অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

আসক্তি

আসক্তি হৈছে কিছুমান বস্তুৰ (যেনে: মদ, ধঁপাত আৰু অনান্য মাদক দ্ৰব্য) ব্যৱহাৰ বা গ্ৰহণ কৰাৰ পাছত ৰক্ত আৰু মস্তিষ্কৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ ফলত সাময়িকভাৱে হোৱা মস্তিষ্কৰ ৰাসায়নিক দ্ৰব্যৰ পাৰিপাৰ্শিক অবস্থাৰ পৰিবৰ্তন। অনেকে এই তালিকাত মানসিক প্ৰবৃত্তি সৃষ্টিকাৰী আৰু অনেক ধ্ৰুৱক অন্তৰ্ভুক্ত কৰে।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৪ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আসক্তি হৈছে কিছুমান বস্তুৰ (যেনে: সুৰা, ধঁপাত আৰু অনান্য মাদক দ্ৰব্য) ব্যৱহাৰ বা গ্ৰহণ কৰাৰ পাছত তেজ আৰু মস্তিষ্কৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ ফলত সাময়িকভাৱে হোৱা মস্তিষ্কৰ ৰাসায়নিক দ্ৰব্যৰ পাৰিপাৰ্শিক অবস্থাৰ পৰিবৰ্তন।

অনেকে এই তালিকাত মানসিক প্ৰবৃত্তি সৃষ্টিকাৰী আৰু অনেক ধ্ৰুৱক অন্তৰ্ভুক্ত কৰে। যেনে: জুৱা, খাদ্য, মানৱ যৌনতা, কম্পিউটাৰ, ভিডিঅ' গেইম, ইণ্টাৰনেট, কৰ্ম, ধৰ্ম, শৰীৰ চৰ্চা, দূৰদৰ্শন আৰু কেনাকাটা। এইবোৰৰ মাত্ৰাধিক ব্যৱহাৰে আসক্তিৰ লগতে লজ্জা, অপৰাধবোধ, ভয়, নিৰাশা, ব্যৰ্থতা, দুশ্চিন্তা, প্ৰত্যাখান, উদ্বিগ্নতা, ব্যাকুলতা আৰু হীনমন্যতাৰ সৃষ্টি কৰে।১২৩৪

আমেৰিকান ছ'ছাইটি অৱ এডিকশ্বন মেডিচিন নামৰ সংস্থাৰ মতে আসক্তিৰ সংজ্ঞা হৈছে, "এটা প্ৰাথমিক, দীৰ্ঘস্থায়ী মস্তিষ্ক বা মস্তিষ্কজনিত ৰোগ।" মস্তিষ্ক অক্ষমতাজনিত কাৰণত আসক্ত ব্যাক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক অভিব্যক্তিৰ বিপৰ্যয় ঘটে। এই প্ৰতিচ্ছবি আসক্ত ব্যাক্তিৰ ব্যৱহাৰিক অসামঞ্জস্য, ইচ্ছাশক্তি হ্ৰাস পোৱা আৰু মাদকদ্ৰব্যৰ প্ৰতি অপ্ৰতিৰোধ্য আকৰ্ষণৰ জৰিয়তে প্ৰতিফলিত হয়। যিকোনো দীৰ্ঘস্থায়ী ৰোগৰ সৈতে আসক্ত ব্যক্তিৰ উপশম আৰু পুনৰ্ধঃপতনৰ পুনৰাবৃত্তি জড়িত থাকে। সময়মতে আসক্তি নিবাৰণৰ ব্যৱস্থা নকৰিলে অকালমৃত্যু পৰ্যন্ত হ'ব পাৰে।

আসক্তি কেৱল মাদক দ্ৰৱ্যৰ অপব্যৱহাৰৰ বাবেই নহয়, বৰঞ্চ যিকোনো বস্তুৰ অপব্যৱহাৰৰ পৰা হ'ব পাৰে। যেনে- জুৱা অথবা কম্পিউটাৰ আসক্তি।

মানসিক, শাৰীৰিক বা সামাজিকভাৱে হানিকাৰক, আৰু নিজৰ ক্ষতিকাৰক যিকোনো কাৰ্যৰ প্ৰতি ব্যৱহাৰকাৰীৰ অপ্ৰতিৰোধ্য আকাংক্ষাৰ পুনৰাবৃত্তিকেই আসক্তি বোলে।

তথ্যসূত্ৰ

  1. ↑ Taylor, C.Z. (2002). Religious Addiction: Obsession with Spirituality. Pastoral Psychology. Springer Netherlands. পৃ. 291–315
  2. ↑ (2007). Depression. The Columbia Electronic Encyclopedia. Columbia University Press
  3. ↑ Nowack, W.J. (2006-08-29). Psychiatric Disorders Associated With Epilepsy. eMedicine Specialities. WebMD
  4. ↑ Beck, D.A. (2007). Psychiatric Disorders due to General Medical Conditions. Department of Psychiatry, University of Missouri-Columbia

সম্পৰ্কিত শ্ৰেণী

মানসিক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আসক্তি” প্ৰবন্ধৰ সংশোধন ৪৩১১৬০ (৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।