্ফ'ব্লাষ্টিক")তীব্ৰ লিম্ফ'ব্লাষ্টিক লিউকিমিয়া (ALL)চিৰকলীয়া লিম্ফ'চাইটিক লিউকিমিয়া (CLL)
মায়েল'জেনাছ লিউকিমিয়া ("মাইল'ইড" বা "ননলিম্ফ'চাইটিক")তীব্ৰ মায়েল'জেনাছ লিউকিমিয়া (AML)চিৰকলীয়া মায়েল'জেনাছ লিউকিমিয়া (CML)

ৰোগ নিৰ্ণয়

ৰ বৃদ্ধি]]

সাধাৰণতে বাৰম্বাৰ সম্পূৰ্ণ তেজৰ গণনা (CBC) আৰু লক্ষণসমূহৰ পৰ্যবেক্ষণৰ পিছত অস্থি মজ্জাৰ পৰীক্ষাৰ ভিত্তিত ৰোগ নিৰ্ণয় কৰা হয়। কেতিয়াবা তেজ পৰীক্ষাত কোনো ব্যক্তিৰ লিউকিমিয়া হোৱা পৰিলক্ষিত নহয়, বিশেষকৈ ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত বা উপশমৰ সময়ত। কিছুমান বিশেষ পৰিস্থিতিত কিছুমান বিশেষ ধৰণৰ লিউকিমিয়া নিৰ্ণয় কৰিবলৈ লিম্ফ ন'ড বায়'প্সি কৰিব পাৰি।৯

ৰোগ নিৰ্ণয়ৰ পিছত ব্লাড কেমিষ্ট্ৰি পৰীক্ষাৰ সহায়ত যকৃত আৰু বৃক্কৰ ক্ষতিৰ মাত্ৰা বা কেমোথেৰাপিৰ পৰা ব্যক্তিজনৰ ওপৰত পৰা প্ৰভাৱ নিৰ্ণয় কৰিব পাৰি। যেতিয়া লিউকিমিয়াৰ ফলত হোৱা অন্যান্য ক্ষতি চিন্তাৰ বিষয় হয়, তেতিয়া চিকিৎসকে এক্স-ৰে, এম আৰ আই বা আল্ট্ৰাছাউণ্ড ব্যৱহাৰ কৰিব পাৰে। এইবোৰে সম্ভাৱনাময়ভাৱে হাড় (এক্স-ৰে), মগজু (এম আৰ আই) বা বৃক্ক, প্লীহা আৰু যকৃত (আল্ট্ৰাছাউণ্ড) আদি শৰীৰৰ অংশত লিউকিমিয়াৰ প্ৰভাৱ দেখুৱাব পাৰে। বুকুৰ লিম্ফ ন'ড পৰীক্ষা কৰিবলৈ চিটি স্কেন ব্যৱহাৰ কৰিব পাৰি যদিও সচৰাচৰ এয়া কৰা নহয়।১০

কোনো ব্যক্তিৰ লিউকিমিয়া হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ এই পদ্ধতিসমূহ ব্যৱহাৰ কৰা সত্ত্বেও বহু লোকৰ ৰোগ নিৰ্ণয় কৰিব পৰা নাযায়, কাৰণ বহুতো লক্ষণ অস্পষ্ট, অনিৰ্দিষ্ট, আৰু আন ৰোগৰ কথাও বুজাব পাৰে। এই কাৰণেই আমেৰিকান কেন্সাৰ ছ'চাইটিয়ে অনুমান কৰিছে যে লিউকিমিয়া ৰোগীৰ অন্ততঃ এক পঞ্চমাংশই এতিয়াও ৰোগ ধৰা পৰা নাই।১১

ইতিহাস

ৰাডল্ফ ভিৰচ'
ৰাডল্ফ ভিৰচ'ছবি: Unknown author · Public domain

১৮২৭ চনত শৰীৰতত্ত্ববিদ তথা শল্য চিকিৎসাবিদ আলফ্ৰেড-আৰমাণ্ড-লুইজ-মেৰী ভেলপাৱে প্ৰথমবাৰৰ বাবে লিউকিমিয়াৰ বৰ্ণনা আগবঢ়াইছিল। ১৮৪৫ চনত পেথ'লজিষ্ট ৰাডল্ফ ভিৰচ'ৱে ইয়াৰ এক বিতং বিৱৰণ আগবঢ়াইছিল। ভিৰচ'ৰ এই তথ্যৰ প্ৰায় দহ বছৰৰ পাছত পেথ'লজিষ্ট ফ্ৰাঞ্জ আৰ্ন্‌ষ্ট খ্ৰীষ্টিয়ান নয়মানে লিউকিমিয়াত আক্ৰান্ত এগৰাকী মৃত ব্যক্তিৰ অস্থি মজ্জাৰ ৰং স্বাভাৱিক ৰঙাৰ বিপৰীতে “লেতেৰা সেউজীয়া-হালধীয়া” হোৱা বুলি গম পাইছিল। এই তথ্যৰ পৰা নয়মান এই সিদ্ধান্তত উপনীত হৈছে যে লিউকিমিয়া ৰোগীৰ অস্বাভাৱিক তেজৰ বাবে অস্থি মজ্জাৰ সমস্যাই দায়ী।১২

