অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

সৰ্পদংশন

সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২,১৩২ শব্দ · ১২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়।১ পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক।২৩ সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।৪৫

সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তদুপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপ‌ধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে।২৬ বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে। সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা সাধাৰণতে সেই অঞ্চলত বসবাস কৰা সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ এটা প্ৰজাতিৰ সাপৰ বাবে কৰা চিকিৎসা আন এটাৰ বাবে কাৰ্যকৰী নহ'বও পাৰে।

সৰ্পদংশনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ভৌগোলিক স্থানভেদে বেলেগ বেলেগ হয়। অষ্ট্ৰেলিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত মৃত্যুৰ হাৰ নগণ্য,১৭৮ কিন্তু বিশ্বৰ আন বহু ঠাইত, বিশেষকৈ চিকিৎসা সেৱাৰ সুবিধা নথকা গ্ৰামাঞ্চলত সৰ্পদংশনৰ ফলত হোৱা শাৰীৰিক ক্ষতি আৰু মৃত্যু এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত সৰ্পদংশনৰ ঘটনা বিশ্বৰ ভিতৰতে সৰ্বাধিক। নৱগ্ৰীষ্মপ্ৰধান, বিষুবীয় আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলতো সাপে খোঁটাৰ ঘটনা প্ৰায়েই ঘটি থাকে।১৭৮ প্ৰতিবছৰে বিশ্বজুৰি প্ৰায় ২০০০০-৯৪০০০ মানুহ সৰ্পদংশনৰ ফলৰ মৃত্যুমুখত পৰে।১ সুৰক্ষা থকা বিশেষ জোতা পৰিধান কৰি আৰু সাপৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চল পৰিহাৰ কৰি সৰ্পদংশনৰ ঘটনা কমাব পাৰি।

চিহ্ন আৰু লক্ষণসমূহ

'' সাপে খোঁটাৰ ফলত হোৱা গুৰুতৰ কলা নেক্ৰ'চিছ। ১১ বছৰীয়া আক্ৰান্তজনক দুসপ্তাহ আগতে ইকুৱেডৰত সাপে খুঁটিছিল আৰু কেৱল এণ্টিবায়'টিকেৰেহে চিকিৎসা কৰা হৈছিল। তেওঁৰ আঁঠুৰ ওপৰত ভৰিখন কাটি পেলাবলগীয়া হয়। ]]

সৰ্পদংশনৰ সাধাৰণ লক্ষণসমূহ হৈছে ভয়, আতঙ্কগ্ৰস্ততা, আৰু মানসিক অস্থিৰতা যাৰ ফলত বমিৰ ভাৱ, বমি, ডায়েৰীয়া, ভাৰ্টিগ', মূৰ্ছা যোৱা, টেকীকাৰ্ডিয়া আৰু ছালৰ শীতলতা হ'ব পাৰে।২৬ টেলিভিছন, সাহিত্য আৰু লোকগাঁথাসমূহেও সৰ্পদংশন লৈ কিছুমান অহেতুক প্ৰচাৰ চলোৱাৰ ফলত ভুক্তভোগীয়ে সচৰাচৰ মৃত্যুৰ কথা চিন্তা কৰিবলৈ ধৰে।

অনাৰ্দ্ৰ সৰ্পদংশন, আৰু বিষ নথকা সাপৰ দংশনৰ ফলতো ব্যক্তিজনৰ গুৰুতৰ আঘাত হ'ব পাৰে। ইয়াৰ কাৰণ কেইবাটাও: ভালদৰে চিকিৎসা নকৰা সৰ্পদংশনৰ ক্ষতত বীজাণুৰ সংক্ৰমণ হ'ব পাৰে (দ চিদ্ৰৰ নিচিনা ক্ষতৰ সৃষ্টি কৰা ভাইপাৰ সাপৰ খোঁটত প্ৰায়েই দেখা যায়), কিছুমান মানুহৰ সাপে খুঁটিলে এনাফাইলেক্সিছ হ'ব পাৰে, আৰু সাপৰ লেলাউটি বা দাঁতত "ক্ল'ষ্ট্ৰিডিয়াম টিটানি"ৰ দৰে ভয়ঙ্কৰ অণুজীৱ থাকিব পাৰে। ভালদৰে চিকিৎসা নকৰিলে সেইবাবে সংক্ৰমণ বিয়পি মানুহজন মৃত্যুমুখত পৰিব পাৰে।

বিষ থকা আৰু নথকা সাপৰ প্ৰায়বোৰৰ দংশনত স্থানীয় প্ৰতিক্ৰিয়া কিছুমান দেখা যায়। খোঁটা স্থানভেদে ৯০% মানুহৰ ক্ষেত্ৰত অলপ বিষ আৰু ঠাইডোখৰ ৰঙা পৰিব পাৰে।২ ভাইপাৰ আৰু কিছুমান ফেঁটীসাপৰ দংশনৰ বাৰুকৈয়ে বিষ অনুভৱ হ'ব পাৰে আৰু ঠাইডোখৰ পাঁচ মিনিটৰ ভিতৰতে ফুলি যাব পাৰে।৮ ঠাইটুকুৰাৰ পৰা তেজ ওলাব পাৰে, পানী-জোলা হ'ব পাৰে আৰু শেষত কোষৰ নেক্ৰ'চিছ হ'ব পাৰে। পিট্‌ভাইপাৰ আৰু ভাইপাৰৰ দংশনৰ আন কিছুমান লক্ষণ হৈছে দুৰ্বলতা, ৰক্তক্ষৰণ, বমিৰ ভাৱ আৰু বমি হোৱা।২৮ লক্ষণসমূহ সময়ৰ লগে;অগে গুৰুতৰ হৈ উঠিব পাৰে আৰু নিম্ন ৰক্তচাপ, টেকীপ্‌নিআ, টেকীকাৰ্ডিয়া, অভ্যন্তৰীণ ৰক্তক্ষৰণ, অচেতনতা, বৃক্কৰ অসমৰ্থতা আৰু উশাহ-নিশাহৰ অসমৰ্থতাৰ সৃষ্টি কৰিব পাৰে।২৮

উল্লেখযোগ্য যে ম'জাভে ৰেটল্‌স্নে'ক, ক্ৰেইট, ক'ৰেল স্নে'ক আৰু ফুটফুটীয়া ৰেটল্‌স্নে'কৰ দংশনত আঘাত গুৰুতৰ হোৱা সত্ত্বেও বিষ সামান্যহে অনুভৱ হয়।২ ৰেটল্‌স্নেকৰ কিছুমান প্ৰজাতিয়ে খুঁটিলে ব্যক্তিজনে "ৰবৰৰ নিচিনা", "মিণ্টৰ নিচিনা" বা "ধাতৱীয়" সোৱাদ অনুভৱ কৰিব পাৰে।২ স্পিটিং ক'ব্ৰা আৰু ৰিংখাল সাপে চিকাৰৰ চকুলৈ বিহ নিক্ষেপ কৰিব পাৰে। ইয়াৰ ফলত প্ৰচণ্ড বিষ, চকুৰ মাংসপেশীৰ শিথিলতা আৰু আৰু চিকাৰ অন্ধ হ'ব পাৰে।৯১০

কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু ভাইপাৰৰ বিষ শৰীৰত প্ৰবেশ কৰিলে তেজ গোট মৰাত সমস্যাৰ সৃষ্টি হয় আৰু ভুক্তভোগীৰ মুখ, নাক বা পুৰণি শুকোৱা ঘাঁৰপৰাও প্ৰচণ্ড ৰক্তক্ষৰণ হ'ব পাৰে।৮ অভ্যন্তৰীণ অঙ্গ যেনে মগজু আৰু অন্ত্ৰৰ পৰা ৰক্তক্ষৰণ হৈ ব্যক্তিজনৰ চালত ইকাইম'চিচ (একপ্ৰকাৰৰ ক্ষত)ৰ সৃষ্টি কৰিব পাৰে।

