অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

পাচন

পাচন হৈছে ৰক্তৰ পাজমালৈ শোষিত হ'ব পৰাকৈ খাদ্যৰ বৃহৎ অনুবোৰ ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলদ্ৰাব্য অণুলৈ পৰিণত হোৱা প্ৰক্ৰিয়া। কিছুমান জীৱৰ, ক্ষুদ্ৰান্ত্ৰত এই ক্ষুদ্ৰ অণুবোৰ প্লাজমালৈ শোষিত হয়। পাচন দুই প্ৰকাৰে হব পাৰে: mechanical আৰু ৰাসায়নিকভাৱে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

পাচন হৈছে তেজৰ পাজমালৈ শোষিত হ'ব পৰাকৈ খাদ্যৰ বৃহৎ অনুবোৰ ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলদ্ৰাব্য অণুলৈ পৰিণত হোৱা প্ৰক্ৰিয়া। কিছুমান জীৱৰ, ক্ষুদ্ৰান্ত্ৰত এই ক্ষুদ্ৰ অণুবোৰ প্লাজমালৈ শোষিত হয়। পাচন দুই প্ৰকাৰে হব পাৰে: mechanical আৰু ৰাসায়নিকভাৱে। mechanical digestion বুলিলে খাদ্যৰ বৃহৎ অণুবোৰক সৰু সৰু অংশলৈ টুকুৰা টুকুৰ কৰা বুজাই আৰু এই কাৰ্যত কেতিয়াবা উৎসেচকো ব্যৱহৃত হয়, আনহাতে ৰাসায়নিক পাচনত খাদ্যবোৰ উৎসেচকৰ প্ৰভাৱত দেহে ব্যৱহাৰ কৰিব পৰাকৈ অতি ক্ষুদ্ৰ অনুলৈ ৰূপান্তৰিত হয়।

মানুহৰ পাচন তন্ত্ৰত, খাদ্য মুখত প্ৰৱেশ কৰে আৰু গুড়াকৰণৰ (চব্যন, এক প্ৰকাৰৰ mechanical পাচন) দ্বাৰা পাচন আৰম্ভ হয়, লালটিয়ে খাদ্যবোৰ তিয়াই পেলায়। লালটি হৈছে লালটি গ্ৰন্থীয়ে নিঃসৰণ কৰা একপ্ৰকাৰৰ পাচক ৰস, ইয়াত থকা ছেলিভাৰী এমাইলেইজ নামৰ এবিধ উৎসেচকে খাদ্যত থকা স্বেতসাৰৰ পাচন ঘটাই; লালটিত থকা মিউকাছে, খাদ্যখিনি পিছল কৰে, আৰু হাইড্ৰ'কাৰ্বনেটে, এমাইলেইজৰ কাৰ্য ক্ষমতা বঢ়াবলৈ উপযুক্ত pHৰ আদৰ্শ পৰিৱেশ (ক্ষাৰকীয়) সৃষ্টি কৰে। গুড়াকৰণ আৰু স্বেতসাৰ পাচনৰ পাছত, খাদ্যবোৰ সৰু পিণ্ড আকাৰ লৈ খাদ্যনলীৰ মাজেৰে পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীত গেছট্ৰিক ৰসে মাংসসাৰৰ পাচন আৰম্ভ কৰে। গেছট্ৰিক ৰসত প্ৰধানকৈ হাইড্ৰ'ক্লৰিক এচিড আৰু পেপছিন থাকে। এই দুবিধ ৰসে পাকস্থলীৰ বেৰ ক্ষতিসাধন কৰাৰ পৰা সুৰক্ষা দিবৰ বাবে পাকস্থলীৰ পৰা ক্ষৰিত মিউকাছে ইয়াৰ বেৰত এটা পাতল তৰপৰ সৃষ্টি কৰে। পাকস্থলীৰ সংকোচন-প্ৰসাৰণ ঘটাৰ ফলত খাদ্য আৰু পাচৰ ৰসবোৰ ভালদৰে মিহলি হৈ পৰে।

কিছুসময়ৰ পাছত (যেনে, মানুহৰ ১–২ ঘণ্টা, ঘৰুৱা কুকুৰৰ ৪–৬ ঘণ্টা, ঘৰুৱা মেকুৰীৰ ৩–৪ ঘণ্টা), গাঢ় জুলীয়া খাদ্য বোৰ ডুঅ'ডেনামত প্ৰৱেশ কৰে। ইয়াত এই অৰ্ধ পাচন হোৱা খাদ্য খিনিত অগ্নাশয়ৰ পৰা পাচক উৎসেচক আৰু যকৃৎৰ পৰা পিত্ত ৰস আহি মিহলি হয় আৰু ক্ষুদ্ৰান্ত্ৰৰ মাজেৰে আগবাঢ়ি যায়, পাচন কাৰ্য চলি থাকে। সম্পূৰ্ণ পাচন হোৱাৰ পাচত ই তেজলৈ শোষিত হয়। ক্ষুদ্ৰান্ত্ৰত ৯৫% শোষণ সম্পন্ন হয়। বৃহদান্ত্ৰত (ক'লন) তেজলৈ পানী আৰু খনিজ লৱন পুণৰ শোষিত হয়। ইয়াত বেক্টেৰিয়াই উৎপাদন কৰা কিছুমান ভিটামিন, যেনে বায়টিন আৰু ভিটামিন K (K2MK7) আদিৰো শোষণ হয়। অৱশিষ্ট বৰ্জ্য পদাৰ্থবোৰ পায়ুৰ যোগেদি মল আকাৰে দেহৰ পৰা নিস্কাষিত হয়।১

তথ্যসূত্ৰ

  1. ↑ Maton, Anthea; Jean Hopkins; Charles William McLaughlin. (1993). Human Biology and Health. Prentice Hall. ISBN 0-13-981176-1

সম্পৰ্কিত শ্ৰেণী

শৰীৰতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাচন” প্ৰবন্ধৰ সংশোধন ৬৩১৩১৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।