১৯০০ চনলৈকে লিউকিমিয়াক এটা ৰোগৰ বিপৰীতে ৰোগৰ পৰিয়াল হিচাপে গণ্য কৰা হৈছিল। ১৯৪৭ চনলৈকে বষ্টনৰ পেথ'লজিষ্ট ছিডনী ফাৰ্বাৰে পূৰ্বৰ পৰীক্ষাসমূহৰ পৰা বিশ্বাস কৰিছিল যে ফলিক এচিডৰ অনুকৰণ কৰা এমিন'প্টেৰিনে শিশুৰ লিউকিমিয়া সম্ভাৱনাময়ভাৱে নিৰাময় কৰিব পাৰে। পৰীক্ষা কৰা তীব্ৰ লিম্ফ'ব্লাষ্টিক লিউকিমিয়া (ALL) ৰোগীৰ অধিকাংশ শিশুৰ অস্থি মজ্জাৰ উন্নতিৰ লক্ষণ দেখা গৈছিল যদিও প্ৰকৃততে তেওঁলোকৰ কোনোটোৱেই আৰোগ্য হোৱা নাছিল। তথাপিও এই ফলাফলৰ ফলত অধিক পৰীক্ষা-নিৰীক্ষাৰ সূচনা হয়।১৩

১৯৬২ চনত গৱেষক এমিল জে ফ্ৰেইৰেইচ জুনিয়ৰ আৰু এমিল ফ্ৰেই তৃতীয়ই কম্বিনেচন কেম'থেৰাপি ব্যৱহাৰ কৰি লিউকিমিয়া নিৰাময়ৰ প্ৰয়াস কৰিছিল। পৰীক্ষাসমূহ সফল হৈছিল আৰু পৰীক্ষাৰ বহু পিছতো কিছু লোক জীয়াই আছিল।১৪

বুৎপত্তি

এজন ব্যক্তিৰ তেজৰ নমুনাত অস্বাভাৱিকভাৱে বৃহৎ সংখ্যক শ্বেত ৰক্তকণিকা পৰ্যবেক্ষণ কৰি ভিৰচ'ৱে এই অৱস্থাটোক জাৰ্মান ভাষাত Leukämie বুলি অভিহিত কৰে, যিটো তেওঁ দুটা গ্ৰীক শব্দ leukos (λευκός) অৰ্থাৎ 'বগা' আৰু haima (αἷμα) অৰ্থাৎ 'তেজ' শব্দ দুটাৰ পৰা গঠন কৰিছিল।১৫ পূৰ্বতে ইয়াক লিউচিমিয়া বুলিও কোৱা হৈছিল।১৬

সমাজ আৰু সংস্কৃতি

চুজান ছনটাগৰ মতে বিংশ শতিকাৰ কল্পকাহিনীত লিউকিমিয়াক প্ৰায়ে ৰোমাণ্টিক কৰি তোলা হৈছিল, ইয়াক আনন্দৰ অন্ত পেলোৱা, পৰিষ্কাৰ ৰোগ হিচাপে চিত্ৰিত কৰা হৈছিল। সেইবাবেই ই যক্ষ্মাৰ সাংস্কৃতিক উত্তৰাধিকাৰী আছিল, যি এই সাংস্কৃতিক স্থানত আছিল যেতিয়ালৈকে ইয়াক সংক্ৰামক ৰোগ বুলি আৱিষ্কাৰ কৰা হোৱা নাছিল।১৭ ১৯৭০ চনৰ ৰোমাণ্টিক উপন্যাস লাভ ষ্ট'ৰী লিউকিমিয়াৰ এই ৰোমান্টিককৰণৰ উদাহৰণ।১৮

আমেৰিকা যুক্তৰাষ্ট্ৰত বছৰি প্ৰায় ৫.৪ বিলিয়ন ডলাৰ চিকিৎসাৰ বাবে ব্যয় কৰা হয়।১৯