ইলেপিড যেনে সাগৰীয় সাপ, ক্ৰেইট, ফেঁটীসাপ, ৰজাফেঁটী, মাম্বা আৰু বহু অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বিষে স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে।২৮১১ ভুক্তভোগীয়ে চকুৰে দেখাত, উশাহ লোৱাত, কথা কোৱাত আৰু শৰীৰৰ যিকোনো ঠাইত উদ্দীপনা অনুভৱ কৰাত সমস্যা হ'ব পাৰে।২ স্নায়ুতন্ত্ৰৰ বেমেজালিত এইসমূহৰ বাহিৰেও আৰু বহুতো লক্ষণে দেখা দিব পাৰে। সোনকালে চিকিৎসা নকৰিলে উশাহ লোৱাৰ অসমৰ্থতাত ব্যক্তিজন মৃত্যুমুখত পৰিব পাৰে।

কিছুমান ফেঁটীসাপৰ প্ৰজাতি, প্ৰায় সকলোবোৰ ভাইপাৰ, কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু কিছুমান সাগৰীয় সাপে মাংসপেশীৰ কলাৰ নেক্ৰ'চিছ কৰে।৮ গোটই শৰীৰ জুৰি মাংসৰ কলাবোৰ মৰিবলৈ ধৰে যাক ৰেব্দ'মায়'লাইচিছ বুলি কোৱা হয়। ইয়াৰ ফলত বৃক্কৰ নলীকাত মায়'গ্ল'বিন জমা হৈ বৃক্কৰো ক্ষতি কৰে। নিম্নৰক্তচাপৰ সৈতে মিলি ই বৃক্কৰ অসমৰ্থতাৰ সৃষ্টি কৰে আৰু চিকিৎসাৰ ব্যৱস্থা নকৰিলে ব্যক্তিজন মৃত্যুমুখত পৰে।৮

ৰোগতত্ত্ব

সকলো বিষধাৰী সাপে চিকাৰৰ শৰীৰত বিষ প্ৰবেশ কৰা-নকৰাটো সৈচ্চিক। খাদ্যৰ বাবে চিকাৰ জোখতকৈ ডাঙৰ হ'লে বিষ নষ্ট কৰাৰ সলনি সাপে "অনাৰ্দ্ৰ দংশন" কৰে।১২ প্ৰজাতিবোৰৰ মাজত অনাৰ্দ্ৰ দংশনৰ পৰিমাণ ভিন্ন: ৮০% সাগৰীয় সাপৰ দংশনত শৰীৰত বিষ নোসোমায়,১১ কিন্তু পিট্‌ভাইপাৰৰ ২৫% দংশনহে অনাৰ্দ্ৰ।২ ৰেটল্‌স্নে'কৰ দৰে কিছুমান সাপৰ জাতিয়ে আক্ৰমণতকৈ আত্মসুৰক্ষাৰ সময়তহে বেছি বিষ ঢালি দিয়ে।১৩

কেতিয়াবা সময়ৰ হেৰ-ফেৰ হৈ সাপৰ দাঁত শৰীৰত ভালকৈ প্ৰবেশ নকৰাৰ ফলতো অনাৰ্দ্ৰ দংশন হয়।১২ বিষ নথকাকৈও বয়ডি আৰু পাইথ'নিডি পৰিয়ালৰ সাপৰ দংশনে গুৰুতৰ ক্ষতি কৰে; সাপটো বা চিকাৰ নিজেই আঁতৰি যোৱাৰ ফলত মাংসপেশীত সোমাই থকা বেজীৰ দৰে তীক্ষ্ণ দাঁতে ঠাইটুকুৰা চিৰাচিৰ কৰিব পাৰে। বিষধাৰী সাপৰ দৰে মৃত্যুদায়ক নহ'লেও এনে আঘাত অস্থায়ীভাৱে ক্ষতিকৰ আৰু চিকিৎসাৰ অভাৱত ভয়ংকৰ সংক্ৰমণ হ'ব পাৰে।

বেছিভাগ সাপেই দংশন কৰিবলৈ মুখ খুলিব লাগে। কিন্তু এট্ৰেক্‌টেস্পিডি পৰিয়ালৰ আফ্ৰিকান আৰু মধ্যপূৰ্বৰ সাপে বিষদাঁত ভাঁজ কৰি কাষলৈ আনি মুখ নেমেলাকৈয়ে দংশন কৰিব পাৰে।১৪

সাপৰ বিষ

মূল প্ৰবন্ধ: সাপৰ বিষ

সাপৰ বিষ প্ৰধানতঃ চাৰি প্ৰকাৰৰ - নিউৰ'টক্সিন, হিম'টক্সিন, মায়'টক্সিন আৰু চাইট'টক্সিন। নিউৰ'টক্সিনে স্নায়ুতন্ত্ৰত আৰু হিম'টক্সিনে তেজৰ কোষবোৰত আক্ৰমণ কৰে। অৱশ্যে দুইপ্ৰকাৰ বিষেই মগজুৰ নিউৰ'ণ বোৰৰ ৰাসায়নিক সংযোগবোৰ বন্ধ কৰি ক্ৰিয়া কৰে। আনহাতে মায়'টক্সিনে মাংসপেশীত আৰু চাইট'টক্সিনে সৰু স্থানত কমকৈ ক্ৰিয়া কৰে। এনে বিষাক্ত সাপ, যেনে নিউৰ'টক্সিন উৎপন্ন কৰা ফেঁটীসাপ দিয়ে হীম'টক্সিন উৎপন্ন কৰা পিট্‌ভাইপাৰৰ দংশনৰ প্ৰায় ১০-২০ মিনিটৰ ভিতৰতে যদি চিকিৎসা সেৱা পোৱা নাযায়, তেন্তে ৰোগীৰ সাধাৰণতে মৃত্যু হয়। নিউৰ'টক্সিনৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাস বন্ধ হৈ আৰু হিম'টক্সিনৰ বাবে অন্তৰ্ৱৰ্তী ৰক্তক্ষৰণ হৈ আক্ৰান্তৰ মৃত্যু হয়।

জীৱবিজ্ঞানীসকলৰ মতে মিন'চিন কালৰ সময়তে সাপৰ বিষ তৈয়াৰ কৰিব পৰা ক্ষমতাৰ উদ্ভৱ হয়।১৫ মধ্য-তৃতীয়াংশ কালত বেছিভাগ সাপেই চাপ প্ৰয়োগেৰে চিকাৰ কৰা হেন'ফিডিয়া পৰিয়ালৰ আছিল। যেতিয়া বিশ্বৰ কোনো কোনো অংশত হাবিৰ ঠাই ঘাঁহনিয়ে ল'বলৈ ধৰিলে, তেতিয়া কিছুমান সাপৰ পৰিয়াল সৰু আৰু অধিক আক্ৰমণাত্মকৰূপে বিকশিত হ'বলৈ ধৰিলে। কিন্তু সৰু সাপৰ বাবে চিকাৰ কৰাটো কঠিন হোৱা বাবে সাপৰ বিষৰ বিকাশ ঘটা আৰম্ভ হ'ল।১৫ বেছিভাগ জীৱিত সৰীসৃপৰে আদিৰূপ বুলি ভবা টক্সিক'ফেৰা নামৰ গোটটোৰ ওপৰত কৰা আন আন গৱেষণাৰ পৰা এই কথা প্ৰতীয়মান হয় যে শেষ ক্ৰেটাচিয়ান যুগত প্ৰায় দহ মিলিয়ন বছৰৰ আগতে সাপৰ বিষৰ বিকাশ হয়।১৬