গৰ্ভাৱস্থা

লিউকিমিয়া গৰ্ভাৱস্থাৰ সৈতে খুব কমেইহে জড়িত। প্ৰায় ১০,০০০ গৰ্ভৱতী মহিলাৰ ভিতৰত এগৰাকীহে লিউকিমিয়াত আক্ৰান্ত হয়।২০ ইয়াক কেনেকৈ চম্ভালিব লাগে সেয়া মূলতঃ লিউকিমিয়াৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰায় সকলো লিউকিমিয়াই তীব্ৰ লিউকিমিয়া।২১ তীব্ৰ লিউকিমিয়াত সাধাৰণতে তৎকালীন, আক্ৰমণাত্মক চিকিৎসাৰ প্ৰয়োজন হয়। অৱশ্যে এই চিকিৎসাত স্বতঃস্ফূৰ্ত গৰ্ভপাত আৰু জন্মগত বিসংগতিৰ যথেষ্ট আশংকা থাকে, বিশেষকৈ যদিহে বিকাশৰ প্ৰতি সংবেদনশীল প্ৰথম ত্ৰৈমাসিকত কেমোথেৰাপি দিয়া হয়।২০ ইণ্টাৰফেৰন-আলফা (IFN-α) হৰম'নৰ দ্বাৰা গৰ্ভাৱস্থাৰ যিকোনো সময়তে চিৰকলীয়া মায়েল'জেনাছ লিউকিমিয়া চিকিৎসা কৰিব পাৰি।২০ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত চিৰকলীয়া লিম্ফ'চাইটিক লিউকিমিয়া বিৰল। ইয়াৰ চিকিৎসা প্ৰায়ে গৰ্ভাৱস্থা শেষ হোৱালৈকে পিছুৱাই দিব পাৰি।২০২১

তথ্যসূত্ৰ

  1. ↑ (1 January 1980). Leukemia. NCI
  2. ↑ (2014). World Cancer Report 2014.. World Health Organization. পৃ. Chapter 5.13. ISBN 978-9283204299
  3. ↑ (July 2009). The 2008 revision of the World Health Organization (WHO) classification of myeloid neoplasms and acute leukemia: rationale and important changes. Blood. পৃ. 937–951
  4. ↑ (2007). Comparative oncology. The Publishing House of the Romanian Academy. পৃ. Chapter 17. ISBN 978-973-27-1457-7
  5. ↑ (2011). SEER Stat Fact Sheets: Leukemia. National Cancer Institute
  6. ↑ American Cancer Society. (2 March 2014). Survival rates for childhood leukemia
  7. ↑ Wang, Haidong; Naghavi, Mohsen; Allen, Christine. (October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015. Lancet. পৃ. 1459–1544
  8. ↑ Chronic Lymphocytic Leukemia (CLL) - Hematology and Oncology. MSD Manual Professional Edition
  9. ↑ Diagnosing Chronic Lymphocytic Leukemia in Adults. NYU Langone Health
  10. ↑ Chronic Lymphocytic Leukemia (CLL): Tests After Diagnosis. University of Rochester Medical Center
  11. ↑ American Cancer Society. (2010). How is Leukemia Diagnosed?. Detailed Guide: Leukemia – Adult Chronic. American Cancer Society
  12. ↑ Thomas, Xavier. (2013-08-06). First contributors in the history of leukemia. World Journal of Hematology. পৃ. 62–70
  13. ↑ (May 2012). Sidney Farber and the treatment of childhood acute lymphoblastic leukemia with a chemotherapeutic agent. Pediatric Hematology and Oncology. পৃ. 299–302
  14. ↑ (March 2002). Targeting leukemia: from bench to bedside. FASEB Journal. পৃ. 273
  15. ↑ (8 May 2019). Leukemia: MedlinePlus Medical Encyclopedia. MedlinePlus
  16. ↑ leukemia. Online Etymology Dictionary
  17. ↑ (1978). Illness as Metaphor. Farrar, Straus and Giroux. পৃ. 18. ISBN 978-0-374-17443-9
  18. ↑ (2017). Cancer as Metaphor: The Metaphorical Implications of Romanticized Illness in Young Adult Fiction. Trinity University. পৃ. 5-6
  19. ↑ A Snapshot of Leukemia. NCI
  20. ↑ (September 2008). How I treat acute and chronic leukemia in pregnancy. Blood Reviews. পৃ. 247–259
  21. ↑ (2010). Pregnancy and commonly used drugs in hematology practice. Hematology. American Society of Hematology. Education Program. পৃ. 160–165

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিউকিমিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৬০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।