সাধাৰণতে লেলাউটি নিঃসৰণ কৰা বিকশিত পেৰ'টিড গ্লেণ্ডত সাপৰ বিষ প্ৰস্তুত হয়। চকুৰ পিছফালে থকা এল্‌ভিঅ'লাইত ই সঞ্চিত হৈ থাকে আৰু ফোঁপোলা চুঙাকৃতিৰ বিষদাঁতলৈ সৈচ্চিকভাৱে নিঃসৰিত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত বিভিন্ন মাংসসাৰ আৰু এন্‌জাইমেৰে এই বিষ গঠিত হয়। সেইবোৰৰ কামো ভিন ভিন যেনে- চিকাৰৰ হৃদতন্ত্ৰৰ কামত আউল লগোৱা বা বিষ সোনকালে প্ৰবেশ কৰিবলৈ কলাৰ শোহন ক্ষমতা বৃদ্ধি কৰা আদি।

পিট্‌ভাইপাৰ দৰে বহু সাপৰ বিষ কেইবাবিধো বিষৰ সমষ্টি, যেনে- চাইট'টক্সিন, হিম'টক্সিন, নিউৰ'ট'ক্সিন আৰু মায়'টক্সিন আৰু ফলত শৰীৰৰ প্ৰায়বোৰ অঙ্গপ্ৰণালীত ক্ৰিয়া কৰি বিভিন্ন লক্ষণৰ সৃষ্টি কৰে।২১৭ পূৰ্বতে এই ধাৰণাৰ বিপৰীতে এবিধ সাপৰ বিষ নিৰ্দিষ্ট বুলি ভবা হৈছিল। এছীয় আৰু আমেৰিকান সাপৰ বিষৰ প্ৰ'টিনৰ গঠন ভালদৰে অধ্যয়ন কৰা হৈছে, অষ্ট্ৰেলীয় সাপৰ বিষয়ে সিমান জনা নাযায়।

বেলেগ বেলেগ পৰিয়ালৰ আৰু বেলেগ বেলেগ প্ৰজাতিৰ সাপৰ বিষৰ শক্তি ভিন্ন। ইয়াক নিগনিৰ শৰীৰত মিডিয়ান লিথেল ড'জ এককেৰে জোখা হয় (LD50)। ইলেপিডৰ মাজতে ছালৰ তলেৰে সুমুৱাই দিয়া LD50 ১৪০ গুণ বেলেগ হ'ব পাৰে আৰু ভাইপাৰবোৰৰ মাজত ১০০ গুণ বেলেগ হ'ব পাৰে। বেলেগ বেলেগ প্ৰজাতিয়ে উৎপাদন কৰিব পৰা বিষৰ পৰিমাণো ভিন্ন। গাবুন ভাইপাৰ এটা দংশনত সৰ্বাধিক ৪৫০-৬০০ মিলিগ্ৰাম বিষ উৎপন্ন হয়।১৮ অ'পিস্থ'গ্লাইফাছ ক'লুব্ৰিডৰ বিষ মৃত্যুঘাতী হ'ব পাৰে (ব্লুমস্লাঙৰ ক্ষেত্ৰত) বা নগণ্য হ'ব পাৰে (টেন্‌টিলাৰ ক্ষেত্ৰত)।

প্ৰতিকাৰ

হিউষ্টন, টেক্সাছৰ চিল্‌ভান ৰ'ড্ৰিগুৱেজ উদ্যানত সাপৰ উপস্থিতিৰ বিষয়ে সতৰ্কবাণী।
হিউষ্টন, টেক্সাছৰ চিল্‌ভান ৰ'ড্ৰিগুৱেজ উদ্যানত সাপৰ উপস্থিতিৰ বিষয়ে সতৰ্কবাণী।ছবি: WhisperToMe · Public domain

সাপে সাধাৰণতে মানুহক বা তৎসম অন্য প্ৰাণীক খুঁটিবলৈ ভাল নাপায় কাৰণ ইয়াৰ বিষ ইয়াক খাদ্য ধৰাৰ বাবে প্ৰয়োজনীয়। সাধাৰণতে আত্মৰক্ষাৰ বাবে, ভাবুকিৰ সম্মুখীন হ'লে, ভয় খালে বা পলোৱাৰ পথ নাথাকিলেহে ই মানুহক দংশন কৰে। সাপৰ মুখামুখি হ'লে সেই ঠাইৰপৰা আঁতৰি যোৱাই শ্ৰেয়। দেখাত বেলেগ বেলেগ হ'ব পাৰে বাবে সাপৰ প্ৰজাতি আঁতৰৰ পৰা নিৰ্ণয় কৰা কঠিন।

এন্দুৰ পোৱাৰ সম্ভাৱনা থকা জনবসতিৰ এলেকাত সাপ প্ৰায়েই দেখা যায়। এন্দুৰৰ উপদ্ৰৱ কম কৰিলে সাপৰ পৰাও ভালেখিনি পৰিত্ৰাণ পাব পাৰি। কোনো ঠাইলৈ গ'লে সেই ঠাইত বসবাস কৰা সাপৰ প্ৰজাতিৰ জ্ঞান থকাটো লাভজনক। আফ্ৰিকা, অষ্ট্ৰেলিয়া, নৱশীতোষ্ণ আৰু দক্ষিণ এছিয়াত সাপৰ বহু বিপজ্জনক প্ৰজাতি পোৱা যায়।

অৰণ্য অঞ্চলত মাটিত ভৰিৰে জোৰে জোৰে আঘাত কৰিলে সৃষ্টি হোৱা কঁপনি আৰু শব্দৰ ফলত সাপ আঁতৰি যায়। কিন্তু এই কথা কেৱল উত্তৰ আমেৰিকাতহে প্ৰযোজ্য। বিশ্বৰ আন ঠাইত থকা ৰজা ফেঁটী১৯ বা ক'লা মাম্বাৰ২০ দৰে ডাঙৰ আৰু আক্ৰমণাত্মক সাপে নিজৰ অঞ্চল সুৰক্ষিত কৰি ৰাখিব খোজে। মুখামুখি হ'লে লৰচৰ নকৰাকৈ মনে মনে থকাই শ্ৰেয়। সাপটো নিজে আঁতৰি নগ'লে সাৱধানে ধীৰ খোজেৰে তাৰ পৰা পলায়ন কৰাটো দৰকাৰী।

শিবিৰ পতা ঠাইত সাপ নাহিবৰ বাবে জুই ধৰাটো ভাল। গৰমকালি নিশা তাপমাত্ৰা ২১°Cতকৈ বেছি হ'লে সাপ অতি সক্ৰিয় হৈ পৰা দেখা যায়। শৈলাৰোহণ কৰিলে শিলৰ দাতি বা ফাঁকবোৰ পৰীক্ষা নকৰাকৈ হাত দিব নাপায়, কাৰণ শীতল ৰক্তৰ প্ৰাণী হোৱা বাবে সাপে প্ৰায়েই শিলৰ দাতিত সূৰ্যৰ তাপ লয়।

সাপ পোহা বা নচুওৱা মানুহে খোঁট নাখাবৰ বাবে প্ৰয়োজনীয় সাৱধানতা লোৱা উচিত। মদ্যপান কৰি উঠি সাপ চুবলৈ যোৱাটো অনুচিত। আমেৰিকা যুক্তৰাষ্ট্ৰত ৪০% আক্ৰান্তই বনৰ সাপ ধৰিবলৈ গৈ বা পোহা সাপ অসাৱধানতাৰে চুওঁতেই দুৰ্ঘটনা হয়- তাৰে ৪০% লোকৰ তেজত এল্‌কহলৰ পৰিমাণ ০.১% বা তাতকৈ বেছি পোৱা যায়।২১

মৃত যেন লগা সাপৰ পৰাও আঁতৰি থকাটো প্ৰয়োজনীয় কাৰণ কিছুমান প্ৰজাতিয়ে ভাবুকিৰ সম্মুখীন হ'লে এলুটি মাৰি জিভাখন বাহিৰলৈ উলিয়াই ঠগিব পাৰে। সাপৰ চিগি যোৱা মূৰেও প্ৰতিবৰ্তী ক্ৰিয়া (reflex action)ৰ জৰিয়তে দংশন কৰিব পাৰে। তেনে দংশনো জীৱিত সাপৰ দংশনৰ সমানেই ভয়াবহ।২২২ মৃত সাপৰ বিষ নিঃসৰণ নিয়ন্ত্ৰিত নোহোৱাৰ বাবে তেনে দংশনত কেতিয়াবা বেছি বিষ ওলাব পাৰে।২৩

চিকিৎসা

সাপৰ খোঁট প্ৰাণনাশী হ'ব নে নহ'ব তাক থিৰাং কৰাটো সহজ নহয়। উত্তৰ আমেৰিকাৰ "ক'পাৰহে'ড" সাপে বয়স্ক মানুহৰ ভৰিৰ সৰুগাঁথিত খুঁটিলে সেয়া বৰ গুৰুতৰ আঘাত নহয়, কিন্তু একেটা সাপে শিশুৰ মুখ বা পেটত খুঁটিলে সেয়া প্ৰাণনাশী হ'ব পাৰে। সৰ্পদংশনৰ ফলাফল বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে: সাপৰ আকাৰ, শাৰীৰিক অৱস্থা, তাপ, আক্ৰান্তৰ বয়স আৰু স্বাস্থ্য, খোঁটা ঠাই, প্ৰবেশ কৰা বিষৰ পৰিমাণ, চিকিৎসা গ্ৰহণ কৰা সময়, আৰু চিকিৎসাৰ মান আদি।২২৪

সাপৰ চিনাক্তকৰণ

চিকিৎসাৰ পৰিকল্পনাৰ বাবে কোনো কোনো ঠাইত সাপৰ চিনাক্তকৰণ জৰুৰী, কিন্তু ই সদায় সম্ভৱ নহয়। কেতিয়াবা মৃত সাপটো আক্ৰান্তৰ লগত অনা হয় নাইবা সাপপ্ৰধান অঞ্চলত স্থানীয় জ্ঞানেই কাম দিয়ে। বহুযোজিত প্ৰতিবিষ (Antivenom) উপলব্ধ থকা উত্তৰ আমেৰিকাৰ দৰে ঠাইত সাপৰ চিনাক্তকৰণত বৰ গুৰুত্ব দিয়া নহয়। দুৰ্ঘটনা কৰা সাপটোক ধৰিবলৈ বা মাৰিবলৈ যাওঁতে পুনৰ একেজনক বা আনকো খুঁটিব পাৰে, গতিকে এনে কৰা অনুচিত।

বেছিভাগ সমস্যা সৃষ্টি কৰা তিনিবিধ সাপ হৈছে ভাইপাৰ, ক্ৰেইট্‌ আৰু ফেঁটী। যিদৰে সেই অঞ্চলত পোৱা সাপৰ কথা জনাটো ভাল, তেনেদৰে সেই প্ৰতিবিধ সাপে খোঁটাৰ লক্ষণ জনাটোও। খোঁটা সাপৰ প্ৰজাতি নিৰ্ণয় কৰিবলৈ কোনো কোনো অঞ্চলত সেই অঞ্চলৰ বাবে নিৰ্দিষ্ট একোটা স্ক'ৰিং প্ৰণালীও ব্যৱহাৰ কৰা হয়।২৫

প্ৰাথমিক চিকিৎসা

সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা বেলেগ বেলেগ সাপৰ বাবে ভিন্ন হ'ব পাৰে। কিন্তু বেছিভাগ নিৰ্দেশাৱলীয়েই তলৰ প্ৰাথমিক চিকিৎসাসমূহৰ ক্ষেত্ৰত একমত।

  1. আক্ৰান্তজনক আৰু আনক অধিক দংশনৰ পৰা বচাওক। সাপৰ চিনাক্তকৰণ কোনো কোনো অঞ্চলত দৰকাৰী হ'লেও অধিক বিপদ চপাই লোৱা বা চিকিৎসা বিলম্ব কৰাটো অনুচিত।
  2. আক্ৰান্তজনক শান্ত কৰি ৰাখক। নহ'লে একিউট ষ্ট্ৰেছৰ বাবে তেজৰ চলাচল বাঢ়ি বিপদ বাঢ়িবহে পাৰে। আতংকৰ সৃষ্টি নোহোৱাটো বাঞ্ছনীয়।
  3. সহায়ৰ বাবে মানুহ মাতক আৰু আক্ৰান্তক ততালিকে এণ্টিভেন'ম উপলব্ধ থকা স্থানীয় চিকিৎসালয়লৈ লৈ যাওক।
  4. খোঁট খোৱা অংগটো স্থিৰে ৰাখক আৰু আক্ৰান্তৰ হৃদপিণ্ডৰ তলত ৰাখক যাতে হৃদপিণ্ড আৰু আন অংগলৈ যোৱা তেজৰ পৰিমাণ কমে।
  5. মানুহজনক একো খাবলৈ নিদিব। বিশেষকৈ এল্‌কহলে ৰক্তনলীৰ প্ৰসাৰণ কৰি বিষৰ শুহাৰ পৰিমাণ বঢ়াব পাৰে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো দৰব-জাতি দিয়াৰো প্ৰয়োজন নাই।
  6. খোঁট খোৱা অংগটোক চেপি থকা আঙুঠি, ঘড়ী, ছেণ্ডেল আদিবোৰ খুলি থওক।
  7. মানুহজনক বেছিকৈ লৰচৰ কৰিবলৈ নিদিব।
  8. দংশনৰ ঠাইডোখত কটা-ছিঙা কৰিব নালাগে।

২০০৭ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা "National snake-bite protocol"তো প্ৰায় এইখিনি কথাই কোৱা হৈছে।২৬ দংশনৰ ঠাইডোখৰ চাবোন, পানীৰে ধুই চাফাও কৰিব পাৰি। ছাল বা বেণ্ডেজত লাগি থকা বিষৰ সহায়ত চিনাক্তকৰণৰ সঁজুলিৰে সাপৰ প্ৰজাতিও নিৰ্ণয় কৰা সম্ভৱ। এনে কৰিলে জৰুৰীকালীন কক্ষত প্ৰয়োজনীয় প্ৰতিবিষ নিৰ্ণয় কৰাটো সহজ হয়।২৭

চাপ প্ৰয়োগ আৰু স্থিৰতা

ৰাছেল ভাইপাৰ এটাক "খীৰোৱা" দৃশ্য। গৱেষণাগাৰসমূহে সাপৰ বিষ এনেদৰে সংগ্ৰহ কৰি এণ্টিভেন'ম প্ৰস্তুত কৰে।
ৰাছেল ভাইপাৰ এটাক "খীৰোৱা" দৃশ্য। গৱেষণাগাৰসমূহে সাপৰ বিষ এনেদৰে সংগ্ৰহ কৰি এণ্টিভেন'ম প্ৰস্তুত কৰে।ছবি: Krause, Ernst · CC BY-SA 3.0 de

১৯৭৯ চনত অষ্ট্ৰেলিয়াৰ National Health and Medical Research Councilএ আনুষ্ঠানিকভাৱে চাপ প্ৰয়োগ আৰু স্থিৰতাক (pressure immobilization) সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা হিছাপে পছন্দ কৰে।২৮ ২০০৯ চন পৰ্যন্ত ইয়াৰ কাৰ্যকাৰীতা সম্পৰ্কে পৰ্যাপ্ত প্ৰমাণ পোৱা হোৱা নাই।২৮ সেইবাবে বেছিভাগ আন্তৰ্জাতিক বিশেষজ্ঞই ইয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।২৮ তথাপিও অষ্ট্ৰেলিয়াৰ সকলো নামজ্বলা প্ৰাথমিক চিকিৎসা প্ৰতিষ্ঠানে অঙ্গটোত চাপ প্ৰয়োগ আৰু স্থিৰ ৰাখিবলৈ উপদেশ দিয়ে, এক-তৃতীয়াংশ আক্ৰান্তইহে এই কাম প্ৰকৃততে কৰে।২৮

ভাইপাৰৰ দৰে সাপৰ চাইট'টক্সিক দংশনত চাপ প্ৰয়োগ আৰু স্থিৰতাই বৰ সুফল নিদিয়ে।২৯৩০৩১ কিন্তু বেছিভাগ ইলেপিড সাপৰ নিউৰ'টক্সিক বিষত ই কাম দিব পাৰে।৩২৩৩৩৪ চিকিৎসা গৱেষক ষ্ট্ৰুৱান চুডেৰলেণ্ডৰ দ্বাৰা ১৯৭৮ চনত বিকশিত৩৫ এই পদ্ধতিত সাপৰ বিষ দংশিত অঙ্গতে আবদ্ধ কৰি লসিকা তন্ত্ৰৰ জৰিয়তে আন গুৰুত্বপূৰ্ণ অঙ্গলৈ বৈ যোৱাত বাধা দিয়া হয়। এই পদ্ধতিৰ ভাগ দুটা: চাপ প্ৰয়োগেৰে লসিকা প্ৰবাহক বাধা দিয়া আৰু দংশন কৰা অঙ্গটো স্থিৰ কৰি ৰাখি মাংসপেশীৰ পাম্পিং ক্ৰিয়া প্ৰতিৰোধ কৰা।

প্ৰতিবিষ

প্ৰতিবিষ উদ্ভাৱন নোহোৱালৈকে কিছুমান প্ৰজাতিৰ সাপৰ দংশনত মৃত্যু নিশ্চিত আছিল।৩৬ জৰুৰীকালীন চিকিৎসাৰ বহু উন্নতি হ'ল যদিও বিষ বিয়পিলে প্ৰতিবিষেই একমাত্ৰ কাৰ্যকৰী চিকিৎসা। ফ্ৰেঞ্চ চিকিৎসক এলবাৰ্ট কাল্‌মেটএ ১৮৯৫ চনত ভাৰতীয় ফেঁটীসাপৰ দংশনৰ বাবে প্ৰতিবিষ উদ্ভাৱন কৰে। কম মাত্ৰাৰ বিষ জন্তুৰ শৰীৰত (সাধাৰণতে ঘোঁৰা বা ভেড়া) সুমুৱাই প্ৰতিৰোধী তন্ত্ৰ তাৰ বিপৰীটে সক্ৰিয় কৰি প্ৰতিবিষ উৎপন্ন কৰা হয়। জন্তুটোৰ দেহৰ পৰা তাৰপিছত এণ্টিব'ডীখিনি উলিয়াই অধিক মাত্ৰাত প্ৰস্তুত কৰা হয়।

আক্ৰান্তৰ সিৰাইদি সুমুৱাই দিয়া প্ৰতিবিষে বিষৰ এন্‌জাইমৰ লগত লগ লাগি তাক নিষ্ক্ৰিয় কৰে। বিষৰ ফলত ইতিমধ্যে হৈ যোৱা ক্ষতি ই ঠিক কৰিব নোৱাৰে। সেইবাবে প্ৰতিবিষৰ চিকিৎসা ততালিকে গ্ৰহণ কৰা উচিত। আধুনিক প্ৰতিবিষবোৰ বহুযোজী বাবে বহু সাপৰ বিষৰ বিৰুদ্ধে কাম কৰিবলৈ সক্ষম। ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰে সাধাৰণতে স্থানীয় সাপৰ বিষৰ বিৰুদ্ধে প্ৰতিবিষ উৎপাদনত জোৰ দিয়ে। কিছু লোকে প্ৰতিবিষ লোৱাৰ পিছত এনাফাইলেক্সিছৰ দৰে প্ৰতিক্ৰিয়া হ'ব পাৰে, কিন্তু জৰুৰী অৱস্থাত তাৰ চিকিৎসা সম্ভৱ। গতিকে লাভালাভলৈ লক্ষ্য ৰাখি প্ৰতিবিষ প্ৰয়োগ নকৰাতকৈ প্ৰয়োগ কৰাটোহে শুদ্ধ কাম।

পুৰণিকলীয়া চিকিৎসা

ব্যৱহাৰ নকৰিবলগীয়া পুৰণিধৰণৰ সৰ্পদংশন কিট্‌
ব্যৱহাৰ নকৰিবলগীয়া পুৰণিধৰণৰ সৰ্পদংশন কিট্‌ছবি: The original uploader was Dawson at English Wikipedia. · CC BY-SA 2.5

তলত দিয়া চিকিৎসা পদ্ধতিবোৰ পূৰ্বে ব্যৱহাৰ কৰা হৈছিল, কিন্তু আজিকালি কাৰ্যকৰী বুলি গণ্য কৰা নহয়। সেইবোৰে কাম কৰা যেন লাগিব পৰা ঘটনাবোৰ প্ৰকৃততে অনাৰ্দ্ৰ দংশনহে।

  • দংশন কৰা অঙ্গত ট'ৰ্নিকুৱেটৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া নহয়।৩৭ Crotalus durissus সাপৰ দংশনত ট'ৰ্নিকুৱেট সম্পূৰ্ণৰূপে বিফল৩৮ কিন্তু ফিলিপাইন্‌ছত ফেঁটীসাপৰ দংশনত ভালকৈ বন্ধা ট'ৰ্নিকুৱেট কিছু কাৰ্যকৰী হোৱা দেখা গৈছে।৩৯ ট'ৰ্নিকুৱেট ভালকৈ নাবান্ধিলে ৰক্ত প্ৰবাহ বন্ধ হৈ গেংগ্ৰিন হ'ব পাৰে আৰু আক্ৰান্তজন অধিক বিপদত পৰিব।৩৭ চাপ প্ৰয়োগ কৰা পটীৰ ব্যৱহাৰ নিৰাপদ আৰু অধিক কাৰ্যকৰী।
  • বিষ শোহন কৰাৰ পূৰ্বে ঠাইটুকুৰাত কটা-ছিঙা কবিবলৈ পৰামৰ্শ দিয়া নহয় কাৰণ ইয়াৰ ফলত ক্ষতি বেছিহে হয় আৰু সংক্ৰমণৰ আশঙ্কাও বাঢ়ি যায়।
  • মুখ বা পাম্পেৰে বিষ শোহন কৰাৰ কোনো লাভ নাই আৰু ঠাইটুকুৰাৰ বেছিহে ক্ষতি কৰে।৪০ তিনিমিনিটৰ পিছত আৰম্ভ কৰা শোহনে নগণ্য পৰিমাণৰ বিষ (এহেজাৰ ভাগৰ এভাগতকৈও কম) বাহিৰ কৰে।৪১ গাহৰিৰ দেহত কৰা পৰীক্ষাত দেখা গৈছে যে শোহন কৰাৰ ফলত অৱস্থাৰ উন্নতি নোহোৱাৰ লগতে ঠাইটুকুৰাৰ নেক্ৰ'চিছহে হৈছে।৪২ আক্ৰান্তজনে নিজেই মুখেৰে শুহিলে বিষ বেছিকৈ বিয়পিবও পাৰে।৪৩ আনে শুহিলে তেওঁৰ মুখৰ পৰা ক্ষতস্থানত বেক্টেৰিয়াৰ সংক্ৰমণহে হ'ব পাৰে।
  • কুহুমীয়া পানী বা গাখীৰত অঙ্গটো ডুবাই থোৱা আৰু "সৰ্প-শিলা"ৰ (la Pierre Noire বুলিও জনা যায়) প্ৰয়োগ কৰা যি স্প'ঞ্জে পানী শোহাৰ নিচিনাকৈ বিহ শুহে বুলি ধাৰণা কৰা হয়।
  • প'টাছিয়াম পাৰ্মাঙ্গানেটৰ প্ৰয়োগ।
  • ইলেক্ট্ৰ'শ্ব'ক থেৰাপী। কিছু লোকে এতিয়াও ব্যৱহাৰ কৰিলেও জন্তুৰ ওপৰত কৰা পৰীক্ষাত ই বিফল আৰু বিপজ্জনক বুলি প্ৰমাণিত হৈছে।৪৪৪৫৪৬৪৭

কিছুক্ষেত্ৰত ভিতৰুৱা ঠাইৰ আক্ৰান্তক এনেকুৱা চিকিৎসা কৰাৰ ফলত সাধাৰণ দংশনতো কথা বিষমহে হোৱা দেখা গৈছে। কেতিয়াবা আকৌ দংশন কৰা অঙ্গত জোৰেৰে ট'ৰ্নিকুৱেট বান্ধি ৰক্ত প্ৰবাহ বন্ধ কৰি দিয়া হয়। আক্ৰান্তজন ভাল চিকিৎসালয় গৈ পোৱাৰ পিছত অঙ্গটো কাটি দিয়াৰ বাহিৰে তেতিয়া আন উপায় নাথাকে।

বিতৰণ তথ্য

বেছিভাগ সৰ্পদংশন অবিষধাৰী সাপৰ দ্বাৰা হয়। বিশ্বত পোৱা প্ৰায় ৩০০০ সাপৰ প্ৰজাতিৰ ১৫% মানহে মানুহৰ বাবে বিপজ্জনক।১২৪৮ এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে সাপ পোৱা যায়।১ সৰ্বাধিক পোৱা সাপৰ পৰিয়াল 'কলুব্ৰিড'ৰ প্ৰায় ৭০০ মান প্ৰজাতি বিষধাৰী,৪৯ কিন্তু কেৱল পাঁচটা জাতি:—বুমশ্লেং, থেল'ট'ৰ্নিছ, ৰেব্দ'ফিছ, ফিল'ড্ৰায়ান, আৰু টেকীমেনিছহে মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে।৪৯। ভাৰতত পোৱা প্ৰায় ২১৬ বিধ সাপৰ প্ৰজাতিৰ ভিতৰত ৫২ বিধ বিষধাৰী। তাৰ ভিতৰত প্ৰধান জাতিসমূহ হ'ল: ইলেপিড (ফেঁটী, ৰজাফেঁটী আৰু ক্ৰেইট), ভাইপেৰিড (ৰাছেল ভাইপাৰ, কাৰ্পেট ভাইপাৰ আৰু পিট্‌ ভাইপাৰ) আৰু হাইড্ৰ'পিড (সাগৰীয় সাপ)।৫০

বিশ্বৰ বহু ঠাইত সৰ্পদংশন ৰিপ'ৰ্ট কৰাটো বাধ্যতামূলক নহয় বাবে১ প্ৰায়েই গম নোপোৱাকৈ থাকি যায়। সেইকাৰণে আন্তৰ্জাতিকভাৱে সৰ্পদংশনৰ প্ৰাবল্য নিশ্চিত কৰিবলৈ জৰীপ কৰা হোৱা নাই। তথাপিও কিছুমানে অনুমান কৰে যে ৫.৪ নিযুত সৰ্পদংশন, ২.৫ নিযুত বিষ বিয়পা ঘটনা আৰু সম্ভৱ ১,২৫,০০০ মৃত্যুৰ ঘটনা হৈছে।১ আন কিছুমানৰ মতে এই পৰিসংখ্যা হয় ১.২ৰ পৰা ৫.৫ নিযুত সৰ্পদংশন; ৪২১,০০০ বিষ বিয়পা আৰু ২০,০০০ৰ পৰা ৯৪,০০০ মৃত্যু।১ মৃত্যুৰ পৰা ৰক্ষা পৰা বহু মানুহৰ বিষৰ পৰা কলাৰ ক্ষতি হৈ অঙ্গ নিষ্ক্ৰিয় হৈ পৰে।৮ বেছিভাগ বিষ বিয়পা আৰু মৃত্যুৰ ঘটনা দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত হয়১। দেশৰ ভিতৰত সৰ্বাধিক ভাৰততে প্ৰতিবছৰে ২৫০০০-৩০০০০ সৰ্পদংশনৰ ফলত মৃত্যুৰ ঘটনা ঘটে৫০। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰতে ২০০০ মান ঘটনা ঘটে।৫০ আন এক সূত্ৰৰ মতে ভাৰতত প্ৰতিবছৰে মুঠ মৃত্যুৰ সংখ্যা প্ৰায় ৪৬,০০০৫১

বিশ্বজুৰি গৰম দিনত সাপবোৰ সক্ৰিয় আৰু মানুহবোৰ ঘৰৰ বাহিৰত থকা বাবে সৰ্পদংশন বেছি হয়।১৫২ কৃষিপ্ৰধান আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলত সকলোতকৈ বেছি এনে ঘটনা ঘটে।১৫৩ আক্ৰান্তসকল প্ৰধানকৈ ১৭ৰ পৰা ২৭ বছৰীয়া পুৰুষ।২৫২৫৪ শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত মৃত্যুৰ আশঙ্কা বেছি।২২৪

বিষ প্ৰদান

সাপৰ বিষ প্ৰদান ব্যৱস্থাৰ মূল ডায়াগ্ৰাম
সাপৰ বিষ প্ৰদান ব্যৱস্থাৰ মূল ডায়াগ্ৰামছবি: Nets1518 · CC BY-SA 4.0

বিষাক্ত সাপে যেতিয়া কোনো প্ৰাণীক দংশন কৰে তেতিয়া ইহঁতে নিজৰ বিষ প্ৰদান ব্যৱস্থাৰ জৰিয়তে বিষ নিঃসৰণ কৰে। বিষ প্ৰদান ব্যৱস্থা সাধাৰণতে দুটা বিষ গ্ৰন্থি, এটা কম্প্ৰেছাৰ পেশী, বিষ নলী, এটা দাঁতৰ আৱৰণ আৰু দাঁতৰ দ্বাৰা গঠিত হয়। প্ৰাথমিক আৰু আনুষংগিক বিষগ্ৰন্থিয়ে বিষক্ৰিয়াৰ সময়ত প্ৰয়োজনীয় বিষৰ পৰিমাণ জমা কৰে। কামোৰৰ সময়ত কম্প্ৰেছাৰ পেশীটো সংকোচিত হৈ সমগ্ৰ বিষ প্ৰদান ব্যৱস্থাত চাপ বৃদ্ধি কৰে। চাপযুক্ত বিষটোৱে প্ৰাথমিক বিষ নলীৰ মাজেৰে গৌণ বিষ নলীলৈ যায়, যি দাঁতৰ আৱৰণ আৰু দাঁতৰ মাজেৰে তললৈ যায়। তাৰ পিছত দাঁতৰ বাহিৰ ওলোৱা মুখৰ মাজেৰে বিষটো বাহিৰ কৰি দিয়ে। লক্ষ্যত প্ৰয়োগ কৰা বিষৰ মুঠ আয়তন আৰু প্ৰবাহৰ হাৰ বহু পৰিমাণে ভিন্ন হয়, কেতিয়াবা মাত্ৰাৰ এটা ক্ৰমৰ সমান। ইয়াৰ ভিতৰত এটা ডাঙৰ কাৰক হ’ল সাপৰ প্ৰজাতি আৰু আকাৰ, ডাঙৰ সাপে অধিক পৰিমাণৰ বিষ প্ৰয়োগ কৰা দেখা পোৱা যায়। ৫৫

সমাজ আৰু সংস্কৃতিত সাপ

পৌৰাণিক আখ্যান অনুসৰি সপ্তম ক্লিওপেট্ৰাই নিজৰ বাওঁ স্তনত সাপৰ কামোৰ দি আত্মহত্যা কৰিছিল, যিটো ১৯১১ চনৰ হাংগেৰীয়ান শিল্পী গ্যুলা বেনচুৰৰ এই ছবিখনত দেখুওৱা হৈছে।
পৌৰাণিক আখ্যান অনুসৰি সপ্তম ক্লিওপেট্ৰাই নিজৰ বাওঁ স্তনত সাপৰ কামোৰ দি আত্মহত্যা কৰিছিল, যিটো ১৯১১ চনৰ হাংগেৰীয়ান শিল্পী গ্যুলা বেনচুৰৰ এই ছবিখনত দেখুওৱা হৈছে।ছবি: Gyula Benczúr · Public domain

আদিম সভ্যতাৰ সময়ত মানুহে সাপক শ্ৰদ্ধা, পূজা আৰু ভয় কৰিছিল। প্ৰাচীন মিচৰীয়াসকলে ব্ৰুকলিন পেপিৰাছৰ তেৰ তম বংশৰ পৰাই সৰ্পদংশনৰ বাবে নিৰ্ধাৰিত চিকিৎসাৰ তথ্য লিপিবদ্ধ কৰিছিল, য'ত শিংযুক্ত ভাইপাৰকে ধৰি বৰ্তমান সময়ত পোৱা কমেও সাতটা বিষাক্ত প্ৰজাতিক অন্তৰ্ভুক্ত কৰা হৈছে। ৫৬ <sup class="noprint Inline-Template Template-Fact" style="white-space:nowrap;">[ ''<span title="This claim needs references to reliable sources. (March 2023)">

ঐতিহাসিকভাৱে কিছুমান সংস্কৃতিত সাপৰ কামোৰক মৃত্যুদণ্ডৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। ৫৭ পুৰণি কালত চীন আৰু ভাৰতত মৃত্যুদণ্ডৰ এটা প্ৰকাৰ আছিল মানুহক সাপৰ গাঁতত পেলোৱা, যাৰ ফলত একাধিক বিষাক্ত কামোৰৰ ফলত মানুহৰ মৃত্যু হৈছিল। ৫৮ জনপ্ৰিয় পৌৰাণিক কাহিনী অনুসৰি ইজিপ্তৰ ৰাণী সপ্তম ক্লিওপেট্ৰাই মাৰ্ক এণ্টনিৰ মৃত্যুৰ কথা শুনি নিজকে এস্পক (সম্ভৱতঃ ইজিপ্তত পোৱা এবিধ ফেঁটীসাপক) ৫৬ ৫৯ দংশন কৰিবলৈ দি আত্মহত্যা কৰিছিল। ৬০

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীৰ সৈতে মিত্ৰতা কৰা বুলগেৰিয়াৰ তৃতীয় বৰিছক সাপৰ বিষেৰে হত্যা কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে ৫৮ যদিও ইয়াৰ কোনো নিৰ্দিষ্ট প্ৰমাণ পোৱা নাযায়।

অন্যান্য প্ৰাণীৰ ওপৰত সাপৰ প্ৰভাৱ

কিছুমান প্ৰাণীয়ে একেটা বাসস্থানতে পোৱা সাপৰ বিষৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা লাভ কৰে।৬১ কিছুমান মানুহৰ ক্ষেত্ৰতো এই কথা নথিভুক্ত কৰা হৈছে।৬২

তথ্যসূত্ৰ

পাদটীকাগ্ৰন্থপঞ্জী

  • Greene, Harry W. (1997). Snakes: The Evolution of Mystery in Nature. University of California Press. ISBN 9780520200142
  • (2010). Handbook of Venoms and Toxins of Reptiles. CRC Press. ISBN 9780849391651
  • Valenta, Jiri. (2010). Venomous Snakes: Envenoming, Therapy. Nova Science Publishers. ISBN 9781608766185

অতিৰিক্ত পঠন

  • Campbell, Jonathan A.; William W. Lamar (2004). The Venomous Reptiles of the Western Hemisphere. Ithaca, NY: Cornell University Press. ISBN 9780801441417
  • Spawls, Stephen; Bill Branch (1995). The Dangerous Snakes of Africa: Natural History, Species Directory, Venoms and Snakebite. Sanibel Island, FL: Ralph Curtis Publishing. ISBN 9780883590294
  • Sullivan JB, Wingert WA, Norris Jr RL. (1995). North American Venomous Reptile Bites. Wilderness Medicine: Management of Wilderness and Environmental Emergencies. 3: 680–709.
  • Thorpe, Roger S.; Wolfgang Wüster, Anita Malhotra (1996). Venomous Snakes: Ecology, Evolution, and Snakebite'. Oxford, England: Oxford University Press. ISBN 9780198549864

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Kasturiratne, A. (2008). The Global Burden of Snakebite: A Literature Analysis and Modelling Based on Regional Estimates of Envenoming and Deaths. PloS Medicine
  2. ↑ Gold, Barry S. (1 April 2002). Bites of venomous snakes. The New England Journal of Medicine. পৃ. 347–56
  3. ↑ Russell, F. E. (1990). When a snake strikes. Emerg Med. পৃ. 33–4, 37–40, 43
  4. ↑ (2007). Snake Venom Detection Kit: Detection and Identification of Snake Venom. CSL Limited
  5. ↑ White, Julian. (2006). Snakebite & Spiderbite: Management Guidelines. Department of Health, Government of South Australia. পৃ. 1–71. ISBN 0730895513
  6. ↑ Kitchens C, Van Mierop L. (1987). Envenomation by the Eastern coral snake (Micrurus fulvius fulvius). A study of 39 victims. JAMA. পৃ. 1615–18
  7. ↑ Chippaux, J.P. (1998). Snake-bites: appraisal of the global situation. Bulletin of the World Health Organization. পৃ. 515–24
  8. ↑ Gutiérrez, José María. (2007). Trends in Snakebite Envenomation Therapy: Scientific, Technological and Public Health Considerations. Current Pharmaceutical Design. পৃ. 2935–50
  9. ↑ Warrell, David A. (1976). Snake Venom Ophthalmia and Blindness Caused by the Spitting Cobra (Naja Nigricollis) in Nigeria. The American Society of Tropical Medicine and Hygiene. পৃ. 525–9
  10. ↑ Ismail, Mohammad. (1993). The ocular effects of spitting cobras: I. The ringhals cobra (Hemachatus haemachatus) Venom-Induced corneal opacification syndrome. Clinical Toxicology. পৃ. 31–41
  11. ↑ Phillips, Charles M. (2002). Sea snake envenomation. Dermatologic Therapy. পৃ. 58–61(4)
  12. ↑ Young, Bruce A. (2002). Do Snakes Meter Venom?. BioScience. পৃ. 1121–26
  13. ↑ Young, Bruce A. (2001). Venom flow in rattlesnakes: mechanics and metering. Journal of Experimental Biology. পৃ. 4345–4351
  14. ↑ Deufel, Alexandra. (2003). Feeding in Atractaspis (Serpentes: Atractaspididae): a study in conflicting functional constraints. Zoology. পৃ. 43–61
  15. ↑ Jackson, Kate. (2003). The evolution of venom-delivery systems in snakes. Zoological Journal of the Linnean Society. পৃ. 337–354
  16. ↑ Fry, Bryan G. (2006). Early evolution of the venom system in lizards and snakes. Nature. পৃ. 584–8
  17. ↑ Russell, Findlay E. (1980). Snake Venom Poisoning in the United States. Annual Review of Medicine. পৃ. 247–59
  18. ↑ Spawls, Stephen. (1997). The Dangerous Snakes of Africa. Southern Book Publishers. পৃ. 192. ISBN 1868125750
  19. ↑ National geographic- KING COBRA
  20. ↑ National geographic-BLACK MAMBA
  21. ↑ Kurecki B, Brownlee H. (1987). Venomous snakebites in the United States. Journal of Family Practice. পৃ. 386–92
  22. ↑ Gold B, Barish R. (1992). Venomous snakebites. Current concepts in diagnosis, treatment, and management. Emerg Med Clin North Am. পৃ. 249–67
  23. ↑ Suchard, JR. (1999). Envenomations by Rattlesnakes Thought to Be Dead. The New England Journal of Medicine. পৃ. 1930
  24. ↑ Gold BS, Wingert WA. (1994). Snake venom poisoning in the United States: a review of therapeutic practice. South. Med. J.. পৃ. 579–89
  25. ↑ Pathmeswaran A, Kasturiratne A, Fonseka M, Nandasena S, Lalloo D, de Silva H. (2006). Identifying the biting species in snakebite by clinical features: an epidemiological tool for community surveys. Trans R Soc Trop Med Hyg. পৃ. 874–8
  26. ↑ Dr. K. Park. (2013). Park's textbook of preventive and social medicine. M/S Banarsida Bhanot publishers. পৃ. 381
  27. ↑ Chris Thompson. Treatment of Australian Snake Bites. Australian anaesthetists' website
  28. ↑ Currie, Bart J. (2008). Effectiveness of pressure-immobilization first aid for snakebite requires further study. Emergency Medicine Australasia. পৃ. 267–270(4)
  29. ↑ Rogers I, Celenza T. (2002). Simulated field experience in the use of the Sam splint for pressure immobilization of snakebite. Wilderness Environ Med. পৃ. 184–5
  30. ↑ Bush S, Green S, Laack T, Hayes W, Cardwell M, Tanen D. (2004). Pressure immobilization delays mortality and increases intracompartmental pressure after artificial intramuscular rattlesnake envenomation in a porcine model. Ann Emerg Med. পৃ. 599–604
  31. ↑ Sutherland S, Coulter A. (1981). Early management of bites by the eastern diamondback rattlesnake (Crotalus adamanteus): studies in monkeys (Macaca fascicularis). Am J Trop Med Hyg. পৃ. 497–500
  32. ↑ Rogers I, Winkel K. (2005). Struan Sutherland's "Rationalisation of first-aid measures for elapid snakebite"--a commentary. Wilderness Environ Med. পৃ. 160–3
  33. ↑ Sutherland S. (1992). Deaths from snake bite in Australia, 1981-1991. Med J Aust. পৃ. 740–6
  34. ↑ Sutherland S, Leonard R. (1995). Snakebite deaths in Australia 1992-1994 and a management update. Med J Aust. পৃ. 616–8
  35. ↑ Sutherland S, Coulter A, Harris R. (1979). Rationalisation of first-aid measures for elapid snakebite. Lancet. পৃ. 183–5
  36. ↑ White, Julian. (November 1991). Oxyuranus microlepidotus. Chemical Safety Information from Intergovernmental Organizations
  37. ↑ Theakston RD. (1997). An objective approach to antivenom therapy and assessment of first-aid measures in snake bite. Ann. Trop. Med. Parasitol.. পৃ. 857–65
  38. ↑ Amaral CF, Campolina D, Dias MB, Bueno CM, Rezende NA. (1998). Tourniquet ineffectiveness to reduce the severity of envenoming after Crotalus durissus snake bite in Belo Horizonte, Minas Gerais, Brazil. Toxicon. পৃ. 805–8
  39. ↑ Watt G, Padre L, Tuazon ML, Theakston RD, Laughlin LW. (1988). Tourniquet application after cobra bite: delay in the onset of neurotoxicity and the dangers of sudden release. Am. J. Trop. Med. Hyg.. পৃ. 618–22
  40. ↑ Holstege CP, Singletary EM. (2006). Images in emergency medicine. Skin damage following application of suction device for snakebite. Annals of emergency medicine. পৃ. 105, 113
  41. ↑ Alberts M, Shalit M, LoGalbo F. (2004). Suction for venomous snakebite: a study of "mock venom" extraction in a human model. Ann Emerg Med. পৃ. 181–6
  42. ↑ Bush SP, Hegewald KG, Green SM, Cardwell MD, Hayes WK. (2000). Effects of a negative pressure venom extraction device (Extractor) on local tissue injury after artificial rattlesnake envenomation in a porcine model. Wilderness & environmental medicine. পৃ. 180–8
  43. ↑ Riggs BS, Smilkstein MJ, Kulig KW, et al. Rattlesnake envenomation with massive oropharyngeal edema following incision and suction (Abstract). Presented at the AACT/AAPCC/ABMT/CAPCC Annual Scientific Meeting, Vancouver, Canada, September 27 October 2, 1987
  44. ↑ Russell F. (1987). Another warning about electric shock for snakebite. Postgrad Med. পৃ. 32
  45. ↑ Ryan A. (1987). Don't use electric shock for snakebite. Postgrad Med. পৃ. 42
  46. ↑ Howe N, Meisenheimer J. (1988). Electric shock does not save snakebitten rats. Ann Emerg Med. পৃ. 254–6
  47. ↑ Johnson E, Kardong K, Mackessy S. (1987). Electric shocks are ineffective in treatment of lethal effects of rattlesnake envenomation in mice. Toxicon. পৃ. 1347–9
  48. ↑ Russell, F. E. (1990). When a snake strikes. Emerg Med. পৃ. 33–4, 37–40, 43
  49. ↑ Mackessy, Stephen P. (2002). Biochemistry and pharmacology of colubrid snake venoms. Journal of Toxicology: Toxin Reviews. পৃ. 43–83
  50. ↑ Dr V. V. Pillay, Amrita Institute Of Medical Sciences & Research Centre, Cochin, India. Snake Bite in India: A Brief Overview. In India, the annual mortality from snake bite is said to be between 25,000-30,000. More than 2000 deaths per year are reported from the state of Maharashtra alone.. Global snakebite initiative
  51. ↑ The American Society of Tropical Medicine and Hygiene. (Dec 6, 2011). Snake bites kill 46K in India yearly. "in India 46,000 people are dying every year from snakebites against the official figure of only 2,000. More than 2.5 lakh cases of snake bites are reported every year.". The Times of India
  52. ↑ Wingert W, Chan L. (1 January 1988). Rattlesnake Bites in Southern California and Rationale for Recommended Treatment. West J Med. পৃ. 37–44
  53. ↑ Gutiérrez, José María. (6 June 2006). Confronting the Neglected Problem of Snake Bite Envenoming: The Need for a Global Partnership. PLoS Medicine. পৃ. e150
  54. ↑ Parrish H. (1966). Incidence of treated snakebites in the United States. Public Health Rep. পৃ. 269–76
  55. ↑ (2002). Biology of the Vipers. Eagle Mountain Publishing. পৃ. 207–233
  56. ↑ (November 2004). Life-threatening envenoming by the Saharan horned viper (Cerastes cerastes) causing micro-angiopathic haemolysis, coagulopathy and acute renal failure: clinical cases and review. QJM. পৃ. 717–727
  57. ↑ Wilcox. (2016-08-09). Venomous: How Earth's Deadliest Creatures Mastered Biochemistry. Farrar, Straus and Giroux. ISBN 978-0-374-71221-1
  58. ↑ (2004). Homicide with snakes: A distinct possibility and its medicolegal ramifications. Anil Aggrawal's Internet Journal of Forensic Medicine and Toxicology
  59. ↑ (1 April 2007). Who Was Cleopatra? Mythology, propaganda, Liz Taylor and the real Queen of the Nile. Smithsonian
  60. ↑ Grant. (2011-07-14). Cleopatra: Cleopatra. Orion. ISBN 978-1-78022-114-4
  61. ↑ The Animals That Venom Can't Touch. Smithsonian
  62. ↑ (11 February 2018). Poison pass: the man who became immune to snake venom. the Guardian

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানসাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্পদংশন” প্ৰবন্ধৰ সংশোধন ৬৩২৪৯৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।